ফটাঢোল

ভাৱৰীয়াৰ বিলৈ-মৌচুমী গগৈ

অফিচ ছুটী হোৱাৰ লগে লগে নগেনে চাইকেলখন লৈ ঘৰলৈ বুলি পোনাই দিলে ।আজি সোনকালে ঘৰ গৈ পাবগৈ লাগিব। গধূলিলৈ নামঘৰত ভাওনা আছে ।নগেনে অৰ্জুনৰ ভাও দিব,সেইটো ধেমালি কথা নেকি তাৰ কাৰণে !! কিমান কষ্টৰ মূৰকত নিজৰ সপোনৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ সুযোগ পাইছে সি!ভাওনাখন মঞ্চস্থ হোৱাৰ পিচৰেপৰাই বিমান আৰু তাৰ মাজত অৰ্জুনৰ ভাওটোৰ কাৰণে কমখন কাজিয়া হৈছে নে !শেষত যেনিবা নগেনেই ভাওটো কৰিবলৈ পালে।বিমানক সহদেৱৰ ভাওটো দিয়া হ’ল।ইয়াৰ বাবে অৱশ্যে ভাওনাখনৰ ছেক্ৰেটেৰী দাইটিৰ ঘৰত এটা মতা কুকুৰা আৰু জাতিলাও এটা দিব লগা হ’ল।বাৰু যিয়েই নহওক,অৰ্জুনৰ ভাওটোৰ আগত এইবোৰ অতি নগণ্য কথা।নগেনে চহৰৰ চৰকাৰী বিভাগ এটাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰে।অফিচতো এইকেইদিন সি কম ফুটনি মাৰি থকা নাই ।এইবাৰ সি সকলোৰে আগত নিজৰ ভাওটো ভালদৰে কৰি দেখুৱাবই লাগিব ।গাঁৱৰ ৰাইজে যাতে তাৰ অভিনয়ৰ কথা কেতিয়াও পাহৰিব নোৱাৰে,তেনেকুৱাকৈ কৰিব সি।তাৰো মান ইজ্জতৰ কথা আছে ন! কথাবোৰ ভাবি আহি থাকোঁতেই সি কেতিয়ানো ঘৰৰ নঙলামুখ পালেহি,গমেই নাপালে।

ইফালে ঘৰখনতো আজি উৎসৱমুখৰ পৰিৱেশ এটাই বিৰাজ কৰি আছে।মানুহজনীয়ে মাকৰ ঘৰৰ সকলোকে খবৰ আগতীয়াকৈ দিছে ।আগবেলাই শাহুৱেক আৰু খুলশালী দুজনী পালেহিয়েই। ইখন গাঁৱলৈ বিয়া দিয়া নগেনৰ ভনীয়েক আৰু ভনীজোঁৱায়েকো অলপ আগতে আহি পাইছেহি ।ল’ৰাটোকো মাকে স্কুলৰপৰা অহাৰ পিছতেই ভাত পানী খুৱাই শুৱাই থৈছে।কিজানি বাপেকৰ ভাও দেখাৰ আগতেই ৰাতি  টোপনি আহে সেইকাৰণেই জোৰকৈ হ’লেও শুৱাইছে।ঘৰ সোমোৱাৰ লগে লগেই সকলোৱে নগেনক ইটো সিটো যোগান ধৰিলে।নগেনৰ নিজকে আজি অফিচৰ বৰবাবু যেন অনুভৱ হ’ল।অফিচত যিদৰে বৰবাবুৰ কথাত কোনেও মাত নামাতে ঠিক সেইদৰেই আজি নগেনৰো কথা সকলোৱেই শুনিছে ।পিঠাগুড়ি কেইটামান গুড় আৰু গাখীৰেৰে ভালদৰে সানি নগেনে খাই ল’লে । ৰঙা চাহ একাপো খাই নগেনে সংলাপবোৰ অলপ আওৰাই লৈছিলহে, এনেতে মানুহগৰাকীয়ে দমৰাটো পথাৰৰপৰা অহাই নাই বুলি কোৱাত আকৌ পথাৰলৈ আগবাঢ়িল। দমৰাটো আনি গোহালিত বান্ধি ভৰি হাত ধুই অঁতাই মানে সন্ধ্যা নামিলেই ।নগেনে গাটো তিয়াই নামঘৰলৈ যাবলৈ সাজু হ’ল ।ঘৰৰ সকলোকে সোনকালেই নামঘৰলৈ যাবলৈ কৈ নগেন ওলাই গ’ল।

ইতিমধ্যে আখৰাগৃহত ভাৱৰীয়াবোৰ আহি গোট খাইছেহি ।ভবেনে  টুল এখনত বহি মেক আপ দিবলৈ সকলো সাজু কৰিছে।নগেনে পিন্ধি যোৱা কাপোৰযোৰ সলাই ভাৱৰীয়াৰ ড্ৰেছটো পিন্ধিবলৈ উলিয়াই ল’লে।তেনেতে যুধিষ্ঠিৰৰ ভাও লোৱা ৰূপমে ক’লে,

“হেৰৌ নগেন ,দাঢ়িখিনি কাটি নাহিলি কেলেই?”

 তেতিয়াহে নগেনে দাঢ়িখিনিত হাত ফুৰাই চালে।

এৰা!দাঢ়িখিনি কটাৰ কথানো সি পাহৰিব লাগে নে বাৰু! কি কৰা যায় এতিয়া?এতিয়াও সময় আছে যেতিয়া আলিমূৰৰ দীপৰ চেলুনতে দাঢ়িখিনি কাটি আহোঁগৈ বুলি নগেনে  লৰালৰিকৈ অৰ্জুনৰ ড্ৰেছটো পিন্ধি লৈ চাইকেলখন দৌৰালে ।ইফালে দীপে চেলুন বন্ধ কৰিবলৈ যো-জা কৰিছিলেই ।তেনেতে অৰ্জুনৰূপী নগেনক দেখি ক’লে ,

“উৱা ককাইদেউ,ভাওনা শেষেই হ’ল নেকি?ইমান সোনকালেই শেষ হ’ল নে? মই যাবলৈ ওলাইছিলোহে।”

“ভাওনা শেষ হোৱা নাই অ’ ।এতিয়া তোৰ লগত কথাৰ মহলা মাৰি থাকিবলৈ মোৰ অলপো সময় নাই।সোনকালে দাঢ়িখিনি চুচি দে।”

নগেনে চকীখনত বহি ক’লে।

দীপে বাতি এটাত পানী লৈ হাতেৰে দাঢ়িখিনি তিয়াই কাটিবলৈ আৰম্ভ কৰিলে।

“অ নগেন কাই ,ভাওনা আৰম্ভ হব এতিয়া।আপোনাক মাতিছে।”

বলোৱে ৰাস্তাৰপৰাই চিঞৰি ক’লে।

বলোৰ কথা শুনি নগেনে দাঢ়ি কটা সিমানতে এৰি ওচৰতে থকা গামোচাখনেৰে মুখখন মচি চাইকেলখন লৈ নামঘৰলৈ পোনাই দিলে ।ইফালে দীপৰ মেলা মুখ মেলাতেই থাকিল। 

নামঘৰত মানুহৰ ভীৰ দেখি নগেনৰ মনটো ভাল লাগি গ’ল।আজি সকলোৱেই নগেনৰ অভিনয় দেখি তাক প্ৰশংসা কৰিব ।অহাবাৰৰপৰা অৰ্জুনৰ ভাওটোৰ কাৰণে তাক কমিটিয়ে নিজেই মাতি আনিব ।সৌৱা সূত্ৰধাৰে নাট মেলিলেই। যুধিষ্ঠিৰ মঞ্চত উঠিবলৈ সাজু হ’লেই।ছেহ! মেকআপ কৰিবলৈ সময়েই নাই এতিয়া ।নগেনে এক মূহূৰ্ত্তও বিলম্ব নকৰি আখৰাগৃহৰপৰা নিজৰ ধনু কাঁড়যোৰ লৈ ভীমৰ পিছে পিছে মঞ্চত ভৰি দিলেগৈ।সকলোৱেই নগেনক দেখি ফিচিঙা ফিচিঙ কৰিবলৈ ধৰিলে।মানুহজনীয়েও দেখোন নগেনলৈ খঙেৰে চাই আছে।কথাটো কি হৈছে ,নগেনে একো বুজি নাপালে।তেনেতে নকুলৰ ভাও লোৱা প্ৰদীপে পিচফালৰপৰা শুনা নুশুনাকৈ কবলৈ ধৰিলে,

“অৰ্জুন হোৱাৰ আনন্দতে আধা দাঢ়ি কাটিবলৈ পাহৰিলি নেকি নগেন কাই?এফালে পূৰ্ণিমা আৰু আনফালে অমাৱস্যা হৈ থাকিল যে!”

প্ৰদীপৰ কথা শুনি নগেনৰ মনত পৰিল যে দীপৰ চেলুনত থাকোঁতেই বলোৰ উৎপাতত সি আধা দাঢ়ি কাটিয়েই গুচি আহিল ।এতিয়া লাজত সি কোনফালে চাব,ভাবি নাপালে।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *