আত্মপৰিচয়-চুমী মহন্ত
কম্পিউটাৰৰ মণিটৰৰ স্কিণৰ পৰা মূৰ আঁতৰাই লাহেকৈ সুধিলো: আইতা আপোনাৰ নাম?
(মানুহ গৰাকীৰ বয়স ৮৫ মান হ’ব,আধাৰ কাৰ্ডৰ বাবে আহিছে)
মোৰ প্ৰশ্নটো শুনি তেওঁ শিল পৰা কপৌ দৰে হ’ল। মই তিনিবাৰমান প্ৰশ্নটো সুধিলোঁ,কাণেৰে নুশুনা বুলি এবাৰ কাগজত লিখি, কাগজৰ টুকুৰাটোতে উত্তৰ দিবলৈ আকাৰে-ইংগিতেৰে বুজাই দিলোঁ ।তথাপি তেওঁৰ পৰা সঁহাৰি নাপালোঁ,উপায় নাপাই চকীখনৰ পৰা উঠি আহি কোনোবা লগত আহিছে নেকি চকু ফুৰালো ।তেনেতে মোৰ সহকৰ্মী বিনয়ক সুধিলো: আইতা গৰাকী কাৰ লগত আহিছে নো?
বিনয়ে ক’লে :কোনোবা ল’ৰা এজনে স্কুটীৰে নমায় থৈ যোৱা দেখিলোঁ ।পিছে কি হ’লনো?
মই আশ্চৰ্য আৰু বিৰক্তিৰে ভৰা মুখেৰে ক’লো:তেওঁ কলাই নে বোবা একো নাজানো,নামটো তিনিবাৰ সুধিলো একো সঁহাৰি নাই ।
বিনয়ে এইবাৰ আইতাগৰাকীৰ ওচৰলৈ আহি ক’লে-আইতা আপোনাক আমি কিদৰে সহায় কৰিম?(এইবাৰ আমাৰ আচৰিত হোৱাৰ পাল,কিয়নো আইতাই প্ৰথমবাৰৰ বাবে মুখ খুলি আমাক প্ৰশ্ন কৰিলে):বোপাই,তোমালোকে মোক নাম এটা দিয়াচোন?
:নাম? নামটো কিবা চিঙৰা,জিলাপী নহয় আমি দোকানৰ পৰা আনি দিম। বিনয় আৰু মই দুয়োয়ে ইজনে-সিজনৰ মুখলৈ চালোঁ ।এইবাৰ মই ক’লো : আইতা আপোনাৰ কোনোবা আত্মীয়ৰ ফোন নাম্বাৰ আছে নেকি? আমি সুধি চাম ।
:থাকোতে আছে,কিন্তু কোনেও মোৰ নামটো নাজানে,মই নিজেই পাহৰিলোঁ মোৰ যে এটা নাম আছে আৰু ই কিবা কামত আহিব পাৰে ।
মই ক’লো,কিয়? তেওঁলোকে নিশ্চয় আপোনাৰ নামটো ক’ৱ পাৰিব ।
:নাই অ’ বোপাই, এওঁ মোক সদায় হে’ৰা বুলি মাতে,ল’ৰা-ছোৱালীহালে আগতে মা-দেউতা বুলিছিল,আজিকালি অসমৰ বাহিৰত থাকিবলৈ লোৱাৰ পাছত পাপা-মাম্মী ক’বলৈ ধৰিলে,আগতে ভুঁই ৰোৱা, ঘৰুৱা কাম-বন কৰা,হাজিৰা কৰিবলৈ যোৱা গাঁৱৰ মানুহে বৰুৱানী বুলিছিল ,নিজৰ মা-দেউতাও জীয়াই থকা নাই মোৰ পৰিচয় দিবলৈ । হুমুনিয়াহ কাঢ়ি ক’লে মানুহগৰাকীয়ে।
সমস্যাটো গুৰতৰে,নাম অবিহনে আইতাৰ কাম ন’হব ।বিফল মনেৰে তেওঁ গুছি গ’ল ।
তেওঁ যোৱাৰ পাছতে বিনয় আৰু মই সমস্যাটোৰ গভীৰতালৈ সোমায় গ’লো।(সঁচাকৈয়ে এনেকৈয়ে বহু নাৰীয়ে স্বামী,ল’ৰা-ছোৱালী পৰিয়ালৰ বাবে সংগ্ৰাম কৰোঁতে পাহৰি যায় নিজৰ পৰিচয়ক জীয়াই ৰখাৰ কথা।
বৰুৱাৰ পত্নী,ৰাহুল-ৰীমাৰ মাক -এই পৰিচয়ৰ আঁৰত হেৰুৱাই পেলায় কোনোবা পিতৃ-মাতৃয়ে থোৱা মৰমৰ নামটোকে।)সেয়ে আবেলি ঘৰলৈ গৈ কলিং বেল টিপিলতে ওলাই অহা সহধৰ্মিণীলৈ চাই মাত লগালো-‘স্বপ্না আহি পালোঁ ।’ সদায় ‘হেৰা’ আহি পালোঁ বুলি শুনা স্বপ্নাই আচহুৱাভাৱে মোলৈ চালে..,কিন্তু মই তেওঁৰ চকুৰ তিৰবিৰণিত হেৰা’ৰ মাজত বিলীন হ’বলৈ ধৰা স্বপ্নাক জগাই তুলিব পাৰিলোঁ।
☆ ★ ☆ ★ ☆
8:49 am
ভাল লাগিল গল্পটো। ধন্যবাদ
9:45 pm
ভাল লাগিল।সঁচা কথাই।আনৰ বাবে জীয়াই থাকি থাকি মানুহে নিজকে পাহৰি যায়।অথচ যাৰ বাবে জীয়াই থকা যায়,তেওঁলোকো নোহোৱা হৈ যায়।