ফটাঢোল

ফটা লিমাৰিক-ধনজিৎ বৰুৱা

(১) মডেল


অসম মুলুকতো হেনো বাইক মেনুফেকচাৰ হ’ব

কোনোবাটো মডেলৰ নাম টেক্সাৰ তাৰ নামত থ’ব

উৰন্ত বাইকে ৰেকৰ্ড গঢ়িব

‘পবন’ মই কোনে ধৰিব 

বাপেকে বোলে  চা-চোন নুবুজে  মোৰ বংশ জানো ৰ’ব! 

(২)


ৰকষ্টাৰ


তানপুৰা আধা টানি আকৌ  ধৰিলে সি সেই গীটাৰ

ৰূমত সোপাই ৰকষ্টাৰ সংগীত বাপেকৰ উঠে মিটাৰ 

শংকাত তেওঁৰ ডুবে মন 

মনত পৰে নিজৰ ৰণ 

বুজিবগৈনে বাপুৱে  মাহত লাগে মিঠাতেল কেই লিটাৰ । 

(৩)


তৰক্কী


মূল্যবৃদ্ধি যিমানেই হওক পো-পোৱালি কিন্তু এপাল 

দুখীয়া গৰীবৰ হেনো এই দেশত হয় ফুটা কপাল 

গণতন্ত্রত হ’ব গণ সৰহ

সুবিধা খোৱা মস্ত উকহ

ভণ্ড এসোপা পণ্ডিতেৰে  দেশ কিদৰে হ’ব জীপাল। 


(৪) 


কান


ইয়াকে বোলে মানে ‘কানে ‘ কাণ মাৰি যোৱা 

কোন গৈছে কি হৈছে পৃথিৱীখন হুৱাদুৱা 

সিফালে ৰাছিয়াৰ কি খবৰ 

সঁচাই খবৰ টনা ৰবৰ 

ৰেড কাৰ্পেটৰ অৱস্থা বিভিন্ন গচকত যোৱা থোৱা।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *