ফটাঢোল

অথ বিগনেচমেন সংবাদ-ভাস্কৰজ্যেতি দাস

সেই জীৱ মোৰ লগত হাইস্কুলত একেলগে পঢ়িছিল৷ পঢ়িছিল মানে কি পঢ়িছিল সিহে জানে৷ চুঁচৰি-বাগৰি গৈ থাকে৷ ক্লাছ ফাইভৰ পৰা টেনলৈ আমি একেলগে পঢ়িছিলোঁ আৰু একেটা চেকশ্যনতে বহিছিলোঁ৷ দেউতাক ONGC ত ডাঙৰ অফিচাৰ আছিল৷ মানে তেতিয়া ডেপুটি চুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ আছিল৷ চমুকৈ DySE বুলি কয়৷

এদিন লগৰ উদীপ্তৰ লগত জীৱৰ কাজিয়া হ’ল৷ মানে ক্লাছৰ কাজিয়া পাছত – 

“ঐ, ক্লাছ শেষ হোৱাৰ পাছত লাগিবি নেকি! মোৰ বাপেৰ DySE হয় জাননে?” পৰ্যায় পালেগৈ৷ পাছত সেই লগা-লগিখন হ’ল নে নাই নেজানো৷ কিন্তু, উদীপ্তই কোৱা কথা এষাৰ এতিয়াও মনত আছে৷ সি কৈছিল-

“মোৰ দেউতাও DySE হয়৷ কিন্তু, কাম কি কৰে জান! ৰাতিপুৱা গৈ জেনেৰেটৰটো অন কৰে আৰু গধূলি অফ কৰি আহে৷ চেণ্ট্ৰেল ৱৰ্কশ্বপত পুৱা গৰু এটা সুমুৱাই দিলে গধূলিলৈ সিয়ো DySE হৈয়ে ওলাব৷”

মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পাছত গম পালোঁ যে জীৱ ফেইল৷ তাৰ পাছত আমি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল’লোঁ৷ জীৱ ক’ত গ’ল নেজানিলোঁ৷

১০-১২ বছৰমানৰ পাছৰ কথা৷ মই তেতিয়া HDFC Standard Life ৰ Sales Development Manager. এই ডেজিগনেশ্যনবোৰো পাছলৈ মোৰ ঢপ যেনেই লাগিছিল৷ ২০০৭ চনমান হ’ব৷ হঠাতে এদিন জীৱক লগ পালোঁ৷ কি কৰি আছ? ক’ত আছ? বিয়া পাতিলিনে? ইত্যাদিবোৰ প্ৰশ্নোত্তৰ চলিল কিছুপৰ৷

সি কৈ গ’ল-

: নাই বুজিছ! বিশেষ একো কৰিব পৰা নাই৷ OIL ত টেঙ্কাৰ ১২ খন আছে৷ পেট্ৰল পাম্প তিনিটা হ’লগৈ৷ এটা দুলীয়াজানতে বনাই আছোঁ৷ জেচিবি চাৰিখনমান আছে৷ চিজন নাই বাবে ভাড়াত দিওঁ৷ বৰ টেনশ্যন বুজিছ এই বিগনেচ চলোৱাটো৷ এশৰ ওপৰত মানুহক দৰমহা দিব লাগে৷ মাথা নষ্ট হৈ যায়৷ মাহটোত ১৫ লাখমান থাকেগৈ কোনোৰকম৷ কিন্তু, সেইকণ গোটাবলৈ কিমান টেনশ্যন কি বুজিবি! এতিয়া থাওৰাৰ ফালে মাটি ৬০ বিঘামান লৈছোঁ৷ ফিচাৰি, ফাৰ্ম খুলি সোমাই দিম আৰু৷ বিগনেচ কৰাটো বৰ টান আজিকালি৷ চবতে চালফা!

সেই মুহূৰ্তত মই অবাক হোৱাৰ বাদে একো নাছিল৷ সি মই কি কৰোঁ বুলি সোধাত মই Sales Development Manager নামৰ ঢপটো মাৰিলোঁ৷ এৰাএৰি হ’লোঁ যদিও কথাখিনি মই ভাবিয়েই থাকিলোঁ৷

দুবছৰমানৰ আগতে আকৌ এদিন তাক বজাৰত লগ পাওঁ৷ এইবাৰ সি সুধিলে-

: ভাস্কৰ ভালনে? বজাৰলৈ আহিলোঁ৷ সৌ দোকানখনত মাহটোৰ বজাৰ কৰিলোঁ৷ ৪০০ টকা চৰ্ট হৈছে৷ কাৰ্ডো এখনহে আনিলোঁ৷ কামেই দিয়া নাই এতিয়া৷ টকা ৫০০ দেচোন৷ মই কাইলৈ তোৰ অফিচত দি আহিম৷

মই ৫০০ টকা তাক দিলোঁ৷ সি আঁতৰিল৷

এবছৰমানৰ আগতে তাক এদিন লগ পালোঁ৷ এইবাৰ সি ক’লে-

: ভাস্কৰ, তোক টকা পাঁচহেজাৰ দিবলৈ আছে নহয়৷ দি আছোঁ ৰ৷ গাড়ীতে আছে চাৰিলাখমান৷ পেমেণ্ট দিব লাগে৷ এটাৰ ভনীয়েকৰ বিয়া বোলে৷ ২ লাখ তাক দিব লাগে৷ মানুহ চলোৱা বৰ মুস্কিল বুজিছ৷ তাতে এই লকডাউনে আমাৰ নিচিনা বিগনেচমেনবোৰৰ অৱস্থা কাহিল কৰি দিছে৷

মই মনতে ভাবিলোঁ – এবছৰতে মোৰ ৫০০ টো ৫০০০ কৰি পেলালে জীৱই!

ই কম বিগনেচমেন নহয় দেই!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *