ফটাঢোল

ড্ৰাগছ, জিঘাংসা,অপৰাধ ইত্যাদি : আৰাধনা বৰুৱা, কাউন্সেলিং চাইক’লজিষ্ট

:ড্ৰাগছ নাপালে কি কৰা?

:ঘৰৰ বস্তু বেচি দিওঁ, নহ’লে নিজৰ কাপোৰ৷ চুৰো কৰোঁ ঘৰত৷ এবাৰতো গাৰ্লফ্ৰেণ্ডৰ ডিঙিৰ পৰাই চেইনডাল আঁজুৰি চিঙি আনিছিলোঁ

: কেতিয়াবাতো একেবাৰেই পইচা মেনেজ নহয় ছাগৈ? তেতিয়া?

: তেতিয়া পইচাৰ কাৰণে মানুহ দুনুহ মাৰি পেলাব পাৰিম৷ মুঠতে মোক খাবলৈ লাগে৷

: ইমান সহজে মানুহ মাৰিব পাৰি?

: কিছুমান কথা কিছুমান মানুহৰ কাৰণে সহজ যেন হয় বাইদেউ৷ আপোনালোকে নুবুজিব৷

***
“বাইদেউ দুদিন হেৰ’ইন খাবলৈ নাপায় মোৰ মাথাই কাম কৰা নাছিল৷ কোনো কাৰণতে টকা মেনেজ কৰিব পৰা নাছিলোঁ৷ ৰাতি দুটামান বজাত শ্মশান পালোঁগৈ৷ তাতে ভাং পায়, দোকমোকালিলৈকে ভাং খালোঁ৷ তাৰ পিছত বাইক খন লৈ ওলাই আহিলোঁ শ্মশানৰ পৰা৷ অলপ দূৰৈত ৰাস্তাতে এটা মৰা গৰু৷ বোধকৰোঁ ৰাতি গাড়ীয়ে খুন্দিয়াইছিল৷ মোৰ তীব্ৰ ইচ্ছা হ’ল মৰা গৰুটোৰ ওপৰেৰে বাইকখন চলাই গৰুটো ফেনেকি পেলাবলৈ৷ তেতিয়া মোৰ এনে লাগিছিল যে মোতকৈ সৰ্ব শক্তিমান পৃথিৱীত আৰু কোনোৱেই নাই৷ সমষ্ট শক্তিৰে এক্সেলেটৰ দবাই মই বাইকখন গৰুটোৰ ওপৰেৰে চলাই নিলোঁ৷ ৰাস্তাৰে গৈ থকা দুজনমান বনুৱাই হৈ হৈ কৈ চিঞৰি উঠিল৷ মই নৰ’লোঁ৷ যিমান পাৰোঁ তীব্ৰগতিত গুচি গ’লোঁ৷ সেই সময়ত কি যে এক তৃপ্তি পাইছিলোঁ আপোনাক বুজাই ক’ব নোৱাৰোঁ এতিয়া৷”

***

:মাজতে পুলিচে ধৰাৰ পিছৰ পৰা এতিয়া কম হৈছে ন ড্ৰাগছৰ লেনদেনবোৰ? আগৰ দৰেই পোৱানে?

: নাই..খোৱাবোৰে তেনেকৈয়ে খাই আছে বিচাৰি বিচাৰি৷ বস্তু নোপোৱা নহয়, পায়৷ মাত্ৰ দাম বাঢ়িছে৷ যিটো গ্ৰাম এহেজাৰ আছিল সেইটো যেনিবা এতিয়া দুহেজাৰ৷

:পইচা ক’ৰ পৰা আহে ইমান?

:পইচানো কি? দৰকাৰ হ’লে মাৰ্ডাৰ কৰি হ’লেও খাবই খোৱা বোৰে৷
***

কথাবোৰ এনেকৈয়ে উদ্ধত ভংগীত আমাৰ চেম্বাৰত, মোৰ সন্মুখত বহি কয়হি৷ জিঘাংসা ফুটি উঠে সিহঁতৰ অনমনীয় চকুত৷

কোনোজন স্বেচ্ছাই আহে এই ভয়বহতাৰ পৰা ওলাব খুজি, আন কোনো আহে পৰিয়ালৰ হেঁচাত৷ কোনোৱে দীঘলীয়া চিকিৎসাত বিৰক্ত হৈ আধাতে পলাইছে আৰু বহুজন সঠিক ডিএডিকশ্যনৰ দ্বাৰা ঠিক হৈছে৷
কেতিয়াবা এনে জিঘাংসাৰ বলি হৈয়েই ছাগৈ বহু অনিমেষ হেৰাই যায়৷ইমান সহজ হৈ পৰিছে মৃত্যু..একো কাৰণ নোহোৱাকৈ মৰিয়াই মাৰে মানুহে মানুহক!

কেৱল এতিয়াহেযে এনেবোৰ কথা সংঘটিত হয় তেনে নহয়৷ মোৰ বয়স এবছৰ নৌহওঁতেই সম্বন্ধীয় খুৰা এজন ঢুকাইছিল৷ আচলতে তেখেত গণ নিগ্ৰহৰ বলি হৈছিল৷ এখন জনজাতীয় গাওঁত এদল নিচাগ্ৰস্ত লোকে বাঁহেৰে হানি খুচি হত্যা কৰিছিল৷ তেখেতৰ লগত থকা বন্ধুৱে কোনোমতে পলাই প্ৰাণ ৰক্ষা কৰিছিল৷

এনেকুৱা কাহিনীবোৰ বোধকৰোঁ কম বেছি পৰিমাণে আমি সকলোৱে শুনিছোঁ। গণ উন্মাদনা, দেশ বা জাতিৰ নামত সশস্ত্ৰ সংগঠনৰ সদস্যই ডিঙি কাটি হাতে ভৰিয়ে গজাল মাৰি গছত ওলোমাই থোৱা, বালিত পুতি ডিঙি দুচেও কৰি পেলাই যোৱা,সময়ে সময়ে একোখন গাওঁ জ্বলাই দিয়াক খবৰবোৰ আমাৰ কাৰণে পুৰণি নহয়৷ ঝংকাৰ, অভি-নীল,চুমিলা আৰু বহুত নাম সময়ৰ লগে লগি শুনিছোঁ, ন্যায়ৰ দাবী কৰিছোঁ আৰু বোধকৰোঁ ব্যস্ত জীৱনত কোনোবাখিনিত তেওঁলোকক পাহৰি গৈছোঁ ৷

কিন্তু কিয় এই জিঘাংসা? কিহৰ উন্মাদনা? মানুহৰ পৰিশীলিত জীৱন পদ্ধতিৰ আঁৰত কোনোবাখিনিত লুকাই থকা দানৱীয় ৰূপ নহয়নে? সমাজে সামাজিক ভাৱে আমাক জীৱশ্ৰেষ্ঠ হৈ জীয়াই থকাৰ শিক্ষা দিলেও বহুতৰে মনত সুপ্ত হৈ থকা দানৱৰ ৰূপটো এনেকৈ মাজে সময়ে ওলাই আহে৷

মাজে মাজে চ’ছিয়েল মিডিয়াত কিছুমান বস্তু পপুলাৰ হয়, ধৰক Face app ত নিজকে বুঢ়া, কোমল বয়সীয়া, gender সলনি কৰা, দাড়ি চুলি দীঘল কৰা ইত্যাদি বিভিন্ন ৰূপত চোৱা; বিভিন্ন দিৱস বোৰত particular day টোৰ লগত মিলাই দুই এষাৰ লিখা, ফটো দিয়া; “মোৰ বিষয়ে এষাৰ কওঁক” ধৰনৰ প’ষ্ট দিয়া ইত্যাদি৷ এনে বহুত বস্তু ট্ৰেণ্ডিং হয়৷ ইজনক দেখি সিজনৰ মনতো ইচ্ছা যায় এই বোৰ কৰি চোৱা বা শ্বেয়াৰ কৰা৷ উদ্দেশ্য অলপ নিৰ্দোষ ধেমালি, টাইম পাছ, অলপ আনন্দ৷

এই যে মন যায়, কিয় বাৰু? কাৰণ আমি প্ৰভাৱিত হওঁ আন এজনে কৰা দেখা সেই কামটোৰ আঁৰৰ সুখ খিনিৰ পৰা৷ খুব স্বাভাৱিক৷

কিন্তু যেনে দৰে নিৰ্দোষ আনন্দৰ প্ৰতি আমি আকৰ্ষিত হওঁ, নিজকে ট্ৰেণ্ডিং ৰ অংশ কৰি সুখ পাওঁ তেনেকৈ কিছুমান মানুহ বিকৃত সুখবোধৰ ইচ্ছাৰে প্ৰভাৱিত হয়৷ এচাম মানুহে কৰা হিংসাত্মক কাৰ্যৰ দ্বাৰা প্ৰভাৱিত হয়৷ একে ধৰনৰ কিবা কৰোঁ কৰোঁ লাগে৷ সেইটো একপ্ৰকাৰৰ সুখেই, ভয়াবহ আৰু বিকৃত৷

ধৰ্ষণৰ ঘটনাৰ পিছতে কম সময়ৰ ব্যৱধানত পুনৰ একেই ঘটনাৰ খবৰ, Mob Lynching ৰ এটা ঘটনাৰ পিছত কেইদিনমান ভিতৰতে তেনে আৰু আক্ৰমণৰ খবৰ শুনা যায়৷ ভাৱি চাবচোন৷

মানুহ ভালেৰে কেৱল প্ৰভাৱিত নহয়, বেয়াৰে তাতোধিক হোৱা হৈছে৷ চিন্তনীয়৷এনেকুৱা কথাবোৰত সাৰ পানী জোগাইছে ক্ৰমান্বয়ে সহজলভ্য হৈ অহা ড্ৰাগছকে ধৰি আন মাদক দ্ৰব্য সমুহে৷ দীৰ্ঘদিন ধৰি নিচাগ্ৰস্ততাৰ ক্ষেত্ৰত কাম কৰি থকাৰ অভিজ্ঞতাৰ পৰা মোৰ মনত ভাৱ হয় যে কিজানি সমাজৰ ৫০% অপৰাধ তেতিয়াই কমিব যদি ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰিব পৰা যায়৷

ড্ৰাগছৰ ভয়াবহতাক বৰ্তমান সময়ত কোনেও নুই কৰিব নোৱাৰে। ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে সমাজৰ প্ৰতিজন নাগৰিকৰে দ্বায়িত্ব আৰু কৰ্তব্য আছে৷ বংশ গৌৰৱ থকা বা নথকা,যিকোনো আৰ্থ সামাজিক পৰিৱেশত ডাঙৰ হোৱা ল’ৰা ছোৱালীয়েই ড্ৰাগছৰ নিচাগ্ৰস্ততাৰ কৱলত পৰিব পাৰে৷ নিজৰ সন্তানক চকু মুদি বিশ্বাস কৰাৰ পৰিৱৰ্তে সৰুৰে পৰা মুকলিকৈ এনেবোৰ বিষয় আলোচনা কৰা, শিক্ষা দিয়াতো জৰুৰী৷তাৰ বাবে সন্তানৰ লগত সন্তুলিত বন্ধুত্ব পূৰ্ণ সম্পৰ্ক এটা ৰখাতো পিতৃ মাতৃৰ বাবে বৰ প্ৰয়োজনীয় কথা। কেতিয়াবা এনেকুৱাও দেখা যায় যে সন্তানটি নিচাগ্ৰস্ততাত ভুগিছে অথচ পিতৃ মাতৃয়ে পৰিয়ালৰ সন্মান লাঘৱ হোৱাৰ ভয়ত চিকিৎসা কৰোৱা নাই। তেনে মুঢ়তাই সন্তানটিৰ লগতে সমাজকো ধ্বংসৰ মুখলৈ ঠেলি দিব৷ বহুতো শিক্ষাকেন্দ্ৰৰ শিক্ষাৰ্থীয়ে কৰ্তৃপক্ষৰ চকুত ধুলি দি নিচা কৰা দেখা পাওঁ৷ এইক্ষেত্ৰত প্ৰতিখন শিক্ষানুষ্ঠানৰ বিশেষ দ্বায়িত্ব থকাতো বৰ জৰুৰী৷ শিক্ষানুষ্ঠানলৈ মনে মনে ড্ৰাগছ বা আন নিচা যাতে আনিব নোৱাৰে তাৰ বাবে কঠোৰ অনুশাসনমূলক ব্যৱস্থা থকাৰ উপৰিও নিচাগ্ৰস্ততাৰ বিষয়ে সময়ে সময়ে সজাগতা সৃষ্টিৰ প্ৰচেষ্টাও বৰ্তমান সময়ত পাঠদানৰ সমানেই গুৰুত্বপূৰ্ণ কথা। স্থানীয় সামাজিক সংগঠন, সচেতন নাগৰিক সকলোৰে এইক্ষেত্ৰত কৰণীয় বহুখিনি আছে৷ কল’নি, আৱাসিক ছ’ছায়টি,চুবুৰী, গাওঁ বা চহৰ খনত যাতে পৰিৱেশ বিনষ্ট নহয়, অপৰাধমূলক কাৰ্য, নিচাৰ সৰবৰাহ নহয় এনেবোৰ ক্ষেত্ৰত কিছুমান আচনি সচেতন ৰাইজ সংগঠিত হৈ ৰূপায়ণ কৰিব পাৰে৷

আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে ন্যায় ব্যৱস্থাৰ ওপৰত জনগণৰ আস্থা৷লেহেমীয়া গতিৰ বাবে ক্ৰমাৎ ন্যায়িক ব্যৱস্থাৰ ওপৰত মানুহে আস্থা হেৰুৱাইছে৷ ফলশ্ৰুতিত আইন হাতত লৈ কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে৷Moral policing, Mob lynching ৰ দৰে ঘটনা ইটোৰ পিছত সিটো সংঘটিত হৈছে। দ্ৰুত ন্যায় প্ৰদানৰ ক্ষেত্ৰত আমাৰ ন্যায়িক ব্যৱস্থাৰ কিছু সালসলনি আজিৰ তাৰিখত অতি গুৰুত্বপূৰ্ণ ৷ এইক্ষেত্ৰত চিন্তা চৰ্চাৰ প্ৰয়োজন৷

শেষত জীৱনৰ শ্ৰেয় আৰু প্ৰেয়ৰ বিষয়ে ক’ব খুজিছোঁ৷হোমেন বৰগোহাঞি ছাৰৰ লেখা এটাত কঠ উপনিষদৰ নচিকেতাৰ প্ৰসংগেৰে ছাৰে কৈছিল প্ৰেয়ৰ সহজ অৰ্থ হৈছে আমি যিবোৰ বস্তু ভাল পাওঁ, যিবোৰে আমাক ক্ষণস্থায়ী আনন্দ দিয়ে৷ আৰু শ্ৰেয় হৈছে সেইবোৰ যাক আমি ভালপোৱা উচিত, যিবোৰ বস্তুৱে আমাৰ স্থায়ী মংগল সাধন কৰে৷ উপনিষদৰ কাহিনীটোত যমৰাজে নচিকেতাক কৈছিল, অদূৰদৰ্শী মানুহে প্ৰেয় অৰ্থাৎ অস্থায়ী আনন্দ দিব পৰা বস্তুবোৰ পাবলৈ বিচাৰে৷ কিন্তু জ্ঞানী মানুহে বিচাৰে কেৱল সেইবোৰ বস্তু পাবলৈ যিবোৰে আমাৰ স্থায়ী মংগল স্থাপন কৰে৷

অপৰাধ, নিচাগ্ৰস্ততা এইবোৰৰ লগত নিজক লৈ অসন্তুষ্টি, অপৰিপক্ব আৰু অসন্তুলিত আৱেগ,চকমকীয়া সপোনৰ পুৰাবলৈ অস্থায়ী আনন্দ, সফলতাৰ ভুল তথা চৰ্টকাট ৰাস্তাৰ সন্ধান আদিবোৰ বহু সময়ত জড়িত হৈ থাকে৷

প্ৰফেশ্যনেলি মানুহৰ দুখ, অসন্তুষ্টি, বিষাদ, যাতনাৰ লগতে দিনটোৰ বেছি ভাগ সময় পাৰ কৰোঁ৷ মানুহৰ এই দুখ/হতাশাবোৰৰ কাৰণবোৰৰ ভিতৰত এটা কাৰণ প্ৰধানকৈ দেখা পাওঁ, সেয়া হৈছে ক্ষণস্থায়ী ভাললগা বস্তুৰ প্ৰতি মোহ, যিবোৰ অপৰিহাৰ্যও নহয় আৰু বেছিভাগ সময়তে ভাল পৰিকল্পনাৰ অভাৱ৷ তাৰোপৰি আনে কি ভাৱিব, আনে গুৰুত্ব নাই দিয়া নেকি আদি অপ্ৰয়োজনীয় চিন্তা/অংক৷ সুখী হৈ থাকিবলৈ নিজৰ সামৰ্থক সন্মান কৰি, স্থায়ী মংগল কামনাৰে সিদ্ধান্তবোৰ লোৱাতো বৰ প্ৰয়োজন৷ ভাৱনা বা আৱেগত উটি গৈ অপৰিকল্পিতভাৱে লোৱা সিদ্ধান্ত কেতিয়াও কিন্তু সুস্থ নহয়৷

*****

Leave a Reply

Your email address will not be published. Required fields are marked *