ফটাঢোল

লটিঘটি-পল্লবী কলিতা

মা’ৰ লগত ফোনত কথা পাতি আছোঁ‌। কাষতে মানুহজনে মোবাইলটো পিটিকি আছে। আচলতে নুশুনা ভাও ধৰি আছে কিন্তু সৱ শুনি আছে। তেতিয়াহে পিছত মোক জোকাব পাৰিব মোৰ কথা শুনি।

: মা! আজি জমনি কেচ এটা হ’ল নহয়।

: কি কেচ?

মায়ে সুধিলে।

: মইটো আজি পাগল হৈ গ’লোঁ‌ মা, ফেচবুকত নিউজ এটা দেখি! আলিয়া ভাটৰ বোলে ছোৱালী এজনী হ’ল আমাৰ এই ডাউন টাউন হস্পিটেলত। 

: ব’লা আলিয়া’ৰ ছোৱালীক চাই আহোঁ‌ ডাউন টাউনত।

মায়ে ক’লে,

:  তই অকলেই গৈ আহ। মোৰ সময় নহ’ব। আৰু ইমান দূৰৰ পৰা গুৱাহাটীলৈ মই কেনেকৈ যাম?

 এওঁ‌ লগে লগে এক জাপ মাৰি আচৰিত হৈ ক’লে,

: কি ???? 

 ময়ো ক’লোঁ এওঁক,

 :ব’লা আমিয়ে খবৰ এটা লৈ আহোঁ নহ’লে। খবৰো লোৱা হ’ব লগতে আলিয়া ৰণবীৰৰ লগত চেলফিও মাৰি আহিম। ওচৰৰ পৰাও দেখা পাম।

এওঁ ক’লে,

: কি আবোলতাবোল বকিছাহে? আলিয়া ভাট-ৰণবীৰ কাপুৰৰ ছোৱালী আমাৰ ইয়াতে ডাউন টাউনত জন্ম দিব নেকি? মুম্বাইত অতসোপা ডাঙৰ হস্পিটেল থাকোঁতে?

ময়ো তল নপৰি লগালগ মবাইলত দেখা নিউজটো এওঁ‌ক দেখুৱালোঁ।

এওঁ‌ দীঘলকে উশাহ এটা লৈ লাহেকে উত্তৰ দিলে,

: তলত সেইটো এডভাৰটাইজ, ভালকে চকু কাণ খুলি চোৱা!’ 

ময়ো কম নেকি? তল পৰাত নাই।

ক’লোঁ,

: সেই যে অসমৰ গোটেই মামাগাল ভাগিনীয়েকক চাবলৈ উঠি পৰি লাগি চিঞৰি চিঞৰি টেটু ফালি কমেণ্টগাল দি আছে, মই তাকে দেখি খাটাং যে আলিয়া ডাউন টাউনত আৰু ডাউন টাউনৰ এডটোৱে মোৰ বিশ্বাসত মৌ ঢালি দিলে। 

ইফালে ফোনৰ সিপাৰে এতিয়াও থকা মা’য়ে হাঁ‌হি ৰখাব পৰা নাই। মাক জীয়েকে উশাহ বন্ধ হোৱালৈকে হাঁ‌হিলোঁ।

এওঁ মোৰ ফালে চাই গহীনাই ক’লে,

: এতিয়া মা’ক আলিয়া কোন হয় সেইটোও বুজাই দিয়া?

এওঁৰ ফালে মুখ বেকা কৰি মই লগালগ মা’ক সুধিলোঁ, মায়ে যেনে তেনে হাঁ‌হি ৰখাই  উত্তৰ দিলে, 

 : জানো পাই, কোননো? তহঁতৰ চুবুৰীয়া কোনোবা হয় চাগে নে তোৰ লগৰ কোনোবা?

 মাৰ কথা শুনি মোৰ মুখ মেল খাই গ’ল। ইফালে এজন হাঁহিত বাগৰি গৈছে।

 ৰ’ব! কলৈ যায় ৰাইজ? ইয়াতে শেষ নহয় মোৰ এদিনীয়া লটিঘটিৰ কাহিনী।

মোক হাঁহিব আৰু মই কি সহ্য কৰি থাকিম মনে মনে? উডতি ধৰিলোঁ নহয় চকু ডাঙৰ কৰি।

: ৰাতিটো নুশুলা ন? চকু দেখি গম পাইছোঁ‌। কোনখন বিলত লালুকী ধৰি আছিলা হেৰৌ বিজলীয়া জুক ক’ৰবাৰ।

 : ধেৎ তেৰি এইজনী ! ” ব্ৰহ্মাস্ত্ৰ” চিনেমাখন চাই দিলোঁ ঔ। যা তা বকি থাকে এই মানুহজনীয়ে।

: কি? সেইখন চিনেমা চাইহে এৰিলা মানে? কৈছিলোঁ‌ নহয় নেচাবলে! মই ৱালত মূৰ খুন্দিয়াব বাকি সেইখন চায়।

: সেইকাৰণেটো চাব মন গ’ল! মোৰ প্ৰিয় চিনেমা হৈ পৰিল, তোমাৰ পৰা সেই ৱালৰ আবেগ গম পায়। তাতে তোমাৰ আলিয়া আৰু তাইৰ গিৰিয়েকো নাই জানো অভিনয়ত?

: কি? মুখতে কি বুৰবুৰাই থাকাহে?

: একো নাই কোৱা হেৰৌ’ কালি ৰূপিনী নাৰী। মাত্ৰ টেনচনত আছোঁ বৰ্তমান!

: কিহৰ টেনচন মই থাকোঁ‌তে ? 

: তোমাতকে ডাঙৰ টেনচনটো হৈছে, ব্ৰহ্মাস্ত্ৰ পাৰ্ট ২ ওলাব বোলে?

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    হা হা। জমনী দেই

    Reply
  • অৰবিন্দ গোস্বামী

    ভাল লাগিল।আৰু বা কোন কোন জন্ম হ’বলৈ আছে ডাউন টাউনত!!

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *