ফটাঢোল

সাতে পাঁচে বাৰৰ মহিমা অপাৰ : ধীৰাজ কুমাৰ বায়ন

প্ৰায় চল্লিছ বছৰমান আগৰ কথা। মই তেতিয়া চতুৰ্থ শ্ৰেণী মানত পঢ়োঁ। এদিন মা-দেউতাৰ লগত এঘৰত ফুৰিবলৈ গৈছিলোঁ। পিচে দহ পোন্ধৰ মিনিট মান পিছত মাক কাণত ফুচফুচাই কৈছিলোঁ, “অ’ মা, বেলেগ এঘৰলৈ যাওঁ ব’ল। ইহঁতে একো খাবলৈ-চাবলৈ নিদিয়ে দেখোন।” মায়ে মোক ধমক মাৰি চুপ-চাপকৈ বহি থাকিবলৈ ক’লে। ময়ো শিল পৰা কপৌ চৰাইটোৰ নিচিনা বহি মনতে ভাবিলোঁ, “কাৰ ঘৰলৈ গ’লে বেছিকৈ খাব পাৰিম…” এনেতে ট্ৰে’ এখনত আমাৰ তিনিওজনৰ কাৰণে প্লেটত ফুলা ফুলা লুচি আৰু আলুভাজি লৈ তেওঁলোকৰ ডাঙৰ বাজনী আহিল। তাকে দেখি ক’ব নোৱাৰাকৈয়ে মোৰ মুখত হাঁহি বিৰিঙিল। প্লেটকেইখন থোৱা মাত্ৰকে, বেছিকৈ আলুভাজি থকা প্লেটখন আগতে লোৱাৰ অংক কৰি ময়ো আগবাঢ়ি গ’লো নহয়। এনেতে মায়ে মোৰ পিনে বেকাকৈ চাই ইংগিতেৰে বুজাই দিলে “গ’লে খাব পাৰিলিহৈ”৷

সুৰুৰে পৰা মোৰ খাই ভালপোৱা মনটোৰ, খাদ্যৰ লগত যেন এক নিবিড় বন্ধুত্ব আছিল। সেয়ে হয়তো আমূলৰ টেমাৰ পৰা কোনেও গম নোপোৱাকৈ আমূল চামুচেৰে কিমান যে চোৰ কৰি খাইছিলোঁ, হিচাব নাই। তাতে আকৌ কেতিয়াবা কোনোবাই দেখিব বুলি দৌৰা দৌৰি কৈ মুখত ভৰালে তালুত লাগি থকা, সেই আমূলখিনিৰ সোৱাদ, উস্ কি অতুলনীয় আছিল!

চেনি মুঠিয়ে মুঠিয়ে খোৱাৰ উপৰিও টেমাৰ বিস্কুট উদং কৰি খাই…কি যে মজাৰ দিন অতিবাহিত কৰিছিলোঁ। এতিয়া ভাবিলেই হাঁহি উঠে। এইপিনে আলোহী অতিথি আহিলে চাহৰ লগত খাবলৈ বিস্কুট দিয়াৰ বাবে মায়ে যেতিয়া বিস্কুটৰ টেমা খুলি  এখনো বিস্কুট দেখা নাপাই, মায়ে খঙতে ফলা খৰিৰে দিয়া পুৰস্কাৰবোৰ আজিও পাহৰিব পৰা নাই৷ কেনেকৈনো পাহৰিব পাৰোঁ সেই চিৰস্মৰণীয় কথাবোৰ! মই চোৰ কৰি বিস্কুট খোৱাৰ অত্যাচাৰত, পিছলৈ মায়ে দেখাত ইংৰাজী এচ আখৰটোৰ নিচিনা কুকিজ বিস্কুটৰ লগতে ‘মদন কটকটি’ নামৰ লোকেল বিস্কুট বিধ আনি থোৱা কৰিলে। যাতে মই চোৰ কৰি বিস্কুট খালে, কৰক-মৰককৈ শব্দ উঠে আৰু তেতিয়া মায়ে মোক হাতেলোটে ধৰিব পাৰে। হ’ল বুলিনো নিজৰ ল’ৰাৰ লগত এনে কৰেনে? ময়ো মাৰহে পুতেক। মা যদি যায় ডালে ডালে, মই যাব লাগিব পাতে পাতে। সেয়ে ময়ো বিস্কুট চোৰ কৰি খোৱাৰ নতুন কৌশল উদ্ভাৱন কৰিলোঁ৷ লাহেকৈ একেবাৰে শব্দ  নোহোৱাকৈ টিনৰ টেমাৰ ঢাকনিখন খুলি বিস্কুট উলিয়াই যিমান পাৰোঁ মুখৰ ভিতৰত সুমাই, দুখনমান পকেটত ভৰায়ো লওঁ। টেমাটো লাহেকৈ বন্ধ কৰি আগৰ ঠাইত থৈ তাৰ পৰা দীঘল দীঘল খোজ দি পলাওঁ। পিছত “মুখৰ থু “বোৰেৰে বিস্কুট  ভিজাই শব্দ নোহোৱা কৰি লওঁ। তাৰ পিছত, ভগৱানে দিয়া দাঁতকেইটাৰে গুৰি কৰি বিস্কুট খোৱাৰ কি যে এক অপূর্ব তৃপ্তি! মুঠৰ ওপৰত যেনেকৈয়ে নহওক বিস্কুট খাব লাগিবই আৰু তেনেকৈ চোৰ কৰি বিস্কুট খাব পাৰিলে নিজকে কিবা প্ৰথম পুৰস্কাৰ পোৱা খেলুৱৈৰ নিচিনা গৌৰৱ অনুভৱ কৰিছিলোঁ।

আৰু আন এদিনৰ কথা, আমাৰ ঘৰত আলহী অহা বাবে দেউতাই মাছে, মঙহে একেবাৰে বেগ ভৰ্তি কৰি বজাৰ আনিছিল। মায়ে আলহী অহাৰ বাবে সোনকালে বৰ সোৱাদ কৰি ব্যঞ্জন ৰান্ধি হাঁহি হাঁহি তেওঁলোকৰ লগত আদ্দা মাৰি আছিল। এইপিনে মাংসৰ গোন্ধই মোক ৰান্ধনী ঘৰলৈ যাবলৈ বাধ্য কৰালে। বাঃ, কি সুবৰ্ণ সুযোগ। সেয়ে ৰান্ধনী ঘৰৰ ইমান সুন্দৰ নিৰিবিলি পৰিবেশৰ সদ্‌ব্যৱহাৰ কৰি মই কেৰাহীৰ মাংস প্ৰায় চাফা কৰি দিলোঁ নহয়। তাৰ পিছত সেই বছৰৰ মঞ্চসফল নৃত্য নাটিকাখন মায়ে মোৰ পিঠিখনকে ষ্টেজ বনাই সফল ৰূপায়ন কৰিলে। উস্‌!  কি সাংঘাতিক আছিল, সেই দিনটো। তেতিয়া মোৰ মুখৰ পৰা ওলোৱা বিভিন্ন ধৰণৰ চাৰে গামা পাৰ শুৱলা শব্দবোৰে ওচৰ চুবুৰীয়া বহু মানুহক দৌৰি দৌৰি আমাৰ ঘৰলৈ আহিবলৈ যেন বাধ্য  কৰাইছিল।

কিন্তু কি হ’ব! কোনোবা খকুৱাযই মাংসৰ লোভত  ধুক গিলিছিল বোধকৰো! সেয়ে ৰাতিৰ পৰা মোৰো অচল অৱস্থা হ’ল, একদম ফিচকাৰী মৰাৰ নিচিনা বেঁকাকৈ ওলাল। গোটেই ৰাতিটো ঘৰৰ পৰা অলপ দূৰত থকা শৌচাগাৰলৈ তাঁতবাটি কাঢ়ি থাকোঁতেই গ’ল৷ সেইদিনা জ্বলা জুইত যেন ঘিঁহে ঢালিলোঁ। মা আৰু দেউতাৰ মুখেৰে মাংসৰ তৰকাৰীত দিয়া সমষ্ট এম ডি এইচ মচলা শিলা বৃষ্টিহৈ মোৰ ওপৰত পৰিল।

সেয়ে কাচৰ বটল এটা পৰিস্কাৰ কৰি হাতত লৈ হস্পিটাললৈ গমন কৰিলোঁ। আলহীক মাংস ভালদৰে খুৱাব নোৱাৰা খঙত মায়ে গোটেই ৰাস্তা গালি পাৰিয়েই গৈছিল। এই পিনে পেটৰ গুৰ্‌ গুৰ্‌ শব্দ। ময়ো একান্ত বাধ্য অজলা ল’ৰাটোৰ লেখিয়া মাৰ আঙুলিত ধৰি, মাৰ মুখেৰে ওলোৱা বাণীবোৰ নিৰবে শুনি শুনি গৈ থকাৰ বাহিৰে উপায়ো নাছিল। অৱশেষত হস্পিটালত গৈ মোৰ অৱস্থাৰ বিষয়ে মায়ে ডাক্তৰক অৱগত কৰালে। ডাক্তৰজনেও পেটত টিপি টিপি চাই সেই সময়ৰ ডাঙৰ ডাঙৰ কাঁচৰ বটলত থকা ১২ নং ৰঙীন পনীয়া মিক্সাৰ ঔষধবিধ দিবলৈ লিখি দিলে। ময়ো কাগজৰ লগতে ঘৰৰ পৰা লৈ যোৱা বটলটো খিৰিকীৰে আগবঢ়াই দিলোঁ। কম্পাউণ্ডাৰ জনেও বটলটোত স্কেল অঁকা কাগজ এখন আঠা লগাই দিলে। নতুনকৈ চাকৰিত যোগদান কৰা অনভিজ্ঞ কম্পাউণ্ডাৰজনে বটলটোত ঔষধখিনি ভৰাই দিনত তিনিবাৰ স্কেলৰ এক ঘাতকৈ খাবলৈ দেখুৱাই দিলে। ময়ো ঔষধখিনি কোৱামতে খালোঁ যদিও, একো সুফল নাপালোঁ। উস্‌! কি যে এক বিৰম্বনা। ঘটনাটো একো বুজিব নোৱাৰিলোঁ। মায়ে পিছদিনা আকৌ গীতিমালিকা অনুস্থানটোৰ নিচিনাকৈ নিজ মুখেৰে ভোৰভোৰাই বকি বকি গালি পাৰি টানি টানি মোক হস্পিটাললৈ লৈ গ’ল। ডাক্তৰক ঘটনাটো কোৱাত, কিনো ঔষধ দিছে। তাকে সুধিবলৈ, কম্পাউণ্ডাৰজনক মাতিলে। কম্পাউণ্ডাৰ মহাশয়ে দৌৰাদৌৰিকৈ আহিল। ১২ নং পনীয়া ঔষধবিধ শেষ হোৱাৰ বাবে তেওঁ হেনো বহু চিন্তা ভাবনা কৰি ৭ আৰু ৫ নং পনীয়া ঔষধ লগ লগাই ১২ নং বনাই দিছিল বুলি ফিতাহি মাৰি ক’লে।

ময়ো তেতিয়াহে উৰহী গছৰ ওৰ বুজি পালোঁ। সেয়ে ৭নং ঔষধে কাম কৰাৰ লগে লগে দৌৰিব লগা অৱস্থা হয়। আৰু ৫নং ঔষধে কাম কৰে বাবে পুনৰ সৰ্বাত্মক বন্ধ ঘোষণা কৰা বুলি বুজি পালোঁ৷ ঔ আই! কেচটো দেখোন নগেন। সেয়ে ক’ব নোৱাৰাকৈয়ে মোৰ মুখেৰে ওলাই গ’ল, হে ভগৱান! সাতে পাঁচে বাৰ (৭+৫=১২) ৰ মহিমা অপাৰ।

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *