ফটাঢোল

অথঃ ক্ৰিকেট সংবাদ – কমলা দাস

টিভিত ক্ৰিকেট খেল আৰম্ভ হ’লে আমাৰ ঘৰৰ চেহেৰাই সলনি হৈ যায়। সেয়া লাগিলে এদিনিয়াই হওঁক বা টুৱেণ্টি-টুৱেণ্টিয়েই হওঁক! টেষ্ট চিৰিজ হ’লেও একেই গুৰুত্ব পায়। ইণ্ডিয়াৰ খেল থাকিলেটো কথাই নাই! খেল চলি থকা সময়খিনিত আমাৰ ঘৰত ইমান টেনশ্যন চলি থাকে যে মিৰজুমলাৰ ভাৰত আক্ৰমণ চলি থাকোঁতেও কিজানি সেই সময়ৰ ৰাইজৰ ইমান টেনশ্যন হোৱা নাছিল।  ইণ্ডিয়াৰ কোনোবা আউত হ’লেটো আমাৰ কেইটাইও টেনশ্যনতে ইপুৰীৰ পৰা সিপুৰীলৈ আউত হৈ যাব যেন লাগে! আউত হোৱাজনৰ বেটিঙৰ এনালাইছিচ কৰি কৰি তাৰ হাড়-জকা চব উলিয়াই দিয়ে। পাৰিলে টিভিৰ পৰ্দাৰে সোমাই গৈ তাৰ মাজ মূৰত ঠকনা এটা মাৰি আহিব পাৰিলেহে যেন শান্তি পায়।  ইমানেই লিকতীয়া জীৱ আমাৰ সেইকেইটা। 

লিকতীয়া জীৱকেইটাৰ ভিতৰত ভাইটি সকলোতকৈ অধম জীৱ। 

একান্ত মনে ক্ৰিকেট চোৱাৰ সময়ত ভাইটিৰ  মুখৰ মাত স্বয়ং যম ৰজা আহিলেও উলিয়াব নোৱাৰে। 

সি টিভিত ক্ৰিকেট খেল চোৱাৰ সময়ত,  শৰীৰটোৰ সৈতে ডিঙি, মূৰ হিলাই- মিলাই এনেকুৱাকৈ নব্বৈ ডিগ্ৰী কোণ কৰি, চকু দুটা ডাঙৰকৈ মেলি থৈ দিয়ে, যেন পৰ্বতত কাছই নিজে স্পটত কণী পাৰি থকাহে দেখিছে!  ঠিক তেনেকুৱা এক্সপ্ৰেচন ৰূপ ধৰি টিভি চাই থাকোঁতে সি কাণ দুখন ঠিলা মাৰি লয়। তাৰপাছত তাক  হাজাৰ কোনোবাই মাতি থাকক, সি ঘূৰিও নাচায়। লাগিলে মাতি থকাজনৰ মাতি মাতি মুখেৰে ফেন বাহিৰ হৈ যাওঁক।  তাৰ কোনো লেনা-দেনা নাথাকে।

তাৰ লগত আমাৰ তেনেকুৱা সময়ত হোৱা বিড়ম্বনাৰ নমুনা এটা এনেকুৱা,

সিদিনাও টিভিত ইণ্ডিয়াৰ ক্ৰিকেট খেল আছিল। লক্ষ্যভেদৰ সময়ত অৰ্জুনে নিৰ্দিষ্টকৈ মাছৰ চকুটোহে দেখা পোৱাৰ নিচিনাকৈ আমাৰ সিও অকল টিভিটোত বলিং আৰু বেটিংহে দেখি আছে। তেনেকুৱা সময়ত তাক কিবা এটা কোৱাটো ভাবিব নোৱাৰাহেন কথা! এনেতে আহক ঘৰলৈ নতুন আলহী! তেওঁলোকৰ লগত কথা-বতৰা পাতি চাহ বনোৱাৰ উদ্দেশ্যৰে ভিতৰলৈ উঠি আহিলোঁ! প্ৰথমবাৰ আমাৰ ঘৰলৈ অহা আলহীক লুচি-ভাজিৰে চাহ খুৱাওঁ বুলি পাকঘৰলৈ গৈ দেখোঁ, আটাৰ টেমাটো তেনেই উদ‌ং! মূৰে কাম নকৰা হ’ল। কাৰণ এতিয়াটো আটা আনিবলৈ ভাইটিকেই ক’ব লাগিব।  সি আছে বৰ্তমান এখন বেলেগ জগতত! তাতে আজি ইণ্ডিয়াৰ বেটিং!  তাৰ বাহিৰে দোকানত পঠিয়াব পৰাকৈ কোনো নাই ঘৰত।  ইফালে ভালদৰে সোধ-পোছ কৰিব নোৱাৰিলে এদিনীয়া আলহীৰ আগতো লাজ পাম! 

উপায় নাপাই ভাইটিৰ ওচৰলৈকেই লাহে লাহে গ’লোঁ। মই যে ৰূমটোলৈ সোমাই গৈছোঁ, তাৰ কাণসাৰেই নাই। বুদ্ধদেৱে ধ‍্যানত বহি থকাৰ নিচিনাকৈ একান্ত মনে খেলা চাই আছে। মনতে ভাবিলো-ইস বেটা! ইমান মনোযোগেৰে পঢ়া-শুনা কৰিলে আজি মূধা ফুটা কোনোবা এটা হৈ থাকিলিহেঁতেন।  আন সময়ত হোৱা হ’লে কিবা এষাৰ ক’লোঁহেঁতেন যদিও আজি পিছে ক’ব নোৱাৰি। তেল মাৰি হ’লেও তাক দোকানলৈ পঠিয়াবই লাগিব। তাৰ ওচৰলৈ গৈ আলহীয়ে নুশুনাকৈ লাহেকৈ মাতিলোঁ। পিচে ধ‍্যানমগ্ন যোগীয়ে মই দুবাৰ মতাৰ পাছতো সঁহাৰি নিদিয়াত তাক গাত ধৰি লৰাই দিলোঁ। গাত ধৰি লৰাই দিয়াত সি আচৰিতভাবে মোলৈ এবাৰ চাই পুনৰ টিভিত চকু নিমগ্ন হ’ল। তাৰ গা এৰা দিয়া সঁহাৰি দেখা পাই মোৰ কি কৰোঁ, কি নকৰোঁ লাগিল! সিফালে আলহী বহাই থৈ আহিছোঁ।  খঙতে অলপ টানকৈয়ে মাতিলোঁ এইবাৰ।  অসময়ত দিগদাৰ পাই সি মোৰ ফালে এনেকৈ চালে-যেন হঠাতে চকুৰ সন্মুখত শিয়ালৰ শিংহে দেখা পালে!  মই তাক ফুচফুচাই পুনৰ ক’লোঁ ঘৰলৈ আলহী অহা বুলি! মোৰ কথা শুনি সি হে — মই কি কৰিব লাগে বুলি চিঞৰি উঠিল! মুখত আঙুলি দি তাক আলহী আহিছে বুলি কৈ লাহে লাহে কথা ক’বলৈ দি আটা আনি দিয়াৰ কথা ক’লোঁ।  পিচে সি মোক পুনৰ গোৰগোৰাই উঠিল,

: তহঁতৰ পৰা শান্তি নাই খেলা এখন চাবলৈও।  ইফালে আউত হ’ল! এই সময়তহে তহঁতক আটা লাগে, ময়দা লাগে! নোৱাৰোঁ যাহ মই একো আনিবলৈ। 

মই বোলো,

: কিনো ডাঙৰ কথাটো হ’ল! খেলত খেলুৱৈ আউত হৈয়েই। কি এনে নহ’বৰ হ’ল! 

মোৰ কথা শুনি তাৰ খং দুগুণে চৰিল।  চকুৰে যেন মোক পুৰিহে পেলাব! আটাহ পাৰি উঠিল সি,

“কোহলী আউত হ’ল, কোহলী!! 

তহঁতে কি বুজিবি মোৰ যন্ত্ৰণা!  বিৰাট কোহলী এটা বলতে আউত হ’ল, আৰু তই কৈছ কি নহব’ৰ হ’ল? যাঃ, মই একো আনিব নোৱাৰোঁ।”

“অস্! মুখেৰে কি ওলাল ঔ মোৰ!”  

কথাৰ গতি অগতিৰ ফালে গতি কৰা দেখিহে মোৰ চেতন আহিল যে কাৰ আগত কি কৈ পেলালোঁ! এতিয়া যে মোৰ কাম নিসিজে, সেইয়া নিঃসন্দেহ। সেয়ে যিমান পাৰি মাতত নৰম সুৰ আনি ক’লোঁ,

: নহয় মানে এই কোহলীটো বৰ কিবা খেলা হৈছে। তাৰ ফৰ্ম দিনে দিনে কমি গৈ আছে, তাকেহে ক’লোঁ! 

মোৰ কথা শুনি সি একো নমতাকৈ গোমোঠা মুখখন লৈ দোকানলৈ বুলি লৰ মাৰিলে। ময়ো তেতিয়াহে স্বস্তিৰ নিঃশ্বাস এৰিলোঁ!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *