ফটাঢোল

বিপদৰ বন্ধু-ঋতুপৰ্ণ শৰ্মা

আজি বহুদিন হ’ল ধ্যানমগ্ন ঋষিৰ দৰে আছোঁ মই। পিচে মোৰ ধ্যানে কাকো স্পৰ্শ কৰিব পৰা নাই। কাৰণ দিনে দিনে এলাগী হৈ পৰিছোঁ মই। বাৰীৰ এটা কোণত থিয় হৈ থকা মোক আজি কাৰোৰে প্ৰয়োজন নহয়।

 এটা সময় আছিল… যেতিয়া মোক সকলোৰে প্ৰয়োজন আছিল। ৰাতিপুৱা শুই উঠাৰে পৰা ৰাতি শুবলৈ যোৱালৈকে মোক সকলোৱে বিচাৰিছিল। এদিনো যদি মই মোৰ কোনো অংশ বিকল হোৱাৰ বাবে অক্ষম হৈ পৰোঁ, গোটেই পৰিয়ালৰ মানুহবোৰৰ মাজত হাহাকাৰ লাগি গৈছিল। মোৰ অবিহনে সকলো অসহায় হৈ পৰিছিল। মোক কাৰ্যক্ষম কৰি নোতোলালৈকে তেওঁলোকৰ জীৱন যাত্ৰাত যেন বাধা আহি পৰিছিল। সেয়েহে দৌৰা দৌৰিকৈ মোক কাৰ্যক্ষম কৰি তুলিছিল।

বহুদিনৰ মূৰত মোৰ ওচৰলৈ আজি পৰিয়ালটোৰ দুয়োজন পুৰুষ অৰ্থাৎ দেউতাক আৰু পুতেক কাষ চাপি আহিল। আনন্দত মোৰ হিয়াই নধৰা হ’ল। যি কি নহওক, মোৰ মূল্য বুজি পাইছে তেওঁলোকে অৱশেষত। এটা সময়ত মোক যে কিমান আদৰ কৰিছিল এওঁলোকে। মোক কেনেকৈ ৰাখিলে তেওঁলোকৰ সুবিধা হ’ব সেই লৈ তেওঁলোক খুবেই সচেতন আছিল। কেতিয়াবা মই কঠিন হৈ পৰিলে মোক ঢিলা কৰি ল’বৰ বাবে তেওঁলোকে যত্নৰ ক্ৰুটি কৰা নাছিল। কাৰণ বেছি টান হৈ থাকিলে মোক ব্যৱহাৰ কৰাত তেওঁলোকে বিশেষকৈ মহিলাসকলে যথেষ্ট অসুবিধা পাইছিল। পিচে লাহে লাহে মটৰৰ (পানী উঠোৱা মেচিন)  ব্যবহাৰ হ’বলৈ লোৱাত, তেওঁলোকৰ এই অসুবিধা কমি আহিল। কিন্তু দুই তিনিদিন ধৰি বিদ্যুত কৰ্তন  হৈ থাকিলে পুণৰ তেওঁলোক সমস্যাত পৰে।

মোৰ ওচৰলৈ আহিয়েই দুয়ো বাপেক পুতেকে মোক ভালকৈ নিৰীক্ষণ কৰাত লাগিল। দেউতাকে পুতেকক গালি পাৰিবলৈ ধৰিলে-

“ইমানকৈ কৈ থাকোঁ তোক, মিস্ত্ৰি এটা মাতি আনি দমকলটো ভাল কৰি থ’বি। নাই, মোৰ কথাৰ কোনো গুৰুত্বই নিদিয়। আজি এতিয়া গম পাইছ। আজিও যদি কাৰেণ্ট নাহে দমকল ব্যৱহাৰ কৰাৰ বাদে আৰু অন্য উপায় নাই।”

দেউতাকৰ ধমকিত পুতেকে সেমেনা সেমেনিকৈ ক’লে –

:কালি ৰাতি যিমান ডাঙৰকৈ ধুমুহা আহিছে, আজি যে কাৰেণ্ট আহিব তাৰ আশা কম। কাৰণ বহু ঠাইত গছ-গছনি আদি ভাঙি বিদ্যুতৰ তাঁৰ-খুটা আদিৰ বিস্তৰ ক্ষতিসাধন কৰিছে। গতিকে মিস্ত্ৰি এটা মাতি আনি দমকলটো ঠিক কৰি লোৱাই ভাল হ’ব।

কথা পাতি পাতি দুয়ো বাপেক পুতেক তাৰ পৰা লাহে লাহে আঁতৰি গ’ল। যিয়েই নহওক এটা কথা ভাবি ভাল লাগিছে যে মোৰ মূল্য আজি তেওঁলোকে বুজি পাইছে। কাৰণ ‘মটৰ’ৰ জৰিয়তে পানী উঠাই ‘টেপ’ ব্যৱহাৰ কৰিবৰে পৰা তেওঁলোকে মোক পাহৰিয়ে পেলাইছিল। নাপাহৰিবনো কিয়! টেপৰ জৰিয়তে পানী লাভ কৰাটো যথেষ্ট সুবিধাজনক। টেপটো খুলি দিয়াৰ লগে লগে পানী ওলাই আহে। ইফালে দমকলত হেঁচা মাৰেহে মাৰে, পানীয়েই নোলায়। সেয়েহে তেওঁলোকে আজিকালি দমকল ব্যৱহাৰ নকৰে। পিচে এটা কথা মই লক্ষ্য কৰিছোঁ, মানুহবোৰ আজিকালি যথেষ্ট এলেহুৱা হৈ পৰিছে। শাৰীৰিক পৰিশ্ৰম নোহোৱাৰ ফলত মানুহবোৰৰ শৰীৰত বেমাৰে বাহ ল’লে। আগৰ দৰে মানুহবোৰ নিৰোগী নোহোৱা হ’ল।

কিছু সময়ৰ পিছত পুতেকে এজন মিস্ত্ৰি লৈ মোৰ ওচৰ পালেহি। মিস্ত্ৰিজনে মোৰ প্ৰতিটো অংগৰ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ ধৰিলে। যিবোৰ অংগ প্ৰত্যংগ ইতিমধ্যে বিকল হৈ পৰিছিল সেইবোৰ সলাই নতুনকৈ লগাই দিয়াত মই পুণৰ প্ৰাণ পাই উঠিলোঁ। আকৌ নতুনকৈ জীৱন পালোঁ মই। আনন্দত নাচি উঠিলোঁ। মৰমৰ পৰিয়ালটোক মোৰ পানীৰে তৃষ্ণা দূৰ কৰিবলৈ সক্ষম হোৱাত বৰ ভাল লাগিল। যাবৰ পৰত দমকল ভাল কৰা মিস্ত্ৰিজনে পৰিয়ালৰ মানুহবোৰক উদ্দেশ্যি ক’লে –

“দমকলটো ভালে ৰাখিব বিচাৰিছে যদি সদায় ইয়াক ব্যৱহাৰ কৰি থাকিব। অন্যথা কেইদিনমানৰ পিছত ই পুণৰ বিকল হৈ পৰিব।”

মোৰ মনতো আজি সেই একেটা প্ৰশ্নই দোলা দিলেহি। বিপদৰ সময়ত মোৰ ওচৰলৈ দৌৰি অহা এইসকলে মোক জীয়াই ৰাখিবনে?

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *