ডলী ক্ৰিয়েশ্যনৰ ষষ্ঠবিংশ নিবেদন : খানা খাজানা-ডলী তালুকদাৰ
পৰিচালনা, কাহিনী, সংলাপ, চিত্ৰনাট্য, সংগীত – ডলী তালুকদাৰ।
প্ৰযোজনা: বিজয় মহন্ত
চাউণ্ড: নয়নমণি হালৈ
লাইট: নয়নজ্যোতি বৰঠাকুৰ
কেমেৰা: দেৱজিত শৰ্মা
মুৱা: বাৰ্বি বৰকাকতি
অভিনয়ত: গৌৰিশংকৰ শৰ্মা, মাধব দাস, মুকুট ভট্টাচাৰ্য, জিতু শৰ্মা, দিগন্ত ভট্টাচাৰ্য, কাবেৰী মহন্ত, হৃষীকেশ ডেকা, সমুজ্জ্বল কাশ্যপ, অভিজিত কলিতা, ৰামানুজ গোস্বামী, পূৰবী বৰুৱা।
অভিজিত কলিতা: মেধি দা
মাধব দাস: বিমল
গৌৰিশংকৰ: মুন
দিগন্ত ভট্ট: দীপ
জিতু শৰ্মা: বৰ্মণ দা
কাবেৰী মহন্ত: বৰ্মণনী
সমুজ্জ্বল কাশ্যপ: ৰাম
ৰামানুজ গোস্বামী: ভট্ট কেটেৰিঙৰ মালিক
মুকুট ভট্ট: ( কইনাৰ বাপেক)
পূৰবী বৰুৱা: কইনা
হৃষীকেশ: কইনাৰ ভায়েক
( অতিথি শিল্পী ৰাজশ্ৰী শৰ্মা, বিভা গোস্বামী, ৰণেন শৰ্মা)
দৃশ্য ১
গুৱাহাটীৰ চানমাৰী অঞ্চল দেখুওৱা হ’ব। ট্ৰেফিক পইণ্টৰ পৰা আগুৱাই উৰণীয়া সেতুৰ ফালে ক্ৰমে ওপৰলৈ কেমেৰা আগুৱাই আহিব। কিছুদূৰ গৈ সেঁতুৰ কাষত থকা ফুটপাথৰ ৰেলিঙত দুজন ল’ৰা বহি থাকিব। দুয়োৰে পিন্ধনত ইস্ত্ৰি কৰা ফিটফাট সাজ। কেমেৰাই দুয়োৰে মুখ দুখন দেখুৱাব। এজন দিগন্ত ভট্টাচাৰ্য( চৰিত্ৰ দীপ) আৰু আনজন সমুজ্জ্বল কাশ্যপ (ৰাম)। দুয়ো গণেশগুৰিৰ পৰা অহা বাছবোৰ চাই থাকিব আশাৰে। দীপৰ মুখখনত অলপ লাজ, সংকোচ, খঙ দেখা যাব।
দায়লগ –
দীপ: ধেই, এনেকে নোৱাৰি দেই। মই যাওঁ ৰুমলৈ। তই থাক অকলে। মোৰ লাজ লাগিছে ইয়াত বহি থাকিব।
ৰাম: আবে লাজ পাব লগা কি হ’ল? ৰেলিঙত কিবা আমিহে বহিছোঁ নেকি অকলে? সবে বহে।
দীপ: হ’লেও মোৰ লাজ লাগে। মানুহে কি ভাবিছে? সবে চাই থকা যেন লাগে? তাতে সেইফালে ছোৱালী কেইজনীয়ে আমাকে চাই হাঁহি আছে।
ৰাম: আৰে ভালহে। আমাক ছোৱালীয়ে চাইছে। আমাৰ দৰে ডেকাক নাচাই কিবা বুঢ়াক চাবনে? মেধিদাক দেখা নাই এতিয়াও নিজকে ২৫ বছৰীয়া বুলি ভাবি থাকে।
দীপ: হ’লেও এই দিনৰ এটা বজাত ফৰমেল ড্ৰেচ পিন্ধি কোনে চানমাৰী অভাৰব্ৰীজত বহেহে? মই যাওঁ। তাতে মেধিদাই এঘণ্টা ধৰি আহিম আহিম কৈ আহি পোৱা নাই। ফোন কৰিলে এই পালোহিয়ে কৰি আছে।
ৰাম: তই মহা ব’ৰ দেই। আজিৰ যুগৰ ল’ৰা হৈও অলপো fun নাই লাইফত। আৰে মেধি দাক চাছোন? এই বয়সতো কি ৰকম থাকে।
দীপ: তোৰ নামটো ভুলতে ৰাম হ’ল।
তেনেতে মেধিদা আহি পাই। ( এই চৰিত্ৰটো কৰিব অভিজিত কলিতাই)
মেধি: Hi boys! How are you both? ৱাহ! তাৰমানে ৰেডি হৈয়ে আহিছা ন দুয়ো?
দীপ আৰু ৰামে হা কৈ মেধিৰ ফালে কিছুসময় চাই থাকে আৰু দুয়ো নিজৰ ড্ৰেচৰ ফালে চায়।
ৰাম: মেধিদা আপুনি যদি কেজুৱেলত আহে তেন্তে আমাক কিয় ফৰমেল পিন্ধিব কৈছিল?
দীপ: মই জানিছিলোৱেই আমাক ঠগাব। ইচ এই দিন দুপৰতে চ্যুট, টাই পিন্ধি কেনে যে লাগিছে বুজাব নোৱাৰিম?
মেধি: হাৰে মাই বয়জ! তোমালোকক ফৰমেল পিন্ধাই মই ভদ্ৰ বনাই নিব খুজিছোঁ।
ৰাম: মানে আমি এনেই অভদ্ৰ নেকি? ধেই মেধিদা! নিজে টিকটিকিয়া ৰঙা টি-চাৰ্ট আৰু জিন্চ পিন্ধিছে আৰু আমাক আংকল টাইপত সাজিব দিছে।
দীপ: মই জানোৱেই এনেকুৱা কিবা হ’ব বুলি?
মেধি: বাৰু বাৰু! যি হ’ল হ’ল। ব’লা দেৰি হৈছে। ভোক লাগিছে বহুত। খোৱাৰ সময় হৈছে এতিয়া। ফাৰ্ষ্ট টিপতে খাব পাৰিলে সোনকালে ওলাব পাৰিম।
তিনিও এখন অটো মাতে আৰু তাতে উঠি আগুৱাই যায়।
২য় দৃশ্য
এটা বিবাহ ভৱনৰ সমুখত অটোখন ৰয়। দীপ, ৰাম আৰু মেধি তিনিও নামি আহে। গেটত বেলুন সজোৱা থাকে।
দীপ: বেলুন সজাইছে যে গেটত? বিয়াত বেলুন সজাই জানো?
মেধি: আজিকালিৰ ফেশ্বন, সলনি হৈয়ে থাকে।
ৰাম: হ’লেও বিয়াত কলপুলিহে লগায়। বেলুন নলগায় নহয়?
মেধি: হেই তোমালোকে কি কলপুলি, বেলুনৰ কথা পাতি আছা। আমাৰ খানাৰ লগতহে মতলব। যহা যহা হে খানা ৱহা পে হে খজানা।
ৰাম আৰু মেধিয়ে হাঁহি হাঁহি সোমাই যায়। পিছে পিছে দীপ যাই চুচুক চামাককৈ।
ভিতৰত বহুত মানুহৰ ভিৰ দেখুৱাব। বহুতো সৰু ল’ৰা ছোৱালীয়ে ভিতৰত দৌৰি থাকিব, খেলি থাকিব। হলৰ ভিতৰত এখন পাটি পৰা থাকিব। তাত অকণমানি কেঁচুৱা এটিক মাকে কোলাত লৈ প’জ দি ফটো মাৰি থাকে। তাৰ পিছত কোনোবাই মইনাৰ মোমায়েক ক’ত বুলি চিঞৰে।
দীপ আৰু ৰামে ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰে।
ৰাম: ভাই অন্নপ্ৰাসনহে দেখোন! বিয়া চিয়া নহয়।
দীপ: চেহ! সৰু কেঁচুৱা। একো গিফ্টো নানিলোঁ নহয়? বৰ বেয়া কথা হ’ল?
এনেতে কেঁচুৱাটো কোলাত লৈ মাকজনী আহিব। ( অতিথি শিল্পী বিভা গোস্বামী)
মাক: আপোনালোকে খালেনে কিবা? বেয়া নাপাব দেই চিনি পোৱা নাই মই?
ৰাম: আমি আপোনাৰ হাজবেণ্ডৰ লগৰ।
মাক: ওঁ, অফিচৰ পৰা আহিছে ন? মই অফিচৰ চবকে চিনি নাপাওঁ। ৰ’ব এওঁক মাতি দিওঁ। আপোনালোকে খাব দেই।
এনেতে কেঁচুৱাটো হাউলি গৈ মেধিৰ কোলাত নামে আৰু চাৰ্টৰ পকেটত থকা কলমটো লয়।
মেধি: অঁ, আপোনাৰ ল’ৰা লিখক হ’ব যেন পাইছোঁ। লোৱা এই কলমটো তোমাক দিছোঁ দেই সোণটো। দীপ আৰু ৰাম মাইনাটোক দিয়া কিবা। দুয়ো দিম বুলিছিলা যে?
দীপে এশ টকা কেঁচুৱাটোৰ হাতত দিয়ে। মাকে কেঁচুৱাটো লৈ আঁতৰি যাই।
তেনেতে সকলোকে খাব ভিতৰলৈ মাতে আৰু তিনিও সোমাই গৈ খায় আৰু চেগ বুজি ওলাই আহে।
দীপ: ভাল বাচিলোঁ দেই। যদি বাপেকক মাতিলে হয় কি কৰিলোঁ হয়?
ৰাম: মেধিদা, আপুনি ভালদৰে গম নললেনো কিয়? বিয়াৰ পেণ্ডেল চিনি নাপায় নে?
মেধি: এহ! পেণ্ডেল কোনে চাই? খানাহে মেইন। আজি দুপৰীয়া আমি নৰন্ধাকৈ হৈ গ’ল। ৰাতি ক’ৰবাত মিলাব পাৰিলে ভাল আছিল!
দীপ: মই নাযাওঁ। ৰুমতে আলু বইল কৰি খাম ভাতৰ লগত।
ৰাম: ই বৰ ভয়াতুৰ। তাতকৈ আমি আমাৰ কাষৰ ৰুমৰ মুন আৰু বিমলৰ ৰুমতে যাম ব’লক। বহুদিন আড্ডা দিয়া নাই। অলপ মাংস লৈ যাম আমি। সিহঁতকে বনাব দিম। আৰু ভাত কেইটা মজা চে খাম।
মেধি: গুড আইডিয়া।
দীপে অলপ সেমেনা সেমেনি কৰে। লাহে লাহে সিহঁতে খোজ কাঢ়ি আহি থকাৰ লগতে ৰাস্তাৰ গাড়ীৰ লাইটৰ পোহৰ তিৰবিৰাই থাকে।
৩য় দৃশ্য
ভাড়াঘৰৰ মালিক বৰ্মন বহি থাকে। হাতত এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰ। তেওঁ ভিতৰলৈ চাই আৰু ঘৈণীয়েকক চিঞৰি মাতে। ( এই চৰিত্ৰটো কৰিব জিতু শৰ্মাই)।
বৰ্মণ: হেৰা…শুনিছা? হেৰা চিৰিমতী শুনিছানে? কিনো কৰিছা? অলপ ওলাই আহা। শৰ্মানীৰ ডাঙৰ জীয়েক তুষ্টিৰ বিয়ালৈ মাতি থৈ গ’ল।
ভিতৰৰ পৰা বৰ্মণনী ওলাই আহিব খৰধৰকৈ। (চৰিত্ৰটো কৰিব কাবেৰী মহন্তই)
বৰ্মণনী: কি হ’ল? ইমানকৈ টেটু ফালিছে যে? কোন শৰ্মানীৰ কথা ভাবিছে আপুনি?
বৰ্মণ: ধেত কি কোৱা? মই কিয় শৰ্মানীৰ কথা ভাবিম আকৌ? তোমাৰ মানে সন্দেহটো নগ’ল মনৰ পৰা?
বৰ্মণনী: তেন্তে কাৰ কথা কৈ টেটু ফালিছেনো?
বৰ্মণ: মানে সৌ যে চচলত থকা ৰণেন শৰ্মা। তেওঁৰ মিচেচে আহি ডাঙৰ জীয়েকৰ বিয়াত মাতি থৈ গৈছে অলপ আগতে। মই বহিবলৈ ক’লো নবহিলে। আৰু বহুত মানুহ আছে বোলে মাতিবলৈ।
বৰ্মণনী: চুপ….সৰুকৈ কওক। সেই কেইটাই শুনিলে আমাতকৈ আগতে ওলাব বিয়াত। আৰু নবহিলে ভালে হ’ল! আমাৰ ঘৰত থকা বকাসুৰ কেইটাৰ কাণত পৰিল হয় নহ’লে।
বৰ্মণ: হয়হে! সেই বকাসুৰ কেইজনৰ বাবে একো কাজ কৰ্মত যাব নোৱাৰা হলোঁ। গম পালেই হ’ল, আমাতকৈ আগতেহে ওলাব। কি যে মানে নহয়?
এনেতে গেট খোলাৰ শব্দ হয়। দুয়ো স্বামী স্ত্ৰীয়ে গেটলৈ চাই। বিমল আৰু মুনক গেটৰ বাহিৰত দেখা যায়। লগে লগে বৰ্মণে পত্নীক চিঠিখন দিয়ে আৰু বৰ্মণনীয়ে চাদৰৰ আঁচলত লুকুৱাই লয়।
বিমল: খুৰা কি কৰিছে? ( মাধব দাসে কৰিব চৰিত্ৰটো)
বৰ্মণ: আছোঁ আৰু ৰ’দ পুৱাই চোতালত। কি কৰিবানো আৰু?
এনেতে বিমলৰ লগৰ মুনো সোমাই আহে। হাতত বাইকৰ চাবি পকাই পকাই গুণগুণাই আহে। বৰ্মণ আৰু বৰ্মণনীক দেখি ৰৈ দিয়ে (এই চৰিত্ৰটো কৰিব গৌৰিশংকৰ শৰ্মাই)।
মুন: খুৰী কি খবৰ? হাতত কি আছে?
বৰ্মণনীয়ে হাতত থকা চিঠিখন আৰু ভালকৈ লুকুৱাই লয়।
বৰ্মণনী: আছোঁ আৰু! তোমালোকৰ কি খবৰ? বহুদিন দেখা নাই যে? ভাড়াটো কেতিয়া দিবা?
মুন: আজি নহ’লে কালিলৈ দিম। আপোনালোকৰ ঘৰত গধূলি দি আহিম। লগতে আপোনাক ভাত ৰন্ধাৰ যোগাৰ কৰাত সহায় কৰি দিম পাচলি কাটি দি।
বৰ্মণনী: আয়ু মোৰ সোণটো। নালাগে ও বোপাই।
বৰ্মণ: আয়ু সোণটো! নালাগে ইমান কষ্ট কৰিব। খুৰীয়েৰাক যোগাৰ ময়ে কৰি দিম। তোমালোকে ভাড়াটোকে দিলে হ’ব।
বিমল আৰু মুনে লাজুকীয়া হাঁহি মাৰি যায়গৈ।
বৰ্মণে ঘৈণীয়েকৰ ফালে চাই আৰু হাঁহে।
বৰ্মণনী: উফ…ভাল বাচিলোঁ দেই। চিঠিখন দেখা নাপালে বুলিহে?
বৰ্মণ: ভিতৰলৈ যাব এৰি কি চাই আছিলানো? চিঠিখন দেখিলে সৰ্বনাশ হ’ল হয়। বিয়াত যাবলৈ ওলোৱাৰ সময়ত পিছে পিছে আমাৰ লগত ওলাল হয়।
বৰ্মণনী: নিমহে গোটেই। সিহঁতৰ বাবে চুবুৰীৰ ক’তো একো সকাম, বিয়াত যাব নোৱাৰোঁ। আমাতকৈ আগতে ওলাব। নমতা বিয়াতো নেৰেই, মতাবোৰটো আমাৰ নাম লৈ ওলায়। ক’তো একো নাথাকিলে আমাৰ ঘৰত ওলাব।
দুয়ো ভিতৰলৈ যায়। আনফালে থকা ভাড়াঘৰৰ বাৰাণ্ডাত থিয় হৈ মুনে বিমলক কয় …
মুন: খুৰীৰ হাতত পাক্কা বিয়াৰ নিমন্ত্ৰণৰ চিঠি আছে। আমাক দেখি লুকুৱাইছে।
বিমল: কেনেকৈ গম পালি?
মুন: আৰে দোষ্ট! আজিলৈ কিমান নমতা খানা খালোঁ। মানুহৰ বডি লেংগুৱেজ দেখিলেই গম পাওঁ খানাত নিমন্ত্ৰণ পোৱা আৰু দিয়া।
বিমলে দৰ্জাৰ তলাটো খোলে আৰু সোমাই যায়। পিছে পিছে মুন সোমায়।
৪ৰ্থ দৃশ্য
বিয়াঘৰত মানুহৰ ভিৰ। ৰঙচঙীয়া চালে চকুৰোৱা কাৰুকাৰ্য। সকলোৱে নিজৰ মাজত ব্যস্ত। দূৰত ষ্টেজত দৰা কইনা থিয় হৈ অতিথিক মাত লগাই আছে। কোনোৱে দৰা কইনাৰ লগত ফটো উঠিছে। আনফালে খাদ্যৰ আয়োজন চলিছে। বিবাহথলীত শৰ্মা শৰ্মানীয়ে অতিথি সকলক আঁদৰি আছে। ( শৰ্মা শৰ্মানীৰ ভূমিকাত অতিথি শিল্পীৰূপে ৰাজশ্ৰী শৰ্মা আৰু ৰণেন শৰ্মাই ভূমুক দিব কেইমুহূৰ্তৰ বাবে)।
ফুলেৰে সজোৱা তোৰণৰ কাষত শৰ্মাই ডিঙিত গামোছা এখন লৈ নমস্কাৰ দি আঁদৰিব।
এনেতে মেধি, দীপ, ৰাম, বিমল আৰু মুন সোমাই আহিব। শৰ্মাই আঁদৰি আনিব। সকলোৱে প্ৰতি নমস্কাৰ দি সোমাব আৰু ৰভাতলীত একেবাৰে পিছৰ শাৰীত বহিব।
মুন: মেধিদা, আমি ইমান পিছত বহিলোঁ যে? খাবলৈ মাতিবলৈ দেৰি হ’বছোন?
বিমল: হয় ও! ব’ল আগফালে বহোঁ।
ৰাম: তাকেই। ইমান লাষ্টত বহিছোঁ। কোনেও নেদেখিবইছোন আমাক?
মেধি: ধেই এইকেইটা। আগৰ শাৰীত বহি মৰিব আহিছা নেকি?
মুন: কিয় মৰিমনো? বিয়া ঘৰত আহিছোঁ। আগত বহিলেহে ভিডিঅগ্ৰাফাৰে ভিডিঅ’ত উঠাব আমাক। ফটো উঠাব কেমেৰামেনে।
মেধি: ভিডিঅ’ত যে উঠিব খুজিছা, আগৰ শাৰীত বহি যে ধুনীয়া ছোৱালী চাব খুজিছা, তোমালোক এই বিয়াঘৰৰ কি হয় মুন? কোনে নিমন্ত্ৰণ দিলেনো তোমাক ৰাম? তোমালোক এওঁলোকৰ এলেকৰ পেলেকো নহয়। যদি চিনি পাই একো নহয় বুলি তেতিয়া গম পাইছানে কি হ’ব?
ৰাম: এলেকৰ পেলেক ওলাবও পাৰে।
মেধি: চুপ থাকা।
দীপ: অ’ মেধিদা যাওঁ ব’লক ইয়াৰ পৰা। যদি গম পাই আমি নমতাকে বিয়া খাইছোঁ বহুত লাজ পাম।
মেধি: ৰ’বাহে তুমি বৰ ভয়াতুৰ। পাৰৰ কলিজা লৈ থাকা এনিটাইম?
এনেতে শৰ্মানী আহিব মাতিবলৈ। বিমলে টপকৈ শৰ্মাই মাতা বুলি ক’ব। শৰ্মানী যোৱাৰ পিছতে শৰ্মা আহিব। আৰু মেধিয়ে শৰ্মানীয়ে মাতা বুলি ক’ব। কিছুসময় বহাৰ পিছত শৰ্মা শৰ্মানী একেলগে অহাত বিমলহঁতৰ বুকু কঁপে আৰু সকলোৱে খাদ্য খোৱা ঠাইত উপস্থিত হয়। লগে লগে দীপে পানীৰ জগটো উঠাই লৈ খাদ্য খোৱা টেবুলত গ্লাচত পানী বাকিব ধৰে। দীপক দেখি বিমল, মুন আৰু ৰামেও একে ধৰণৰ কাম কৰে। মেধিয়ে অলপ ভীৰৰ মাজত বহে। পানী বাকি থাকোঁতে হঠাত এজন মানুহ তেওঁলোকৰ ওচৰলৈ আহিব। মানুহজনে কিছু সময় চাব তেওঁলোকক। মানুহজনৰ চাৱনি দেখি সিহঁতে আনফালে যাব খোজে। লগে লগে মানুহজন ওচৰলৈ আহে।
কেমেৰাই তেওঁৰ মুখখন দেখুৱাব ক্ল’জআপত। ( এইজন ৰামানুজ গোস্বামী, চৰিত্ৰ ভট্ট কেটাৰিঙৰ মালিক)। তেওঁ আহি দীপক সোধে …
“হেৰা ভাইটি! তোমালোকক চিনি পোৱা নাই যে? আৰু তোমালোকে পানী কিয় বিলাইছা? বিলনীয়া বেলেগহে আছে।”
ৰাম: আমি কেটাৰিঙৰে মানুহ। সেইবাবে বিলাইছোঁ।
ভট্ট: হাৰে! এইটো মোৰে কেটাৰিঙ চাৰ্ভিচ হয়। হওঁতে মই আমাৰ তুষ্টি মানে কইনাৰ মোমায়েক। গতিকে ঘৰৰে বিজনেছ ঘৰতে খটুৱাইছোঁ। পিছে তোমালোককতো মই আগতে দেখা নাই।
দীপ ৰঙা চিঙা পৰে। তেনেতে ৰাম আগুৱাই আহে আৰু পিছে পিছে বিমল আৰু মুন।
ৰাম: খুৰা, আমিও কাম কৰোঁ ইয়াতে। আপুনি চাগে গম পোৱা নাই।
বিমল: আপোনাৰ কেটাৰিঙক হেল্প কৰিবলৈ কইনাৰ দেউতাকে আনিছে এক্সট্ৰাকৈ মাতি।
ভট্ট: হেল্প কৰিবলৈ আনিছে ভিনদেউৱে আৰু মই গমেই পোৱা নাই? কি কাৰবাৰ।
মুন: হয়। তেখেতেই মাতিছে।
তেনেতে শৰ্মা সোমাই আহে। বিমল, মুন আৰু দীপ ভয়তে কঁপিবলৈ ধৰে। ভট্টক তেওঁ মাতে কিবা কথা ক’বলৈ। ভট্ট আগবাঢ়ি যাই ওচৰলৈ। সূযোগতে তিনিও অলপ দূৰত থকা টেবুল এখনত পানী, নেমু বিলাবলৈ ধৰে আৰু মুখখন তুলি চাই বিমল আৰু ৰামে উচপ খাই উঠে। চাৰিযোৰ চকুৱে আচৰিত হৈ সিহঁতক চাই থাকে।
এনেতে দীপে দালিৰ বাতি আনে আৰু দেখি চিঞৰে “বৰ্মণ খুৰা” আৰু লগতে মুন আৰু ৰামেও কয় “খুৰী।”
বৰ্মণ: তোমালোক ইয়াতো?
চাৰিওজনে লাহেকৈ ওলাই আহে। কিছু সময় পিছতে ভট্ট আৰু শৰ্মা আহে সেইফালে। বৰ্মণ আৰু বৰ্মণনীয়ে খোৱা শেষ কৰি হাত ধুই আহি তামোল খাবলৈ ধৰে।
ভট্ট: হেৰি দাদা! আপোনালোকক যে পানী, দালি বিলাই আছিল কেটেৰিঙৰ ল’ৰা কেইজন ক’ত গ’ল?
বৰ্মণ: কেটেৰিঙৰ ল’ৰা?
বৰ্মণ আৰু বৰ্মণনীয়ে দুয়ো দুয়োৰে মুখলৈ চাই ৰয়।
৫ম দৃশ্য
ভাড়াঘৰৰ ৰুমত বিমল, মুন, ৰামে তাচ খেলি থাকে। কাষতে মেধিয়ে ডায়েৰী এখনত কিবা লিখি থাকে। সমুখত বহুতো কাৰ্ড থাকে। দীপে আলুৰ বাকলি গুছাই থাকে তলমূৰকৈ। মাজে মাজে খঙেৰে কেঁৰাকেৰীকৈ মেধিক চাই।
বিমলে মেধিয়ে লিখি থকা দেখি সোধে –
বিমল: মেধিদা কি লিখিছে? আহক ৰামী খেলোঁ।
মুন: হয়হে মেধিদা! কিনো লিখি আছে?
মেধি: আৰে ভাই! এইটো মাহত কিমান নমতা বিয়া, বাৰ্থডে আছে তাৰে হিচাপ কৰিছোঁ।
ৰাম: ইমানবোৰ বিয়াৰ হিচাপ কেনেকৈ পালে?
মেধি: আমাৰ ঘৰৰ মালিক বৰ্মণদাক ভাড়া দিবলৈ যাওঁতে টেবুলতে পৰি আছিল কেইবাখনো বিয়াৰ চিঠি। মই পটককৈ খুৰীয়ে চাহ বনাব যাওঁতে তাৰিখ কেইটা চাই লৈছোঁ।
বিমল: খুৰী বুলি কাক মাতে আপুনি?
মেধি: কিয় বৰ্মণৰ ৱাইফক আকৌ?
দীপ: কিহে মেধিদা? বিয়া নাপাতিলে বুলি আপোনাতকৈ সৰু মানুহজনীক খুৰী মাতিবনে? আমাৰ গাঁৱৰ তবিবৰৰ দৰে?
মুন: তবিবৰ মানে সেই যে মাস্তৰজন ন? হয়হে, সেইবাৰ তোমাক লগ ধৰিব আহোঁতে মোকো দাদা মাতিছে জানানে?
মেধি: হাৰে বিয়া নপতালৈ মতা মানুহ পঁচিশ বছৰীয়াই নাজানা নেকি? এনেয়েও তোমালোকতকৈ কেইবছৰ মানহে ডাঙৰ মই।
বিমল: কেইবছৰ নহয় দিয়ক বহুত বছৰ ডাঙৰ। আমি আচলতে খুৰা মাতিব লাগে আপোনাক।
মেধি: কাক খুৰা মাতিব আহিছ? দিম ধৰি দুই থাপৰ।
মুন: ইহ…আপুনি বুঢ়া বয়সলৈ বিয়া নাপাতিলে বুলি কিবা আমাৰ লগৰ হ’ব নেকি?
ৰাম: আপোনাৰ বন্ধুজন যে আছে একেলগে পঢ়া ৰিণ্টুমণি দত্ত তেওঁক দেখোন আপুনি আংকল মাতিব দিছিল আমাক? কৈছিল বহুত সৰু তোমালোক।
মেধি: অঁ ঠিকেই কৈছোঁ। দুটা ল-চালিৰ বাপেকী সি। মই এতিয়াও বেচ্চেলৰ যে?
বিমল, মুন, ৰামে থৰ হৈ চাই থাকে মেধিক। মেধিয়ে একো ভাব নেদেখুৱাই বহীখনত আকৌ কিবা লিখিবলৈ ধৰে। দীপে মুখেৰে ভোৰভোৰাই বাল্টি এটাত জাবৰ আৰু বেয়া পানীখিনি বাহিৰলৈ পেলাব নিয়ে।
মেধি: এইটোৱে কি বকি থৈ গ’লনো? ( দীপলৈ চাই সোধে)
ৰাম: নুশুনিলোঁ।
মেধি: ল’ৰাহত! এই মাহত আমাৰ তিনিখন বিয়া, দুখন অন্নপ্ৰাসন, বাৰ্থডে এটা, এনিভাৰ্চেৰী পাৰ্টি দুটা আৰু মোৰ অফিচৰ পিকনিকো আছে। তদুপৰি ঘৰৰ মালিকৰ ঘৰত এদিন সত্যনাৰায়ণ পূজা, চুবুৰীত কেইবাঘৰৰো সত্যনাৰায়ণ পূজা আছে।
ৰাম: কিযে কয়? চুবুৰীৰ মানুহৰ ঘৰত কেনেকে যাবহে নমতাকৈ? হাজাৰ হওঁক চিনি পাই ন আমাক। কি ভাবিবনো?
মেধি: পূজাত নামাতিলেও যাব লাগে। তাতে আমাক চিনি পাই ভালহে। প্ৰসাদ খাব আহিছোঁ বুলি ক’ম। আমাক খিচিৰি আৰু লাব্ৰা নোখোৱাকৈ কিয় আহিব দিব? গতিকে এই মাহটো আমি ভাত নাৰান্ধিলেও হ’ব।
সেইসময়তে দীপ ভিতৰলৈ সোমাই আহে। সিহঁতৰ কথা শুনি মুখখন কোঁচায়।
দীপ: মই নাযাওঁ ক’তো। আপোনালোক য’তে যাই যাব। আৰু মই অহা মাহত ৰুম খালী কৰিম। নাথাকোঁ মই আপোনালোকৰ লগত।
ৰাম: এইটো কি কথা দীপ? আমাক কিহত বেয়া পালি? আমি কিবা দোষ কৰিছোঁ?
দীপ: দোষ মানে? এনেকৈ নমতা খানাবোৰত গৈ খাব লাজ নালাগেনে? আমাৰতো পইচাৰ অভাব হোৱা নাই। চবে ভাল চাকৰি কৰোঁ। ইমান কিহৰ কৰাইচহে?
মেধি: ধেৎ! আমি কৰাইচ নহয়। আচলতে আমাৰ এলাহ লাগে ভাত ৰান্ধিবলৈ। দিনটো কাম কৰি ভাগৰি যাওঁ। তাতে ভাড়াতীয়া বুলি আমাক নামাতেই বহুতে।
বিমল: অঁ, সেইকাৰণে যাওঁ। আৰু আমি দেখোন নমতা বিয়া বা সকাম হ’লেও উপহাৰ দিওঁ। এনেই নাখাওঁ নহয়।
দীপ: হ’লেও মই নাই এইবোৰত। বৰ লাজ লাগে মোৰ। সিদিনাখন পানী বিলাব লগা হৈছিল। বৰ্মণ খুৰাক দেখি কম লাজ পালোনে? মই নাথাকোঁ আৰু।
মেধি: বাৰু…বাৰু! বুজিছোঁ। নালাগে থাকিব। কিন্তু কাইলৈ এখন বিয়া আছে। শেষবাৰৰ বাবে একেলগে খাওঁ। অলপ ফূৰ্তি কৰোঁ। হ’বনে?
দীপে অলপ ভাবি কলে “হ’ব! কিন্তু শেষবাৰৰ বাবে”।
লগে লগে চবে “ইয়ে” বুলি চিঞৰি দিয়ে।
৬ষ্ঠ দৃশ্য
সময় ৰাতিপুৱা। বাৰাণ্ডাত চকী এখনত বহি আছে মেধিদা। বিমলে তেওঁৰ মূৰত কলপ লগাই আছে। কাষতে এটা মুঢ়াত বহি ৰামে চুলিত হেনা লগাইছে। এনেতে বাতি এটাত কিবা চামুচেৰে ঘুটি ঘুটি মুন আহি বাৰাণ্ডাৰ চিৰিত বহে আৰু বাতিত থকা বস্তুখিনি উলিয়াই মুখত সানিব ধৰে।
চোতালত বহি থকা বৰ্মণ আৰু ঘৈণীয়েকে সিহঁতক চাই থাকে।
বৰ্মণ: আজি বা ক’ত হামলা দিয়ে এই কেইটাই?
বৰ্মণনী: তাকেইতো? সেইকাৰণে মোৰ পৰা সেইটোৱে বেচন আৰু মৌ খুজি নিছে পুৱা। মুখত সানিছে সেইবোৰ।
বৰ্মণ: সেইদিনা সৌ বৰঠাকুৰৰ ঘৰত পতা সত্যনাৰায়ণ পূজাটো ওলাইছেহে গৈ। মোক বিচাৰি ৰাম গৈছে। ৰামক বিচাৰি মেধি গৈছে আৰু সিহঁতৰ হাতত থকা চাবি বিচাৰি সৌ বেচন সনাজন গৈছে।
বৰ্মণনী: হা হা হা। আজি চাগে বিয়া আছে ক’ৰবাত। ইমান এলেহুৱা মানুহ দেখা নাই। ভাত ৰন্ধাৰ এলাহত খানা বিচাৰি ফুৰে।
বৰ্মণ: যি নহওঁক! মোৰ ভাড়া কেইটা যে সময়ত দিয়ে। তাতেই সন্তুষ্ট মই।
বৰ্মণনী: উম। সেইকাৰণে খেদিব নোৱাৰোঁ এইকেইজনক।
দীপ সোমাই আহে। হাতত এটা ডাঙৰ উপহাৰৰ টোপোলা। ঘৰৰ মালিকক দেখি হাঁহি এটা মাৰে।
বৰ্মণ: কি আনিলাহে? কিবা আছে নেকি আজি?
দীপ: ডিনাৰচেট এটা। বিয়া এখন আছে ঘৰৰে।
বৰ্মণনী: বাঃ তেন্তে আজি খানা ডাঙৰে ন?
দীপে একো নামাতি হাঁহি এটা মাৰি নিজৰ ৰুমৰ ফালে আগবাঢ়ে। বাৰাণ্ডাত সকলোৱে বিমলৰ উপহাৰটোলৈ চাবলৈ ধৰে।
মেধি: বহুত ডাঙৰ টোপোলা আনিলাহে? সৰু কিবা এটা আনিলেও হ’ল হয়।
ৰাম: বহুত দাম পৰিলে নেকি? অলপ কম দামৰে নানিলি কিয়নো?
দীপ: পাঁচোটাকৈ মানুহে দকচি খাম আৰু গিফ্ট যদি ভাল নিনিওঁ কেনে লাগিব। তাতে নমতা বিয়া। আমাক ফকটতে খোৱা বুলি ক’ব নোৱাৰে অন্তত ধৰা পৰিলেও।
দীপ ভিতৰলৈ সোমাই যাই। ৰাম আৰু মুনে হাঁহে।
বিমলে কয় “ই বৰ বেছি কৰে মাজে মাজে।”
মেধি: জীৱনৰ অভিজ্ঞতা হোৱা নাই এতিয়াও তাৰ ভালকৈ। নমতা খানা যে সাত ৰজাৰ খাজানা গমে পোৱা নাই বেচেৰাই।
৭ম দৃশ্য
প্ৰকাণ্ড বিয়াৰ পেণ্ডেল। বাহিৰত ফুলেৰে সজোৱা তোৰণ। উদুলি মুদুলি পৰিবেশ বিয়া ঘৰত। নানা ৰঙৰ লাইটৰ বাহাদুৰী। এনেতে উবেৰ এখনৰ পৰা কোট-টাই পৰিহিত পাঁচজন যুবক বিয়া ঘৰলৈ সোমাই যায়। ৰভাতলীৰ মুখতে কুৰ্তা ধুতি গামোছাৰে সজ্জিত হৈ কইনাৰ দেউতাক থিয় হৈ থাকে। তেওঁ অতিথি সকলক নমস্কাৰ জনাই ভিতৰলৈ যাবলৈ কয়। বিমল, মেধি, মুন, ৰাম আৰু দীপে ফুল কনফিদেঞ্চত ভিতৰলৈ সোমাই যায়। দীপৰ হাতত উপহাৰৰ ডাঙৰ পেকেট।
কইনাৰ দেউতাক আগবাঢ়ি আহে তেওঁলোকৰ ওচৰলৈ। (এই চৰিত্ৰটো কৰিব মুকুট ভট্টাচাৰ্যই)
দেউতাক: আহক আহক। পিছে আপোনালোকক চিনি পোৱা নাই যে?
মুন: আমি কইনাৰ লগৰে। মানে বন্ধু। একেলগে পঢ়া কলেজত।
দেউতাক: (দেউতাকে চাব মুখলৈ) হয় নেকি? আহক ভিতৰলৈ। বহকছোন দেই।
আটাইকেইজনে ভিতৰলৈ সোমাই বিয়াৰ পেণ্ডেলৰ ডেকোৰেশ্যন দেখি মুখ মেলি চাই থাকে। কিছু দূৰৈত চেলফী য’ন দেখি বিমল আৰু মুনে চেলফী তোলা ছোৱালীবোৰক, তিৰোতাবোৰক চাই থাকে।
বিমল: কিনো ভেবা লাগি চাইছ? কি ভাবিব দেখিলে?
মুন: নহয় অ’! ছোৱালী কোনজনী, বোৱাৰী কোনজনী ভাবিছোঁ। চিনিবই পৰা নাই।
দীপ: গিফ্টটো দি আহোঁ নেকি?
মেধি: ৰ’বা এতিয়াই নহয়। খাই লৈ হোৱাৰ পিছত দিবা। যেতিয়ালৈ হাতত উপহাৰ থাকিব কোনেও আমাক নমতাকৈ অহা বুলি নাভাবে। গৃহস্থইও।
এনেতে চাহ, পকোৰা আদি আহে আৰু চবে খায়। তেনেতে খীণ মিণ ল’ৰা এজনে জোখতকৈ ডাঙৰ চেৰৱানী এটা পিন্ধি হাতত মচলা বটাখন লৈ মেধিহঁতৰ কাষলৈ আহে।
“দাদা আপোনালোকে কিবা খালেনে? মই কইনাৰ সৰু ভায়েক। আপোনালোকক চিনি পোৱা নাই দেখোন?”
মেধি: আমি কইনাৰ বন্ধু। একেলগে পঢ়া কলেজত। বায়েৰাই মাতিছে বিয়াত।
ভায়েকে ‘হা’ বুলি কৈ কিছুসময় মেধিদালৈ চাই, তাৰপিছত ’আপোনালোক বহকছোন’ বুলি কৈ যাব খোজে।
দীপ: ভাইটি, ৰ’বাছোন! কইনা কোনফালে আছে? উপহাৰটো দিওঁ।
ভায়েক: বাইদেউ সেইফালে নাচি আছে। তাতে পাব।
ল’ৰাজনে দেখুৱাই দিয়ে দিশে দীপ আৰু ৰাম আগুৱাই যায়। কইনা বহা ঠাইৰ অলপ দূৰত ডি.জে. চলি আছে। তাতে কেইবা গৰাকীও গাভৰু, মহিলা লগ হৈ নাচিছে। সকলোৰে মুখত ডাঠ মেকআপ, শৰীৰত গহনা আৰু পাটৰ কাপোৰ। খোপাত সকলোৱে ফুলৰ থোপা লগাইছে। দীপ আৰু ৰামে কোনগৰাকী কইনা ধৰিব নোৱাৰি উভতি আহে।
বিমল, মুনে সোধে কিয় ঘূৰিলে বুলি?
দীপ: গোটেই ছোৱালী সোপা একে যেন দেখি। কোনগৰাকী কইনা ধৰিবই নোৱাৰিলোঁ।
বিমল: হাৰে সেইটো কি কথা? যিজনী ছোৱালীৰ পিছে পিছে গৈ কেমেৰামেনে ফটো তোলে সেইজনীয়ে কইনা আৰু যিজনী ছোৱালীক আগুৰি ধৰি সকলোৱে চেলফী লয় সেইজনীয়ে কইনা।
মেধি: আৰু যিজনী ছোৱালীয়ে ক’লা চচমা পিন্ধি, ছাটি লৈ, চাইকেলত বহি ফটো তোলে সেইজনীয়ে কইনা।
দীপ: বুজিলোঁ। সেই ৰঙা কাপোৰ পিন্ধা মুখত ডেৰকিলো মান মেকআপ সনা জনীয়ে কইনা।
দীপ আৰু মুনে কইনাৰ কাষ চাপে। কইনা জনীয়ে ক’লা চচমা পিন্ধি ছাটিটো লৈ প’জ দি ফটো উঠি থাকে। দুয়ো গৈ উপহাৰটো দিয়ে। (কইনাৰ সাজত পূৰবী বৰুৱা)।
কইনা: থেংকিউ। আপোনালোকে খালেনে?
এনেতে ভায়েক আহে।
ভায়েক: বা এইয়া তোৰ বন্ধু। কলেজত একেলগে পঢ়া বোলে?
কইনাই “হা” বুলি মুখলৈ চাই থাকে ভায়েকৰ।
দীপ আৰু মুনে সেমেনা সেমেনি কৰে।
ভায়েক: আপোনালোকে ভাত খালেনে?
মুন: খোৱা নাই।
কইনা: ইয়ে। যাওঁক খাওঁকগৈ। ভাইটি, এওঁলোকক লৈ যা ভিতৰলৈ। মই লগৰ খিনিৰ লগত “হাই চকা চক” গানটো নাচোঁ। কেমেৰামেন ক’ত গ’ল।
কইনা ষ্টেজৰ পৰা নামি আনফালে নাচি থকা বিয়া ঘৰৰ তিৰোতা, ছোৱালীবোৰৰ লগত নাচিব ধৰে (বান্ধবীৰ ৰূপত অনামিকা, নীলাক্ষি, ববিতা, মণিকা শৰ্মা)
ভায়েকে মাতি নিয়ে। দীপ আৰু মুনে খোৱা ঘৰৰ ফালে আগুৱাই যায় আৰু মেধিহঁতক ইংগিত দিয়ে।
ভিতৰত খোৱা টেবুলত বহে আটাইয়ে। কেটেৰিঙৰ ল’ৰাবোৰে আহি প্লেটত বিভিন্ন খাদ্য দিয়ে। আটাইয়ে পেট ভৰাই খায়। এনেতে কইনাৰ ভায়েকৰ লগত দেউতাক আগুৱাই আহি ’ভাইটিহঁত যিমান মন যায় খোৱা’ বুলি কয়।
হঠাত বিমলে খাই থাকোঁতে দেখে “ভট্ট কেটেৰিঙ” ৰ মালিকে চাই আছে সিহঁতক।
বিমল: সোনকালে শেষ কৰক চবে। নহ’লে আজি ফঁচিলোঁ।
সকলোৱে ভট্টক দেখি উঠি যাব খোজে। তেনেতে ভট্ট চৌ মাৰি আহে আৰু কয় –
ভট্ট: ক’ত যোৱাহে তোমালোক? আজিতো বিলনীয়া নহয়। আজি অতিথিহে গতিকে ভালকৈ খোৱা।
ৰাম: আমি নাখাওঁ আৰু খোৱা হ’ল বহুত।
হঠাত কইনাৰ দেউতা আৰু ভায়েক আহে আৰু তেওঁলোকেও খাবলৈ বৰ জোৰ কৰে।
দেউতাক: তোমালোকে একো খোৱাই নাইছোন? হেৰা ভাইটি, এইফালে দুইবাতিকৈ মাংস, মাছ, পনীৰ দি যোৱা।
ভায়েকেও ’দাদা গোল্লা লওক’ বুলি চাৰিটাকৈ দিয়ে।
ভট্ট: খোৱা খোৱা। মোৰ কেটেৰিঙৰ ৰান্ধনী খুব ভাল। বৰ সোৱাদ হয়। সেইদিনা তোমালোকে কাম কৰি শেষত নোখোৱাকৈ গুছি গ’লা। মই আকৌ পিছত খানা খুৱাও নহয়!
ৰাম: আৰু পেটত জাগা নাই। নোৱাৰিম।
ভট্ট: কিয়? তোমালোকে খানা খাই বৰ ভালপোৱা নহয়। আজি পুৰা খানাৰ খাজানা আনি দিছোঁ। হা হা হা।
আটাইকেইজনে পেট ভৰিল বুলি ওলাই আহে হাত ধুই।
মেধি: সোনকালে পলা ইয়াৰ পৰা। নহ’লে এই ভট্টই মান সন্মান খাব।
পাঁচোজনে ওলাই আহোঁতে ৰভাতলীত কইনাৰ ভায়েক আৰু দেউতাকক লগ পায়। নেদেখা ভাওঁ জুৰি ওলাব খোজোতেই তেওঁলোকে মাত লগোৱাত ৰৈ যায় আটাইকেইজন।
মেধি: খুৰা যাওঁ দিয়ক। ভাল লাগিল বিয়ালৈ আহি।
ভায়েক: দাদা ভালকৈ খালে ন খানাটো?
দেউতাক: মোৰো বহুত ভাল লাগিল তোমালোক অহাত। খোৱা বোৱাও ভালকৈ কৰিলা চাগে! পিছে কথা এটা কওঁ বাৰু। মোৰ ছোৱালীজনীয়ে, মানে আজিৰ কইনাই কলেজত পঢ়া নাই নহয় কেতিয়াও। হাইস্কুলত কেইবাবাৰো ফেল কৰি শেষত মেট্ৰিকৰ দেওনাখন তিনিবাৰকৈ দি পাৰ হ’ব নোৱাৰিলে। হে …..হে….হে।
ভায়েক: বাইদেউৰ পঢ়া শুনাত ধাণ্ডা নাই আৰু ক্লাচত গেৰা মাৰি থকা বাবে দেউতাই দৰা চাই বিয়া দিলে আকৌ। হি….হি….হি…।
সেইখিনিতে ভট্টও হঠাতে আহি ওলায়।
“এই মোৰে ভতিজি। হি…হি…হি। কলেজত পঢ়া নাই কেতিয়াও। দেখাই নাই কলেজ। হা…হা….হা….।
ক্ল’জআপত মেধি, দীপ, ৰাম, বিমল আৰু মুনৰ মুখকেইখন দেখুৱাব। লাইটৰ পোহৰত এবাৰ আটাইৰে মুখবোৰ ৰঙা, নীলা, ক’লা বাৰে বৰণীয়া হোৱা দেখা যাব।
৷৷সমাপ্ত॥
☆ ★ ☆ ★ ☆
12:32 pm
মেধি দা ৰকচ
10:29 am
হা হা। থেংকিউ
12:32 pm
মেধি দা ৰকচ
7:47 pm
তামাম৷ চুপাৰ হিট৷
10:29 am
থেংকিউ
12:27 am
হাঃ হাঃ৷ মজা৷
10:30 am
ধন্যবাদ
3:03 pm
মজ্জা হৈছে৷ চুপাৰহিট