মাধুৰীমা ঘৰফলীয়াৰ সৈতে অন্তৰংগ আলাপ
অসমৰ শিশু সাহিত্যৰ জগতখনত সাম্প্ৰতিম সময়ত প্ৰত্যয়জনক ভাবে নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা তাকৰীয়া নাম কেইটাৰ ভিতৰত তেখেতো এগৰাকী৷ তেখেত ফটাঢোল গোটৰো জন্মলগ্নৰে পৰা জড়িত এগৰাকী সদস্যা তথা শুভাকাংক্ষী৷ সাহিত্য একাডেমীৰ শিশু সাহিত্য শিতানৰ পুৰস্কাৰ বিজেতা শ্ৰী মতী মাধুৰীমা ঘৰফলীয়াক লগ কৰিছিলো আমি, তেখেতৰ সম্পৰ্কে জানিবলৈ৷
ফটাঢোল: নমস্কাৰ৷
মাধুৰীমা ঘৰফলীয়া: নমস্কাৰ৷
ফটাঢোল: আপোনাৰ শৈশৱকালৰ বিষয়ে জানিব বিছাৰিম! ঘৰ,পৰিয়াল ইত্যাদি৷
মাধুৰীমা ঘৰফলীয়া: শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিৰ ভকত গাঁৱত মোৰ জন্ম হৈছিল। সাধুকথা বা গল্পবোৰত যেনে এক ভিন্ন ধৰ্মাৱলী সমাজৰ বিষয়ে উল্লেখ থাকে আমাৰ অঞ্চলটো ঠিক তেনেকুৱা,একেষাৰতে সুন্দৰ বুলি ক’ব পৰা।
মোৰ গোটেই শৈশৱটো প্ৰকৃতি আৰু জীৱ-জন্তুৰ মাজত পাৰ হৈছিল। স্কুলৰ সময়খিনিৰ বাহিৰে দিনটোৰ সৰহভাগ সময় আমাৰ ঘৰৰ পাছফালে থকা বাঁহনিখন,পথাৰখন আৰু কাষতে হাবি এখনত পাৰ হৈছিল। হাবিখনত আগতে ভিন ভিন ধৰণৰ ফল-মূলৰ গছৰ লগতে ধনেশ,ভাটৌ,বাঢ়ৈটোকা আদি চৰাই, হেপা,শিয়াল,জহামাল, গুঁই আদি জীৱ-জন্তু পোৱা গৈছিল। বাৰিষাৰ কালত কেতিয়াবা কেতিয়াবা বাঘো সোমাইছিলহি। বহুত ডাঙৰ ডাঙৰ গছ আছিল। ভিন্ন প্ৰকাৰৰ সাপো আছিল। ভাই বন্ধুবোৰৰ সৈতে সেইখন হাবিত এডলীয়া কচু ,আম, কঁঠাল, লেটেকু শিলিখা থেকেৰা আদি পাত পাতকৈ বিচাৰি ফুৰিছিলোঁ।
গছবোৰ মোৰ প্ৰিয় আছিল। ঘৰৰ বাঁহনিখনত থকা প্ৰায় প্ৰতি জোপাৰ গছৰ সৈতে মাজে মাজে কথা পাতিছিলোঁ। গছৰ সৈতে কথা পতা সেই কাণ্ডটো কোনোবাই দেখিলে পাগলী বুলি ভাবিব বুলি অলপ সংকোচো হৈছিল কিন্তু কথা পাতিবলৈ এৰি দিয়া নাছিলোঁ। কেতিয়াবা সিহঁতক সাধু কথা কৈছিলোঁ,দিনটো ক’ত কি কৰিলোঁ সেইবোৰ বৰ্ণনা দিছিলোঁ।
বাঁহনিখনৰ গাতে লাগি পথাৰখন আছে। সেই পথাৰখনৰ এটা মূৰত জান এটা আছে। সেইটো জানত জাকৈ ,জালেৰে কিমান মাছ ধৰিলোঁ হিচাপ নাই।পুহমহীয়া পথাৰৰ ডাঙৰ ডাঙৰ পুখুৰীবোৰ সিঁচিছিল। মাছবোৰ ধৰি শেষ হোৱাৰ পাছত আমি সৰুবোৰ পুখুৰীত নামিছিলোঁ। পুহমাহৰ ঠাণ্ডালৈ কেৰেপ নকৰি বোকাত লুতুৰি-পুতুৰি হৈ পুখুৰী আলতীয়া মাটি খান্দি তোৰা মাছ ধৰিছিলোঁ। কেতিয়াবা আলতীয়া মাটি অলপ ঘৰলৈ আনি সেইবোৰ মাটিৰে ভিন্ন ধৰণ বস্তু সাজিছিলোঁ। সঁচা কথা ক’বলৈ গলে মোৰ সেই চহকী শৈশৱকালেই মোৰ লিখনিৰ বাবে শব্দ গোটাই দিছিল।
আৰু পৰিয়াল…বৰ্তমান পৰিয়াল বুলিবলৈ মোৰ সংগীজন আৰু আমাৰ এটি কণমানি আছে।
ফটাঢোল:উচ্চ শিক্ষা ক’ত কেনেকৈ সমাপন কৰিছিল?
মাধুৰীমা ঘৰফলীয়া:মোৰ আনুষ্ঠানিক শিক্ষা শেষ হৈছিল শিৱসাগৰ ছোৱালী কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক ডিগ্ৰী লোৱাৰ পাছত। তাৰ পাছত গুৱাহাটীৰ এক শিক্ষানুষ্ঠানৰ পৰা মাৰ্কেটিং আৰু ই কমাচৰ অনানুষ্ঠানিক শিক্ষা লৈছিলোঁ।
ফটাঢোল: সাহিত্যৰ লগত সম্পৰ্কটো কেনেকৈ গঢ়ি উঠিল?
মাধুৰীমা ঘৰফলীয়া: মই পঢ়ি খুব ভাল পাইছিলোঁ। কিন্তু আমাৰ ঘৰখনৰ আৰ্থিক অৱস্থা এনে নাছিল যে পাঠ্যপুথিৰ বাহিৰে আমাক অন্য কিবা কিতাপ যোগান ধৰিব পাৰিব। সেইবাবে মই যতে কিতাপ দেখিছিলোঁ তাতে এঠা লগাৰ দৰে বহি পঢ়ি শেষ কৰিছিলোঁ। আমাৰ গাঁৱৰ এখন ঘৰতেই কিতাপৰ ডাঙৰ আলমাৰি এটা আছিল আৰু তেওঁলোকৰ ঘৰখন মোৰ ভাত ঘৰৰ দৰে হৈ পৰিছিল। এই যে কিতাপৰ প্ৰতি মোহটো আছিল এইটোৱেই লাহে লাহে মনৰ মাজত লিখাৰ তাগিদা সৃষ্টি কৰিছিল। লাহে লাহে স্কুলৰ ৰৈ যোৱা বহীৰ পৃষ্ঠাত কিবা কিবি লিখিবলৈ আৰম্ভ কৰিছিলোঁ । সেয়া অৱশ্যে তেনেকৈয়ে ৰৈ গৈছিল। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত কলেজৰ আলোচনীত প্ৰকাশ হোৱা গল্প এটা মোৰ জীৱনৰ প্ৰথম প্ৰকাশিত লেখা আছিল। তাৰ পাছত মাজে মাজে কেতিয়াবা কিবা লিখিছিলোঁ যদিও সেয়া লেখাৰ শাৰীত ৰাখিব পৰা বিধৰ নাছিল আৰু কতোৱে প্ৰকাশো হোৱা নাছিল। পিছে লিখিবলৈ এৰি দিয়া নাছিলোঁ। ২০১১ চনত দিল্লীৰ নিবাসী হলোহি। হাতত অফুৰন্ত সময় আছিল। কিবা পঢ়িম নে কিবা লিখিম তেনে দোমোজাৰ মাজত দুলি থাকোঁতে ছছিয়েল মিডিয়াত ইটো সিটো লিখিবলৈ আৰম্ভ কৰিলোঁ। লাহে লাহে এটা দুটাকৈ প্ৰথমে অনলাইন তাৰ পাছত ছপা মাধ্যমত লেখাবোৰ প্ৰকাশ হ’বলৈ ধৰিলে।লিখিবলৈ উৎসাহ পালোঁ আৰু এদিন এনেকৈয়ে শব্দৰ প্ৰকাশ মানসিক ব্যায়াম হৈ পৰিল।
ফটাঢোল: ফচঙৰ জন্ম কাহিনী সম্পৰ্কে কওকচোন! শিশু সাহিত্য লিখাটো খুবেই কঠিন কাম৷ কি কাৰকে আপোনাক এই দিশটো বাচি লবলৈ প্ৰেৰণা যোগালে?
মাধুৰীমা ঘৰফলীয়া: ফচং… এটা সময়ত মোৰ ছাঁৰ দৰে থকা বোন্দাটো । ৰাতি নিজৰ বাবে ডাঙৰ ডাঙৰ এন্দুৰ-নিগনি চিকাৰ কৰি মোৰ বাবেও এটা লৈ অহা মোৰ সকলোতকৈ প্ৰিয় বন্ধুটো । সি এদিন হঠাতে নোহোৱা হৈ গ’ল ! নিজৰ প্ৰিয় মেকুৰীটোৰ মৃত্যুৱে মোক আজিও অস্থিৰ কৰি তুলে। তাৰ স্মৃতিতে ফেচবুকৰ অসমীয়াত কথা বতৰা গোটত এদিন ফচঙৰ সাধু এটা লিখিছিলোঁ । ফচঙত উল্লেখ কৰা প্ৰতিটো জীৱ-জন্তুৱেই এটা সময়ত মোৰ সংগী আছিল । মই সিহঁতৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিছিলোঁ,সিহঁতৰ সময়বোৰ সিহঁতৰ দৰেই উপভোগ কৰিছিলোঁ । সেইবাবেই ফচঙৰ গল্পটো লিখিবলৈ বিশেষ একো অসুবিধা হোৱা নাছিল। সেয়াই আৰম্ভণি।
অকবৰ সদস্যসকলৰ সঁহাৰিয়ে ফচংক এটা চিৰিজলৈ পৰিণত কৰালে। ফচং গৈ ফাংচু নামেৰে মৌচাকত প্ৰকাশ হ’ল। তাৰমাজতে সঞ্জীৱন প্ৰকাশনৰ হৈ শান্তনু কৌশিক বৰুৱাই ফচংখন বিচাৰিলে! সঞ্জীৱন প্ৰকাশনৰ বুকুত উম লৈ ফচঙে এটা নতুন পৰিচয় ল’লে। মোৰ সপোনৰ পৰিচয়টো ।
এই যে কোনোবা দিনা মই শিশু সাহিত্য লিখিম এই কথাটো মোৰ কল্পনাৰ মাজতো নাছিল কিন্তু ফচঙে সেই নভবা কথাটো, নজনা কথাটোৰ ফালে মোক টানি নিলে। ইতিমধ্যে আমাৰ জীৱনলৈ আমাৰ কণমানি মেঘমন্যু আহিছিল। মেঘৰ সৈতে লাগি থাকোতে ময়ো মোৰ ল’ৰালিটো ঘুৰাই পোৱা যেন লাগিল।মোৰ চিন্তাধাৰাবোৰ কেৱল শিশুৰ সৈতে জড়িত হৈ ঘুৰি ফুৰিবলৈ লাগিল আৰু ফলস্বৰূপে আজি এনে এক সময়ত উপস্থিত হলোহি যে শিশু সাহিত্যৰ বাহিৰে আন কিবা লিখাটো ,আন কিবা লেখাৰ কথা ভবাটোও মোৰ বাবে কঠিন হৈ পৰিল।
ফটাঢোল: সাহিত্যৰ ক্ষেত্ৰত কাৰ লেখায়ে আপোনাক উদ্ধুদ্ধ কৰে বা কৰি আহিছে?
মাধুৰীমা ঘৰফলীয়া: বিশেষ কোনোবা এজন বুলি কোনো নাই । মন চুই যোৱা এশাৰী বাক্য বা এটা শব্দয়ো মোক লিখিবলৈ উদ্বুদ্ধ কৰিব পাৰে সেয়া লাগিলে কোনোবা এজন সাহিত্যিকৰ সৃষ্টিয়ে হওক বা অন্য কোনোবা এজন অখ্যাত ব্যক্তিৰে হওক। অ’ এইখিনিতে এটা কথা, কল্প বিজ্ঞানৰ প্ৰতি মোৰ বিৰাট দুৰ্বলতা আছে আৰু এই দুৰ্বলতা সৰুতে বন্দিতা ফুকন বাইদেউৰ লেখা পঢ়ি গঢ় লৈ উঠিছিল।
ফটাঢোল: বৰ্তমানলৈ কি কি গ্ৰন্থ প্ৰকাশ হৈছে? আপোনাৰ নিজস্ব সন্তুষ্টি বা অনুভৱ!
মাধুৰীমা ঘৰফলীয়া: ছপা ৰূপত বৰ্তমানলৈ ফচংৰ বাহিৰে ‘মায়া’ আৰু এখন অনুবাদ গ্ৰন্থ ‘এজনী মাছৰ সপোন’ প্ৰকাশ হৈছে। এনবিটিৰ সহযোগত আৰু কেইবাখনো গ্ৰন্থৰ কাম চলি আছে।
নিজস্ব সন্তুষ্টি বুলিবলৈ যিখন উপন্যাস আছে সেইখন নাম –‘অন্য এক পৃথিৱী’। এইখন উপন্যাস ধুমুহাৰ দৰে লিখিছিলোঁ। সঁচা কথা ক’বলৈ গলে এইখন লিখি শেষ হোৱাৰ পাছত নিজৰ মাজত বেলেগ এটা সুখৰ অনুভৱ হৈছিল। নেচেনেল বুক ট্ৰাষ্টত এইখন উপন্যাসৰো প্ৰকাশৰ কাম চলি আছে।
ফটাঢোল: আপোনাৰ বাবে সাহিত্য নিচা নে পেচা?
মাধুৰীমা ঘৰফলীয়া: সাহিত্য মোৰ নিচা কিন্তু সপোন দেখো কেতিয়াবা সিমানখিনি উপযুক্ত হৈ উঠিম ,সিমান দক্ষতাৰে কিবা কিবি লিখিম যিদিনা সাহিত্যক মোৰ পেছা হিচাপেও ল’ব পাৰিম।
ফটাঢোল: একাডেমীৰ পুৰস্কাৰ প্ৰাপ্তিৰ অনুভৱ! সফলতাৰ কৃতিত্ব কাক দিব?
মাধুৰীমা ঘৰফলীয়া:অকাডেমি পুৰস্কাৰ মোৰ বাবে একেবাৰে অনাকাংক্ষিত। বঁটাৰ তালিকাত নিজৰ নামটো দেখাৰ পাছত অলপ সময়লৈকে জঠৰ হৈ আছিলোঁ।পাছত ভাবিছিলোঁ প্ৰাপ্তি হিচাপে জীৱনত যি কেইটা মুহূৰ্ত পাৰ কৰিছোঁ এয়াও তেনে এক প্ৰাপ্তি।
আৰু এই প্ৰাপ্তিৰ যদি কৃতিত্ব কাৰোবাক দিবলৈ যাওঁ তেন্তে প্ৰথম নামবোৰ হ’ব মোৰ বান্ধৱীসকল আৰু মোৰ সংগীজন।
লিখা মেলাৰ বাবে যদি গোটেই জীৱন মই কাৰোবাৰ কাষত ঋণী হৈ থাকিম সেয়া বান্ধৱীসকল। জনাই নজনাই মই যি লিখিছিলোঁ তেওঁলোকে পঢ়ি চাইছিল। মোক উৎসাহ দিছিল। এটা সময়লৈকে মই সকলোবোৰ কিতাপ পঢ়ি ভাল পোৱা নাছিলোঁ। কলেজত পঢ়ি থাকোঁতে প্ৰিয় বান্ধৱী এগৰাকীয়ে এদিন ধন্য নৰ তনু ভাল কিতাপখন হাতত তুলি দি কৈছিল “এইখন পঢ়। ভালকৈ পঢ়িছ নে নাই মই পাছত মাজত ধৰি ধৰি সুধিম” । তাইৰ ভয়তে সেইখন কিতাপ খৰচি মাৰি পঢ়িছিলোঁ আৰু পঢ়ি থাকোঁতেই সেইখন মোৰ প্ৰিয় হৈ পৰিছিল। তাৰ পাছৰে পৰা সকলো ধৰণৰ কিতাপে মনত খোৰাক জগাব পৰাকৈ পঢ়িবলৈ মন যোৱা হৈছিল। এই যে পৰিৱৰ্তনখিনি, এইখিনিয়ে মোক শব্দৰ সৈতে নতুনকৈ চিনাকী কৰিছিল। শব্দৰ ভঁৰালটো চহকী তুলিছিল। কেনেকৈ লিখিম,কি লিখিম তাৰ বাবে যেন আঁত এটা বিচাৰি পাইছিলোঁ।
আৰু মোৰ সংগীজন, তেওঁ যিহেতু মোৰ ল’ৰালিৰে চিনাকী ,সেই ল’ৰালি কালৰে পৰা তেওঁ মোৰ মনত ভৰাই দিছিল-সকলোৰে মাজত কিবা নহয় কিবা এক কলা থাকে।আমাৰ কাম হৈছে নিজৰ মাজৰ সেই কিবাটো বিচাৰি উলিয়াই তাক ভালকৈ ব্যৱহাৰ কৰা।
ফটাঢোল: সততে ইউটিউব বা টেলিভিচনৰ পৰ্দাত উপলব্ধ কাৰ্টুন বনাম শিশু সাহিত্য! প্ৰতিদ্বন্দী বুলি কোৱা উচিত নে সহযোগী হিচাপে যথেষ্ট শক্তিশালী ৰূপত কাম কৰাৰ অৱকাশ থকা বুলি ভাবে!
মাধুৰীমা ঘৰফলীয়া: মোৰ ধাৰণাৰে সাহিত্যৰ প্ৰতিদ্বন্দী বুলি যদি কিবা আছে সেয়া সাহিত্যৰ ভাল লেখা আৰু দুৰ্বল লেখা। সাহিত্যত যদি ভাল লেখা সৃষ্টি হৈ থাকে তেতিয়া আন কোনো উৎসই সেই সাহিত্যক জনপ্ৰিয় হৈ উঠাত বাধাৰ সৃষ্টি কৰিব নোৱাৰে লাগিলে সেয়া ইউটিউব বা টেলিভিচনৰ কাৰ্টুনে হওক। সময়ৰ লগে লগে ইউটিউব বা কাৰ্টুন চেনেলৰ দৰে আৰু বিভিন্ন মানসিক খোৰাক যোগোৱা উৎসৰ সৃষ্টি হৈ থাকিব । গতিকে আপোনালোকৰ প্ৰশ্নত উল্লেখ কৰাৰ দৰে আমাৰ সাহিত্যও পৰিৱৰ্তনশীল সামাজিক মূল্যবোধ, সমাজ ব্যৱস্থাৰ সৈতে সমানে আগবাঢ়ি শক্তিশালী হৈ গৈ থাকিলে কেতিয়াও কোনো প্ৰতিদ্বন্দীৰ সৃষ্টি নহয়।
ফটাঢোল: ব্যংগ সাহিত্যৰ ক্ষেত্ৰত ফটাঢোলৰ প্ৰাসংগিকতা কিমান বুলি ভাবে!
মাধুৰীমা ঘৰফলীয়া: সকলো সাহিত্যৰে নিজা বিশেষত্ব থাকে। কোনোবা এজনে যদি ভাবে তেওঁ যি সাহিত্য ৰচনা কৰে সেই সাহিত্য আনবোৰ সাহিত্যতকৈ উচ্চ খাপৰ তেন্তে সেয়া তেওঁৰ একেবাৰে ভ্ৰান্ত ধাৰণা। কোনো সাহিত্যই সহজ নহয়। ব্যংগ সাহিত্যও তেনে এক সাহিত্য। বৰঞ্চ মই ভাবো মানুহৰ মানসিক জঠৰতা এখিনি পলকতে নোহোৱা কৰি মুখত হাঁহি বিৰিঙাই তুলিব পৰা এই সাহিত্য ৰচনা কৰা খুবেই কঠিন। সকলোৰে বাবে এয়া সম্ভৱপৰ নহয়। তেনে পৰিপ্ৰেক্ষিত ফটাঢোলে ব্যংগ সাহিত্যৰ বাবে পুৰণি লেখকসকলৰ লগতে ন ন ব্যংগ লেখকৰ ভিন্নসুৰী সৃষ্টিৰে সাহিত্যৰ বাবে যি এক অৱদান আগবঢ়াই আহিছে সেয়া কেৱল প্ৰশংসনীয় নহয় ব্যংগ সাহিত্যৰ গুণমুগ্ধ পাঠক হিচাপে আমি ফটাঢোলৰ কাষত কৃতজ্ঞ।
ফটাঢোল: ফটাঢোলৰ পাঠকৰ বিষয়ে কিবা এষাৰ
মাধুৰীমা ঘৰফলীয়া:ফটাঢোলৰ পাঠক বুলি ক’বলৈ যাওতে মই নিজকো সাঙুৰি ল’ব লাগিব কাৰণ ময়ো জন্মলগ্নৰে পৰা ফটাঢোলৰ পাঠক। এটা কথা বাৰে বাৰে ক’ব পাৰিম -আনক সুখী কৰিব পৰা ,আনৰ মুখত হাঁহি বিৰিঙাই তুলিব পৰা ক্ষমতা সকলোৰে নাথাকে, ফটাঢোলত শব্দৰে আঁক বাক কৰা সকলৰ সেই ক্ষমতা আছে। গতিকে পাঠক হিচাপে সকলোৱে আশা কৰিব চাগে ফটাঢোলৰ সেই ক্ষমতা প্ৰতিদিনে ন ন ৰূপত উজ্জ্বলি উঠক,ফটাঢোল অসমীয়া ব্যংগ সাহিত্যৰ এক ডেও দিব নোৱাৰা চানেকি হৈ ৰওক।
ফটাঢোললৈ শুভকামনা যাচিলোঁ । ধন্যবাদ।
ফটাঢোল: ফটাঢোলক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ
মাধুৰীমা ঘৰফলীয়া: আপোনালোককো ধন্যবাদ
( সাক্ষাৎকাৰটি যুগুত কৰাত সহায় কৰিলে বিজয় মহন্তয়ে)
☆ ★ ☆ ★ ☆
12:49 pm
চিনাকি ছোৱালীজনীৰ বিষয়ে নতুন কথা কেইটামান জানিলো।
তোমাক লৈ আমি সকলো গৌৰৱান্বিত মাধুৰিমা। আৰু আগুৱাই যোৱা
8:51 pm
বৰ ভাল লাগিল তোমাৰ কথাবোৰ, বিশেষকৈ শৈশৱৰ সোনোৱালী দিনবোৰৰ! আগুৱাই যোৱা, শুভকামনা সদায়ে আছে
11:33 pm
ভাল লাগিল বাইদেউ,বহুকেইটা নজনা কথা জানিলোঁ বিশেষকৈ শৈশৱকালৰ বিষয়ে।আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু মেঘলৈ মৰম।
9:19 am
আজিহে পঢ়িলো৷তোমাৰ বিষয়ে আগতকৈও বহু জানিলো৷লিখি যোৱা৷শুভকামনা আগন্তুক জীৱনলৈ৷