ফটাঢোল

আচলী কাইৰ কাণ্ড-অসীম বৰা

★★★আচলী কাই চিৰিজ ★★★

(১)

        

মেট্ৰিক পাছ কৰিছোঁ তেতিয়া। লগৰ আচলী কাইয়ে পঢ়া এৰি “তেৰে নাম” ষ্টাইলৰ চুলি ৰাখি, বাপেকৰ ভেচপা স্কুটাৰ লৈ চোলাৰ বুটাম খুলি হিৰো হৈ ফুৰে৷ 

এদিন পুৱাই ব্ৰাছ কৰি কৰি মই পদূলি মুখলৈ ওলাই আহিছোঁ। দেখিলোঁ  আচলী কাইয়ে কান্ধত কুঠাৰ এখন লৈ বাওঁহাতেৰে গৰু এজনী পথাৰত এৰাল দিবলৈ টানি আনি আছে৷ তাক দেখি মই তাৰ ফালে আগুৱাই গ’লোঁ৷

সেই সময়তে  গাড়ী এখনে তীব্ৰ গতিত ধূলি উৰুৱাই আচলী কাইৰ ফালৰ পৰা আহি আছে। আচলী কাইৰ ওচৰত পাওঁতেই হঠাতে  আচলী কাইয়ে কুঠাৰখন জোকাৰি চিঞৰ মাৰিলে — 

কেইটামান গালি পাৰিলে।

ক্ৰাচ চ্ চ্ চ্৷ শিলগুটি দিয়া পথত গাড়ীখন ৰৈ গ’ল।  দহ খোজ মান কোবাকুবিকৈ আহি আচলী কাই গাড়ীৰ ওচৰ পালে৷ ওচৰ পায়েই ‘চানী দেওল’ হৈ থকা আচলী কাই ‘ৰাজ পাল যাদব’ বনি গ’ল ৷ দূৰৰ পৰা মোৰ কাণত দুটামান কথাই পৰিল।

“নাই একো নাই৷ আপকৌ নেহী গৰু কৌ গালি দিয়া থা৷ আপ যাইয়ে৷”

 গাড়ীখন একে গতিৰেই মোৰ কাষেৰেই পাৰ হৈ গ’ল ৷

  : কেচ কি, কি হ’ল? 

আচৰিত হৈ ওচৰ চাপি সুধিলোঁ।

: ধেৎ, ভাল বাচিলোঁ। ইমান স্পীডত কেলেই চলাইছ বুলি দম এটা দিছিলোঁ।  ওচৰ পাওঁতে গ্লাচখন নমাই দিওঁতেহে দেখিলোঁ, অৰুণাচলী। চিটতে এবেগেতমান দীঘল হাথিয়াৰ এটা থৈ দিছে। কুঠাৰে কি হেৰিটো কৰিব সেইটোৰ লগত৷ 

: ধুৰৰ্ নকলীও হ’ব পাৰে৷

: ধেই এইটো! নিজে দেখা হ’লে গম পালিহেঁতেন৷ ৰিস্ক ল’ব পাৰি নেকি?

                            

(২)

     

কেইদিনমানৰ পাছত  আচলী কাইয়ে মোক, তাৰ পেহীয়েকৰ ঘৰলৈ লগ ধৰিলে। পিছদিনা দুয়োটাই ওলালোঁ, ৰে’ল ষ্টেচন পালোঁগৈ৷ ৰে’ল আহিল, টিকত কাটিবলৈ নিদিলে, পেচেঞ্জাৰ ট্ৰেইন পেচেঞ্জাৰৰ কাৰণে গতিকে টিকত নকৰিলেও হয়- আচলী কাইৰ যুক্তি।

অ’ত ত’ত ক্ৰচিং দি দি ৰে’ল এঘণ্টামান দেৰিকৈ ষ্টেচনত সোমাল৷ ঠাণ্ডা দিন সাতটামান বাজিল৷ আচলী কাইয়ে গুমটি হোটেল এখনত সোমাই, 

“কোৱাৰ্টাৰ” এটা গিলি ল’লে ৷ পেহীয়েকৰ ঘৰলৈ বুলি চানা পেকেট এটা আৰু ‘S’ বিস্কুটৰ পেকেট এটাও ল’লে৷

ষ্টেচনৰ পৰা পেহীয়েকৰ ঘৰলৈ  যাবলৈ একো নাই৷ ৰিক্সা এখন দেখি ওচৰ চাপি সুধিলোঁ –

: ককাই এই চাইডে যাবি, দচমিনিট লগেগা৷ কেই টকা লাগেগা? 

:ৰাত কা টাইম হেই ডেৰচ ৰুপীয়া লাগেগা?

:ফুট, ইমানকন জেগা জানে মে ডেৰচ হৌতা হেই নেকি? বিচ টকা লে কে  চলৌ, 

ময়ো অলপ দমৰ সুৰতে ক’লোঁ।

:নহী তৌ পেডেল চলে যাৱ।  

বুজিলোঁ সি সুবিধা লৈছে৷

:আৰে চলৌ না ভাইয়া গুচ্চা কিউ কৰতা হ্যে, ইচে ৰিক্সা কা ভাড়া কে বাৰে মে কুচ মালুম হী নহী হেই চলৌ, 

আচলী কাইয়ে তেল মাৰিছে৷

গম পালোঁ ৰিক্সাৱালা বপুৰাৰ আজি তেল ফাটিব। দুয়োটাই ৰিক্সাত বহিলোঁ৷ 

কেৰেক কাৰাক কৈ ৰিক্সা চলিল। আৰামত বহি গৈ আছোঁ৷ মাজতে ৰিক্সাৱালাৰ পৰা চাধা টেমাটো লৈ চাধা এপালিও খোৱা হ’ল। অলপ সময়ৰ পাছতে ৰিক্সাৱালাই সুধিছে —-

: ঔৰ কিতনা দূৰ? 

আচলী কাইয়ে- 

“ঔৰ থোৰা, ঔৰ থোৰা”  কৈ আৰু এক কিলোমিটাৰ মান নিলে৷ 

ৰিক্সাৱালাই কৈছে –

: ডেৰচ মে নহী হৌগা দুইচ লগেগা৷

 আচলী কাইয়ে-

:হৌগা,  থোৰা ঔৰ চলৌ, বুলি নি পথাৰ এখনৰ মাজ পোৱালেগৈ৷

ইতিমধ্যে আমি তিনি কিলোমিটাৰমান আহিলোঁ। ৰিক্সাৱালাই ৰৈ দিলে আৰু আগলৈ নাযায়৷ পইচা লাগে আৰু সি উভতিব ৷

:চুৱৰৰ বাচ্চা কি লাগে তোক? পইচা? ৰহ তোক পইচা দি আছোঁ৷ ঐ বেগৰ পৰা মালটো উলিয়া ইয়াক বজাই দিওঁ।

হঠাৎ আচলী কাই গৰজি উঠিল ৷ এতিয়া মই উলিয়াম কি? বিবুদ্ধিত পৰিলোঁ।              

শেষত ময়ো এন্ধাৰে মুন্ধাৰে বেগত খুঁচৰি একো নাপাই ‘S’ (কুকিজ) বিস্কুট এটাকে উলিয়াই আচলী কাইৰ হাতত দিলোঁ৷

আচলী কাইয়ে সেইটোকে ৰিক্সাৱালাৰ পিঠিত লগাই পুনৰ গৰজি উঠিল —

: চাল্লা, মানুহ চিনি পোৱা নাই৷ এইটো দেখিছ? এই ফালৰ পৰা থুইছ থুইছ কে দিম আগফালে ধোঁৱাহে ওলাব ৷ চিধা ৰিক্সা চলা ফটাফট৷

: অ’ বাবু হামকৌ একো নাই কৰিব। হম ফিৰি মে লেই যায়়গে৷ হমে মাফ কৰি দিয়ক,

বুলি ৰিক্সাৱালাটোৱে টিকা দাঙি দাঙি যিটো গতিত ৰিক্সা চলালে, অলিম্পিকত ৰিক্সা চলোৱাৰ ইভেণ্ট থকা হ’লে গল্ড মেডেলটো সিয়েই আনিলেহেঁতেন৷

তিনি মিনিট মানৰ পাছতে পথাৰ পাৰ কৰি দিলে৷ পথাৰ পাৰ হোৱাৰ পাছত আচলী কাইয়ে তাক ৰ’বলৈ নিৰ্দেশ দিলে। সি ৰ’ল৷ তাৰ পাছত তাক ক’লে,

: আমি এইখন গাঁৱত আছোঁ বুলি কাকো নক’বি৷ ক’লে গম পাইছই আৰু! চিধা ধোঁৱাহে ওলাব। চিধা ৰিক্সা ঘূৰা আৰু ফটাফট ফুট৷

ৰিক্সাৱালাই ঘূৰিলৈ একে গতিৰেই পেডেল মাৰি পলাল।

তাক পলোৱা দেখি বহু সময় হাঁহিলোঁ৷ তাৰ পাছত জেপৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলাই লৈ আচলী কাইলৈ চাই সুধিলোঁ —

:আৰু কিমান দূৰ খোজ কাঢ়িব লাগিব৷

: পথাৰখনৰ সিপাৰলৈকে৷

:কি পথাৰখনৰ সিপাৰলৈকে?

:নহয় মানে পেহীহঁতৰ ঘৰটো পথাৰখনৰ ইপাৰেই থাকি আহিল৷ মানে আমি সিহঁতৰ পদূলি পাৰ হৈ আহিলোঁ৷

: কি কথা কৈছ৷ তেন্তে ইমানদূৰ কেলৈ আনিলি। 

খঙতে গালি দুটামান দি ক’লোঁ নিচা ধৰিলে মানে তোৰ৷

:পাগল! পেহীহঁতৰ পদূলিতে নামি দিয়া হ’লে ফচি নমৰিলিহেঁতেন। এতিয়া ৰিক্সাৱালাটোৱে যদি পুলিচক খবৰ দিয়ে  তেতিয়া পুলিছে আমাক ক’ত বিচাৰি আহিব? এইখন গাঁৱত নহ’লে ইয়াৰ আগলৈ৷ আৰু আমি থাকিম ক’ত? এক কিলোমিটাৰ মান  উভতি গৈ সিপাৰৰ সেইখন গাঁৱত৷ পুলিচৰ সাধ্য আছে আমাক বিচাৰি পাবলৈ৷ এতিয়া চিধা চিধি আহি থাক পাছে পাছে৷

চিগাৰেটটো হুপি হুপি আচলী কাইৰ পেহীয়েকৰ ঘৰলৈ বুলি উলটি খোজ ল’লোঁ।

আচলী কাইৰ  ডিমাগ দেখি আচৰিত হৈ গ’লোঁ। মনতে ভাবিলোঁ ইমানখিনি ডিমাগ পৰীক্ষাত লগোৱা হ’লে তই  মোৰ লগৰ ছোৱালীৰ বাপেকৰ আগত হিষ্টৰী, পলিটিকেল চাইন্স, ফিজিক্স, কেমেষ্ট্ৰী একে লগে পঢ়াৰ লেবেল দি মোৰ ইজ্জত মাটিত মিলাব লগীয়া নহ’লহেঁতেন।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *