বন্দিতা জৈন-আমূলৰ টেঙা
আমূল টেঙা। আমূলৰ সোৱাদ টেঙা? কিন্তু আপোনালোকেতো সেই আঙুৰৰ টেঙা সোৱাদ পোৱা শিয়ালৰ সাধুটোৰ কথাও পঢ়িছে। প্ৰায় একেই। তাত আঙুৰ চিঙিব নোৱাৰি টেঙা।
দেখাত মই শান্তই আছিলোঁ, স্বভাৱত শিষ্ট। বদমাছি মোৰ নাই। নেদেখাকৈ কোনেও বিশ্বাস নকৰে, যেনেকৈ মায়েও নকৰিছিল। ঘৰৰ সৰু, গতিকে কিবা চুৰ কৰি খালেও ইমান বেয়া নাপায় যেন লাগে। মাখন চুৰি কৰি ধৰা পৰাতো যশোদাই কৃষ্ণক বেয়া পোৱা নাছিল।
বয়সনো কি? নম্বৰ হে এটা। ৪০ হওক বা সোঁফালটো কাটি ৪ য়ে হওক সৰুতেই কৰি ভাল পোৱা কামবোৰ এতিয়াও ভাল লাগে। ভাল লগা বস্তু বিধ ঘৰত থাকিলে এতিয়াও আনে দেখাৰ ভয়ত পতকৈ মুখত ভৰাই থৈ দিওঁ। এনেদৰেই আমূলৰ বাবে হোৱা আঁৰৰ ঘটনা এটা হৈছিল৷
মোৰ বয়স পাঁচ বা ছবছৰ কিবা এটা হ’ব। সেই সময়ত মই সাধাৰণতে বেছি কথা নকওঁ। বেছি নেহাঁহো। নিজৰ কামতে কাম থাকি, খেলা ধুলা আদি বোৰতে ব্যস্ত হৈ থাকোঁ। গতিকে বেয়া ছোৱালী নহয়। অন্তত মায়ে সেই দৰেই ভাবে। গতিকে মই ভাল ছোৱালীৰ লেবেলখন লগাই থৈছিলোঁ গাত। সেই সময়ত দেউতাই দৰমহা পালেই আমাৰ হেঁপাহৰ খোৱা বস্তুবোৰ আনি ৰাখে। তাৰ ভিতৰত মোৰ আমূল পাউদাৰ আৰু কনডেন্স মিল্ক দুয়োটা খুবেই প্ৰিয়। দুটা বিস্কুটৰ মাজত আমূল আৰু কনডেন্স মিল্ক দি খাই কিযে সোৱাদ হয়। বজাৰৰ মোনাত মোৰ প্ৰিয় বস্তু বিধ দেখি চকুটিপিয়াই মাতিবলৈ ধৰে। মই আৰু মোৰ ওপৰৰ দাদাজন সেই সময়ত ঘৰৰ নিগনি দুটা। সি বিন্দাচ খাই মেলি বদনাম মোক দিয়েগৈ। সেই বাবে ময়ো তাৰ লেখিয়া খাবলৈ গৈ স্বভাৱ বেয়া কৰিলোঁ। কথা এষাৰ আছে নহয়_”আগৰ গৰুৰ তালে তালে পিছৰ গৰু নাচে” সেয়াই আৰু৷
সেইবাৰো দৰমহা পোৱাৰ পিছত দেউতাই আমুলৰ ডাঙৰ টেমা আনিছে অন্যান্য বস্তুৰ লগত। দুদিন মান চাই আছোঁ মায়ে টেমাৰ ঢাকন খুলিলে নে নাই বুলি। তৃতীয় দিনা খুলা দেখি মনটো থৌকি বাথৌ। স্কুল বন্ধ আছিল সেই দিনা। গতিকে পুৱা উঠিয়েই ভাবি আছোঁ, কি দৰে খোৱা যায়। মায়ে অলপকৈ দিয়ে মনটো নভৰে। নিজৰ মতে খাবলৈ হ’লে চুৰ কৰিয়েই খাব লাগিব। আৰু বিশেষ কৈ কিছুমান বস্তু এনে থাকে মনে মনে খাইহে খুব আনন্দ লাগে।বাট চাই আছোঁ মা ক’ৰবালৈ ওলায় যোৱালৈ। দুপৰীয়া সময়ত মাক নেদেখি কামফেৰা কৰা যাওক বুলি আৰম্ভ কৰিছোঁ। থৈছেও ওখ জেগাত যʼত মোৰ উচ্চতাই ধুকি পোৱা অসম্ভৱ। কি কৰা যায়!
পাকঘৰৰ যিকেইখন পিড়া আছিল ওপৰা ওপৰি কৰি সজাই মেলি ভগৱানৰ নামলৈ উঠি ল’লোঁ যদিও মোৰ হাতৰ উচ্চতাই চুবলৈ আৰু এখন পিড়াৰ দৰকাৰ। কিন্তু ছয়খন পিড়া যোৰা দিয়া পাছত অসমান ঠাইত যি দৰে তামোল গছৰ দৰে লৰি আছে, নামি আৰু যোৰা লগোৱা সাহস নাই। “চেষ্টা নেৰিবা, বন্ধু চেষ্টা নেৰিবা।” এনেই টম এণ্ড জেৰীৰ কাহিনী চোৱা নে কিবা। টমক ধৰিবলৈ জেৰীৰ চেষ্টা কম হয়নে? কমখন লটিঘটি কৰেনে বাৰু টমে। বেচেৰী জেৰীৰ গোটেই চাল চিঙি লৈ যায়। আৰু মই নিজৰ ভালপোৱা বস্তুটো খাবলৈ ইমান কষ্ট কৰি নাখাম নে। মাথোঁ এটা সৰু জাম্পহে মাৰিব লাগে। পিছত দেখা যাব যি হ’ব।চকুটো মুদি মাৰিলোঁ এটা জাম্প। হাতখন লাগিল সঠিক জেগাত। পিচে ভৰি এখন পিছলি গৈ তলত এখন ওপৰত বতাহৰ লগত দুলি আছে পিড়া কেইখনৰ লগতে। হাতত আমূলৰ টেমা। ভৰিখনত দুখ পাই, চাগে মোচোকা খাইছেই। এতিয়া এই যোগাসন ষ্টাইলটো এৰিলেই পিড়া কেইখন পৰি শব্দ হোৱাৰ ভয়ত আঁতৰি আহিব পৰা নাই। লাহে লাহে চুচৰি বাগৰি আগলৈ আহিছোঁ। ভৰিত প্ৰচণ্ড বিষ৷ সমস্যা শেষ হোৱা নাই। চুচৰি আহোঁতে আমূল টেমাৰ ধ্যান দিবলৈ থাকি গ’ল। এয়া কি?টেমাৰ ঢাকনখন খুল খাই আধাটো মাটিতে পৰিল।টেমাৰ আধা শেষ। আকৌ যদি তাৰো মই খাওঁ, পিছত মাৰ হাতৰ এচাৰিৰ আমূল যে খামেই খাটাং। ভাবি কি লাভ। হ’ব লগাখিনি হ’লেই। মাটিত পৰা খিনিৰ পৰাই বিস্কুটৰ লগত খাবলৈ হ’ব। মা আহাৰ আগতে চাফা কৰিব লাগে। সেয়ে একে লগে দুই তিনিখন বিস্কুট লৈ খাবলৈ লাগিছোঁ। সৰু মুখনত তিনিখন বিস্কুট, অভাৰ লোড হৈ যোৱা বাবে এপাকত বিস্কুট গৈ ডিঙিত জপটিয়াই ধৰিলে। নাই ওলাব পাৰোঁ না ভিতৰত যায়। উশাহ ল’ব নোৱাৰি চটফটাবলৈ লাগিছোঁ। সেই সময়তেই মা আহি হাজিৰ।
হেৰৌ, যম দেৱতাও যদি দুৱাৰত দেখিলোঁহেঁতেন ভয় নেখালোঁ হয় সেই সময়ত। মাৰ শান্ত দৃষ্টিৰ আঁৰত থকা খংটো কেৱল আমিহে গম পাওঁ। মাৰ বুজিবলৈ বাকী নাই, কি হৈছে। ভৰিৰ বিষটো আওকাণ কৰি মাৰ কাষেৰে দৌৰিবলৈ ধৰোঁতেই মায়ে যোৰ লগাই বাঘঢকা এটা মাৰি দিলে। লগে লগে ডিঙিৰ সোপাটো ওলাই আহিল। সেই বাৰ বাছিলো। উশাহটো ঘূৰি আহিল বাৰু। কিন্তু মাৰ পাকঘৰৰ অৱস্থা যে চাব নোৱাৰা হ’ল। তাৰবাবে যে আৰু একমিনিট দেৰি মানেই এইবাৰ মই মুঠেই শেষ। “মাজনী দৌৰ” কিবা এটাই ইংগিত দিয়াত দৌৰি পলালোঁ তাৰ পৰা।
ঘৰৰ ছোৱালী ঘৰলৈ আহিবই লাগিব, সন্ধিয়া আহি ভাল ছোৱালী হৈ পঢ়াত বহিলোঁ। ভাগ্য ভাল ভৰিৰ অবস্থা দেখি মাৰ নোখোৱাকৈ থাকিলোঁ সেইবাৰলৈ কোনোমতে।
সেয়ে কওঁ “আমূল টেঙা।”
☆ ★ ☆ ★ ☆
9:00 am
সুন্দৰ লটিঘটি। ধন্যবাদ
6:57 am
সচাই আমূল টেঙাই। ভাল লাগিল পঢ়ি