ফটাঢোল

ফাট মেলা বসুমতী, পাতালে লুকাওঁ-পল্লৱী কৌশিক শৰ্মা

ধেই.. মনটো একেবাৰে ৰ’দত লেৰেলা কলপাতখিলাৰ 

দৰে শুকালেহে। কমটি হেঁপাহেৰে ফুকনৰ ছোৱালীৰ বিয়াখন খাবলৈ ওলাইছিলোঁ! সেই হেঁপাহ, সেই ফূৰ্তি.. এটা মাত্ৰ বাক্যতে, পাম্প যোৱা বেলুনটোৰ দৰে উৰি ফু..উ..উ..চ্চ হ’ল। আইনাখনত নিজকে লুটিয়াই বগৰাই চাই, নিজলৈকে দুখ লাগিল মোৰ। বিয়ালৈ বুলি লোৱা নতুন কাপোৰযোৰ পিন্ধাৰ উৎসাহখিনিও পুত্ৰধনৰ প্ৰশংসাৰ (?) কৃপাতে একেকোবে শূন্য স্থানলৈ অৱনমিত হ’ল।  

মোক স্ৰজিবৰ সময়ত কণা বিধাতাৰ যে কোনোবা ৰূপৱতী অপেশ্বৰীৰ লগত ডেটিঙৰ টাইম হৈছিল, সেইটো ধুৰূপ। পাৰোঁতেনো তেওঁ অঙ্গ-প্রত্যঙ্গবোৰৰ জোখ-মাপ লোৱাত ইমান গণ্ডগোল কৰে নে! প্ৰকাণ্ড ফুটবলহেন গোলাকাৰ মুখখনত সামান্য আঙুৰটোৰ সমান টিকুলু নাকডাল, কেনেকৈ খাপ খাই বাৰু! সেইটো নাকেৰে উশাহটো টানি, জীৱনৰ অত’চোৱাকাল মানুহজনী জীয়াই আছোঁহে বুলিছোঁ। 

এনেই পিচে সেইপাত দুখ; এই যে ফ্ৰকটো লুটিয়াই নাকৰ শেঙুন মোচা দিনবোৰ, সৌ তাহানিৰে পৰা..  ‘ইয়ে ফেভিক’ল কা জৌৰ হে, টুটেগা নেহী’… টাইপত বুকুখনতে এঠা লাগিয়েই আছিল। মানুহটোৱে যেনিবা কেইবাজনীও দিপলিপ গাভৰুৰ মাজৰ পৰা, মইহেন শূপৰ্নখাজনীৰ পাণি গ্ৰহণ কৰাত, কিছু পৰিমাণে হ’লেও লাঘৱ হ’ল। 

তথাপিও সত্যটোক অস্বীকাৰ কৰিব পাৰি জানো! সুগঢ়ি নাকৰ মানুহবোৰ দেখিলে, বেজাৰ অলপে এতিয়াও বুকুখনতে খুন্দিয়াই যায়হি মোৰ আৰু লগে লগে মানুহজনক সুধিবলৈ মন যায়.. ‘বোলো মোক যে চাবলৈ গৈছিল, আপোনাৰ চকুকেইটাত কুকুৰে মুতিছিল নেকি?’ 

কিন্তু নোসোধোঁ। উত্তৰ বা কি আহে! 

অৱশ্যে বিয়াৰ আগলৈকে দেউতাই মৰমতে দিয়া ‘বিনীতা’ নামটোৰ সলনি… চিনাকি মানুহমখাই ব্যৱহাৰ কৰা ফেঁচি-নাকী, শূপৰ্নখা.. আদি নামবোৰ, মানুহটোৰ জহতে যে শুনিবলৈ পোৱাৰ দুৰ্ভাগ্যকণ নোহোৱা হ’ল, তাৰবাবে কিন্তু তেওঁৰ ওচৰত চিৰ কৃতজ্ঞ মই।

মানে আজিকালি ইজ্জতডাল ডাইৰেক্ট মোৰ মুখত নপৰি, পিঠিখনত পৰে। ভাল লাগিবৰে কথা দিয়কচোন। 

পুত্ৰধন তেতিয়াও আলুটোত পেঞ্চিলডালৰ মূৰেৰে খুচি খুচি, ফুটা দুটা আৰু অলপ পাৰফে’কশ্যন দিয়াত ব্যস্ত। 

আয়ু দেহি.. কিমান একাগ্ৰতাৰে সি আলুগুটিটোতে মাকৰ মুখখন ফুটাই তুলিবলৈ যত্ন কৰিছে! বেচেৰাটোৰ গাত কি দোষ বাৰু! মাকজনীৰ মুখৰ শ্যেপেই যদি আলুটোৰ দৰে হয় আৰু ওঁঠখনৰ ঠিক ওপৰতে থকা ফুটা দুটাইহে যদি নাক নামৰ ভীষণ প্ৰয়োজনীয় অঙ্গটোৰ অৱস্থিতিৰ উমান দিয়ে, সিটো তেনেকৈয়ে গঢ়িব মাকক। সেই ছবছৰীয়া শিশুটিৰ সৰল, নিষ্পাপ মনটোৱে ভালৰি বোলাবলৈকে… ‘মা তুমি যে শ্ৰী দেৱীৰ দৰে ধুনীয়া’.. বুলি চূড়ান্ত মিছা কথা এটাটো কৈ দিব নাজানে ন! 

বাৰু যি কি নহওঁক…দুখে-বেজাৰে বাপেক-পুতেকসহ ঘৰখনৰ তিনিটি প্ৰাণী বিয়ালৈ বুলি ৰাওনা হ’লোঁ। আঁতৰৰ পৰাই ৰভাঘৰৰ লাইটৰ চমক আৰু সাজি-কাঁচি বিয়া খাবলৈ যোৱা ধুনীয়া ধুনীয়া মানুহবোৰ চকুত পৰাত,  ভিতৰলৈ সোমাই যাবলৈকে সংকোচ লাগিল মোৰ। ইফালে, মই মানুহজনীয়ে যাওঁ-নাযাওঁ চিন্তি থকাতেই থাকিলোঁ, পাৰ্কিং প্লেচত গাড়ী ৰখাই পুত্ৰধনৰ হাতত ধৰি গিৰিপ-গাৰাপকৈ মানুহজনে বিয়াঘৰৰ পদূলিমুখ গৰকিলে। 

এইখিনিতে আপোনালোকক মোৰ শাৰীৰিক অৱয়বৰ বিষয়ে আৰু এটা কথা জনাই লওঁ। মোৰ উচ্চতা.. পাঁচ ফুট হ’বলৈও, প্ৰায় আধা ফুটমান বাকী ৰয়গৈ। মানে মই মানুহজনী তেনেই চুটি-চাপৰ। তাতে আলুগুটিহেন মুখখনত পাউদাৰ, স্নৌৰ লেপন দি থাকোঁতে, আজি হিলযোৰ পিন্ধিবলৈও পাহৰি থাকিলোঁ। গতিকে বুজিছেই নহয়, মই দোধোৰ-মোধোৰত পৰাৰ অন্যতম মুখ্য কাৰণটো। 

“কি পিন্ধিছ, কেনেকৈ আহিছ.. কোনে চাব অ’ তোক বিনীতা? ল’ৰা এটাৰ মাক হ’লি। ডেকা ল’ৰাৰ চকুত পৰিবলৈও, যি সামান্যতম সুন্দৰতাৰ প্ৰয়োজন, তাৰ দহ শতাংশও নাই তোৰ। গতিকে কিহৰ টেনশ্যনডাল লৈছ? বিন্দাচ খাই-বৈ, ঘৰৰ বিছনাত গাটো এৰি দেগৈ। পাকঘৰত নোসোমোৱাকৈ এসাঁজ ফ্ৰীতে খাবলৈ পোৱাটোও কম সুখৰ কথা নে!”

নিজকে বুজোৱাৰ এই সৰল প্ৰচেষ্টাত এইবাৰ মোৰ অন্তঃস্থলত নিম্নগামী হৈ ৰোৱা কনফিডেণ্ট লেভেল  তীব্ৰগতিত বৃদ্ধি হ’বলৈ ধৰিলে, আৰু চুলিকেইডালত ফাইনেল টাচ্ছ এটা দি, খৰধৰকৈ মানুহজনৰ ওচৰলৈ খোজ দিলোঁ মই। হাততে গিফ্টটো লৈ ৰঙা দলিছাৰ ওপৰেৰে দীঘলীয়া কৰিড’ৰ সদৃশ বাটছোৱা ঠিক পাৰ হৈছোঁহে.. তেনেকুৱাতে সৰু ল’ৰা এটাই দৌৰি আহি,  পিছফালৰ পৰা মোক দিলেহি নহয় খুন্দিয়ায়। মোৰ সন্মুখত, হাততে কফিৰ ট্ৰেখন লৈ কেটাৰিঙৰ ল’ৰাটো।  আৰু সন্তুলন ৰাখিব নোৱাৰি মই চিনেমাৰ কায়দাত  তাৰ গাতে হামখুৰি খাই পৰিলোঁগৈ। 

মানুহেৰে গিজগিজাই থকা বিয়াঘৰ এখনত ইয়াতকৈ লজ্জাজনক ঘটনা আৰু কি হ’ব পাৰে বাৰু! 

গৰম কফিসোপাই মোৰ নতুন কাপোৰসাজত ভমকা-ভমক ফুল বাচিলে। কইনাক উপহাৰ দিবলৈ বুলি নিয়া কাপ-প্লেটৰ ছেটটোও ভাঙি চুৰমাৰ হ’ল। 

সেইখিনিলৈকে বাৰু কথাবোৰ স্বাভাৱিক বুলিয়েই ধৰি ল’লোঁ। কাৰণ মানুহৰ ভিৰত কেতিয়াবা এনে দুৰ্ঘটনা সংঘটিত হোৱাটো, ডাঙৰ কথা নহয়। কিন্তু পিছফালৰ পৰা বতাহত উৰি আহি, যিষাৰ কথা মোৰ কাণত পৰিল, সেইষাৰেহে মোৰ মগজুৰ সন্তুলন হেৰুৱাৰ উপক্ৰম কৰিলে।

: ঐ ভণ্টী, চম্ভালিব নোৱাৰাই যদি, মেখেলা-চাদৰ পিন্ধি পাইট মাৰা কিয় হে! চেলোৱাৰ এযোৰকে পিন্ধি নাহিলা কিয়? 

বুজিলেনে কিবা?

এৰা… এয়া আচলতে মোৰ উচ্চতা চাৰি ফুট হোৱাৰে সৌভাগ্য। 

ক’তে মৰোঁ মই! এনেই খৰা নাকী, এইবাৰ মোৰ নাকৰ ফুটা দুটাও সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱা যেন অনুমান হ’ল। উশাহটোৱেও যেন ডিঙিতে সোপা মাৰি ধৰিলেহি!

মানুহজনে আহি সেমেনা-সেমেনিকৈ মোক উঠাই দিলে যদিও, লাজে-অপমানে ভোৰভোৰাই উঠিল…

: খোজ কাঢ়িবও নাজানা নেকিহে? 

দুখো লাগিল মোৰ।  চ্যুট-টাই লগাই, হিৰ’ কায়দাৰে বিয়াঘৰত এণ্ট্ৰিমৰা মানুহজনে, মোৰ বাবেই কমখন লাজ পাইছে নে? 

তাৰ পিছৰ সময়খিনি আছিল খুবেই জটিল। 

এনে অনুভৱ হ’ল, চাৰিফালৰ পৰা যোৰে-যোৰে চকুবোৰে, মোকেই যেন লক্ষ্য কৰি আছে। মই যেন ডেকা-বুঢ়া সকলোৰে বাবে কৌতুকৰ খোৰাক হৈ পৰিছোঁ !

এটা চেকেণ্ডৰ বাবেও বিয়াঘৰত বহি থকাৰ মন নাছিল যদিও, ঘৰলৈ গৈ হেতা ঘূৰোৱাৰ ভয়তে বাপেক-পুতেকৰ খাই হোৱালৈ, চুকৰ চকী এখনতে বহি থাকিলোঁ মই। অনিচ্ছাসত্বেও ডাইনিং এৰিয়াটোলৈ গ’লোঁ যদিও,  অত’বোৰ খাদ্য বস্তুৰ এটা দানাও মোৰ ডিঙিয়েদি নসৰকিল। ডিঙিটো সোপা মাৰি ধৰা দুখখিনি গিলি গিলি, কোনোমতে সময়খিনি কটাই অৱশেষত ঘৰ পালোঁহি আমি। 

ঘৰলৈ আহিও চিধাই ল’ৰাটোৱে খেলি থকা আলুটোলৈকে চকু গ’ল মোৰ। ইমান সময় বাধা দি ৰখা চকুপানীখিনি এইবাৰ পিচে খৰস্ৰোতা নৈখনৰ দৰে হুৰাহুৰে বৈ আহিল। 

: হ’ব দিয়া, ইমান হেঁচা-ঠেলাত কেতিয়াবা হয়েই এনেকুৱা। যোৱা কিবা এটা খাই লোৱাগৈ। তুমি দেখোন তাত একোৱেই নাখালা।  

মোৰ মানসিক অৱস্থাটো বুজিয়েই হয়তো মানুহজনে মোক বুজনি দিবলৈকে কথাখিনি কৈ উঠিল। পিচে তেওঁৰ সান্তনা বাণীত, প্ৰচণ্ড খং এটাহে উঠি আহিল মোৰ। এইষাৰ কথা বিয়াঘৰতে যদি ক’লেহেঁতেন তেওঁ! খোজ কাঢ়িব নাজানো বুলি ওলোটাই গালিহে পাৰিছিল দেখোন! সমস্ত খং, অভিমান, অপমান… আলুটোতে উজাৰি, টেবুলখনৰ পৰা আলুটো প্ৰচণ্ড জোৰেৰে দূৰলৈ দলিয়াই দিলোঁ। সন্মুখৰ ৱালত লাগি আলুটো ফালি চিটাচিট দিলে। 

ৰাতি এটা সপোন দেখিলোঁ মই।

অভিষেক বচ্চন মোৰ ঘৰলৈ আহিছে। আহিয়েই লেপট’পটো উলিয়াই কিবা কামত তেওঁ ব্যস্ত হৈ পৰিছে। মোৰ ইমান কথা পাতিবলৈ মন গৈছে, পিছে কামৰ বোজাত মূৰেই ডাঙিব পৰা নাই বচ্চন চাহাবে। অভিমানী মনটোক বুজাব নোৱাৰি, এপাকত কৈয়েই দিলোঁ…. ‘ কিমান আৰু কাম কৰা। লেপট’পটো থোৱা। গা বেয়া কৰিব।’ 

কথাষাৰ কৈ উঠিছোঁহে.. মূৰটো ঘূৰাইছে বুলি বহি থকা চ’ফাখনতে দিলে নহয় তেওঁ হলকা-হলকে বমিয়াই। মই কথা বিষম দেখি, বাৰীলৈ দৌৰ দিলোঁ। বোলো তাৎক্ষণিক উপশম হিচাপে নেমু পাত এখিলাকে শুঙাই দিওঁ তেওঁক। বিশ্বাস কৰক, নেমু কাঁইটে হাতখনো ফালিলে। তথাপিও সেইবোৰলৈ ভ্ৰূক্ষেপ নকৰি পাত দুখিলামান চিঙি, দৌৰি ঢাপলি ভিতৰলৈ আহি দেখোঁ.. বচ্চন ডাঙৰীয়া ঘৰৰ ভিতৰত নাই। 

ইফালে-সিফালে চাই অভিষেক, অভিষেক… কৈ চিঞৰি তেওঁক বিচাৰি চলাথ কৰিলোঁ। মোৰ চিঞৰ শুনি কাষৰ ঘৰৰ বৌজনী বাহিৰলৈ ওলাই আহিল। 

: কি হ’ল বিনীতা, অভিষেকক বিচাৰিছা? তেওঁৰ গাটো বেয়া বোলে। আমাৰ ঘৰলৈ আহি শুইছেহি।

: কিয়? তেওঁ ইয়াতো শুব পাৰিলে হয়! ৰ’ব মই তেওঁক লৈ আহোঁগৈ। 

: নালাগে, নালাগে। তেওঁ নিজেইহে আহিছে। তুমি যিহে চুটি-চাপৰ, তোমাৰ বিছনাত ইমান ওখ-ডাঙৰ মানুহজন কেনেকৈ শুব বাৰু!

হে ঈশ্বৰ, সপোনটো এইচাট ইজ্জত! 

মোক জীয়াই ৰাখিছা কিয় প্ৰভু? 

খকমককৈ সাৰ পাই, বিছনাখনতে বহি উচুপি উচুপি কান্দিবলৈ ধৰিলোঁ মই আৰু কাষতে নাক ঘোঙাই শুই থকা ল’ৰাৰ বাপেকক হেঁচুকি উঠাই, অৱশেষত ইমান দিনে মনতে পুহি ৰখা প্ৰশ্নটো সুধিয়েই পেলালোঁ…

: হেৰি, আপুনি যে মোক চাবলৈ গৈছিল, আপোনাৰ চকুৰ বেমাৰ হৈ আছিল নেকি?

: কিয়?

দুপৰ নিশা এইহেন প্ৰশ্নত, স্বাভাৱিকতে আচৰিত হৈ বেঙাটোৰ দৰে মোৰ মুখলৈ চাই ৰ’ল তেওঁ। 

: নহয়, মানে মোৰ হাইট আৰু নাকটো আপোনাৰ চকুত পৰা নাছিল নেকি?

দিনটোত ঘটি যোৱা ঘটনাবোৰ আৰু মোৰ মানসিক অস্থিৰতাৰ উমান পায়েই, মানুহজনে মোক পৰম প্ৰত্যয়ৰে কৈ উঠিল…

: কিবোৰ যে ভাবি থাকা বিনীতা! ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে। তুমি ভাল বাবেই তোমাক পছন্দ কৰিলোঁ আক’ মই। আৰু কি জানা, বিখ্যাত লোকসকল কম উচ্চতাৰে হয়। লালবাহাদুৰ শাস্ত্ৰী, জয়া ভাদুৰী অথবা শচীন তেণ্ডুলৰকাৰকে চোৱাচোন।  

উস… জ্বলি-পুৰি চাৰখাৰ হোৱা মানুহজনীৰ কলিজাটোলৈ, কোনোবাই যেন শান্তি পানী অলপহে চটিয়াই দিলে! কুচি-মুচি তেওঁৰ বুকুলৈ সোমাই গ’লোঁ মই। 

মোক বুকুলৈ চপাই, দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি এইবাৰ গম্ভীৰতাৰে কৈ উঠিল তেওঁ..

: আচলতে বিনীতা, ভাগ্যত নিমিলিলে মানুহে পৰ্বতত কাছৰ কণীটো বিচাৰি লাভ নাই। অৱশেষত মই সন্তুষ্ট হ’বলৈ শিকিলোঁ। চিন্তা নকৰিবা…ল’ৰকণকো শিকাম। 

কি কৈ দিলে এয়া মানুহজনে? 

এয়া আচলতে মই এফাঁকি প্ৰশংসাসূচক বাক্য বুলি ধৰোঁনে, অনুশোচনাৰে পূর্ণ ঠাট্টাসূচক বাক্য বুলি ধৰোঁ! 

মোৰ অল্প মস্তিষ্কৰে বুজি নোপোৱা উক্ত প্ৰশ্নটো, মই  আপোনালোকলৈ এৰিলোঁ। অনুগ্ৰহ কৰি উত্তৰটো দিয়কচোন মোক।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *