ব্যঙ্গ সাহিত্য এক চমু আলোকপাত-তৃষ্ণাশ্রী দত্ত
ব্যঙ্গ সাহিত্যক ইংৰাজীত “satire’ বুলি কোৱা হয়। লেটিন ‘satura’ শব্দৰ পৰা ইয়াৰ উৎপত্তি হৈছে। এৰিষ্টফাঁচ্ (Aristophauos) (446-386 BC) নামৰ গ্ৰীক নাট্যকাৰজনক ব্যঙ্গ সাহিত্যৰ জনক বুলি কোৱা হয়। সমাজৰ দুৰ্নীতি তথা ব্যক্তি বিশেষৰ চাৰিত্ৰিক বিশ্লেষণত ব্যঙ্গ সাহিত্যই এক শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজনৈতিক তথা সামাজিক প্রতিষ্ঠানসমূহৰ বিভিন্ন কাৰ্য্যকলাপৰ টিপ্পনি কৰিবলৈ ব্যঙ্গ সাহিত্যৰ ধাৰাটো প্ৰচলিত হৈছে বুলি বিভিন্ন সময়ত বিজ্ঞসকলে মত পোষণ কৰি আহিছে। মানুহৰ মূৰ্খতা বা দোষবোৰৰ উন্মোচন আৰু সমালোচনা কৰিবলৈ হাস্যৰস অতিৰঞ্জন উপহাসৰ ব্যৱহাৰ বিশেষকৈ বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপতত নতুন ধাৰণা নহয়। এই ধাৰাটো গ্ৰীক আৰু ৰোমানসকলৰ সময়ৰ পৰাই প্ৰচলিত হৈ আহিছে। সকলো ধৰণৰ ব্যঙ্গই সাহিত্য নে? নিশ্চয় নহয়। যি ব্যঙ্গ ই সমাজত যোগাত্মক প্ৰভাৱ পেলাব পাৰে, নৱচেতনাৰ উদ্দেক ঘটাব পাৰে তেনেধৰণৰ ব্যঙ্গকহে সাহিত্যৰ মৰ্যাদা দিয়া হৈছে। সাহিত্য তথা সাহিত্যিক এজনৰ দ্বায়িত্ব হৈছে সমাজক, ব্যক্তি বিশেষক সঠিক দিশত গতিশীলতা দিয়া। ব্যঙ্গ যদিও হাস্যৰস সৃষ্টিকর্তা, অলপ সাৱধান নহ’লেই কাৰোবাৰ মনত আঘাত দিব পাৰে। তেনে সাহিত্য কেতিয়াও গ্রহণযোগ্য নহয়। বিখ্যাত বুদ্ধিজীৱী ডাষ্টিন গ্রিফিক্সে লিখিছে।
satires is not viewed simply as derisive reduction and rejection, if we broaden our conception…to. include inquiry and provocation, play and display, anything from Menippean fantasy to learned anatomizing, then we can find satire’s mark not just presented in satire set pieces but woven into the fabric of several different varieties of the novel”
ব্যঙ্গ সাহিত্য হৈছে সৃজনশীলতা আৰু বুদ্ধিমত্তাৰ সংমিশ্রণ। হাস্যৰসৰ প্ৰভাৱ সমাজত সদায়ে অনবদ্য। হাস্যৰসৰ উপযুক্ত ব্যৱহাৰো এটা শিল্প।
ব্যঙ্গ সাহিত্যই বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। নৱজাগৰণৰ সময়ত ব্যঙ্গ সাহিত্যৰ ভূমিকা উল্লেখনীয়। সেই সময়ত ব্যঙ্গ সাহিত্যই সাধাৰণ জনতাক নতুনকৈ চিন্তা কৰিবলৈ তথা ভাবিবলৈ প্ৰেৰণা যোগাইছিল। এই সময় তেই সাহিত্যই আধ্যাত্মিকতাবাদৰ ধাৰাৰ পৰা ব্যক্তিবাদৰ ধাৰালৈ গতি কৰিছিল। উদাহৰণস্বৰূপে থমাছ ম’ৰেৰ বিখ্যাত উপন্যাস ইউত পিয়া, আলেকজেন্দাৰ পোপৰ কবিতা “The Rape of the Lock”, জনাথন চুইফ্টৰ গালিভাৰ ট্ৰেভেলচ’ৰ কথা উল্লেখ কৰিব পাৰি। বিখ্যাত বুদ্ধিজীৱী ৰুবেন কুইণ্টেৰ মতে,
“Renaissance satire is an epitome of the period in which it came to life, nearly very cliché that defines the period is applicable to its satire.Native elements and elements of classical revival have joint shares in its origins and growth, it offers here and there claims of innovation even as it acknowledge its debts to the past”
নৱজাগৰণৰ সময়ৰ ব্যঙ্গ সাহিত্যিক সকলে ব্যঙ্গৰ ধ্ৰুপদীয় ধাৰাটোহে বেছিকৈ ব্যৱহাৰ কৰিছিল। চাৰ ফিলিপ ছিডনিৰ ভাষাৰে তিতা কিন্তু স্বাস্থ্যকৰ যিয়ে অশান্ত মনক শান্ত কৰে। সেই সময়ৰ সাহিত্যিকসকলে ব্যঙ্গ সাহিত্যৰ বুৰঞ্জী আৰু প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁলোকে ব্যঙ্গ সাহিত্যৰ নৈতিক আৰু উপদেশমূলক ধাৰাটোক গ্ৰহণ কৰিছিল। যিটো আধুনিক ব্যঙ্গ সাহিত্যটো দেখা পোৱা যায় অসমীয়া সাহিত্যটো আধুনিক অসমীয়া ব্যঙ্গ সাহিত্যৰ ধাৰাটো হেমচন্দ্ৰ বৰুৱাদেৱে প্ৰচলন কৰিছিল (কানীয়াৰ কীৰ্তন বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী আদি)। হেমচন্দ্ৰ বৰুৱাৰ ব্যঙ্গ ৰচনাই সেই সময়ৰ অধঃপতিত অসমীয়া সমাজৰ স্বৰূপ উদ্ঘাটন কৰি সমাজ শুধৰণিৰ পথ বিছাৰিছিল – সত্যেন্দ্ৰ নাথ শৰ্মাদেৱৰ ভাষাৰে। হেমচন্দ্ৰ বৰুৱাৰ
পিছতেই নাম ল’ব লাগিব ললিত নাৰায়ণ বৰা আৰু লম্বোদৰ বৰাৰ। সদানন্দ’ নামৰ এক চৰিত্ৰৰ সৃষ্টিৰে সদানন্দৰ সদাচাৰ, সদানন্দৰ কলা ঘুমতি, সদানন্দৰ নতুন অভিধান প্ৰভৃতি ৰচনাৰে অসমীয়াৰ চৰিত্ৰ প্ৰকাশ কৰিছিল। বাঁহীৰ যোগেদি আৰম্ভ কৰি কৃপাবৰ বৰবৰুৱা নামেৰে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে এক অনন্য মাত্রা দিলে এই ধাৰাটোত। কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভোতনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি আদিৰে যথাৰ্থ অৰ্থত ব্যঙ্গ সাহিত্যক অসমীয়া সাহিত্যত প্ৰতিষ্ঠা কৰিছিল।
বেজবৰুৱাদেৱৰ পিছত দণ্ডিনাথ কলিতা (গীতাৱলী), সত্যনাথ বৰা, চন্দ্ৰধৰ বৰুৱাৰ লেখাত ব্যঙ্গ ৰসৰ আভাস পালেও ই বেজবৰুৱাদেৱৰ দৰে জনপ্ৰিয়তাৰ শাৰীলৈ নুঠিল। পিছৰ পৰ্যায়ত মহিম বৰা (বিভিন্ন গল্পত), ভবেন্দ্ৰনাথ শইকীয়াদেৱে (কল্পলোকৰ কাহিনী, প্রান্তিক আলোচনীৰ সম্পাদকৰ কোঠালিত) উচ্চ স্তৰৰ ব্যঙ্গৰ উপহাৰ দি গৈছে। ইয়াৰ বাহিৰেও মহীচন্দ্ৰ মিৰিৰ বিভিন্ন গল্প, মহেশ দেৱ গোস্বামীৰ গল্প, প্রেম নাৰায়ণ দত্তৰ ৰস মাধুৰী, আদি ৰসৰ উৎপত্তি প্রভৃতি ৰচনাটো ব্যঙ্গ সাহিত্যক আগবঢ়াই নিয়াৰ প্ৰয়াস দেখা গৈছিল।
লীলা গগৈৰ ‘কপলিং চিগা ৰেল’, ‘বিয়েৰিং চিঠি’, ‘বৃকোদৰ বৰুৱাৰ বিয়া’, প্রভৃতি গ্ৰন্থৰ লগতে, ‘ৰসেশ্বৰ হাজৰিকা’ নামেৰে পবিত্ৰ কুমাৰ ডেকাৰ বিভিন্ন ৰচনা, দিলীপ কুমাৰ দত্তৰ ‘মনে মোৰ কইনা বিচাৰে’, ‘মিছ গৌহাটী’, ৰিজু হাজৰিকাৰ বিভিন্ন গল্পত, সাম্প্ৰতিক কালত বৈদুৰ্য্য বৰুৱাৰ বিভিন্ন উপন্যাস, বিকাশ বৰুৱাৰ (ধাম, ধিচুম) আদি গ্ৰন্থৰ লগতে বিভিন্ন ৰচনাত যথাৰ্থ অৰ্থত ব্যঙ্গ সাহিত্যৰ ধাৰাবাহিকতা বিদ্যমান।
☆ ★ ☆ ★ ☆
9:31 pm
পঢ়ি ভাল পালোঁ
11:22 pm
ধন্যবাদ বা