সম্পাদকীয়
সহজৰ পৰা সহজলৈ যোৱা মানুহৰ প্ৰৱণতাই হৈছে সভ্যতা। সভ্যতা হৈছে সৰলতাৰ পৰা অধিক সৰলতালৈ যোৱা এক প্ৰক্ৰিয়া। পিচে এই প্ৰক্ৰিয়া বহুলোকে মানি ল’ব নোখোজে। বৰ্তমান সমাজত বাস কৰা বহুতে নিজে থিতাপি লোৱা স্থানসমূহকে নিৰাপদ বুলি ভাবি নতুন এটা ধাৰণাৰ প্ৰতি পিঠি দিয়া দেখা যায়। যাৰ বাবে সমাজলৈ আহিব পৰা পৰিৱৰ্তন অথবা সৰলতাক আন এক দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে এইসকল লোকে। এওঁলোকে প্ৰচাৰ কৰে যে নতুন সভ্যতাটোৱে সমাজৰ ক্ষতিসাধন কৰিব। সকলোৱে এই নতুন ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। আন কিছুলোকে গ্ৰহণ কৰিব নিবিচাৰে।
মই ফেচবুক বা তেনেধৰণৰ আন ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰৰ কথা কৈছোঁ৷ ছ’চিয়েল মিডিয়াৰ প্ৰতি কিছুসংখ্যক লোকে দেখুওৱা সহাৰি প্ৰথম খোজ কাঢ়িবলৈ শিকোঁতে পিছলি পৰা কণমানি শিশুটোৰ দৰে। বহুসময়ত ডিজিটেল মাধ্যমবোৰৰ বহুল প্ৰচলনে সমাজ জীৱনৰ অপূৰণীয় ক্ষতি কৰিব বুলি বহু মনিষীয়ে মন্তব্য কৰি আহিছে৷ অৱশ্যে এইসকল লোকৰ সংখ্যা নগণ্য হোৱা বাবে এটা সময়ত তেওঁলোকৰ মনৰ ভাৱ সলনি হোৱাও দেখা যায়।
পিচে কথাটো একেবাৰে নোহোৱাও নহয়৷ ডিজিটেল মাধ্যমৰ সহায় লৈ নিজৰ লেখা ফেচবুক আদিত প্ৰকাশ কৰি কোনো লোক হৈ পৰিব পাৰে সকলোৰে বাবে চিনাকি; সেই একেজন লোকেই আকৌ বেয়া খবৰ বিয়পাই সোমাব পাৰে ৰঙাঘৰত।
পূৰ্বে ফেচবুক বা ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ প্ৰয়োজন হৈছিল এটা কম্পিউটাৰৰ। যাৰ বাবে সকলো লোকে সেয়া ব্যৱহাৰ কৰিব পৰা নাছিল। সকলো লোকৰ বাবে সহজলভ্য নাছিল কম্পিউটাৰ বা ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া। কিন্তু বিজ্ঞানৰ দ্ৰুত প্ৰসাৰৰ লগে লগে প্ৰতিজন লোকৰ হাতে হাতে মোবাইল হ’ল। শিক্ষিত-অশিক্ষিত, নিৰক্ষৰ বা কোনো বয়সৰ সীমা অবিহনে প্ৰতিজন লোকেই ব্যৱহাৰ কৰিব পৰা হ’ল মোবাইল। নিজ ইচ্ছামতে সকলোৱে খুলিব পৰা হ’ল ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া একাউণ্ট। বেয়া কথাটো হ’ল, ছ’চিয়েল মিডিয়াত নাথাকে কোনো সম্পাদনাৰ ব্যৱস্থা, থাকিলেও সেয়া একেবাৰে সীমিত। কোনোৱে নিজৰ মনৰ কথা লিখাৰ লগতে আৱেগৰ বশৱৰ্তী হৈ লিখা কোনো কথাই অৱশ্যেই সমাজৰ লোকচান কৰিব পাৰে।
ফেচবুকত মাত্ৰ ভাল কথাই যে আলোচনা বা প্ৰচাৰ হয়, তেনে নহয়। কেতিয়াবা ফেচবুকত এনে কিছু কথা আলোচনা হয় যাৰ বাবে সমাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে ঘটনা সংঘটিত হয়। ইয়াৰ বাবে বহুলোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে। তেনে এক ঘটনা – ২০১৮ বৰ্ষৰ ৮ জুনত সংঘটিত হৈছিল আমাৰ অসমতে। দুজন যুৱক ওলাই গৈছিল প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। নাম নীলোৎপল আৰু অভিজিৎ। দুয়ো আছিল অভিন্ন বন্ধু। এইখন অসমৰে ডকমকাৰ কাংথিলাংছ’ জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰি দুয়ো উভতি আহিছিল। তাৰ পাছতেই ঘটিল অঘটনটো। পাহাৰীয়া জিলাখনত একাংশ নৰপিশাচে অতি নিৰ্মম ভাবে হত্যা কৰিলে দুই বন্ধুক। ঘটনাটো সংঘটিত হোৱা কেইদিনমান পূৰ্বৰে পৰা ঠাইখনত সোপাধৰাক লৈ প্ৰচাৰ হৈছিল এক উৰাবাতৰি। এই অন্ধবিশ্বাসৰ বাবে সোপাধৰা বুলি সন্দেহ কৰি যুৱকদুজনক একাংশ নৰদস্যুৱে হত্যা কৰা বুলি জানিবলৈ পোৱা গʼল।
বৰ্তমান এয়াই সঁচা। যদি ফেচবুকত ভাল খবৰ বিয়পে সকলো লোকে তাৰ পৰা লাভবান হয়। যদি বেয়া খবৰ বিয়পে সেই বেয়া খবৰে এখন সমাজ ধ্বংস কৰিব পাৰে। তাতোকৈ ডাঙৰ কথা যে, অসম তথা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত লাভ জেহাদৰ দৰে ঘৃণনীয় ঘটনাও ফেচবুকৰ মাধ্যমতে হোৱা দেখা যায়। বিশেষকৈ কোনো অন্য ধৰ্মৰ লোকে নিজকে আন ধৰ্মৰ বুলি বা আন নামেৰে পৰিচয় দি সংঘটিত কৰি আহিছে বহুতো অপৰাধমূলক কাম।
ছ’চিয়েল মিডিয়াৰ কথা বাদেই দিলোঁ, ইণ্টাৰনেট বুলিলেই একাংশ লোকৰ নাক কোঁচ খায়। তেওঁলোকে নিবিচাৰে জীৱনৰ বাটত তেওঁলোকৰ সময়বোৰ একোটা যন্ত্ৰই পৰিচালনা কৰাটো। নিজকে যন্ত্ৰৰ ওচৰত অৰ্পন কৰি নিৰাপদ বুলি নাভাবে তেওঁলোকে। কিন্তু এতিয়া পূৰ্বৰ সেইদিন নাই। এটা মোবাইল ফোনতে সকলো উপলব্ধ। কেলকুলেটৰ, হাত ঘড়ী, এলাৰ্ম ঘড়ী, পেজাৰ, কেলেণ্ডাৰ, ইউনিট কনভাৰ্টাৰ, টৰ্চ, অডিঅ’-ভিডিঅ’ ৰেকৰ্ডাৰ, মিউজিক প্লেয়াৰ আদিৰ দৰে বিভিন্ন ব্যৱস্থাসমূহ এতিয়া অতি সহজে এটা মাথোঁ মোবাইলতে সকলোৱে পাব পৰা হৈছে।
সময়ৰ লগে লগে সলনি হৈছে আমাৰ চিন্তা চৰ্চাৰ ধৰণ-কৰণ। ছ’চিয়েল মিডিয়াত কেৱল বন্ধু-বান্ধৱৰ সৈতে বাৰ্তালাপে কৰা নাযায়। সমাজৰ বহু আগশাৰীৰ লোকে তেওঁলোকৰ নামত ফেচবুকত পেজ খুলি নিজৰ কথা ৰাইজক জনাব পাৰিছে। ইফালে ৰাজ্যৰ বাহিৰত থকা বিভিন্ন হোটেল, ৰেষ্টুৰেণ্ট, চিকিৎসালয়, শিক্ষানুষ্ঠান আদিৰ বিষয়েও জানিব পাৰিছে ফেচবুক বা তেনে আন কোনো ছ’চিয়েল মিডিয়াৰ জৰিয়তে। ছ’চিয়েল মিডিয়াই হাতৰ মুঠিতে আপোনাৰ বাবে উপভোগ্য কৰি তুলিছে সাত সাগৰ তেৰ নদীৰ সীপাৰে থকা আপোনাৰ বন্ধুবৰ্গক। পূৰ্বে সীমান্তত থাকি দেশ ৰক্ষাৰ বাবে যুঁজ দিয়া সৈনিক পুত্ৰৰ খবৰ পাবলৈ ডাকোৱালে অনা চিঠিখনেই আছিল একমাত্ৰ সুবিধা। এতিয়া তেনে নহয়। দূৰণিত থকা যিকোনো লোকৰ সৈতে ভিডিঅ’ কলত কথা পাতিব পাৰিছে।
ছ’চিয়েল মিডিয়াৰ প্ৰসংগ উত্থাপন কৰিলে এটা কথা ক’ব পাৰি যে, পৃথিৱীৰ ১৯৫ খন দেশৰ অধিকাংশ দেশৰে সামাজিক পৰিৱেশত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ ইতিবাচক। মাত্ৰ কেইখনমান দেশতহে ৰাজনৈতিক অস্থিৰতা, ধৰ্মীয় গোড়ামী ইত্যাদি ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ হৈ আহিছে৷ ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ বিশ্বব্যাপী হোৱাৰ বাবে ভাল সমাজৰ ভাল পদক্ষেপসমূহ সকলো দেশতে বিয়পি পৰিব। আমি আশাবাদী যে এই ভাল পদক্ষেপবোৰৰ বাবে বেয়া পৰিবেশেৰে পুষ্ট দেশসমূহতো পৰিব ভাল দেশৰ প্ৰভাৱ।
ভাৰতৰ আন আন ঠাইৰ লগতে অসমতো ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ মন কৰিবলগীয়া। অসমত বিশেষকৈ নানা বাচনি পৰীক্ষামূলক তথ্য, বিভাগীয় আলোচনা, সাহিত্য চৰ্চা, ভাষাৰ ব্যৱহাৰ ইত্যাদি প্ৰসংগৰ বাবে আছে বহু ফেচবুক পেজ বা গোট। এইসমূহ পেজত দৈনিক আলোচনা কৰা হয় বহু গুৰুত্বপূৰ্ণ বিষয়। আন কিছু এনেধৰণৰ ফেচবুক পেজ আছে য’ত দিনটোৰ ভাইৰেল হোৱা যিকোনো বিষয়ক লৈ কৰা হয় আলোচনা। এনেধৰণৰ অসংখ্য ফেচবুক গোট আছে যিসমূহত আলোচনা কৰা হয় সমাজৰ বিভিন্ন অভাৱ-অভিযোগ আৰু তাৰ সমিধান।
ফেচবুকত তেনে এটা গোট হৈছে ’ফটাঢোল’৷ সকলোৰে পৰিচিত ই এটা হাস্য-ব্যংগ সাহিত্যৰ গোট৷
কোনেও মূল্য নিৰ্দ্ধাৰণ কৰিব নোৱাৰা বস্তু এটা হ’ল আমাৰ হাঁহি। ইয়াৰ খৰচ নাই অথচ ই সৃষ্টি কৰিব পাৰে সীমাহীন মূল্যৰ বহু কিবাকিবি। দিওঁতাৰ কোনো লোকচান নহয় অথচ গ্ৰহণ কৰোঁতাৰ লাভ হয় প্রচুৰ। ক্লান্ত মানুহৰ বাবে হাঁহি বিশ্ৰাম, হতাশাগ্রস্তৰ বাবে আশাৰ জ্যোতি আৰু শাৰীৰিক-মানসিক কষ্ট দূৰ কৰাৰ বাবে হাঁহি মহৌষধ। মানুহৰ হাঁহিটো যিমান সহজলভ্য সিমানেই মূল্যবান। ইয়াক ধন-সোণ-ভিক্ষা-ধাৰ কিম্বা চুৰ কৰি আনিব নোৱাৰি৷ কিন্তু চকুৰ পচাৰতে ওঁঠত বিৰিঙি উঠা এক নিভাঁজ হাঁহিয়ে কৰিব পাৰে বিশ্বজয়৷ আন্তৰিকতাৰে শত্ৰুৱেও কৰি ল’ব পাৰে আপোনাক আপোন৷
ফটাঢোলৰ মূল উদ্দেশ্য ’হাঁহি’ বিয়পোৱা যদিও বৰ্তমান ই মাত্ৰ এটা হাস্য-ব্যংগ ফেচবুক গোটতে সীমাবদ্ধ হৈ থকা নাই। কোনো লোকৰ বিপদৰ সময়তো এক সংগঠিত কণ্ঠৰূপে থিয় দিছে ফটাঢোলে। প্ৰয়োজনত তেজৰ যোগান ধৰিছে ফটাঢোলে। কোনো এজন ব্যক্তিক তেজৰ প্ৰয়োজন হ’লে এটা ফেচবুক পোষ্ট অথবা মেছেজতে লাভ কৰিব পাৰে সহাৰি। চিকিৎসালয়ত ৰোগীৰ বাবে তেজৰ প্ৰয়োজন হ’লে বহুসময়ত ৰোগী ৰখীয়াসকল অসুবিধাত পৰা দেখা যায় আৰু তেনে সময়ত তেজ বিচাৰি দিয়া এটা ফেচবুক পোষ্ট অথবা মেছেজতে কোনো লোকে লাভ কৰিব পাৰে প্ৰয়োজনীয় তেজ আৰু ই ৰক্ষা কৰিব পাৰে ৰোগীজনৰ লগতে তেওঁৰ পৰিয়ালৰ আন বহুতৰে জীৱন।
বান-গৰাখহনীয়াৰ দৰে সমস্যাতো ফটাঢোলে যোগাই আহিছে সহায়ৰ হাত। ৰাইজৰ পৰা বিভিন্ন সামগ্ৰী সংগ্ৰহ কৰি বন্যাৰ্তৰ মাজত বিতৰণ কৰিয়েই দ্বায়িত্ব সামৰা নাই ফটাঢোলে; দুখীয়া, শাৰীৰিকভাৱে অসুস্থ, বিশেষভাৱে সক্ষম লোকৰ কাষতো থিয় দিছে ফটাঢোল।
ইয়াৰ উপৰিও ইণ্টাৰনেটত অসমীয়া লিপিৰ বহুল প্ৰসাৰৰ বাবেও ফটাঢোলৰ দৰে একোটা অসমীয়া ভাষাৰ গোটে যথেষ্ট অৰিহনা যোগাই আহিছে৷ আমি বহুতেই হয়তো নাজানো যে আমি যদিও ফেচবুকত অসমীয়া লিখোঁ, আচলতে সেয়া অসমীয়া লিপি নহয়৷ প্ৰকৃততে আমি লিখি আহিছোঁ ’বাংলা’ লিপিতহে৷ বাংলা ভাষাত নথকা (ৰ ৱ য় আদি) মাত্ৰ কেইটামান আখৰৰ বাহিৰে ইণ্টাৰনেটত অসমীয়া ইউনিকোড এতিয়াও উপলব্ধ নহয়৷
কিন্তু এয়া অসম্ভৱো নহয়৷ বিভিন্ন দল সংগঠনে অতিজৰেপৰা এইক্ষেত্ৰত বিভিন্ন কাম কৰি আহিছে আৰু ফটাঢোলৰ দৰে এটা অনুষ্ঠানৰ যোগেদি আমিও তেনে অৰিহনা যোগাই যাব পাৰিছোঁ৷ আজিৰপৰা দুবছৰ আগতে ’মাইক্ৰ’চফ্ট ট্ৰান্সলেটৰ’ আৰু সৌ সিদিনা ’গুগল ট্ৰান্সলেটৰ’ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ‘অসমীয়া’ নামটো৷
তাৰমানে – এটা সেউজ সংকেত নেকি? হয়, কিন্তু আমি আৰু কৰিবলগীয়া আছে৷ এতিয়াও ই এটা স্বতন্ত্ৰ ভাষা হিচাপে স্বীকৃতি পাবলৈ যথেষ্ট বাকী৷ গুগুলে ’অসমীয়া অনুবাদক’ সংযোগ কৰিলে হয় যিটো আমাৰ বাবে খুবেই ভাল খবৰ, কিন্তু আমাৰ লিপিটোৰ স্থিতি সম্পৰ্কে এতিয়াও কোনো স্পষ্ট মত নাই৷ সেইটোহে আচলতে আমাৰ বাবে বেছি প্ৰয়োজনীয়৷ গুগুলত অনুবাদ কৰি থাকি কি হ’ব যদি বাংলা লিপিৰে অসমীয়া লিখি আছোঁ বুলিয়েই আমাৰ পৰিচয় ৰৈ যায়৷
মূল কথাটো হ’ল – অসমীয়া ভাষা লিখক, যিমান পাৰে সিমান লিখক৷ তেতিয়ালৈকে লিখি যাওক যেতিয়ালৈ ই এটা নিৰ্দিষ্ট ভাষাৰূপে ডিজিটেল পৃথিৱীখনত চিনাকি নাপায় আৰু সেই দিনটো অতি সোনকালে আহিব বুলি আমি আশাবাদী ৷
ডিজিটেল পৃথিৱীখনত আমাৰ লিপিটোৰ নাম কি জানেনে? – ”বাংলা-অসমীয়া”। কিয় হ’বলৈ দিম এয়া? আমাৰ নিজস্ব বুলিবলৈ একোৱেই নাথাকিব কিয়? বিভিন্ন কাৰণত লাহে লাহে হেৰাই যাবলৈ ধৰা আমাৰ মৰমৰ ভাষটো আমি জীয়াই ৰাখিবই লাগিব৷ নহ’লে আমাৰ পৰিচয়েই বা থাকিব কি! নহয়নে?
ময়ো চেষ্টা কৰোঁ অসমীয়া লিখিবলৈ, শুদ্ধকৈ লিখিবলৈ৷ এই প্ৰচেষ্টাত হোৱা বিভিন্ন ভুলবোৰ (মূলত: বানান আৰু বাক্যৰ গাঁঠনি ) কোনোবাই আঙুলিয়াই দিলে ভাল পাওঁ, শুধৰাবলৈ চেষ্টা কৰোঁ৷ পিচে ফটাঢোলৰ দৰে স্বকীয় গৌৰবেৰে পুষ্ট হাস্য-ব্যংগ গোট এটাৰ আলোচনীখন সম্পাদনা কৰা বা সম্পাদকীয় লিখাৰ যোগ্যতা মোৰ নাই৷ এই বিশাল আলোচনীখনৰ মই মাত্ৰ এটা ক্ষুদ্ৰাতিক্ষুদ্ৰ অংশহে৷ কোনো আলোচনীৰ বাবে কাম কৰা এয়াই প্ৰথম আৰু সেইহিচাপে এইখন প্ৰকাশ কৰি উলিয়াওতে বিভিন্ন খুটি-নাটি থাকি যোৱাটো স্বাভাবিক৷ সেইবোৰ আঙুলিয়াই ভৱিষ্যতে পুনৰ আপোনালোকৰ লগত, আপোনালোকৰ বাবে কাম কৰি যাবলৈ প্ৰেৰণা যোগাব বুলি আশাবাদী হৈ ৰ’লোঁ৷
হাঁহি থাকক, হঁহুৱাই থাকক! অসমীয়া ভাষা প্ৰচাৰ ও প্ৰসাৰ কৰি যাওক৷
ধন্যবাদেৰে
সম্পাদক
ফটাঢোল ই-আলোচনী
পঞ্চম বৰ্ষ,একাদশ সংখ্যা
☆ ★ ☆ ★ ☆
10:39 am
ভাল লাগিল। চচিয়েল মিডিয়াকে লৈ অসমীয়া ভাষাটোৰ বিষয়েও সামৰি এটা সুন্দৰ সম্পাদকীয়।
3:30 pm
সুন্দৰ সম্পাদকীয়। ডিজিটেল মিডিয়াত অসমীয়া ভাষাৰ বিষয়ে কোৱা কথাকেইটা ভাল লাগিল।
11:58 am
সুন্দৰ সম্পাদকীয়।বৰ ভাল লাগিল।
12:44 pm
সুন্দৰ সম্পাদকীয়। খুব ভাল লাগিল
12:47 pm
বৰ সুন্দৰ সম্পাদকীয়৷ ভাল লাগিল৷
1:07 pm
বৰ ভাল লগিছে। সুন্দৰ।
1:38 pm
বৰ ধুনীয়াকৈ লিখিলা৷সময়োপযোগী সম্পাদকীয়৷