সোনোৱালী_শৈশৱ-চিত্ৰলেখা দেৱী
সৰু কালত আইতাৰ লগত অ’লৈ- ত’লৈ যোৱাৰ কথা আগতে লিখিছোঁ। আজি আৰু কিছু কথা মনত পৰিছে। এইবাৰ তিনিচুকীয়ালৈ ওলাইছোঁ, তাকো ৰেলগাড়ীত। অলপ মজাৰ কথানে? আইতাৰ ডাঙৰ নাতিনীয়েকৰ (জীয়েকৰ জীয়েক) বিয়া। এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। আইতাক পায় কোনে? বিয়ালৈ ভালেমান দিন থাকোঁতেই টালি-টোপোলা বান্ধি ওলাল। তাৰে এটা টোপোলা আক’ মই। মোৰ বয়স পাঁচ বছৰমানহে বোলে (মায়ে কৈছিল পাছত)। সেইকাৰণে মোক যাবলৈ নিদিয়ে, তাত আইতাক আমনি কৰিমগৈ বুলি। আইতায়ো নেৰে মোক, লগত নিবই। মনে মনে ফুচুলাই আছে। মাক কৈছে,
: হেৰ’ , এই মাটিৰ নিচিনা শান্ত ছোৱালীজনীয়ে আমনি কৰিব বুলি কেলেই ভাবিছ? মোৰো লগ এটা হ’ব, ঘৰৰ মানুহবোৰো চিনি পাব, যাবলৈ দে তাইক।
তথাপিও মায়ে ফুচুলাই চাইছিল,
:জেঠায়েৰৰ ঘৰত তই ভালপোৱা বস্তুবোৰ নাৰান্ধে। কচু আৰু ঢেঁকীয়া শাকেৰে সদায় ভাত খায়; ৰাতিপুৱা কোমল চাউলৰ জলপান খায় আৰু বিস্কুট নিকিনেই। এইবোৰ খাই তই কেনেকৈ থাকিবি তাত? মোলৈ মনত পেলাই কান্দি থাকিবি।
মাৰ ফুচুলনি নৰজিল। আইতাৰ চেনেহৰ টানত মই নতুন কাপোৰ-কানি লৈ ওলালোঁ। শিমলুগুৰি জংচনত আমি ৰে’লত উঠিব লাগে। ঘৰৰ ওচৰৰ হৰি ৰিক্সাৱালাক দেউতাই আগদিনাই কৈ থৈ আহিল। তেতিয়াৰ দিনত ৰে’লত উঠিবলৈ যাবলৈ আমাৰ সকলোৰে বাবে এইখনেই সুলভ বাহন আছিল। ৰাতিপুৱা এগালমান টালি-টোপোলাৰে সৈতে আইতা আৰু মোৰ ৰিক্সাত উঠি শিমলুগুৰিলৈ যাত্ৰা আৰম্ভ হ’ল। আমাৰ ঘৰৰ পৰা ৰে’ললৈ প্ৰায় দুই কিলোমিটাৰমান বাট। আইতাই কাষত টোপোলাবোৰ থৈ মোক কোঁচত তুলি লৈছে। ৰিক্সাৰ কাষে কাষে চাইকেলত দেউতা, আমাক টিকত কাটি ৰে’লত তুলি ঘূৰি আহিব। এসময়ৰ অসমৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় হিতেশ্বৰ শইকীয়াদেৱৰ (তেতিয়া বোধকৰো বিধায়ক আছিল ) ঘৰ পোৱাৰ আগে আগে কেনেকৈ কি হ’ল নাজানো, মই ৰিক্সাৰ পৰা উফৰি আঁতৰত পৰিলোঁগৈ। বোধকৰোঁ ৰাস্তাত গাঁত আছিল আৰু মই নিচেই পাতল আছিলোঁ বাবে জোকাৰণিত নিজকে চম্ভালিবই নোৱাৰিলোঁ। তাতোতকৈ আচৰিত কথা, আইতাও মোৰ পাছতে ওফৰি গৈ মোৰ কাষতে পৰিলগৈ। মই পৰা দেখি চাগৈ ধৰিবলৈ হাত মেলিছিল। দৃশ্য দেখি ওচৰত মানুহ গোট খাই ৰিক্সাৱালাক ধৰি মাৰেই আৰু! পিচে দেউতা আৰু আইতাই কাবৌ-কোকালি কৰি হৰি কাইক বচাই আনিলে। দুয়োৰে হাত-ভৰিত দুখ পাই ছাল ছিগিল। ওচৰৰ মানুহ এঘৰলৈ নি আমাক
ভৰি-হাত ধুৱাই কিবা দৰৱ ঘঁহি দিলে। দেউতাই আমাক ঘূৰাই আনিব খুজিলে, আইতাই নামানিলে। আইতা নিৰক্ষৰ আছিল যদিও বহুত জনা-শুনা মানুহ আছিল।
যথা সময়ত আমি তিনিচুকীয়া পালোঁগৈ। জেঠুৱে ৰে’লৰ পৰা আমাক নমাই নিলেহি। জেঠাই তথা দাদা-বাইদেউহঁতৰ আদৰ-সাদৰত দিনকেইটা ভালেৰেই গ’ল। মই পিচে মনে মনে আতংকিত হৈ আছিলোঁ, মায়ে কোৱা বস্তুবোৰ খাবলৈ দিব বুলি। মোৰ খোৱাত বৰ বাচ-বিচাৰ, কেৱল ডাইল আৰু আলু-কণীহে খাওঁ। জলপান বুলিলে ৰুটিকহে বুজোঁ আৰু গাখীৰৰ সলনি চাহ-বিস্কুট খাওঁ। পিচে এদিনো মায়ে কোৱাবোৰ নিদি মই ভাল পোৱাবোৰহে খাবলৈ দিছে। বিয়া ওচৰ চাপি আহিল। বিয়াৰ আগদিনা মা-দেউতাও পালেহি। তেওঁলোক সেইদিনা আহিব বুলি আগতেই গম পাওঁ। সেইবাবে বিয়াঘৰৰ হুলস্থুলৰ পৰা আঁতৰি পদূলি দেখাকৈ মই বহি আছিলোঁ। যিমানেই সকলোৱে মৰম-চেনেহ নকৰক কিয়, মালৈ মনত পৰিয়েই আছিল। অৱশ্যে মই কাকো আমনি কৰা বিধৰ নাছিলোঁ। মানুহবোৰৰ কাম-কাজবোৰ তধা লাগি চাইহে থাকিছিলোঁ। ৰিক্সা এখন ৰোৱা দেখি মই ডিঙি মেলি চালোঁ, হয়, মা আৰু দেউতা। মই ৰ’বই নোৱাৰিলোঁ, দীঘল পদূলিটো একেলৰে পাৰ হৈ ৰিক্সাৰ ওচৰ পালোঁগৈ। মা নামোতেই উশাহ নোপোৱা হৈ ক’লোঁ,
: ইয়াত ডাইল বনাই জান, একো শাকেই জেঠায়ে ভাতৰ লগত নিদিয়ে আৰু সদায়ে মোক ভাল ভাল বিস্কুট খাবলৈ দিয়ে। তই মোৰ কাৰণে এনেই ইমান চিন্তা কৰিছিলি, ইয়াৰ মানুহবোৰ বৰ ভাল।
মায়ে মোক সাৱটি ধৰিলে আৰু চকুত দুটোপাল চকুপানীও বিৰিঙি উঠা দেখিলোঁ।
☆ ★ ☆ ★ ☆
8:50 pm
ভাল লাগিল। ধন্যবাদ সুন্দৰ লেখাটোৰ বাবে।
12:24 pm
খুব ভাল লাগিল পঢ়ি