লটিঘটি-নীলাক্ষী ভট্টাচাৰ্য্য
সেই সময়ত এতিয়াৰ দৰে টমটম নাছিল যি পাকতে ঘৰলৈও গাঁৱৰ ভিতৰে ভিতৰে পাৰিলে মানুহৰ ঘৰৰ চোতালেৰে ৰাস্তা বনাই ঘৰ ওলোৱাই দিব পাৰে। টেম্পো আছিল যদিও সীমিত। বাছখনৰ বাবে দৌৰা-ঢপৰা কৰি ভৰিৰ চেন্দেল চিঙি হাতত লৈ হ’লেও বাছখনৰ সময়ত বাইদেউহঁতৰ চ’কটো পাইছিলোঁ নহ’লে বাইদেৱে আকৌ এদিন ফুচুলাই আমাক ৰাখিব। ৰাতিপুৱা আঠ বাজি পঞ্চল্লিশৰ বাছখনত আমি আহিবলৈ ওলাইছিলোঁ।
পাণ জপাদি মানুহ অনাৰ পিছতো কণ্ডাক্টৰজনে কৈ আছে,
“আহক আহক খালী গাড়ী, খালী গাড়ী।”
ইফালে গাড়ীৰ ভিতৰত ভৰি ৰাখিবলৈ ঠাই নাই।
কিবাকৈ আমি দুয়োজনীয়ে কণ্ডাক্টৰজনৰ সহায়ত অলপ বাছখনৰ ভিতৰ ফালে সোমালোঁ। ইফালে কণ্ডাক্টৰে কৈ আছে,
“বাইদেউ অলপ ভিতৰ ফালে যাওক খালী আছে।”
ময়ো ক’লোঁ,
: দাদা মই নিজে মূৰটো পশ্চিমফালে আৰু বাকীখিনি পূৱফালে আছোঁ। এতিয়া আকৌ খালী গাড়ী খালী গাড়ীকৈ আছে। মই আৰু ভিতৰত গ’লে অকল হাদ্দিখিনিহে বিচাৰি পাব। নাযাওঁ আৰু মই।
এইবুলি এটা জেগাতে থাকিলোঁ। তেখেতেও মোৰ কথা শুনি একো নক’লে আৰু। মই গাড়ীখনৰ থিয় দি থকা মানুহখিনিলৈ চালোঁ- মানুহৰ এজনৰ পিঠিত অইন এজনৰ ডিঙিটো, কোনোবাই থিয় হৈছেনে দেহাটো তিনিটামান ঠাইত ভাজেই লাগিছে ধৰিবই নোৱাৰি। তথাপিও মানুহখিনিয়ে বিন্দাজ আহি আছে।
বাছখনত আহি আহি আমাৰ চ’ক পাবলৈ এটা ষ্টপেজ থাকোঁতে মই ভন্তি মোৰ আগত আছিল যিহেতু তাইক ক’লোঁ,
:তই অলপ অলপকৈ আগবাঢ়ি গৈ থাক দৰজাখনলৈ। চ’কত বেছি সময় গাড়ী নাৰাখে।
তাই ক’লে,
: মানুহ আছে দেখোন মোৰ আগত কেনেকৈ যাওঁ ইমান ঠেলা হেঁচাত।
মই ক’লোঁ,
: তই ক “চাওঁ চাইডটো দিয়কচোন” বুলি?
এইখিনিতে মোৰ কথাখিনি খটাসুৰ ল’ৰা এজনে শুনিবহে পালে আৰু সেইফালৰ পৰা কৈ উঠিল,
: চাইছোঁ দিয়া, কোৱা এতিয়া?
গাড়ীত সেইজনৰ কথা শুনা মানুহ কেইজনমানে ঢেকঢেক কৰি হাঁহিবলৈ ধৰিলে। আমিও তেওঁলোকৰ ওচৰত বৰ লাজ পালোঁ সি আমাক তেনেকৈ কৈ চোৱা বাবে। কিন্তু খং উঠাৰ লগতে আমোদো পাইছিলোঁ অলপ। আচলতে মানুহৰ ভীৰ, ঠেলা হেঁচাৰ কোবত ৰ’ব নোৱাৰি সিও তেনেকৈ কৈছিল।
পিছত যেনিবা আমাৰ চ’ক পালোঁ আৰু নামি আহিলোঁ পান জপাদি জাপি অনা মানুহখিনিৰ পিছতো খালী গাড়ীখনৰ পৰা।
☆ ★ ☆ ★ ☆
9:02 am
ভাল লাগিল তোমাৰ লটিঘটি।