ফটাঢোল

ৰাইজ (Rise) ৰ’ৰ (Roar) ৰিভ’ল্ট (Revolt)-বিকাশ দত্ত

শেহতীয়াকৈ সমগ্ৰ বিশ্বতেই নিজৰ বিজয় ধ্বনি বজাবলৈ সক্ষম হোৱা ভাৰতীয় ছবি এছ এছ ৰাজামৌলীৰ RRR য়ে অস্কাৰৰ সাধাৰণ মনোনয়ন তালিকাত নিজাৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আগবাঢ়িছে। ইয়াৰ কাৰণ বহুকেইটা আছে। মাৰ্চ মাহত সমগ্ৰ বিশ্বজুৰি ছবিগৃহত মুক্তিলাভ কৰা RRR য়ে মুক্তিৰ প্ৰথমদিনাই ২৪০ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ শ্ৰেষ্ঠত্বৰ বিভিন্ন দিশৰ ভিতৰত আছিল সুন্দৰ ভিজুৱেল এফেক্টছ (কিছু কিছু দৃশ্যাংশত), কাহিনী, চিত্ৰনাট্য, সংগীত, চৰিত্ৰ গঠন আৰু ছবিখনৰ সৈতে জড়িত ভাৰতীয় সোৱাদ। তদুপৰি ব্ৰিটিছ শাসনক এক নতুন মাত্ৰা প্ৰদান কৰি ধুলিস্যাৎ কৰা যি উপস্থাপন সেয়া দৰ্শকৰ উপভোগ্য কৰি তোলা। সেয়েহে হয়তো ছবিখন সফল হৈছে। অৱশ্যে কেতবোৰ দৃশ্যৰ কোনো বাস্তৱিকতা নাই তথাপি ছবিখনক দৰ্শকৰ উপভোগ্য তথা বিশ্বাসযোগ্য কৰি তোলা হৈছে ৰাজামৌলীৰ প্ৰতিভাশালী পৰিচালনাৰ দ্বাৰা। 

ওপৰোক্ত বিভিন্ন কাৰণবোৰৰ লগতে ভ্ৰাতৃত্ববোধ আৰু মানৱীয় প্ৰমূল্যবোধক সৰোগত কৰা ছবিখনে সেইবাবেই সমগ্ৰ বিশ্বৰ দৰ্শক সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নেটফ্লিক্সত মুক্তি পোৱাৰ পিছতে ৪৫ নিযুত ঘণ্টাৰ ষ্ট্ৰিমিঙ, ৫৪ খন দেশত ট্ৰেণ্ডিং, জেমছ গান, ৰুছ ভাতৃদ্বয়, মাৰ্ক ৱলবাৰ্গ আদিৰ দৰে হলিউদৰ বিভিন্ন অভিনেতা, পৰিচালক ছবিখনৰ প্ৰশংসাৰে পঞ্চমুখ হৈ পৰিছে। অৱশ্যে ভাৰতে গুজৰাটী ছবি “চেল’ শ্ব'”ক হে শ্ৰেষ্ঠ আন্তৰাষ্ট্ৰীয় ছবিৰ শিতানত অফিচিয়েলী মনোনীত কৰিছে। কিন্তু বিশ্বৰ বিভিন্ন ছবিৰ দৰে RRR য়ে নিজৰ নাম জেনেৰেল কেটেগৰীত প্ৰেৰণ কৰিব লৈছে। 

অস্কাৰৰ চুড়ান্ত তালিকাত নাম আহিবলৈ হ’লে বিভিন্ন মাপকাঁঠি থাকে। ইয়াৰ এটা সাধাৰণ উদাহৰণ হ’ল যে ছবিখন আমেৰিকাৰ ছবিগৃহত মুক্তিলাভ কৰিব লাগিব। আৰু বিভিন্ন ক্ৰাইটেৰিয়া সম্পূৰ্ণ হ’লেহে ছবি এখনে নিজকে জেনেৰেল কেটেগৰীত মনোনীত কৰিব পাৰে। RRR ৰ এইক্ষেত্ৰত বহুকেইটা শক্তিশালী দিশ আছে। মোৰ ব্যক্তিগত অনুভৱ অনুসৰি শ্ৰেষ্ঠ সম্পাদনা (Best Editing), শ্ৰেষ্ঠ প্ৰডাকছন ডিজাইন (Best Production Design), শ্ৰেষ্ঠ মৌলিক সংগীত, শ্ৰেষ্ঠ সাজ-সজ্জাত RRR য়ে মনোনয়ন লাভ কৰিবও পাৰে। লগতে যিসকলে নাজানে তেওঁ‌লোকক জনাওঁ যে, জেনেৰেল কেটেগৰীত সকলো চিনেমাই নিজৰ নিজৰ নাম পঠাব পাৰে। একাডেমীৰ জুৰীয়ে চুড়ান্ত তালিকাত যিকেইখন নিৰ্বাচন কৰে সেইকেইখনহে মনোনীত হয়। অস্কাৰত মনোনীত হ’বলৈ বহুকেইটা ক্ৰাইটেৰিয়া সম্পূৰ্ণ কৰিবলগীয়া থাকে। ইয়াৰ পূৰ্বে ভাৰতৰ কোনো ছবিয়ে জেনেৰেল কেটেগৰীত নিজৰ নাম প্ৰেৰণ কৰা নাছিল। অৱশ্যে শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি (এতিয়া শ্ৰেষ্ঠ আন্তৰাষ্ট্ৰীয়) ৰ শিতানত এতিয়ালৈ “মাদাৰ ইণ্ডিয়া”, “চালাম বম্বে” আৰু “লগান” হে চুড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছে। অৱশ্যে একাংশ “তথাকথিত” ছবি সমালোচকে ছবিখনক Gay Movie বুলিও কৈছে। অৱশ্যে ইয়াৰ কাৰণো বহুত। আমেৰিকা বা পশ্চিমীয়া দেশত Men-Men Brotherhood ক লৈ এক সন্দেহবাদী ধাৰণা আছেই। সেয়া পশ্চিমীয়া আৰু প্ৰাচ্যৰ সাংস্কৃতিক প্ৰভেদ বুলি ধৰি ল’ব পাৰে। গতিকে প্ৰতিগৰাকী দৰ্শকৰ ধাৰণা বা চিন্তাধাৰাক আপুনি বান্ধি ৰাখিবও নোৱাৰে। 

অকণমান ব্যক্তিগত কথা কওঁ‌। নিজৰ জীৱনৰ বহুখিনি সময় এতিয়ালৈকে চিনেমা চাই কটাইছোঁ। সেয়েহে সাধাৰণ দৰ্শক হিচাপে এক স্ব-পৰিধিস্থ মতামত দিবলৈ কুণ্ঠাবোধ নকৰোঁ। RRR মই অকলে চিনেমাহলত উপভোগ কৰিছিলোঁ। বহুকেইটা মিশ্ৰিত অনুভৱেৰে মন ডুলি আছিল যদিও নেটফ্লিক্সত মুক্তিলাভ কৰাৰ পিছতেই কেবাবাৰো খুঁটি-নাটি মাৰি আকৌ চালোঁ। প্ৰতিগৰাকী দৰ্শক বা সাধাৰণ চিনেমাৰসিকে এখন ছবিত কি বিচাৰে সেয়া চিত্ৰগৃহৰ পৰা ছবিখন চাই ওলাই আহি কোৱা একমাত্ৰ উপজীব্য কথাটোৱেই হ’ল “ছবিখন কেনে লাগিল!” ভাল লাগিলে ক’ম, “পেইচা ৱছুল”  আৰু বেয়া লাগিলে ক’ম, “এহ ঠিক-ঠাক আৰু”। তথাপি দৰ্শকৰ মনত কি চলি থাকে সেয়া কোনেও নাজানে। যিগৰাকী পৰিচালকে এই বোধগম্য কৰিব পাৰে তেওঁ‌ৱেই এখন বাণিজ্যিক ভাৱে সফল ছবি উপহাৰ দিব পাৰে। অৱশ্যে তাৰ মাজতে এনেকুৱা কিছুসংখ্যক পৰিচালক আছে যিয়ে ছবি এখনত দৰ্শকক বাণিজ্যিক আৰু কলাত্মক দুইধৰণৰ উপাদানৰ সমাহাৰ ঘটাব পাৰে। তাৰেই এজন সৰ্বোত্তম উদাহৰণ হ’ল এছ এছ ৰাজামৌলী। ৰাজামৌলীয়ে জানে দৰ্শকে কি বিচাৰে সেয়েহে তেওঁ‌ৰ ওপৰত আস্থা প্ৰতিগৰাকী দৰ্শকৰ আছে, সেয়া তেওঁ‌ প্ৰতিপন্নও কৰে।

ৰাজামৌলীৰ এটা বিশেষ গুণ হ’ল- Vision, অন্তৰ্দৃষ্টি। সেয়েহে তেওঁ‌ এটা অবিশ্বাস্য দৃশ্যকো বিশ্বাসযোগ্যতা আনি দিব পাৰে। পদাৰ্থ বিজ্ঞানৰ সূত্ৰক ভুল প্ৰমাণিত হৈছে বুলি জানিও ডাঙৰ পৰ্দাত আপোনাক সেই ভুল মানি ল’বলৈ বাধ্য কৰাব পৰাতোৱেই এছ এছ ৰাজামৌলীৰ দক্ষতা। সেয়েহে কাহিনীৰ গভীৰতা, শক্তিশালী চিত্ৰনাট্য বা অৰৈখিক কাহিনী কথনৰ পৰা ফালৰি কাটি আহি এখন বাণিজ্যিক ছবি নিৰ্মাণত তেখেতৰ দক্ষতাক কোনেও প্ৰশ্ন কৰিব নোৱাৰে। 

প্ৰখ্যাত পৰিচালক এং লীৰ “ক্ৰাউচিং টাইগাৰঃ দ্য হিডেন ড্ৰেগন”ৰ একশ্যন দৃশ্যবোৰ মনত আছে নে? যদি আছে তেন্তে মই কওঁ‌ যে, সেই ছবিখনৰ তুলনাত RRR ৰ বহুখিনি একশ্যন দৃশ্যত বাস্তৱিকতা আছে। “ক্ৰাউচিং টাইগাৰ”য়ে ৫ টাকৈ অস্কাৰ লাভ কৰিছিল। ইয়াৰ কাৰণ আছিল ছবিখনে চীনা সংস্কৃতি, কলা তথা সোণালী ইতিহাসক ডাঙৰ পৰ্দাত সফলভাৱে দাঙি ধৰিছিল যিটো পশ্চিমীয়া দৰ্শকে আদৰি লৈছিল। একেদৰে RRR য়েও সেই কামটোকে কৰিছে। সেয়েহে পদাৰ্থ বিজ্ঞানৰ সূত্ৰক অনুকৰণ নকৰিলেও RRR ক দৰ্শকে আঁ‌কোৱালি লৈছে। গতিকে ভাৰতীয় দৰ্শক হিচাপে ছবিখনৰ বাস্তৱবাদীতাক একাশৰীয়া কৰি ৰাখি Larger Than Life ছবি RRR ক লৈ গৌৰৱান্বিত হোৱাতো প্ৰয়োজন বুলি ভাবোঁ। তদুপৰি প্ৰকৃতাৰ্থত এক মুষ্টিমেয় তথা বুদ্ধিজীবী ছবি সমালোচকৰ লগতে সাধাৰণ দৰ্শককো আকৃষ্ট কৰাত RRR ৰ যি সফলতা সেয়া ১৩০ কোটি জনতাৰ বাবে গৌৰৱৰ কাৰণ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *