ফটাঢোল

মালিনী খুৰীৰ বেথা-মাতু কুকুৰাচোৱা

“আই অ’ পিতাই খালে ঔ” 

বাৰীৰ পিছফালৰ পৰা অহা মালিনী খুৰীৰ চিঞৰটো শুনি জুহালত থকা থানেশ্বৰী আইতাই প্ৰথমে চক্ খাই উঠিল। তেওঁ চাহপানী এবাতি খাওঁ বুলি হাতত তুলি লৈছিলহে। পিচে চিঞৰটো শুনি হাতত লৈ থকা চাহপানীটোপা হেলেকনি খাই পৰিল। 

“ঐ পুতুকণ, মাৰক এই পুৱাতে বাঘে চোঁচৰাইছে হ’ব পাই, চাগৈ যা। দুটা ল’ৰা মাক হ’লহি মৰতীজনীয়ে ছাঁটোকে বাঘ দেখা চেওটো নগ’ল আউ।” 

বিৰক্তিৰে নাতিয়েকক কথাটো কৈ আইতাই ভোৰভোৰাই থাকিল। কিন্তু আইতাৰ ভোৰভোৰণি শেষ নহ’লেই তিনিটা মান জাঁপ মাৰি মালিনী খুৰী দপদপাই আহি আইতাৰ ওচৰ পালেহি। আইতাই পুনৰ চক্ খাই খুৰীৰ মুখলৈ চাবলৈ পালেহে খুৰীয়ে মেখেলাখন কোঁচাই আইতাৰ ফালে ভৰিটো আগবঢ়াই দিলে। আইতাই কি হৈছে বুজি নাপাই খুৰীৰ ভৰিটোৰ ফালে চাওঁতেই, 

“মা ঔ, এই ডাল এই ডাল” 

কৰি খুৰী ডেওপাৰি উঠিল। তেতিয়াহে আইতাই মন কৰিলে খুৰীৰ ভৰিত এটা চুলি হেন চিনা জোকৰ পোৱালি। 

“এহ্ যা, সেইটোৱে খাই তোক  মাৰে যদি মৰগৈ যা” 

বুলি আইতাই ইফালে মূৰটো ঘূৰাবলৈ লওঁতেই, 

“কি মানুহ ঔ এইজনী জোকটো এৰুৱাই নিদিয়ে” 

বুলি খুৰীয়ে কান্দিবলৈ ধৰালে।

“কেইটা মানুহ মৰিছে অ’ জোকে খাই কোনোবা এদিনা ভয়তে যাবি তই,” 

বুলি আইতাই কথাটো ক’বলৈহে পালেহে

“এহ্ তেনেকৈ নক’ব দেই। ইমান ভয় কৰা হ’লে সেইদিনা হাঁহৰ গঁৰালত সোমোৱা ক’লা গোমটো কেনেকৈ মাৰিলোঁ?”  

খুৰীয়েও সুবিধা পাওঁতেই নিজৰ যেন ফুটনিহে জাহিৰ কৰিলে।

“আই অ’ এনে মোৰ সাহসী বোৱাৰীজনী, সেইটো মাৰি যে ফিট হৈ চোতালত পৰি আছিলি পাহৰিলি হ’ব পায়,” 

বুলি জকজকাই উঠিল আইতায়ো। খঙৰে ওচৰতে থকা চূণৰ টেমাটোৰ পৰা একটীয়া কৰি চূণপানী অকণ খুৰীৰ ভৰিত লাগি থকা জোকটোৰ গাতে ঢালি বহাৰ পৰা উঠি আহিল। হঠাতে খুৰীয়ে ভৰিটো চেঁচা পাই চাই দেখিলে জোকৰ মুখত চূণ পৰি সেইফালেই ঠৰঙা দি মাটিত পৰি আছে। সন্তোষৰ হাঁহি এটা মাৰি মালিনী খুৰীয়ে বাৰীৰ পৰা তুলি অনা হাতৰ পালেং মুঠি ধুবলৈ বুলি খৰাহীটোত লৈ জোকটো পৰি থকা ঠাইকণো চাফা কৰি পুখুৰী পাৰ পালেগৈ। 

পৰিস্থিতিয়েই মানুহক কেতিয়াবা নজনাকৈয়ে সুমেৰু জনকো কুমেৰুলৈ লৈ যায়। সেইদিনাও ভগৱানৰ কৃপাতহে অসাধ্য সাধন হোৱাৰ দৰে হ’ল। সেইদিনা ৰাতি ভাত-পানী খাই শুবলৈ লৈছিলহে মাত্ৰ। হাঁহৰ গঁৰালত ডেওপাৰি হাঁহবোৰে চিঞৰিবলৈ ধৰিলে। মালিনী খুৰীয়ে হাঁহৰ গঁৰালত হেঁপা সোমালে বুলি ভাবি হাততে দুৱাৰ ডাংডাল লৈ ওলাই আহিল। হওতে খুৰীয়ে ৰাতি বাদেই ফুট গধূলিও বাহিৰলৈ নোলায়। পিচে সেইদিনা উমনিত থকা হাঁহ দুজনীৰ মোহতে খুৰীৰ মৰসাহ বাঢ়িল। হাঁহৰ গঁৰালটো ওচৰ পাইহে ভয়ৰ ভাবটো আহিল। হাঁহকেইটাই ভয়তে গঁৰালৰ চুকত সোমাই টকটকাই আছে আৰু উমনিত থকা দুজনীয়ে পাখি মাৰি ঢপঢপাই আছে কাষতে এমেৰ হৈ পৰি থকাটোৰ ফালে চায়। খুৰীয়ে সেইটো কি বস্তু ধৰিব নোৱাৰি দিলে দুৱাৰৰ ডাঙেৰে মাৰ মাৰি, সিজনায়ো ফোঁচ কৰি ফণা দাঙি উঠিল। খুৰীয়ে “আই ঔ” বুলি আকৌ এটা মাৰ সোধালে। সেইফালে সিজনাও শুলে গঁৰালৰ ভিতৰত আৰু এইফালে খুৰী চিৎ ভলঙা খালে চোতালত। চিঞৰ-বাখৰ শুনি ঘৰৰ মানুহ ওলাই আহিহে দেখিলে, মৰ ভয়াপী মানুহজনীয়ে গঁৰালৰ ভিতৰত ক’ব নোৱাৰাকৈয়ে এটা ক’লা গোমক নিধন কৰিলে। এইফালে পিচে তেল-পানী দি মালিনী খুৰীৰ হুচ ঘূৰাই আনিবলৈ কিছু পৰ লাগিল। কথাটো মনত পৰি মালিনী খুৰীৰ বুকুখন সাত হাতমান ফুলি উঠিল। পিচে এতিয়া এইবোৰ ৰোমন্থন কৰিবলৈ খুৰীৰ হাতত সময় তেনেই কম। লৰালৰিকৈ খুৰী পুখুৰীৰ পাৰৰ পৰা পাকঘৰ পালেগৈ।

কাতিমহীয়া বেলি, ওলাবলৈহে দেৰি লাগে। কোন পাকতে গৈ পশ্চিম পাইগৈ ততকে ধৰিব নোৱাৰি। ইফালে পথাৰত আগধানে হাত বাউলি দি আছে। খুৰীয়ে লৰালৰিকৈ শাকখিনি ধুই পাকঘৰত সোমালেহি। যিহে দিনকাল হৈছে ওচৰৰ মানুহবোৰৰ লগত লগে ভাগে নগ’লে পথাৰলৈ যাবলৈকে ভয়। অকল পথাৰলৈকেনে ঘৰতনো ক’ত শান্তি আছে। চাৰিওফালে আৰ্মিৰ উপদ্ৰপ। ইফালে খুৰীয়ে হিন্দীও নাজানে। কিনো সোধে উৱাদিহেই নাপাই তেওঁ। আৰু কিবা এটা সুধিলেও উত্তৰ দিয়া বাদেই যিহে চকু সিহঁতৰ! তাতে সিখন গাঁৱৰ ভদাইৰ ঘৈণীয়েকক ঘটোৱা অঘটনৰ বাবে এতিয়া আৰ্মিক দেখিলে খুৰীৰ ভিতৰতে সৰুফেৰা কাম বাহিৰ হয়। হওতে বাৰু পৰিয়ালৰ সকলোৰে মাটিবোৰ একেলগে আছে বুলি ৰইখা। আজি মনেশ্বৰ দেতাহঁতৰ ঘৰৰ মানুহৰ লগতে যাব লাগিব। মালিনী খুৰীয়ে ভাতকেইটা ৰান্ধি থাকোঁতেও কথাটো ভাবি থাকিল। ভাত পানী হোৱাৰ পাছতে তেওঁ পথাৰলৈ নিয়া মোনাটোও সাজু কৰিলে। ঠাণ্ডা পানীৰ পৰা দুপৰীয়া ভাত সাঁজ খাই মুহুদি কৰিবলৈ বুলি শিলিখাকেইটালৈকে সামৰি ল’বলৈ কমখন কৰিব লাগেনে। 

বেলি মূৰৰ ওপৰত উঠাৰ আগতেই মালিনী খুৰীয়েও ঘৰৰ সকলোকে খুৱাই-বোৱাই আজৰি হৈ নিজেও এমুঠি খাই পথাৰলৈ ওলাল। এনেও মালিনী খুৰীৰ গিৰিয়েক বলেন দদাই কামৰ খাতিৰত ঘৰৰপৰা আঁতৰি থাকে বাবে খুৰীৰ আউল মৰা কামটো অলপ কম। পিচে দাদাই থকাকেইদিন খুৰীৰ ভয়ৰ আঁচলখনো গাত নালাগে। মানুহজনলৈ মনত পেলাই এসুঁতি নাকৰ পানী উজুৱাই খুৰী পথাৰ পালেগৈ। 

তেতিয়ালৈ পথাৰত দুই-এজনকৈ মানুহ গোট খাইছে। কোনো কোনোৱে ধানৰ মুঠিও বান্ধিলে। খুৰীয়ে নিজৰ মাটিডৰাত থিয় হৈ ইফালে সিফালে চালে। উৱা মনেশ্বৰ দেতাহঁতৰ মাটিডৰাত আজি কোনো নাই দেখোন! জানো পাই পকা ধান থৈ ঘৰতনো কেনেকৈ থাকে বুলি মুখৰ ভিতৰতে নিজকে নিজেই কৈ মালিনী খুৰীয়ে দদাইৰ পুৰণি হাতদীঘল চোলাটো গাত সুমুৱাই ল’লে। মূৰতো আৰু মুখখন ঢাক খোৱাকৈ কাপোৰ এখন বান্ধি মোনাটোৰ পৰা কাঁচিখন উলিয়াই লৈ আকৌ এবাৰ ঘৰৰ পিছফাললৈ চকু দিলে। কিজানি জাকজনী আহিছেই। পিচে নাই। জাকৰ ঠাইত তেওঁ বৰজনাক মনেশ্বৰকহে দেখিলে মাটিডৰাত ডাঙৰি বান্ধি থকা। হকতেও কাষতে ঘৰৰ মানুহ আছে যেতিয়া এতিয়া আৰু ভয় নাই খুৰীৰ। তেওঁ ধানৰ গছাত কাঁচিৰে ৰেপ দি মুঠিবোৰ বান্ধি গ’ল।

গুৰুম! হঠাতে অহা মাতটোত পথাৰত থকা মানুহবোৰৰ হাতৰ কাঁচি ৰৈ গ’ল। ডাঙৰী কান্ধত তুলি ঘৰলৈ অহাবোৰেও কান্ধৰ ধানভাৰ লৈয়ে শব্দৰ উৎসৰ ফালে ঘূৰি চালে। মালিনী খুৰীয়েও ঘূৰি চাই দেখিলে সিখন গাঁৱলৈ যোৱা আলিটোত কেবাখনো আৰ্মি গাড়ী। শূন্যলৈ গুলী কৰিছে আৰ্মিয়ে। মানুহবোৰে য’ৰে ধান তাতে এৰি ঘৰলৈ দৌৰিবলৈ ধৰিলে। মনেশ্বৰেও ঘৰলৈ যাবলৈ ধৰা দেখি খুৰীয়ে “দৌতা ৰ’ব ৰ’ব” বুলি হাতত কাঁচিখন লৈয়ে মনেশ্বৰৰ পিছে পিছে দৌৰি আহিল। মনেশ্বৰেও “সোনকালে আহ” বুলি আগে আগে দৌৰি গ’ল। খন্তেকতে সকলোৰে খদমদম লাগিল। কি বিচাৰি জানো আৰ্মিও পথাৰত নামি পৰাত মানুহবোৰৰ ভৰিবোৰ আৰু বেগাই চলিল। এপাকত মনেশ্বৰ মালিনী খুৰীৰ চকুৰ আগতে নোহোৱা দৰে হৈ পৰিল। “অ’ দৌতা” বুলি খুৰীয়ে জোৰকৈ চিঞৰিলে। ঘপকৈ মনেশ্বৰ নৰাৰ মাজৰ পৰা ওলাই খুৰীক “আহি থাক” বুলি নৰা আৰু ধান ফালি দৌৰিবলৈ ধৰিলে। তেওঁ খৰকৈ দৌৰা দেখি খুৰীৰ ভয় বাঢ়িল। খুৰীয়েও “মোক এৰি থৈ নাযাব ঔ দৌতা” বুলি হাতত থকা কাঁচিখন ওপৰলৈ দাঙি মনেশ্বৰৰ পিছে পিছে দৌৰিছে। কিন্তু খুৰীয়ে যিমান বেগ দিয়ে, মনেশ্বৰৰ দৌৰৰ বেগ তাৰ দুগুণ হয়। শেষত খুৰীৰ খং উঠিল। 

“কিনো মানুহ অ’ এইটো বোৱাৰীয়েকজনীক মৰিবলৈ এৰি নিজেহে বাচিবলৈ বিচাৰিছে” বুলি বৰজনাকে শুনাকৈয়ে বকি বকি আহি থাকোঁতে চকুপানী, নাকৰ পানী একাকাৰ হৈ পৰিল। নাই মনেশ্বৰৰ খবৰ নাই। একেকোবে নালীয়াৰ ঘৰৰ পুখুৰীৰ ঢাপত থকা বাঁহনিখনত ৰৈহে মনেশ্বৰে উশাহ সলালে। 

পথাৰত কিনো হৈছে বুলি ওলাই অহা নালীয়া পুখুৰীৰ পাৰতে আছিল। তেওঁ মনেশ্বৰৰ মুখলৈ নোচোৱাকৈ মালিনী খুৰীয়ে কান্দি কান্দি আহি থকা দেখি সেইফালে চায়েই ক’লে, 

: তইনো কেনেকুৱা মানুহ অ’ সেই ভয়াপী মানুহজনীক সেইসোপাৰ মাজত পৰিবলৈ এৰি থৈ আহিব লাগেনে? 

: দাইটি তই এবাৰ মোলৈ চাচোন। কি ৰূপত আহিছোঁ। এইটো ৰূপত মোক দেখিলে, আৰ্মিয়ে ধৰা আগতেই সেইজনী পথাৰতেই সিফলীয়া হ’ব বুলিহে মই পলাই আহিছোঁ।

 মনেশ্বৰে বাঁহনিৰ পৰা ওলাই আহিলতহে  নালীয়াই মনেশ্বৰলৈ চকু দিলে। হয়তো, বেচেৰাটোৰ কঁকালৰ গামোচা আৰ্মিৰ খেদাত নৰাতে লাগি ধৰি ক’ৰবাত পৰি আহিল। গাত মাত্ৰ সেই থাকিবলগীয়া দুখৰিহে আছে। এইটো ৰূপেৰে বেচেৰাই বোৱাৰীয়েক মালিনীলৈ ৰয়নো কেনেকৈ? পিচে এতিয়া মালিনীয়ে কথাষাৰ বুজিলেহে। কেইদিনলৈকে বা মনেশ্বৰৰ দোষ বখানিব ভগৱানেহে জানে। নালীয়াই মনতে আওৰালে কথাষাৰ

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *