ফটাঢোল

আইনষ্টাইনৰ আপেক্ষিকতাবাদ, সঁচা- মিছা, ইটো-সিটো বহুতো-ড° কৃষ্ণা নাথ

আইনষ্টাইনৰ আপেক্ষিকতাবাদ ক’ত কিমান প্ৰযোজ্য হৈছে বা হৈ আছে সেই জ্ঞান মোৰ মুঠেও নাই বুলি ক’ব পাৰি। কিন্তু ইয়াৰ পৰিব্যাপ্তিয়ে মানৱীয় সম্পৰ্ককো সাঙুৰিছে বুলি কিছুমানৰ পৰা অনুভৱ কৰিছোঁ। সাধাৰণভাৱে আমি অনুভৱ কৰি থকা সঁচা বা মিছাখিনিও আপেক্ষিক যেন বোধ হয়।

এদিন পানবজাৰত দহ বছৰ মানৰ মুৰত কলেজীয়া বান্ধবী এজনীক লগ পালোঁ। তেওঁ মোক দেখামাত্ৰকে ক’লে -” তুমি শকত হৈছা”। কিন্তু তেওঁ নাজানে যে এবছৰমানৰ আগতে মই আৰু বেছি শকত আছিলোঁ। গতিকে মোৰ দৃষ্টিত মই ক্ষীণাইছোঁ বোলা কথাষাৰহে সঁচা। যিটো মোৰ বান্ধবীজনীৰ বাবে মিছা। এয়া নিশ্চয় আপেক্ষিকতাবাদৰ প্ৰভাব।

আকৌ এবাৰ আমি ( আমাৰ পৰিয়ালটো) অসমৰ বাহিৰত কেইদিনমান কটাবলৈ গৈছিলোঁ। এদিন আমাৰ সৰু বিপদ এটাত বিশেষ সহায়ৰ প্ৰয়োজন হৈছিল। সহায় বিচাৰিবলৈ মোৰ মনলৈ আহিল অসমত থকা আমাৰ বাবে সদায় চিন্তা কৰা বান্ধবী এজনীৰ কথা। আমাক সহায় কৰি দিয়াৰ কথা ক’বলৈ পতিদেৱৰ চেলফোনৰ পৰা বন্ধুজনীলৈ ফোন কৰিলোঁ। কিন্তু কিবা এটা কোৱাৰ আগতে তেওঁ ক’লে যে সেই সময়ত ঘৰত ব্যস্ত থকাৰ বাবে তেওঁ কথা পাতিবলৈ অপাৰাগ। আমি আকৌ যিকোনো পৰিস্থিতিত বন্ধুৰ বিপদৰ সময়ত কথা কোৱাটো বা শুনাটোহে আগস্থান দিওঁ। গতিকে স্বাভাবিকভাৱেই আমি কিছু হতাশ হৈ অইনৰ সহায় লৈছিলোঁ।

আইনষ্টাইন জীৱিত হৈ থাকিলে তেওঁৰ কি অৱস্থা হ’লহেঁতেন এনেকুৱা কথাৰ আপেক্ষিকতাবাদৰ ব্যাপ্তি দেখি। গতিকে বান্ধবীজনীয়ে নিজৰ কথাত গুৰুত্ব দিয়াটো এশ শতাংশই শুদ্ধ আৰু আমি হতাশ হোৱা কথাটোও এশ শতাংশই শুদ্ধ বুলি ভাবিব পাৰি। শেহতীয়াভাৱে, শাৰদীয় দূৰ্গা পূজাৰ সময়ত আমাৰ পৰিয়ালৰ আপোন এজনে হোৱাটচ্ এপ যোগেৰে শুভকামনা জনালে। আমিও একেধৰণে প্ৰত্যুত্তৰ দি ভাবিলোঁ ফোন কৰিও বাৰ্তা বিনিময় কৰিব পাৰিচোন। লগে লগে চেলফোনত তেওঁৰ নম্বৰ লগালোঁ। ৰিং হৈ কাটি গ’ল। ময়ো খঙতে হোৱাটচ এপ যোগে শুভেচ্ছা দিয়া কথাটো আৰু ফোন নধৰা কাৰ্যক মহৎ কাৰ্য বুলি জনাই নিদি নোৱাৰিলোঁ। মই নাজানো এয়াও বোধহয় আপেক্ষিকতাবাদৰে পৰিব্যাপ্তি। মহান মনীষিজনৰ বিখ্যাত তত্বক হেয় কৰাৰ মানসিকতা মোৰ নাই। মাত্ৰ সেই তত্বৰ আলমত মনলৈ অহা অনুভৱ কিছুহে ব্যক্ত কৰিলোঁ। বিজ্ঞজনে মোৰ ভুল হ’লে ক্ষমা কৰিব।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *