ফটাঢোল

চিকতা দিৱসৰ চিকতা কথা- গায়ত্ৰী গোস্বামী অধ্যাপক 

আজি বোলে কি কয় “বিশ্ব মিতব্যয়ী দিৱস”, মানে আমাৰ চিকতা দিৱস তিৰিশ অক্টোবৰ। দিনটো কিবা নিজৰ নিজৰ লাগি গৈছে যদিও ডাল দৰিদ্ৰই কৰাইচ হৈ কৰিছোঁনো কিতো চাওঁচোন আহক। 

চিকতা হোৱাটোও কমখন মেহনতী কাৰবাৰ নহয় কিন্তু।  এইযে শুই উঠিয়েই মুখখন ধুবলৈ টুথপেষ্টটো লওঁ, সেইটোত কেনেবাকৈ অলপো থকাকৈ পেলাই নিদিয়াৰ পণ কৰা আছে। সেইবোৰেই প্ৰথমতে আঙুলিৰে যিমান পাৰোঁ চেপোঁ, পিছদিনা আঙুলি বাদ দি কটাৰীখনেৰে চেঁপি খুন্দি উলিয়াই নিজেই নিজৰ কৃতিত্বত গৰ্ব কৰোঁ। 

এইকণ গৰ্ব বহু দিনৰ পৰাই কৰি আহিছিলোঁ। 

এদিন বাটেদি আহোঁতে মন কৰিলোঁ চিনাকি এগৰাকীয়ে গাড়ীখন অগা-পিছা কৰি আছে। কি হৈছেনো বুলি ভালকৈ মন কৰাতহে দেখিলোঁ, গাড়ীৰ চকাৰ তলত টুথপেষ্টটো দি যিমান পাৰে চেঁপি চেঁপি কিবা অকণ উলিয়াবলৈ চেষ্টা কৰিছে। 

সেইদিনাই নিজৰ গৰ্বকণ ধোঁৱাহৈ উৰি গ’ল দেহি।

…….. 

লগৰে এগৰাকীক পতিদেৱে মাহেকে পষেকে দামী দামী শাৰী দিহে তৎ পায়। কথাটো কেনেকৈ সম্ভৱ তাকে সুধিলোঁ এদিন। তাইহে আচল ৰহইচটো ভাঙিলে। তাই বোলে যিদিনাই গড়আলিয়েদি যাওঁতে কোনোবা দোকানত পচন্দৰ শাৰী দেখে,  দুদিনমান ঘৰত মিতব্যয়ীতাৰ প্ৰতিমূৰ্তি হৈ পৰে। ধৰক, ভাতখোৱা কাঁহিখন এনেকৈ ধোৱে যাতে আগদিনা খোৱা ছাগলী মাংসৰ গোন্ধ পিছদিনা মাছৰ পাতত ওলাই থাকে। গোন্ধ পাই পতিদেৱে সুধিলে কয়, 

“আয়ৌ ভিমবাৰৰ যিহে দাম চৰিছে, যিমান পাৰোঁ কমকৈ খৰছ কৰি বাচনকেইটা মাঝিছোঁ। খৰছৰো কথা এটা আছে দিয়াচোন, আগতে মাহে দুটাকৈ ভিমবাৰ লাগিছিল এইবাৰ চাবা এটাই হৈ যাব।” 

এনেকৈ দুই চাৰিদিনত পতিদেৱক বিশ্বাস জন্মাই যে, তেওঁতকৈ আৰু বেছি মিতব্যয়ী পত্নী তেওঁ হাতত খাঁটি মিঠাতেলৰ চাকি জ্বলাই ঘূৰিলেও বিচাৰি নাপায়। বছ হৈ গ’ল কাম, এনেহেন মিতব্যয়ী পত্নীক হাত ধৰিবলৈ পতিদেৱৰ কেনেকৈ সৎ যাব বাৰু। 

……. 

ওচৰৰে নবৌ দুগৰাকীমানে (আজিকালি  “বৌ” বুলিহে মাতে পাই, সেয়াও চাগে একপ্ৰকাৰৰ মিতব্যয়ীতাই!) প্ৰতিদিনে খৰখেদাকৈ ওলাই যায়। খবৰলৈ গম পালোঁ, চাউল, দাইল, মিঠাতেলকে ধৰি প্ৰতিটো বস্তুৰেই দাম বৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ধৰ্ণা দিয়েগৈ ডিচি অফিচৰ সন্মুখত। কিন্তু দৌৰাদৌৰিৰ কাৰণটো বেলেগ, ধৰ্ণা কাৰ্য্যসূচীৰ আগে আগে বিউটি পাৰ্লাৰত সোমাই যায়গৈ, টিভি চিভিত ওলোৱাৰ কথা থাকেতো! 

পিচে বছৰচেৰেক আগতে চুলি কাটিলে দুশ টকাৰ ঠাইত আঠশ টকা লোৱা, পোন কৰি ৰং কৰিলে তিনিৰ ঠাইত সাত হেজাৰ লোৱা, চকু মুখ জিলিকা-জিলিক কৰি দিয়াৰ বাবত দহগুণ দাম বেছি ল’লেও সেইবোৰ দাম বৃদ্ধিৰ আওঁতালৈ নাহে কাহানিও। বিউটি প্ৰডাক্টৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ ক’ৰবাত দৰৱত দিবলৈও শুনিছে, নাইশুনা নুশুনেও। কাৰণ এই মুলুকতে চিচলে লি ফিট’ ৰ চাৰি হাজাৰ এশ টকীয়া লিপষ্টিকতকৈ আউতাৰ ডাইমেনশ্যনৰ ছহেজাৰ টকীয়া লিপষ্টিকৰ চাহিদা বেছি। 

“দাম বেছি মানেই ভাল বেছি” – এইটো টেগলাইনৰ প্ৰডাক্টৰ বজাৰ সদায়েই ৰমৰমীয়া। তাত কাৰো চকু নপৰে। নপৰাৰে কথা। নবৌহঁত সফলকাম হওক। ময়ো যাম কাইলৈৰ পৰা। 

বাকী, ঘৰখনৰ ৰণুৱা বনুৱা হালোৱা বুলিবলৈ এই একেটি প্ৰাণী ময়েই। ভালে বেয়াই যিবা টানি-টুনি চলিবলৈ আপ্ৰাণ চেষ্টা কৰি আছোঁ, এই মূল্যবৃদ্ধিৰ ঘোঁৰা দৌৰৰ দিনত কিমান দিনলৈ টানিব পাৰোঁ সেয়া নেদেখা জনেহে জানিব, মাত্ৰ আৰু অকণ কৰাইচ হ’ব পৰাকৈ শকতি দিয়ক সেইজনাই, সেয়াই একান্ত প্ৰাৰ্থনা।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *