ফটাপ্ৰেম-মাহমুদা বেগম
এনেই আমাৰ দুয়োজনৰে যোৰাটো হৰ-গৌৰী, হীৰ-ৰাঞ্জা, লেইলা-মজনুতকৈ কোনো গুণে কম নহয়। সেইবুলি হৰ-গৌৰী জগতৰ সৰ্বেসৰ্বা হ’লেও স্বামী-স্ত্ৰী যেতিয়া অলপতো উখনা-উখনি লাগিবয়েই ন? লেইলা-মজনু, হীৰ-ৰাঞ্জাৰ অমৰ প্ৰেম হ’লেও গাৰ্লফ্ৰেণ্ড-বয়ফ্ৰেণ্ড যিহেতু মাজে মাজে কাজিয়া-ভেম লাগিবয়েই দিয়কচোন? গতিকে আমিনো কোন কুটা?
আমাৰ দুয়োজনৰে মাজে মাজে এইটো কথাক লৈয়েই কটাকটি হয় যে কোনে কাক বেছি ভাল পায়। কোনে কাজিয়া লাগিলে আগতে সৰু হয়। সেইদিনাও তেনেকুৱাই অলপ চলিছিল কথাৰ কটাকটি। বাটেৰে গৈ আছোঁ৷ হঠাৎ আমাৰ বিপৰীত দিশৰ পৰা বৰ জোৰেৰে আহি থকা বাইক এখন সমুখতে বাগৰি পৰিল৷ বাইক চলোৱা ল’ৰাটো চিটিকি গৈ আন এখন গাড়ীৰ সমুখত পৰিল৷ ভাগ্যে গাড়ী চালকে ব্ৰেক মাৰি গাড়ীখন ৰখালে আৰু ল’ৰাটোৱেও যেনিবা হেলমেট পিন্ধি থকাৰ বাবে কিবাকে মূৰটো বাচিল৷ মানুহবোৰৰ মাজত হুৱা-দুৱা লাগিল৷ আমিও গাড়ী ৰখাই লৰা-লৰিকৈ ল’ৰাটোৰ ওচৰলৈ দৌৰিলোঁ৷ মূৰত পানী দি অলপ পানী খুৱাই দিলোঁ৷ দেখিলোঁ, বিশেষ আঘাত পোৱা নাই ল’ৰাটোৱে৷ আঁঠুত অলপ তেজ বিৰিঙিছে৷
অলপ স্বাভাৱিক হৈয়েই ল’ৰাটোৱে কাৰোবাক চাই কৈ উঠিল,
: এতিয়া সুখ পাইছা নহয়?
কাক কৈছে বুলি ঘূৰি চাই দেখিলোঁ ছোৱালী এজনী৷ যি বুজিব লাগে বুজিলোঁ৷ তাৰ মাজতে এজনে ছোৱালীজনীক সুধিলে,
: কিবা কাজিয়া লাগিছিলা তোমালোকে?
তাই একো নেমাতিলে৷ ল’ৰাটোৱে সেহাই সেহাই ক’লে,
: আঢ়ৈ বছৰ ভাল পাইছিলোঁ তাইক৷ এতিয়া মোক এৰি তাই বেলেগ ল’ৰাৰ পিছত ঘূৰিছে৷ মই জীয়াই থাকি কি লাভ?
ল’ৰাটোৱে ক’বলেহে পালে আমাৰ গৃহস্থই তাৰ মূৰত হাত ফুৰাই দুই গালত টিপি পুৰা নায়কোচিত ভংগীমা ধৰি ক’লে,
: হেৰা ডেকা ল’ৰা, মাত্ৰ আঢ়ৈ বছৰ প্ৰেম কৰিয়েই তোমাৰ এই গতি ? মোলে চোৱা৷ ন বছৰ ভাল পায়ো সঁহাৰি নাপালোঁ। কিন্তু মই মৰি গৈছোঁ নেকি? মই হাৰ মনা নাই। এয়া চোৱা বিয়া বাৰু পাতি মস্ত জিন্দেগী জীয়াই আছোঁ৷ কাৰোৰে কাৰণে জীয়াই থাকিব নালাগে৷ নিজৰ কাৰণে জীয়াই থাকা৷ বুজিছা?
ল’ৰাটোৱে ভেবা লাগি এওঁৰ মুখলে চালে৷ জমা হোৱা মানুহবোৰে এওঁলৈ চাই হিঃ হিঃকে হাঁহিবলে ধৰিলে৷ মোৰ অবস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ৷ ভীৰৰ মাজৰ পৰা এনেকৈ আঁতৰি আহিলোঁ যেন মই তেওঁক চিনিয়েই নাপাওঁ৷
☆ ★ ☆ ★ ☆
12:09 am
বহুত ধুনীয়া লাগিল পঢ়ি।
9:24 am
সুন্দৰ লিখনি ।