ফটাঢোল

ড্ৰীমচ্ কাম ট্ৰূ- ৰিমঝিম বৰঠাকুৰ

ফাইনেলী

ফাইনেলী আই ৱিল বি ডিয়াৰ!

অহ্ মাই ডক্স (মোহনৰ ভাষাৰে) বুকুখন কিবা ফাটি যাওঁ, ফাটি যাওঁ কৰিছে।

যদি মই শুনা কথাটো সঁচা তেন্তে প্ৰথমতেই কিন্তু নিজৰ এটা ভাল কেমেৰা বা কোনোবা এজন কেমেৰা থকা মানুহ হ’লেও হ’ব। আৰেহ, কেমেৰা থকা হ’লেই নহ’ব, ভাল ফটোও তুলিব জানিব লাগিব। দেখাকদেখি, পইচা থাকিল বুলিয়ে চুঙা কেমেৰা এটা ডিঙিত আঁৰি ফুৰিলেই নহ’বতো। থোপোকা আলুগুটি সদৃশ মুখখন কলডিলটোৰ নিচিনা কৰিব পাৰিব লাগিব। চেনী বৈয়ামৰটোৰ নিচিনা চেহেৰাকণ চানচিল্ক শ্বেম্পুবটলটোৰ নিচিনা কৰিব পাৰিব লাগিব। তেহে বুলিম “অহ্, ইয়াহ ডেট’ছ মি এণ্ড ফটো ক্ৰেডিট গ’জ টু ওপচ পিচি: অমুক।”

কেমেৰা, কেমেৰামেন থাকিলেই নহ’ব মইনা মুৱাহ মুৱাহ লাগিব। মানে মেকআপ আৰ্টিষ্টো লাগিব। অকল কেমেৰামেনজনেই সকলো কৰিব নেকি! চেৰীটোৰ নিচিনা নাকটো ঘঁহি পিহিটো পিলপিলীয়া দীঘলীয়া জলকীয়াটোৰ নিচিনা জোঙাল কৰিব লাগিব। গোমধানত লাগি থকা আঁহকেইডাল সদৃশ চুলিকেইডাল কিবাকিবি মেনেজ কৰি পথাৰৰ মাজৰ ঢিপ এটাৰ নিচিনাকৈ উঠাই তাত কাউৰী পৰিবপৰাকৈ দেখনীয়াৰ কৰি তুলিব লাগিবতো।

হৈ যাব সকলো হৈ যাব। মুঠতে মোৰ সপোন এতিয়া বাস্তৱত ৰূপায়িত হ’বলৈ গৈ আছে। ফেচবুকীয়া ভাষাত ক’বলৈ গ’লে “মাই ড্ৰীমচ্ কাম ট্ৰু”। এতিয়া নুসুধিব মোৰ ড্ৰীমটোনো কি? মন দি লেখাটো পঢ়ি গ’লে তাতে পাব মোৰ সপোনৰ কথা। আৰু এইটো ড্ৰীম যদি ট্ৰু হয় তেন্তে আমাৰ পৰিয়ালৰ মই প্ৰথমগৰাকী হব্য গব্য মহিলা হ’ম যিয়ে এই সপোন খেদি গৈ সপোনৰ বোকোচাত উঠিব পাৰিলে। 

যিকেইখন ফটো এতিয়া সকলোৰে ছ’চিয়েল মিডিয়াৰ টাইমলাইন দখল কৰিছে। সকলোৰ খজুৱাই থকা মুখখনৰ খজুৱতি মাৰিছে। তেনেকৈ ময়ো দুখনমান ফটো উঠি এৰি দিব লাগিব ছ’চিয়েল মিডিয়াৰ মজিয়ালৈ। চাওঁচোন এই জকাইচুকীয়াজনী কাঁন ফেষ্টিভেলৰ ৰেড কাৰ্পেটত খোজ পেলাই আগফালে পিছফালে কোনো নথকাকৈ হাত জোঁকাৰি ৰাইজলৈ সেৱা জনাই ফটো তোলাগৰাকীতকৈ কিমান কম। অঅঁ আমি কাঁনলৈ যাব নোৱাৰিব পাৰোঁ কিন্তু ঘৰৰ কাণতে লাগি থকা তাৱৈ জীয়েকৰ বিয়াত গৈতো ফটো উঠিব পাৰিম। শুনিবলৈ পাইছোঁ এতিয়া বোলে ৰেড কাৰ্পেটৰ বিৰাট ডিমাণ্ড। এই ডিমাণ্ড বহুদিনীয়া নহয় আকৌ, এৰাতিতে হোৱা। সেয়ে বিয়ালৈ মাত্ৰ এসপ্তাহ থাকোঁতে ঠিক হ’ল সেইখন বিয়াতো ৰেড কাৰ্পেট লগাব আৰু বৰযাত্ৰী সেই ৰেডকাৰ্পেট গছকিহে ভিতৰলৈ আহিব। সেইখন তাকো দিনৰ ভাগত নলগায়। একেবাৰে মূৰামূৰি সময়তহে। ময়ো হ’বলা কম! কথাটো গম পোৱা মাত্ৰকে মোৰ প্লেনিং চেঞ্জড্। কেমেৰামেন, মুৱা, কষ্টিউম সকলো ফিটিং। এতিয়া মাত্ৰ অপেক্ষা সেই বিশেষ দিনটোলৈ।

চাওঁচোন মোতকৈ আগত কোনে ৰেড কাৰ্পেটত খোজ পেলাই ফটো উঠি পৰিয়ালৰ নালাগে চুবুৰীটোৰ ভিতৰতে প্ৰথমগৰাকী হিচাপে ধুনীয়া কেপচন অৰ্থাৎ চুৰি কবিতা এফাকিৰে ফেচবুকত ফটো আপলোড কৰিব পাৰে!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *