ফটাঢোল

আপদীয়া পদ্য-জিমণি গগৈ

(১)

ফে’চবুকৰ আজৱ দুনীয়া চাবলৈ বঢ়িয়া

হ’লেও পিচে “ফ্রেণ্ড”বোৰ প্ৰায়ে ওলায় ঘূণীয়া

যাক দেখিবা গদগদ্

সলাই ৰূপ ফটাফট্

দোভাগ ৰাতি মেছেজ দিয়ে তুমি বহুত ধুনীয়া।

(২)

কোনে কাক  কিমান ভালপায়

গমিবলৈ গ’লে এদিন এৰাতি যায়

আজি বোলে যিজন আতোলতোল

কাইলৈ শুনো চকুৰ কুটা দাঁতৰ শূল

ফে’চবুকত বন্ধুত্বই ঘনাই ৰং সলায়।

(৩)

লাইক কমেণ্ট দিয়াজনে প্ৰতিদান পায়

নহ’লে কিন্তু কোনেও ঘূৰিকে নাচায়

কোনো কোনোৱে বাইট দিয়ে যেন মডেল ৰ’ল

দেখি শুনি বোলা যায় হৰি ব’ল হৰি ব’ল

বিউটিপ্লাছে ফে’চবুকৰ ৰূপত ৰহণ চৰায়। 

(৪)

বামুণ-শূদিৰ, উজনি-নামনি 

হাফপেণ্ট, কিম্বা বিয়া তোলনি

চল চাই কঁঠিয়া পাৰে

লবী পাতি বাগৰ মাৰে

ফেচবুকিয়ান বিশাৰদে সকলোতে জঁপিয়াই পৰে।

(৫)

কিছুসবে সঞ্চয় কৰে স্ক্ৰীণশ্বট ব্ৰহ্মাস্ত্ৰ

স্বাৰ্থ বিঘ্নিত হ’লেই সিঁচি দিয়ে সৰ্বত্ৰ

চলিছে এনে কলিকাল

ৰসতে নাম থোৱাই ভাল

ফে’চবুকৰ অন্য নাম দিয়া-লোৱাৰ ক্ষেত্ৰ।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to ডলী Cancel reply

Your email address will not be published. Required fields are marked *