ফটাঢোল

হাস‍্যৰসৰ কবি পদ্মশ্ৰী চুৰিন্দৰ শৰ্মাৰ সৈতে সাক্ষাৎকাৰৰ কিছু সংগ্ৰহ-চৈয়দা চেমিম ইচলাম

২০১৩ চনত আমাৰ ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীযুত প্ৰণৱ মুখাৰ্জীৰ দ্বাৰা পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰা ভাৰতীয় কবি সাহিত্যিক সন্মানীয় চুৰিন্দৰ শৰ্মাৰ নাম নিশ্চয় সকলোৱে জানে। ১৯৪৫ চনত চনত হাৰিয়ানাত জন্ম গ্ৰহণ কৰা আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ পৰা স্নাতক ডিগ্ৰীধাৰী কবি চুৰিন্দৰ শৰ্মাই কৌতুক আৰু হাস্যৰসৰ বাবেই বিশেষভাৱে নিজৰ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল। পিছলৈ এনেধৰণৰ হাস্যৰসৰ সাহিত্য চৰ্চাকেই তেখেতৰ পেচা হিচাপে গ্ৰহণ কৰিছিল। সেই সময়ত দূৰদৰ্শনকেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা কিছু অনুষ্ঠানত তেখেতৰ অনুষ্ঠান উপভোগ কৰা আজিও মনত আছে।    

ভগ্নীসম ডলী তালুকদাৰৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া নৱেম্বৰ মাহৰ “ফটাঢোল আলোচনী”খনত আজি তেখেতৰ বিষয়ে দুআষাৰ লিখিবলৈ প্ৰয়াস কৰিছোঁ। বিভিন্ন মাধ্যমত প্ৰকাশ কৰা তেখেতৰ সাক্ষাৎকাৰ আৰু প্ৰশ্নোত্তৰ শিতানবোৰত তেখেতৰ কেইটামান হাস‍্যৰসিক অথচ গম্ভীৰ উত্তৰৰ আপোনালোকেও সোৱাদ লওক। নিশ্চয়কৈ আমোদ পাব।

১) প্ৰ: শৰ্মাজী, আপোনাৰ বাৰু মনত আছেনে, পোন প্ৰথমবাৰৰ বাবে আপুনি গাধ কেতিয়া দেখা পাইছিল?

শৰ্মাজী: আছে, আছে।

নিশ্চয় মনত আছে। প্ৰথমবাৰৰ বাবে মই মোৰ নিজৰ আইনাখনতে গাধটো দেখিবলৈ পাইছিলোঁ।

২) প্ৰ: শৰ্মাজী, বিবাহক বহুতেই জীৱনৰ এটা দুৰ্ঘটনা বুলি ক’ব খোজে। তেখেতসকলৰ মতে বিয়া যদি সঁচাই এটা দুৰ্ঘটনাই হয় তেন্তে “আঙঠি পিন্ধোৱা পৰ্ব”টোক আপুনি কি বুলি ক’ব?

শৰ্মাজী: সাম্ভাব্য বিপদৰ  আগজাননী। আগত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। গতিকে সাৱধানে আগবাঢ়ক। 

৩) প্ৰ: শৰ্মাজী, আজিকালি পঢ়া-শুনা বেছি জৰুৰী নে কাজিয়া?

শৰ্মাজী: পঢ়া-শুনা। কাৰণ পঢ়ি শিক্ষিত হ’লেহে অশিক্ষিত লোকসকলৰ মাজত কাজিয়া লগাব পাৰি।

৪) প্ৰ: শৰ্মাজী, মই সপোনত দেখিলোঁ যে মোৰ পকেটৰ পৰা পাঁচশ টকাৰ নোট এখন পৰি গৈছে আৰু আপুনি সেইখন উঠাইছে। এতিয়া সাৰপোৱাৰ পিছত মই আপোনাক বিচাৰি আছোঁ। মোৰ পাঁচশ টকাৰ নোটখন এতিয়াই ঘূৰাই দিয়ক আপুনি।

শৰ্মাজী: এটা কাম কৰা, তুমি এতিয়াই আকৌ শুই দিয়া। মই সপোনত পাঁচশ নহয় হাজাৰ টকাৰ নোট এখন দি দিম তোমাক। কথা দিলোঁ।

৫) প্ৰ: শৰ্মাজী, ল’ৰাবোৰে বিভিন্ন প্ৰকাৰেৰে ছোৱালীক জোকাই সিহঁতক হায়ৰাণ কৰি মাৰে। ছোৱালীয়ে ল’ৰাক হায়ৰাণ কৰিবলৈ কি কৰিব লাগিব? 

শৰ্মাজী: ল’ৰাক হায়ৰাণ কৰিবলৈ ছোৱালীয়ে একো কষ্ট কৰিব নালাগে। কেৱল বিয়া পাতি ল’লেই হ’ল। বেচেৰা নিজে নিজে হায়ৰাণ হৈ থাকিব।

৬) প্ৰ: শৰ্মাজী, মই যিজনী ছোৱালীক ভাল পাওঁ সিহঁতৰ ঘৰত দুটা কুকুৰ আছে। মই যেতিয়াই তাইৰ ঘৰলৈ যাওঁ, কুকুৰ দুটাই বৰকৈ ভুকে মোক। ভয়তে “হাত ভৰি ক’তনো লুকুৱাও” অৱস্থা হয়গৈ মোৰ। ইপিনে, মোক দেখুৱাই কুকুৰ দুটাৰো কি চাব সিহঁতৰ বাহাদুৰি..! সিহঁতেও জানে চাগৈ, প্ৰেয়সীৰ ঘৰৰ কুকুৰ যেতিয়া “ছেই”টো বাদেই টু শব্দ এটাও ক’ব নোৱাৰো মই সিহঁতক। বৰ বিপদত পৰিছোঁ। উপায় এটা দিয়ক।

শৰ্মাজী: চোৱা বোপা, একদম ভাল উপদেশ এটা দিওঁ তোমাক। তুমি এতিয়াই ইয়াৰ পৰা যোৱা আৰু কুকুৰ নথকা ঘৰ এখন বিচাৰি তোমাৰ প্ৰেমিকা ঠিক কৰি লোৱাগৈ।

৭) প্ৰ: শৰ্মাজী, আপোনাৰ পত্নীয়ে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ, আপোনাৰ মন সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ শৃংগাৰ কৰে। বিউটি পাৰ্লাৰলৈ যায়, জিমত যায়, নতুন নতুন ডিজাইনৰ কাপোৰ পিন্ধে, মেক আপ কৰে। আপুনি আপোনাৰ পত্নীক সন্তুষ্ট কৰি ৰাখিবলৈ কি কৰে?

শৰ্মাজী: পত্নীয়ে মোক সন্তুষ্ট কৰিবলৈ কৰা সকলো কামৰ খৰচ মই বহন কৰোঁ।

৮) প্ৰ: শৰ্মাজী, “ঘৰ কা মুৰ্গী দাল বৰাবৰ” বুলি যে কয়, কিয়? কি পৰিস্থিতিত?

শৰ্মাজী: ঘৰৰ মুৰ্গাই যেতিয়া ঘৰৰ মুৰ্গী এৰি চুবুৰীয়া মুৰ্গীৰ ওচৰলৈ যায়, তেতিয়া..

৯) প্ৰ: শৰ্মাজী, কোৱা হয় যে মহিলাৰ বহুত ধৈৰ্য্য শক্তি থাকে। তেনে ক্ষেত্ৰত পুৰুষৰ বিষয়ে কি ক’ব আপুনি?

শৰ্মাজী: পুৰুষকো গোটেই কম বুলি নাভাবিবা। পুৰুষৰ ওচৰতটো সেই মহিলাবোৰকেই সহিব পৰা শক্তি থাকে।

১০) প্ৰ: শৰ্মাজী, আপোনাক যদি গোলাম হ’বলৈ দিয়া হয়, তেন্তে আপুনি কাৰ গোলাম হ’বলৈ পচন্দ কৰিব- পত্নীৰ নে দেশৰ?

শৰ্মাজী: নিশ্চয়কৈ পত্নীৰ। কাৰণ, দেশৰ গোলামটো মই হয়েই।

১১) প্ৰ: শৰ্মাজী, পানৰ ওলোটা ফালে যে চূণা(চূণ) লগাই দিয়ে, চিধা ফালে কিয় নলগায়?

শৰ্মাজী: চিধা(সৰল) সদায় চিধাই। সেয়ে চিধাক কেতিয়াও চূণা লগাব(ঠগিব) নালাগে আৰু সেইকাৰণেই উল্টাফালে চূণা লগাই দিয়ে।

১২) প্ৰ: শৰ্মাজী, আপোনাৰ বয়স কিমান হৈছে ক’ব নেকি?

শৰ্মাজী: আজিৰ এই সন্মিলনত উপস্থিত থকা আটাইবোৰ ব‍্যক্তিতকৈ ময়েই আটাইতকৈ সৰু হ’ম চাগৈ। কাৰণ মই মোৰ জীৱনত কেতিয়াও খৰচৰ হিচাপ নাৰাখো। কেৱল জমাৰ হিচাপহে ৰাখোঁ। মানুহে খৰচ কৰা টকাৰ হিচাপ ৰাখে জানো? হাতত জমা থকা টকাৰহে হিচাপ ৰাখে! সেয়ে, মোৰ বয়সৰ ক্ষেত্ৰতো, খৰচ হোৱা মানে পাৰ কৰি অহা জীৱনৰ হিচাপ নাই ৰখা মই। মোৰ জীৱনৰ জমা অৰ্থাৎ আহিবলগীয়া দিনবোৰৰহে হিচাপ কৰোঁ। আৰু সেই অনুপাতে হিচাপ কৰিলে বৰ্তমান ময়েই আপোনালোকৰ মাজত আটাইতকৈ বয়সত সৰু হ’ম। 

১৩) প্ৰ: শৰ্মাজী, যিয়ে ঈশ্বৰক ভয় নকৰে তেওঁক আপুনি কি বুলি ক’ব?

শৰ্মাজী: বহুত ডাঙৰ প্ৰশ্ন সুধিছেহে…! “নাস্তিক” বুলিও একেআষাৰতে ক’ব নোৱাৰোঁ মই তেওঁক। ঈশ্বৰৰ অতি প্ৰিয়। গতিকে, এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কেনেবাকৈ ৰোষত পৰোঁ যদি..? তথাপিও কাণে কাণে কওঁ বাৰু- এই বিশ্ব ব্ৰহ্মাণ্ডত ঈশ্বৰক ভয় নকৰি থাকিব পৰা ব‍্যক্তি কেৱল এগৰাকীয়েই থাকিব পাৰে আৰু তেওঁ হৈছে “ঈশ্বৰৰ পত্নী”। এতিয়া আপুনিয়েই কওকচোন, মইনো তেখেতৰ বিষয়ে কেনেকৈ, কি বুলি উত্তৰ দিব পাৰোঁ?

১৪) প্ৰ: বিয়াৰ পিছত বিবাহিত মহিলাৰ মাঙ্গ(সেওঁতা)ত সেন্দূৰ লোৱাটো এটা অবিচ্ছেদ্য আৰু বাধ‍্যতামূলক ৰীতি। পৰম্পৰাগতভাৱে এনেদৰেই চলি আহিছে। কিন্তু, পুৰুষৰ ক্ষেত্ৰত ইয়াৰ ব‍্যতিক্ৰম কিয়? পুৰুষেওতো বিবাহিতৰ চিন হিচাপে নিজৰ মাঙ্গ(সেওঁতা)ত সেন্দূৰ ল’ব পাৰিলেহেঁতেন..! 

শৰ্মাজী: চোৱা, পুৰুষসকল বিয়াৰ পিছত নিজৰ স্ত্ৰীৰ প্ৰতিটো মাঙ্গ(ইচ্ছা-আকাংক্ষা) পূৰণ কৰিবৰ বাবেহে। নিজৰ মাঙ্গ(সেওঁতা)ত সেন্দূৰ লোৱাৰ তেওঁলোকৰ কোনো দৰকাৰ নাই।  

১৫) প্ৰ: শৰ্মাজী,  ম’হে কিয় গাখীৰ দিয়ে?

শৰ্মাজী: আৰে ভাই, ম’হে যদি গাখীৰ নিদিলেহেঁতেন, তেন্তে আপুনিয়েই কওকচোন, এই কিচকিচিয়া কলীজনীক কোনেনো নিজৰ ঘৰত স্থান দিলেহেঁতেন বাৰু?

১৬) প্ৰ: শৰ্মাজী, আপুনি যদি ৰাস্তাত গৈ থাকোঁতে হঠাতে ৰাখী সাৱন্তক লগ পায়, কি কৰিব?

শৰ্মাজী: আৰে ভাই, মইটো মোৰ নিজৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখিব লাগিব ন? সেইকাৰণে, এক মুহূৰ্তও পলম নকৰি লগে লগে মোৰ হাতত তেওঁৰ দ্বাৰা ৰাখী বন্ধাই ল’ম।

১৭) প্ৰ: শৰ্মাজী, ধৰি লোৱা হ’ল, আপুনি এটা ৰাস্তাৰে গৈ আছে। হঠাতে আপুনি দেখিবলৈ পালে যে আপোনাৰ পত্নী আৰু প্ৰেমিকা দুয়ো কাষৰ নলাটোত পৰি আছে। আপুনি কি কৰিব?

শৰ্মাজী: কি কৰিম? লৰালৰিকৈ ঘৰমুৱা হ’ম। সিহঁতক বচাবলৈ গৈ মিছাতে নলাটোৰ লেতেৰাবিলাক গাত সানি ল’বলৈ কোনো দৰকাৰ পৰা নাই নহয় মোৰ..! 

১৮) প্ৰ: শৰ্মাজী, পুৰুষসকলৰ ফালৰ পৰা আপোনালৈ এটা প্ৰশ্ন আহিছে আৰু প্ৰশ্নটো হৈছে – পত্নীক কণ্ট্ৰোলত ৰখাৰ উপায় কেইটামান দিয়কচোন?

শৰ্মাজী: এইটো প্ৰশ্নৰ উত্তৰত মই পুৰুষসকলৰ উদ্দেশ্যে মাত্ৰ এটাহে উপায় দিব পাৰিম। এই একেটা উপায়কে অৱলম্বন কৰি আজি ইমান বছৰে মোৰ পত্নীকো মই  কণ্ট্ৰোলত ৰাখি আছোঁ। এতিয়া উপায়টো হ’ল এনেকুৱা – 

“কোনো ধৰণৰ ওজৰ আপত্তি নকৰাকৈ নিজকে আপোনাৰ পত্নীৰ কণ্ট্ৰোলত ৰাখক আপুনি।”

১৯) প্ৰ: শৰ্মাজী, আপোনাক যদি আপোনাৰ পত্নীয়ে আত্মহত্যা কৰিবলৈ কয়, আপুনি কি কৰিব?

শৰ্মাজী: কিনো কৰিম আৰু? পত্নীক সুন্দৰকৈ বুজাই ক’ম যে মই নতুনকৈ আকৌ কিয় আত্মহত্যা কৰিব লাগে? তোমাক বিয়া কৰাই অনাৰ দিনাখনেইটো আত্মহত্যা কৰিছিলো মই..! 

২০) প্ৰ: শৰ্মাজী, আপুনি যে আপোনাৰ পত্নীৰ কথা এই সন্মিলনবোৰলৈ আহি যেনেকৈ ইচ্ছা তেনেকৈ কয়, আপোনাৰ পত্নীয়ে বাৰু আপোনাৰ বিষয়ে কি ভাবে? আপোনাৰ ভয় নালাগেনে?

শৰ্মাজী: ভয় কৰিবলগীয়া কিটো আছে? মই মোৰ পত্নীৰ কথা ক’লে তেওঁ মোক লৈ কি ভাবিব? একো নকয় মোক। একো নেভাবেও। তুমিও মোৰ পত্নীক ইমান সহজ বুলি নাভাবিবা। নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল’বলৈ ইমান বুদ্ধুও নহয় তেওঁ..! কাৰণ, তেৱোঁ ভালকৈয়ে জানে যে প্ৰোগ্ৰাম কৰি পোৱা টকাকেইটাতো তেওঁৰ হাততেই জমা হ’ব..!

চুৰিন্দৰ শৰ্মাজীয়ে এবাৰ এখন হাস্য কবি সন্মিলনত এটা বৰ আমোদজনক কাহিনীৰ বৰ্ণনা কৰিছিল – শীতকাল। হাড় কঁপোৱা জাৰৰ এদিন এখন বৰপেটা-গুৱাহাটী অভিমুখী বাছত এজন ব্যক্তি বৰপেটাৰ পৰা ৰঙিয়া হৈ বাইহাটা চাৰিআলি(ঠাইৰ নাম সলনি কৰি লোৱা হৈছে)লৈ গৈ আছিল। তেওঁৰ কাষৰ চিটটোতে এগৰাকী মহিলা আহি বহিছিলহি। অচিনাকি মহিলাগৰাকীৰ গন্তব‍্যস্থল গুৱাহাটী। সদায় দেৰিলৈকে শোৱাৰ অভ‍্যাস থকা মানুহজনৰ অফিচিয়েল কাম থকা হেতুকে সোনকালে বাইহাটা চাৰিআলি গৈ পাবৰ বাবে কাহিলী পুৱাতে উঠি এইখন বাছ ধৰিব লগা হৈছে। কাম সমাপ্ত কৰি একেদিনাই ঘৰলৈকো ঘূৰি আহিব লাগিব তেওঁ। পিছে পুৱাই সোনকালে উঠিবলগীয়া হোৱাৰ বাবে মানুহজনে বাছত বহিয়েই টোপনিয়াবলৈ ধৰিলে। এনেদৰে টোপনিয়াই টোপনিয়াই বৰশী বাই থাকোতে বাৰে বাৰে মহিলাগৰাকীৰ কান্ধত হাউলি পৰিব ধৰিলে মানুহজন। অপ্ৰস্তুত হৈ পৰা মহিলাগৰাকীয়ে এবাৰ দুবাৰ হাতেৰে ঠেলি পঠিয়ালে যদিও অৱশেষত অসহ্য হৈ চিঞৰ বাখৰ আৰম্ভ কৰি দিলে। লাজ-অপমানত বিব্ৰত হৈ উপায় নাপাই আদবাটতে নামি দিলে তেওঁ। বাইহাটা চাৰিআলি পাবলৈ বৰ বেছি দূৰত্ব নাই যেতিয়া একো অসুবিধা নহ’ব বুলি বাছৰ পৰা নামি বেচেৰাই বাটৰ কাষৰ দোকানী এজনক সুধি দেখে যে ৰঙিয়াই পোৱা নাই তেওঁ এতিয়াও। ঘগ্ৰাপাৰৰ চকটো এইমাত্ৰ পাৰ হৈছে। তাতেই থিয় হৈ গুৱাহাটী, তেজপুৰ অভিমুখী তীব্ৰ বেগত আহি থকা দুখনমান বাছক হাত ডাঙি চালে। এখনো ৰখিব নোখোজে। ধীৰ গতিত ৰঙিয়ালৈ বুলি লিখা থকা বাছ কেইখনতো হাত ডাঙি চালে। তলে ওপৰে মানুহ ওলমি থকা বাবে কণ্ডাক্তৰে হাতৰ ঈঙ্গিতেৰেই “ৰখাই লাভ নাই” বুলি বুজাই দি গুছি যাবলৈ ধৰিলে। 

“ছেঃ, আজি বৰ বেয়া দিন মোৰ..!” এনেদৰে ভালেখিনি সময় ৰৈ থাকিব লগা হোৱাত আমনি লাগিল মানুহজনৰ। লাজ, অপমান, ভোক আৰু ভাগৰত জৰ্জৰিত হৈ অৱশেষত বাইহাটা চাৰিআলিলৈ যোৱা প্ৰগ্ৰেমটোকে বাতিল কৰিলে মানুহজনে। বৰপেটাৰ বাছ ধৰিবলৈ ঘগ্ৰাপাৰৰ চক অভিমুখে ওভতনি খোজ ল’লে তেওঁ। 

শৰ্মাজীয়ে উপস্থিত সুধীবৃন্দক উদ্দেশ্যি সুধিলে – এইটো কেনেকুৱা ঘটনা শুনিলেনে বাৰু? মহিলাগৰাকী কিমান কঠোৰ স্বভাৱৰ হ’ব পাৰে? বেচেৰা মানুহজনৰ গাত কিবা দোষ আছিল জানোঁ? তেওঁৰ পুৱাই শোৱাৰ পৰা উঠিব নোৱাৰা অভ‍্যাসটোৰ বাবেহে! মহিলাগৰাকীৰ এনেকুৱা ব‍্যৱহাৰৰ বাবে বেচেৰাই নিজৰ প্ৰগ্ৰেমেই বাতিল কৰিব লগাত পৰিল। 

পিচে মই আপোনালোকক এটা প্ৰশ্ন কৰিব খুজিছোঁ – এই যে ইয়াৰ ওলোটাটো হোৱা হ’লে মানে মহিলা এগৰাকীয়ে পুৰুষৰ কান্ধত শুই যোৱা হ’লে কি হ’লহেঁতেন ক’ব পাৰিবনে কোনোবাই?

বিভিন্নজনে বিভিন্ন উত্তৰ দিলে। কিন্তু শৰ্মাজীৰ এটাও উত্তৰ পছন্দ নহ’ল। কোনেও সদুত্তৰ দিব নোৱৰা দেখি অৱশেষত শৰ্মাজীয়ে নিজেই মাত লগালে,

: মই এশ শতাংশই নিশ্চিত যে মহিলাগৰাকীৰ টোপনিত ব‍্যাঘাত নজন্মিবলৈ বাইহাটা চাৰিআলিত নামিবলগীয়া মানুহজনে বাইহাটা চাৰিআলিত নানামি কান্ধখন লৰচৰ নকৰাকৈ চিধাই গুৱাহাটী গৈ পালেহেঁতেন!

ইমান পৰে একান্তমনে চুৰিন্দৰ শৰ্মাৰ কাহিনী শুনি নিঃশব্দ হৈ থকা ডাঙৰ হলঘৰটোত হাঁহিৰ গুঞ্জন উঠিল। উপস্থিত কিছু সংখ্যক লোকে তেখেতৰ ভিডিঅ কৰাত ব্যস্ত হৈ পৰিল। তাকে দেখি এইবাৰ চুৰিন্দৰ শৰ্মাৰ তেওঁলোকৰ প্ৰতি তীক্ষ্ণ বাক‍্যবাণ,  

“আৰে, আৰে, আৰে… কিয় মোৰ ভিডিঅ’ ৰেকৰ্ড কৰি আছে? কাক দেখুৱাবলৈ?”

দুগৰাকীমান অলপ স্মাৰ্ট টাইপৰ ব‍্যক্তিয়ে মাত দিলে- ঘৰত দেখুৱাবলৈ..!

শৰ্মাজী: ঘৰত দেখুৱাবলৈ কিয়..? পত্নীক লগত অনা নাই নেকি?

: নাই…!

তেওঁলোকে “নাই” বুলি ক’বলৈহে পালে, শৰ্মাজীয়ে কৌতুকৰ চলেৰে ভালদৰে এসেকা দিলে তেওঁলোকক-

নিজৰ নিজৰ পত্নীবোৰক আজি বাৰু মোৰ ভিডিঅ’ দেখুৱাই হঁহুৱাব.. কাইলৈ কি কৰিব? তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ মোৰ ওপৰত ভৰসা কৰি বিয়া কৰাই আনিছিল নেকি? যদি সঁচা পুৰুষ হোৱা নিজেই নিজৰ পত্নীক হঁহুৱাবলৈ চেষ্টা কৰা। আজি যদি নিজে তেওঁলোকৰ মুখত হাঁহি বিৰিঙাব পাৰা তেন্তে কাইলৈ কিয় অনাগত ভৱিষ্যতেও জীৱনটো বহুত সুন্দৰ হ’ব। এই মৰ্ত্যতেই স্বৰ্গবাস কৰিব পাৰিব।  

[সাক্ষাৎকাৰসমূহত তেখেতৰ হিন্দী ভাষাৰ কথোপকথনখিনি হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে যদিও অসমীয়া ভাষাত ভাৱাৰ্থ প্ৰকাশৰ বাবে বাক্যবোৰত কিছু ইফাল সিফাল কৰি সংযোজন কৰা হৈছে।]

☆ ★ ☆ ★ ☆

One comment

  • ডলী

    সুন্দৰ অনুবাদ। ধন্যবাদ বা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *