ফটাঢোল

কৌতুকৰ পেৰা

দেৱজিত শৰ্মা
আপেল দা: হেৰা, নেমুত ৰস আছেনে?
বেপাৰী: হয় দাদা, কুঁহিয়াৰতকৈ বেছি আছে৷
আপেল দা: আমাৰ আকৌ বাৰীৰ নেমু সাংঘাতিক হজমী৷ ৰাতি কটাৰীৰে কাটিলে পুৱালৈ নালটোহে থাকে; কটাৰীখন হজম হৈ যায়৷
বেপাৰী: (ধূতি পাঞ্জাবী পিন্ধি থকা দাদালৈ চাই) লৈ যাওক দাদা৷ আমাৰ নেমুৰ ৰিজাল্ট আৰু ভাল৷ এই নেমু পুৰুহিতে খালে ৰাতিপুৱালৈ টিকনিডাল হে থাকে, মানুহটো হজম হৈ যায়৷■■

পাপৰি দত্ত
শিৱৰাত্ৰিৰ গেট-টুগেদাৰ৷ ডিব্ৰুগড়ৰ পৰা ৰমেনে কেইবাটাও বন্ধ মিলাই গুৱাহাটীলৈ গৈছে গেট-টুগেদাৰত অংশ গ্ৰহণ কৰাৰ উদ্দেশ্যে আৰু একেলগৰ স্কুলৰ বন্ধু অৰুনক লগ পাব বুলি, কাৰণ অৰুণৰ বিয়াতো সি আহিব নোৱাৰিলে৷ অৰুনে নতুন কৈ বিয়া কৰাইছে৷ বহুত দিনৰ মুৰত লগ পাই দুই বন্ধুৰ বৰ আনন্দ৷ অৰুনে ৰমেনক লগপাই কি খুৱাও, কত বহুৱাও দৰে হৈছে৷ ৰমেনে অৰুনক কলে -শাকে পাচলিৰে তোমাৰ ঘৰ ভৰা দেখোন৷ অৰুনে লগে লগে কলে -সেইবোৰ তোমাৰে আৰু৷ ৰমেনে হাহি দেখুৱালে৷ ঘৰৰ চাৰিওফালে ঘূৰি আকৌ ৰমেনে কলে -বন্ধু বৰ ধুনীয়া ঘৰ বনালা দেই৷ অৰুনে পুনৰ কলে -এইবোৰ তোমাৰেই৷

ভাতখোৱাৰ সময় হলত অৰুনৰ পত্নীয়ে দুয়োকে ভাতবাঢ়ি খাবলে দিলে৷ ৰমেনে ভদ্ৰতা ৰাখি কলে- অৰুন তোমাৰ পত্নী যেনেকুৱাই ধুনীয়া খোৱাখিনিও ঠিক তেনেদৰেই বনাইছে৷ লগেলগে অৰুনে কলে -এহ বন্ধু সেইয়াও তোমাৰেই৷ ৰমেনে থতমত খাই কলে -বন্ধু লাগিলে মই তোমাৰ খোৱা থালৰ এৰেহা ভাত খিনিকে খাম, বাকীবোৰ মোৰ বুলি আৰু নকবা৷■■

নৱজিত বৰ্মন
কৌতুক নহয় দেই সঁচা কথা
যোৱা কালি ৰাতি কবি প্ৰণৱ দা ৰ লগত মেচেজ কৰি আছিলোঁ৷ ৷ তেখেতে কিবা এটা কথা প্ৰসংগত কলে-“ কি আছে ফাগুনৰ বুকুত যি নাই তোমাৰ চকুত“
ময়ো চান্স পাই চেনি খোৱাৰ ধাণ্ডাত আপী এটাক পঠাই দিলোঁ৷ ৷ ৷
উত্তৰ আহিল – “ধূলি”৷

বন্দিতা গগৈ বৰা
১)

( ইন্দ্ৰ বাঘ শৰ্মাৰ সৰ্পৰ সৈতে মুখামুখিৰ এটি কাহিনী ,তেখেতৰ ফেচবুক ৱালৰ আতঁ ধৰি ।)

শৰ্মা :: “হেৰা হেৰা ,ক’ত গ’লা সোনকালে আহা ঔ ,মৰিলো ঔ ,খালে ঔ ,বচোৱা !”

পাকঘৰৰ পৰা উধাতু খাই দৌৰি আহি শৰ্মানীয়ে দেখে শৰ্মাই টেবুল এখনৰ ওপৰত উঠি দেদাউৰি পাৰি আছে ।

শৰ্মানী :: “এনেকৈ টেটুঁ ফালি চিঞৰি মৰিছে যে হয়নে কি হ’ল ?”

শৰ্মা :: “লাঠি আনিছানে লাঠি ? আয়ৌ মৰিলো ঔ!”

শৰ্মানী :: “কি হ’লনো নকয় কেলেই !”

শৰ্মা:: সাপ ঔ ,খালে ঔ !”

শৰ্মানীয়েও উচপ খাই ইফালে সিফালে চালে ,একো নেদেখিলে,

শৰ্মানী : “সাপ ক’ত ?”

শৰ্মা :: “সৌৱা তোমাৰ ভৰিৰ ওচৰত ,খালে ঔ ! মৰিলো !”

শৰ্মানীয়ে ভৰিৰ ফালে চাই ,

শৰ্মানী :: “ইস ! মানুহ মাৰিব দেই ,এইডাল কেচুঁ হে ! নামি আহক টেবুলৰ পৰা ,মানুহে দেখিলে কি ক’ব । ফেচবুকৰ বাঘ শৰ্মাই কেচুঁলৈ ভয় কৰেনে বাৰু ??”

২)

ইনতুৱে ৰাতিপুৱাই কাগতি দালৈ ফোন লগালে ,

: “হেল্লো ,কাগতি দা ,কেনে আছে ?”
: “ভাল ,ভাল খুউব ভাল ,তোমাৰ কোৱা !”
: “মোৰো ভালেই ,আপোনাক ঢোল কোবোৱা নাই দেখা দুদিনমান ,সেয়ে ভাবিলো খবৰ এটাকে লও !”
: “এ ইনতু পুৱাই পুৱাই মিছা কথাখন কিয় কোৱা ,আচল কথা কোৱা ,কি দৰকাৰ আছিল ?”
: “এ দাদা আপুনি ধৰাই পেলালে যেতিয়া সুধিয়েই দিওঁ আৰু নে কি কয় ?”
: “ইয়ে সোধা সোধা কি সুধিবা ,নিজৰ বুলি ।”
: “দা দা আপোনাৰটো ইমান বছৰৰ বৈবাহিক জীৱন ,শুনিছো আপোনাৰ আৰু বৌৰ বোলে একো খুতখাত নালাগে ,মানে বৰ শান্তিপূৰ্ণ সংসাৰ হয়নে ?”
: “একেবাৰে ঠিক শুনিছাহে ।”
: “দাদা, ভাই বুলি আমাকো টিপচ্ দুটামান দিয়ক আকৌ ।”
: “আচলতে এইবোৰ সকলো ‘গৃহশান্তি ‘মন্ত্ৰ ‘ ৰ কামাল বুইছা ,ডেইলী মন্ত্ৰ গাবা আৰু সংসাৰত কোনো অশান্তি নাপাবা ।”
: “আৰে আমাকো কওঁকনা মন্ত্ৰ ফেৰা ।”
: “আগতে কোৱা কি খুৱাবা ,মানে ফিজ বুলি ,হেঃ হেঃ নিজৰ বুলি দেই ।”
: “অসম গৈ আছো ,গডমাৰ্কা ,ভালুক মাৰ্কা যি খায় খাব আপুনি ,মন্ত্ৰটো দিয়ক ।”
: “এই হেন কথা যদি শুনা পুৱা শুই উঠাৰ পৰা চেগ বুজি পত্নীৰ আগত দিনটোত তলৰ মন্ত্ৰটো গাবা —

তোমাক বৰ ধুনীয়া লাগিছে ।
তুমি বহুত খীণাই গৈছা ।
তোমাৰ বৰ কষ্ট হৈছে ।
তোমাৰ ঘৰৰ সকলো মানুহ ইমান ভাল সেয়ে মই তেওঁলোকক বৰ ভালপাওঁ ।

বছ্ ! ওপৰৰ মন্ত্ৰটো মাজে  সময়ে গাই থাকিবা ইনতু আৰু এখন সুখৰ সংসাৰ লাভ কৰিবা ,নহ’লে মোৰ নামত হেৰি কৰিবা ।”

“হ’ব কাগতি দা ধন্যবাদ ,ফোন থৈছো ,যাওঁ মন্ত্ৰ আওৰাওঁ ।”

“শুনা ,শুনা ফিজৰ কথা নাপাহৰিবা দেই ।”

তেতিয়াৰ পৰা ইনতুৱে মন্ত্ৰ মাতি আছে বুলি নিউজত দি আছে ।■■

 

মনজিত

চকুচৰহাই মোকেই গালি পাৰে৷ পিছে ফটা মুখ নকলেও নোৱাৰো৷ সিদিনাৰ কথা ৷ মহন্তক নবৌৱে ক’লে, ‘ভৰি ফাটিছে ক্ৰীম এটা আনিবাছোন৷’

কথা মতেই কাম, সিও ক্ৰীম বিছাৰি গ’ল৷ পিছে ক্ৰীমৰ দাম বাজেটতকৈ বেছি ওলালে৷ সেয়ে নিকিনি ঘূৰি আহিল৷ আহোতে বাটত উপায় এটা চিন্তিলে৷ তেনেতে ৰাস্তাৰ কাষৰ মুচিটোক দেখি উপায় পাই গ’ল৷ তাক গৈ কামোৰ দিলেগৈ-
“এটা ভৰিত ৫ টকা কে দিম ফাট কেইটা চিলাই দিব লাগে৷ আৰু চিন্তা নকৰিবি নেক্সট ওঁঠ ফাটিলে তোকেই কণ্ট্ৰেক্ট দিম৷”

সেই কথাকে লৈ মহন্তৰ ঘৰত বাক বিতণ্ডা এতিয়া৷ অৱশ্যে শুনা কথাহে দেই৷
■■

বৰ্নালী মান্তা
ডক্টৰ মুংচাজ’: -(ভিতৰলৈ সোমাই অহা ৰোগীক উদ্দ্যেশ্যি)
আপুনি নিশ্চয় চকুৰ কিবা অসুবিধা দেখুৱাবলৈ মোৰ ওচৰলৈ আহিছে? ৷
ৰিণ্টু ৰোগী: -সেমেনা সেমেনি কৈ…হয় ডক্টৰণী বাইদেউ, কিন্তু মই অসুখৰ বিষয়ে একো নোকোৱাকৈয়ে আপুনি কেনেকৈ গম পালে যে মোৰ চকুৰে প্ৰব্লেম? ? ?
মুচাংজ’ ডক্টৰ: -কাৰণ আপুনি দৰজাৰে নহয় খিৰিকীৰেহে মোৰ কেবিনলৈ সোমাই আহিছে৷■■

হিমাংশু ভাগৱতী
কাকতি দা ফোনত ব্যস্ত৷ বৌ কিবা কৈ আছে, কাণত ভালকৈ সোমোৱা নাই৷
বৌ: হেৰা চিলিণ্ডাৰ শেষ হ’ল, খালিটো দি নতুন এটা লৈ আহা৷
কাকতি দা: খালিটো ঘূৰাই দিব নেলাগে দিয়া, মুখখন কাটি ল’লে চাউল থব ভাল হব৷■■

পল্লৱী কলিতা
আমাৰ কলনিৰে কথা৷ এদিন ভন্তী এজনীয়ে দুপৰীয়া ফোন কৰিলে৷
– বাইদেউ মেখেলা চাদৰ আনিছে, আহিব নেকি?

ঘৰত যেনেকৈ আছিলোঁ‌ তেনেকৈ লৰ দিলোঁ‌৷ হে ভগবান ভাল ডিজাইন কেইটা সিহঁতে লৈ শেষেই কৰিলে চাগে৷ গৈ দেখোঁ‌ লৰা এটা দুটামান প্ৰকাণ্ড বেগ লৈ বহি আছে আৰু আমাৰ মহিলা সমিতি সেই বেগকেইটাৰ ওপৰত ভেনা মাখি পৰা দি পৰি আছে৷ এজ ইউজুৱেল মোৰ এযোৰো পচন্দ নহল৷ কিন্তু ভৱিষ্যতলৈ সি যাতে প্ৰথমে মোৰ ঘৰলৈকে আহে তাৰ ব্যৱস্থা কৰিলোঁ তাৰ ফোন নাম্বাৰটো চেইভ কৰি ৰাখিলোঁ‌৷ পিছে পৃথিৱীত কিমান যে গজেন আছে গতিকে মই মোৰ মতে এটা বিশেষণ লগাই থলোঁ‌৷ গ’ল কথা গুচিল৷ প্ৰায় এবছৰমান হল৷ এদিন হঠাৎ গজেন আমাৰ ঘৰ আহি ওলালহি৷ আহিয়েই কবলে ধৰিলে

-বাইদেউ নকব আৰু! ! মই বদনাম হৈ গৈছোঁ‌৷ আৰু বহুত ভাবি চিন্তি গম পালোঁ‌ মোক বদনাম কৰা মানুহজনী আপুনিয়েই৷
মই বোলো -কি কয় ঐ এইডালে! ! ! মই তোক কেতিয়া বদনাম কৰিলোঁ? ? সি বোলে অ’ বাইদেউ আপুনি মোৰ নামটো কি বুলি চেইভ কৰিলে? মানে লিখিছোঁ‌ আৰু মনত থাকে বুলি (মনতেঃ মৰিলোঁ‌ আৰু)

কি লিখিছে আগতে সেইটো কওক! ! ! ! !

: “মেখেলা চাদৰ! ”

: “সেইয়া ! মই থিকেই ধৰিছিলোঁ‌ । আপুনি চাগে ” True caller” ব্যৱহাৰ কৰে । মোৰ কি গতি হল জানে নে? যাকে ফোন মাৰোঁ তাত “মেখেলা চাদৰ” বুলি ওলাই। চবেই মোক হাঁহে। আনকি মোৰ গাৰ্লফ্ৰেণ্ডেও মোক এৰি থৈ গ’ল !”■■

ভাস্কৰজ্যোতি দাস
দাসৰ ওচৰৰ শইকীয়াৰ ভায়েকৰ বিয়া৷ DJ চলি আছে৷ দাস আপী এগালমানৰ লগত ধিনচাক-ধিনচাক ডেন্স কৰাত বিজি৷ অলপ সময়ৰ পাছতে দাস আহি দাসনীৰ ওচৰ পালেলি৷
দাস- য়ৌ বেইবে, খামন ব্লিড ডা ফ্ল’ৰ, খামন ৰক অন৷
দাসনী- খাই বৈ ঘৰলৈ যাও ব’লক৷
দাস- হুৱাই বেইবে?
দাসনী- ঘৰত আপুনি দুখ পোৱাখিনিত Iodex বা Volini স্প্ৰে কৰিব লাগিব নহয়৷
দাস- হুৱাত! ! ! কিন্তু মইতো দুখ পোৱাই নাই৷
দাসনী- আমিওনো ক’ত ঘৰ গৈ পাইছোঁ! ! ! ! ! ব’লক জল্দি৷ আজি…….■■

মনজিত
১) মাষ্টৰ: এবিধ জনপ্ৰিয় কলৰ নাম কচোন? থুলুক: মিছকল চাৰ৷ মিছ(Miss) সকলে বেছিকৈ ব্যৱহাৰ কৰে বাবে ইয়াক মিছকল বোলে৷ এটকাও খৰচ নাই বাবে ই সকলোৰে খুবেই প্ৰিয়৷

মাষ্টৰ: আৰে ৱাহ তামাম৷ বাৰু কেইবিধমান তেলৰ নাম কৈ দেচোন কাটোপকে৷

থুলুক: চাৰ ইনটেল, এয়াৰটেল আৰু দিজিটেল৷ ইয়াৰে দিজিটেলটো মোডী বৰতাৰ ফেভাৰিত৷

মাষ্টৰ: সুন্দৰ৷ বেৰি ইচমাৰ্ট বয়৷ বাৰু কেইখনমান পপুলাৰ বিলৰ নাম কচোন? চাও এইটো পাৰ নে নাই?

থুলুক: চাৰ মোবাইল বিল, ইলেক্ট্ৰিচিটি বিল আৰু ৰেষ্টুৰেক্টৰ বিল৷ ইনক্লুদিং ভেট আৰু চাৰভিচ টেক্স, সচ্চ ভাৰত টেক্স, কৃষি টেক্স৷

মাষ্টৰ: বৰ প্ৰতিভা থকা ল’ৰাহে, বহুত জানে৷ এইবাৰ কেইপাহ মান ফুলৰ নাম কৈ দে?
থুলুক: চাৰ অচি ফুল, বি পি ফুল, নাম্বাৰ ওনাৰ ফুল৷ লাগিলে হাফ কোৱাটাৰো এভেইলেবল চাৰ৷ আজিকালি পিছে দুইবজাৰ পিছতহে পায়৷

মাষ্টৰ: ৱাহ তইহে মোৰ আচল শিষ্য৷ বাৰু কচোন সপ্তাহৰ কোনটো বাৰ আটাইটকৈ প্ৰিয়৷

থুলুক: চাৰ সপ্তাহৰ বুলি কথা নাই মোৰ আজি কালি অকল দিষ্কবাৰহে ভাল লাগে৷ কাইলে উইকেন্দ, যায় যদি ওলাব চাৰ৷ আপোনাৰ এয়াৰটেলত মিছকল এটা মাৰি দিম নাম্বাৰ ওৱানৰ ফুল এটা লৈ আহি যাব৷ (সঁচা ক’লে থুলুক বেয়া)

২) বৈদ্য বিজুলী গাজনি ব্ৰজপাতৰ মাজত আমাৰ বজৰংবলী প্ৰভু ৰামক খৱৰ এটা দিবলে বুলি গৈ আছিল৷ আধা বাট পাওতেই ব্ৰজপাত এটা পৰিল নহয় বজৰংবলীৰ গাত৷ দেখিচেই নহয় এই কেইদিন কেনেকুৱা থাপ থুপ ফুটিয়ে আছে; কিন্তুু বজৰংবলীৰ একোৱে নহল৷ কাৰণতো কি জানে? কাৰণ বজৰংবলীয়ে নেগুৰ দাল আৰ্থিং হিছাপে ব্যৱহাৰ কৰিছিল৷

৩) থুলুক: কছোন কলিতা তলাৰ gender কি?

কলিতা: ধুইত তলাৰ কিবা gender থাকে নেকি? থুলক: মুৰ্খ কৰবাৰ তলা হৈছে female
gender. এতিয়া কেনেকে হয় নুসিধিবি৷ ৰাজহুৱাকে কবলে অলপ দিগদাৰ৷

কলিতা: হমম, হ’ব দে বুজিলো৷

থুলুক: বঢ়িয়া, তেনেহ’লে তাহানিৰ দিনৰ এটি বিখ্যাত তলাৰ নাম কছোন, যাৰ চাবি হেৰাই গৈছিল আৰু সিয়ে এখন উপন্যাসৰ সৃষ্টি কৰিছিল৷

কলিতা: (অলপ ভাবি) কি যে প্ৰশ্ন বোৰ সোধ নোৱৰো দেই৷

থুলুক: – ধেই অকৰাতো৷ কেলে “শকুন-তলা“ আকৌ

৪) থুলুক: কোনটো চাবি থাকিলে অফিছ কাছাৰীকে ধৰি সকলো ঠাইতে কামবোৰ সহজ খোল খাই৷

নবীন: এহ নাজানো দেই৷ তয়ে ক!

থুলুক: আবে “চিনাKEY” অ৷ বাৰু কচোন কোনটো চাবি মানুহে কেতিয়াও দিব নিবিচাৰে?

নবীন: ধুই কি আল্টু ফাল্টু প্ৰশ্ন সোধি থাক বে? মই নাজানো তয়ে ক?

থুলুল: ই অকৰাটো মানুহে “বাKey” দিব নিবিচাৰে আকৌ!

■■

7 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *