ফটাঢোল

ৰিণি আৰু দুৱাৰৰ বাৰ্তালাপ – কেৰেক্- কুমকুম শৰ্মাবৰুৱা

ৰিণি: উস্! এইখন কটা বতাহত খুলি খুলি যায়। নতুন গামোছাখন লগাই থৈছিলোঁ নিলে কোনোবাই সেইখন।

দুৱাৰ: সেইখন নতুন গামোছা মোৰ গাত লগাবলৈ আৰু কাপোৰ নাপালা। খালী কোঠাটোতে মাৰাই মনে মনে সাৰি-মুচি থাকে বুলিহে।

ৰিণি:এস্! মই কৰা তই ক’ত দেখিবি। মানুহবোৰ চাই ঠৰঙা দি থাকিবি। তেনেকৈয়ে থাক।

দুৱাৰ: এই, মই মোৰ কাম ঠিকেই কৰি আছোঁ। সেইবুলি কোঠাটোত বতাহ সোমাবলৈ খিৰিকীও নুখুলিলে, দুৱাৰো নুখুলিলে বতাহখিনি তোমালৈকে বেয়া হৈ পৰে।

ৰিণ: এই নুশুন নি, সিঘৰত কিমান হুলস্থূল হৈ থাকে। মই পঢ়িব পাৰোঁ নেকি?

দুৱাৰ: হাঁ হাঁ হাঁ তুমি পঢ়াৰ লগতে ম’বাইলত কি কৰি থাকা মই নেদেখোঁ বুলি ভাবিছা হ’ব পায়। আনক ফাঁকি দিয়া মানে নিজক ফাঁকি দিয়া। পঢ়িছা পঢ়া বাৰু। তাৰ মাজতে উঠি গৈ অলপ সময় ঘৰৰ কাম এখন দুখন কৰিলে তোমাৰ পঢ়া লোকচান নহয়। মাৰে কিমান কাম কৰি পঢ়িছিল তাৰ বৰ্ণনা দিবলৈ নাযাওঁ বাৰু। কিন্তু এতিয়াও কিমান কাম কৰে তুমি দেখিছানে কিবা। এতিয়া মাৰে বাহিৰত মাছ বাচি আছে, তুমি সহায় অকণ কৰি দিব পাৰা।

ৰিণি: উস্ ৰাম। মই এতিয়া সেই লেতেৰাবোৰ চুলেগৈহে হ’ব। নোৱাৰোঁ বাচিব মাছ মই। 

দুৱাৰ: কি কাম পাৰা তুমি। চকী-মেজবোৰৰ ধূলি মুচিবলৈকে শিকা নাই ইমানদিনে। আগলৈ কেনেকৈ খাবা। 

ৰিণি: তই চিন্তা কৰি ফলাব নালাগে। মই পঢ়ি-শুনি ডাঙৰ চাকৰি কৰিম। কাম কৰা মানুহ লৈ থাকিম। সেইটো মোৰ সমস্যা, তোৰ নহয়।

দুৱাৰ: থাকিবা থাকিবা বাৰু। কামকৰা মানুহ ভাল বিশ্বাসী পাবলৈকে টান আজিকালি।গৃহস্থই চাব নাজানিলে তেওঁলোকেও ভালকৈ কাম নকৰে। গৃহস্থই নিজে কাম জানিলেহে ভালকৈ কাম হৈছেনে নাই চাব পাৰিব। গতিকে এই সৰু-সুৰা কামবোৰ পঢ়াৰ পৰা উঠিও অলপ সময় কৰিব পাৰি। পঢ়াৰ আমনিও গুচিব। কাম শিকাও হ’ব। আধাঘণ্টা কাম কৰি আকৌ পঢ়িলে নতুন উদ্যমেৰে পঢ়া হয় আৰু বেছিকৈহে মনত ৰয়। আইজনী, জীৱন ইমান সহজ নহয়। জীৱনত চলিবলৈ সকলো শিকিব লাগে। পঢ়া-শুনাৰ লগতে কাম-বন অন্তত: ঘৰ-দুৱাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাখিনি আৰু অলপ ৰন্ধা-বঢ়াৰ কাম জানিব লাগে।

ৰিণি: ৰহ্, তোৰ গাত ৰং এগালমান সানি দিমহি।

দুৱাৰ: দিয়াহি দিয়াহি। কাঠবোৰ ঘূণে খাই মই মৃত্যু মুখলৈ গৈ আছোঁ। অলপ প্ৰতিপাল পালে ভালেই হ’ব দুদিনমান বেছিকৈ থাকিম। সানা, আইজনী সানা। তুমি সেই কাণত সোপাডাল মাৰি থোৱা কেলৈ অনবৰতে।

ৰিণি: গান শুনি থাকোঁ, গান শুনি থাকোঁ।বুজিলিনে।

দুৱাৰ: গান শুনি শুনিনো কি পঢ়াত মন দিব পাৰা। পঢ়োঁতে সেইডাল খুলি মোৰ গজালটোত আঁৰি থ’বা। 

ৰিণি: তই মনে মনে থাক। মোৰ স্বাধীন মনে যিটোকে ভালপায় তাকে কৰিব। তোৰ কোনো দৰকাৰ নাই। 

দুৱাৰ: ভালটো ক’লে বেয়া শুনা। ঠিক আছে নকওঁ বাৰু। খালি মোক ব্যৱহাৰ ভালকৈ কৰিবা। মা-দেউতাই মাতি থাকিলেও গম নোপোৱা কাণত সেইডাল থকাৰ কাৰণে। দুৱাৰখন অনবৰতে খিলি মাৰি নথ’বা। তোমাক বিনাকাৰণত আমনি কৰিবলৈ কোনো নোসোমায়। ঠিক জানিবা। এতিয়া ময়ো শোওঁ, তুমিও শোৱা। উপযুক্ত পৰিমাণত শুই ল’লেহে পঢ়াবোৰ মনত থাকিব।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *