কেইটামান_লিমাৰিক-কুমকুম শৰ্মাবৰুৱা
(১)
আধুনিক কবিতা কামটো উজু সজা
অভিধানতে পাবাই শব্দবোৰ খজা
নিমিলিলে হানি নায়
লিখিলেই হৈয়ে যায়
অৰ্থ দৰকাৰ নাই তেহে লাগে মজা।
(২)
লিখা-মেলা কামটো তেনেই উজু কাম
‘ণ’ হ’বনে ‘ন’ হ’ব দৰকাৰ কি তাত
অভিধান চাব নায়
সময় এনেয়ে যায়
বহুতে বেয়া পায় শুধৰালে বানান।
(৩)
সকলোৱে সাহিত্য ৰচিব নোৱাৰিব পাৰে
ছবি অঁকা, গান গোৱা কিবা এটা পাৰে
পাচি,খৰাহি, চালনী
হ’ব লাগে কাম মিহি
যি জানে তাকে প্ৰদৰ্শন কৰিব পাৰে।
(৪)
নাখাওঁ কেতিয়াও ঘৰত শুদা ভাত
লাগিবই মাছ,মাংস সদায় থালত
যেনেকৈ আনে আনিব
পইচা যি পায় পাব
গাটো দাঙিব নোৱাৰোঁ বিষ কঁকালত।
(৫)
নতুন কিতাপবোৰ কিনি আনি থৈছা
ধুনীয়া ধুনীয়া বাকচ ভৰাই গৈছা
টকা-পইচাৰ খেল
নাই কিতাপৰ মেল
নপঢ়া যদি কিনি কিয়নো সজাইছা।
(৬)
গান টেঁটু ফালি থাকো বাথৰুমত গৈ
ভালকৈ গালে দেখোন শুনোতাই নাই
মনৰ দুখ তাপৰি
মাৰি থাকো সুহুৰি
তাকে নকৰি ভাবি পাৰ কৰাত নাই।
(৭)
লিখিব জানাও তুমি খুহুতীয়া কথা
তেতিয়াহ’লে নিলিখি কিয়নো ৰৈ থাকা
ৰসে চৌচৌৱাই থকা
কথাবোৰ তুমি লিখা
সবেই ভাল পায় মনৰ যায় ব্যথা।
(৮)
বন্ধৰ দিনত কেৱল বটল আৰু ভজা
নধৰি কৰিম কি অন্য নাজানো পূজা
চৰকাৰে কৰে দাম
একোৱে নকৰে কাম
চৰকাৰকো লাগে কৰিব পেট-পূজা।