ফটাঢোল

ফেচ মাস্কৰ কৃপা-উৰ্বশী ভাগৱতী

গোৱালপৰীয়া দিনৰে কথা। কাহিনী ভাগৱতী আৰু ভাগৱতীয়নীৰ। মধ্য অসমৰ বাসিন্দা এই দম্পতীহালৰ আচলতে গোৱালপাৰা যাত্ৰা  সপোনৰো অগোচৰ আছিল। সঁচাকৈ কিনো কৰিবলৈ যাব ইমান দূৰৰ পৰা গোৱালপাৰালৈ। কিন্তু কপালৰ লিখন জানো খণ্ডাব পাৰি। ভাগৱতীৰ চাকৰিৰ খাতিৰত গোৱালপাৰাত পদাৰ্পণ কৰিলেগৈ দুয়ো একমাত্ৰ কণমানিজনী লৈ। ঠাইখন বাৰু ধুনীয়া। কিন্তু প্ৰথম দুদিনমান ভাগৱতীয়নীয়ে কান্দিয়েই কটালে। প্ৰকৃত কথাটো আছিল ভাষা। ভাগৱতী বাৰু মধ্য অসমৰ। অলপ চলপ বুজি পায় নামনিৰ ভাষা। পিচে ভাগৱতীয়নী একেবাৰে উজনি মানে দেৰগাঁৱৰ জীয়াৰী। ক’ত বুজি পায় গোৱালপৰীয়া ভাষাটো। মন একেবাৰে বেয়া হৈ পৰিল মানুহজনীৰ। কেনেকৈ মিলামিছা কৰিব স্থানীয় মনুহৰ সৈতে তাকেই ভাবি তেওঁ চিন্তাত পৰিল। ভাগৱতীৰ আকৌ বৰ বেয়া লাগে মানুহজনীয়ে মন মাৰি থাকিলে। সেয়েহে তেওঁ মানুহজনীৰ প্ৰিয় চকলেট, গোৱালপাৰাৰ বিখ্যাত মিষ্টি দৈ, মৌচুমী নামৰ জনপ্ৰিয় হোটেলখনৰ লোভনীয় চিকেন কাৰী আদি ঘৰলৈ আনি থাকিল।যাতে ভাগৱতীয়নীৰ মনটো অকণমান হ’লেও ফৰকাল হয়।

কিন্তু এই মন বেয়া লগাটো দুদিনমানলৈহে টিকি থাকিল। ব্যস্ত হৈ পৰিল ভাগৱতী ভাগৱতীয়নী দুয়ো। পুৱা সাতবজাতে ছোৱালী স্কুললৈ উলিয়াই পঠিয়াই আকৌ পাকঘৰত সোমাই পৰে তেওঁ।ভাগৱতীৰ অফিচটো আকৌ কোৱাটাৰৰ পৰা এটা চিঞৰৰ বাট। দুপৰীয়া এঘাৰ বজাত মাছৰ আঞ্জাখন টেষ্ট কৰি দিয়াহিচোন বুলি পাকঘৰৰ খিৰিকীৰে মৰা ভাগৱতীয়নীৰ মিহি চিঞৰটো ভালকৈ কাণত পৰেগৈ ভাগৱতীৰ। লাহে লাহে গোৱালপাৰা ভাল লাগি আহিবলৈ ধৰিলে ভাগৱতীয়নীৰ। মানুহটো অফিচলৈ যোৱাৰ পিছত পাছফালৰ ঘৰৰ মানুহগৰাকীৰ সৈতে মেল মাৰিব পৰা হ’লগৈ। ভাষাটোও লাহে লাহে আয়ত্ব কৰিব পৰা হ’লগৈ। মনটো মুকলি হ’ল অন্ততঃ ভাগৱতীয়নীৰ।

এই পিছফালৰ মানুহ গৰাকীৰ সৈতে মেল মাৰি থকা এদিনৰে কথা। হঠাৎ কলিং বেলটো জোৰকৈ বাজি উঠিল, কেইবাবাৰো। ভাগৱতীয়নীয়ে গম পালে ভাগৱতী নহয় সেয়া। কাৰণ তেওঁ বেলটো তিনিবাৰ বজায়। সেইটো দুয়োজনৰ মাজৰ কথাহে আকৌ দেই। এনেকৈ বাৰম্বাৰ কোনে বেল বজাইছে ভাবি ততাতৈয়াকৈ ভাগৱতীয়নী দুৱাৰ খুলিবলৈ আহিল। “হাউ, বাইদ্দেই, পেপ্পাৰ আছি নিকি…মানে ৰদ্দি পেপ্পাৰ”…টিঙিচকৈ খংটো উঠি আহিলেই নহয় মানুহজনীৰ। দৌৰি আহিছে তাতে উজুটি মুজুটি খাই। তথাপি খং সম্বৰণ কৰি নাই বুলি বিদায় দিলে ৰদ্দি পেপ্পাৰ নিয়াজনক।

এদিনৰ কথা আকৌ। ভাগৱতীয়নী ব্যস্ত পাকঘৰত।গোৱালপাৰাৰ বিখ্যাত তেলফুটি মাছ বাছি আছে। খাবলৈ সোৱাদ হ’লে কিডাল হ’ব। বাছোঁতে এপৰ যায়। তথাপি নিজৰ কামত মগ্ন হৈ আছে তেওঁ। তেনেতে বাজি উঠিল বৈদ্য জোৰেৰে কলিংবেল।উচাপ খাই উঠিল মানুহজনী। ভাগৱতী যে নহয় সেইটো খাটাং। কোন আহিল অসময়ত। ততাতৈয়াকৈ হাতখন ধুই দৌৰি আহিল ভাগৱতীয়নী। দুৱাৰখন খুলিবলৈহে পালে, মিচিককৈ হাঁহি এটাৰে সৈতে ,”হাউ বাইদো মুই, ৰদ্দি পেপ্পাৰ ৱালা”…টেমা গৰম হৈ আহিল ভাগৱতীয়নীৰ। অলপ গৰমকৈয়ে নাই বুলি দুধাৰখন ঢামকৈ মাৰি আকৌ মাছ বছা কামত ধৰিলেগৈ তেওঁ। এইদৰে এই ৰদ্দি পেপ্পাৰ ৱালাই ভাগৱতীয়নীক সময় নাই অসময় নাই অশান্তি কৰিবলৈ ধৰিলে। আনকি মানুহজনীয়ে নিজৰ নিত্যনৈমিত্তিক কামবোৰো শান্তিৰে কৰিব নোৱাৰা হ’ল। বহেহে,বাজে কলিংবেল। লৰালৰিকৈ গাত পানীকণ ঢালি ওলাই আহি দেখে দাঁত নিকটাই ৰৈ আছে ৰদ্দি পেপ্পাৰ ৱালা। তাক তেওঁ দুদিনমান টানকৈও কৈছিল আমাৰ ঘৰত পেপ্পাৰ বিচাৰি নাহিবি বুলি। নাই, ৰদ্দি পেপ্পাৰ ৱালাই যেন ভাগৱতীয়নীক মৰ কামোৰ দিম বুলিয়েই শপত লৈ জন্মগ্ৰহণ কৰিছিল। ভাগৱতীক কৈও চাইছিল মানুহজনীয়ে। তেওঁ আকৌ বোলে সেইবোৰ মানুহে তাকেই কৰি যেনে তেনে চলি আছে। সুধিলেই যেনিবা পেপাৰ আছে নেকি বুলি। তুমি নাই বুলি বিদায় দিবা। বুজিলে ভাগৱতীয়নীয়ে, লাভ নাই। গতিকে নিজেই কিবা এটা কৰিব লাগিব।

ওলাল, অতি সোনকালেই বুদ্ধি ওলাল। অন্ততঃ ভগবানে কৃপাদৃষ্টি নিক্ষেপ কৰিলে ভাগৱতীয়নীলৈ। সেইদিনা আছিল দেওবাৰ।

তিনিওটি প্ৰাণী ঘৰতে। ৰাতিপুৱাই ভাগৱতীয়নীয়ে ফৰমান জাৰি কৰিছে যে আজি দুপৰীয়াৰ খানা বাহিৰত খাব। যিহেতু গোটেই সপ্তাহটো তেওঁৰ পাকঘৰতে যায়, গতিকে আজি তেওঁ কাম নকৰে। কথা মতেই কাম। গাটো ধোৱাৰ আগতে ভাগবতীৱনীয়ে ভাবিলে আজি অকণমানটো ফেচ মাস্ককে লগোৱা যাওক। মাস্কখিনি গোটেই মুখখনত লগাই কেৱল চকু দুটা উলিয়াই ওপৰমুৱাকৈ বহি ল’লে চকী এখনত তেওঁ। তেনেতে ৰূমলৈ সোমাই আহিল ভাগৱতী।”কি ঔ” বুলি মানুহটোৱে মৰা চিঞৰটোত জাপ মাৰি উঠিল ভাগবতীয়নী। “কি লগাইছাহে এইসোপা। মই বোলো আজি ঘৰত সাক্ষাৎ যখিনী সোমাল। মানুহ মাৰিবা দেই তোমালোকে।”… কণমানিজনীয়ে বাপেকৰ  পিছফালে ৰৈ উৰাই ঘূৰাই হাঁহিছে। হাঁহি উঠিছে যদিও টান হৈ অহা ফেচ মাস্কৰ বাবে হাঁহিব পৰা নাই ভাগৱতীয়নীয়ে। কিন্তু বিজুলীৰ দৰে চমকিলে তেওঁৰ মূৰত কথা এটাই। তেওঁক এনেকৈ দেখি ভাগৱতীৰেই যেতিয়া এই দশা, তেনেহ’লে ৰদ্দি পেপ্পাৰ ৱালাৰ…

সেইদিনা ভাগৱতী আৰু ছোৱালীক উলিয়াই পঠাই ভাগৱতীয়নীয়ে দেখিলে ৰদ্দি পেপাৰৱালা কলনিৰ এঘৰত সোমাইছে। লগালগ খৰধৰকৈ ভাবি থকা মতেই সাজি কাচি সাজু হ’ল। আশা কৰা মতেই অলপ পিছতেই বাজি উঠিল কলিংবেল। দুৱাৰৰ ফাকেৰে চালে ভাগৱতীয়নীয়ে। হয়, আহিছে। ইতিমধ্যে ফেচমাস্কৰ লগতে চকুত সানি লোৱা এলেপা ডাঠ কাজলে ভাগৱতীয়নীৰ ৰূপত ৰহন সানিছে। আজি তেওঁ দুৱাৰ নুখুলিলে। দুৱাৰৰ কাষতে থকা খিৰিকীখনেৰে মুখখন সি দেখা পোৱাকৈ উলিয়াই গহীনত ,”কি লাগে ঔ”…. অলপ পৰ নিস্তব্ধতা। হঠাৎ…”বাচাও বাচাও ” ভিৰাই লৰ মৰা ৰদ্দি পেপ্পাৰ ৱালাৰ চিঞৰত ওচৰতে ৰাষ্টাৰ কাষৰ ঘূমটি দোকান দিয়া ল’ৰা দুটা তাৰ ওচৰ পালেহি। “ইটা ঘৰত ভূতনি আছে। মুই আৰু নাহে এতে”…তাৰ কথাত জুমি চালে ল’ৰা দুটাই। ইতিমধ্যে ভাগৱতীয়নীয়ে বীৰদৰ্পে নাইকিয়া হৈছে খিৰিকী মুখৰ পৰা। ল’ৰা দুটাই জানে সেইটো কাৰ কোৱাৰ্টাৰ। গতিকে ৰদ্দি পেপ্পাৰ ৱালাৰ কথাটোত বৰ গুৰুত্ব নিদি ধমকালেহে তাক সিহঁতে। সেইদিন ধৰি আৰু ভাগৱতীয়নীয়ে শান্তিৰ উশাহ লৈছে দেই। তেওঁলোকৰ ঘৰত বা কলনিততো, বাদেই ৰদ্দি পেপ্পাৰ ৱালাক ওচৰে পাজৰে ক’তো নেদেখা হ’ল তেওঁ। কথাটো কওঁতে অৱশ্যে খুব হাঁহিলে ভাগৱতীয়ে। মৰমতে ভাগৱতীয়নীক বুকুতে সাবতি লৈ মুখৰ ভিতৰতে ক’লেও, “মাই বিউটিফুল এণ্ড মষ্ট টেলেণ্টেড ওৱাইফ, লাভ ইউ”৷

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *