ভূত পুৰাণ-কৰবী দেৱী
নিশা প্ৰায় দুই বাজিছে। হঠাৎ শুনিলোঁ টিনত ধুপুচকৈ কিবা এটা পৰিছে। সাৰ পালোঁ। পুনৰ কিবা শুনো নেকি? নাই পুনৰ শুনা নাছিলোঁ। পিচে সমস্যা হ’ল কাষতে শুই থকা পেহীৰ ছোৱালীজনীক লৈহে। তাই আকৌ সাৰ পাইছিল সৰু পানী চুব লগা হোৱাত।
মা… মা…
মাৰ গাত হেচুকি কেইবাবাৰো মতাত সাৰ পালে মায়ে। ক’লে মাইনাই তাইৰ সমস্যাটো। মাক সাৰথি কৰি গ’লোঁ পিছফালে।
“ধুপুচ ছচচচচ্”
পুনৰবাৰ একেই শব্দ। ভয়তে চিঞৰি উঠিলোঁ। কুকুৰজাকেও ভুকিছে। ভয়তে মাইনাৰ কাপোৰতে এৰিব লগীয়া অৱস্থা। কিন্তু মা খুব সাহসী।
“একো নাই অ’ এইবোৰ”
বুলি তাইক হাতত ধৰি টানি লৈ গ’ল। ৰৈ আছোঁ মই নিৰ্বাক হৈ। ঘৰৰ ভিতৰলৈ যাবলৈও শক্তি নোহোৱা হৈ পৰিল। তেনেকুৱাতে মোৰ অলক্ষিতে চকু দুটাই পিতপিতাবলৈ ধৰিলে। হঠাত মোৰ চকু দুটা এক নিৰ্দিষ্ট স্থানত স্থিৰ হৈ পৰে। ই কি, পুখুৰীৰ পাৰৰ জেওৰাখনতে ধকধকীয়া সাজ পিন্ধি কোনোবা এজনী দেখোন বহি আছে। হুৰহুৰকৈ এজাক বতাহো বলিবলৈ ধৰিছে। তাইৰ কাপোৰসাজো লৰিছে।
মা……..
নাই, মোৰ মাতষাৰ বাহিৰলৈ নোলোৱা হ’ল। থৰ হৈ ৰৈ আছোঁ একেদৰেই। মা আহি বাউসিত ধৰি জোকাৰি দিওঁতেহে মোৰ সম্বিত ঘূৰি আহিল। ভয়ে ভয়ে পুখুৰীৰ পাৰলৈ আঙুলিৰে ইংগিত দি দেখুৱাই দিলোঁ। দেখিলে মায়ে, শুধ বগা সাজ পিন্ধি কোনোবা এজনী জেওৰাখনতে ওলমি আছে।
মা বিৰাট সাহসী। আমাক ভিতৰলৈ যাবলৈ কৈ পিছফালে বেৰতে খুচি থোৱা নলীয়া কটাৰী এখন জোৰেৰে মুঠি মাৰি মা পুখুৰীটোৰ পাৰলৈ অগ্ৰসৰ হ’ল। আমাৰ দুচকু মেলাতেই ৰ’ ল। ভাবিলোঁ মাৰ গাত লম্ভিলে আজি। মা পুখুৰী কাষ পোৱালৈ, বগা সাজৰ ছায়ামূৰ্তিটো বতাহী বেগেৰে লৰিবলৈ ধৰিছে৷ চকুৰ পচাৰতে মায়ে দিলে যখিনীজনীৰ গাতে নলীয়া কটাৰীৰে এক ঘাপ।
“ধুপুচ”
হঠাৎ ওলমি থকা ঢকুৱা পাত এটা তলত সৰি পৰি গ’ল। মায়ে সজোৰে হাঁহি ক’লে,
: মৰতীহঁত বতাহ বলিছে গম পাৱনে নাই। ঢকুৱা নসৰি ক’ৰ পৰা যখিনী সৰিব।
ইতিমধ্যে দেউতায়ো সাৰ পাই টৰ্চ লাইটটো লৈ আহিছিল। ওপৰলৈ মৰাত পৰিলক্ষিত হয়, কেৰ্কেটুৱা দুটামান ব্যস্ত। সৰি পৰে আৰু এটা ঢকুৱা।
: হাঃ হাঃ হাঃ
: হাঃ হাঃ হাঃ
এয়া মানে ঢকুৱাহে। হাঁহিছোঁ। মই আৰু মাইনা দুয়োজনীয়ে নিৰ্ভয়ে হাঁহিছোঁ। এপাকত মই পোনপটীয়াকৈ ঢকুৱাটোলৈ চাই গৰ্জি উঠিছোঁ
: হুহ। ৰস জীপ নথকা এই শুকান ফ্ৰেমটোৰে আমাৰ নিচিনা ছোৱালীক ভয় খুৱাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছ? ইমান সাহস। ৰ’ পুৱাই বুটলি আনি ঢেঁকীশালৰ বিশাল আখলত তোৰ ব্যৱস্থা কৰি আছোঁ। হুহ…….!
☆ ★ ☆ ★ ☆
3:41 pm
Moi aibur likhani val paw.
5:44 pm
ভাল লাগিল।