লটাৰী টিকট-নীলাক্ষি কাকতি
: কে–ৰে–ৰে-চ
বিকট শব্দ এটা কৰি বৰুৱাৰ পুৰণা স্কুটাৰখন গেটতে ৰৈ গ’ল৷ পিছৰ চিটত বহি বজাৰলৈ ওলোৱা বৰুৱানীয়ে প্ৰচণ্ড বিৰক্তিৰে মুখেৰে ভোৰভোৰাবলৈ আৰম্ভ কৰিলে৷ বৰুৱাই ৰাস্তাৰ কাষলৈ স্কুটাৰখন নি কিবাকৈ সেইখন ষ্টাৰ্ট কৰিব পাৰে নেকি চেষ্টা কৰিলে৷
: মই জানোৱেই৷ আহিবই নালাগিছিল মই আপোনাৰ লগত৷ ক’ৰবাত ওলালে সদায় একেখনেই নাটক৷ কি যে কুক্ষণত মই আপোনাৰ লগত বিয়া হৈছিলোঁ!
: হেৰা৷ মই কি জানিবুজি এইখন বেয়া কৰিছোঁ নেকি? একেখন নাটক আৰু কিমান বজাই থাকা? এই ঘৰৰ আগতো তুমি মোক কথা শুনাবলৈ নেৰা! মানুহে শুনিলে কি ভাবিব? অকণমান মোক সহায় কৰি দিয়াতো দূৰৰ কথা এ কে চেহগিলৰ দিনৰ কথাবোৰ আৰম্ভ কৰি দিয়া৷ হেৰা মই তোমাক আনিবলৈ মৰি থকা নাছিলোঁ৷ চৰকাৰী চাকৰি দেখি তোমালোকৰ পৰিয়ালৰ মানুহেহে আমাৰ বিয়াখনলৈ জোৰ দিছিল৷ এতিয়াও ইচ্ছা কৰিলে দুই-তিনিজনী চোতালত লাইন লগাই দিব পাৰোঁ৷
: কি! কি ক’লে আপুনি? মই আপোনাৰ এই মান্ধাতা যুগৰ স্কুটাৰখন মই ঠিক কৰি দিব লাগে? তাতকৈ কাৱাৰীৱালাক বিক্ৰী কৰি দিয়ক৷ দুপইচা পাব৷ আৰু আপুনি মোৰ পৰিয়ালক ধৰি কথা ক’লে? আগৰ জন্মত আপুনি চাগে তপস্যা কৰিছিল! সেয়ে মোক পালে৷ মই কি পাইছোঁ হা? বিয়াতে দিয়া দুযোৰ পাটৰ কাপোৰ! আগতে স্কুটাৰখনকে সলাই দেখুৱাওকচোন৷ পিছত ঘৈণীয়েক সলাব৷ ময়ো চাওঁ আপোনালৈ কোনজনী অপেশ্বৰী আহে!
: হেৰা ক’ৰবালৈ ওলালে মাইকী মানুহৰ কাপোৰ নোহোৱা কথাটো আৰু ভাৰত- পাকিস্তানৰ খেলত পাকিস্তান হাৰিলে তাৰ মানুহৰ ঘৰত টিভি ভঙাটো একেই কথা৷ ব’লা ব’লা৷ স্কুটাৰ ঠিক হ’ল৷ কি বজাৰ কৰিব আছে কৰাগৈ৷
: হুহ৷ এনে একেবাৰে এৰোপ্লেনখন ভাল হ’ল! মই বুলিহে আপোনাৰ লগত সংসাৰ কৰিছোঁ৷——
*
: হেৰি শুনকচোন৷
: আকৌ কি হ’ল? তোমালোক মাইকী মানুহবোৰে গিৰিয়েকক “হেৰি শুনকচোন” বুলি কোৱাৰ লগে আমাৰ বুকুত যে কিমান প্ৰাবল্যৰ ভূমিকম্প আহে জানানে?
: অনবৰতে মূৰটো চোবাই নাথাকিবচোন৷ হেৰি চাওকচোন সৌৱা তাত লটাৰীৰ টিকট বিক্ৰী হৈ আছে৷ এখন কাটো ব’লক৷
: হেৰা কাম নাই নেকি আৰু? আজিলৈকে কিমান লটাৰী টিকট কাটিলা মনত আছেনে? আজিলৈ টিকট কাটি ঘৰলৈ চামুচ এখনো আনিব পাৰিছানে? ৰাতিপুৱা খোজ কাঢ়িব গ’লেও তললৈ মূৰ তল কৰি কৰি কোনোবাই টকা পেলাই থৈ গ’ল নেকি তাকে চাই যোৱা৷ বাদ দিয়া৷ ঘৰলৈ ব’লা৷
: সেয়া৷ কেচ ৰেজিষ্টাৰ নহৌতেই জৰ্জ চাহাবে শুনানী দিলেই৷ চাওক প্ৰথম পুৰস্কাৰত বাইক দিব৷ কিজানিবা লাগেই৷ অন্তত তেতিয়া আপোনাৰ ইয়াণ্ডাবু সন্ধিৰ সময়ৰ স্কুটাৰখনে শান্তিত ৰিটায়াৰ কৰিব পাৰিব৷ নহ’লে ষ্টাৰ্ট দিওঁতেই সেইখনে যি বিননি জুৰে দেহি! তাৰ লগৰবোৰে কেতিয়াবাই কোনোবা লোহা লক্কৰৰ দোকান শুৱনি কৰিছে৷
: হ’ব হ’ব৷ তোমাৰ আখ্যান বন্ধ কৰা৷ যোৱা কাটাগৈ টিকট৷ ৰিজাল্ট দিয়াৰ দিনা খবৰটো দিবা৷ বাইকখন লৈ আনিম৷
*
: খেটেং৷
বৰুৱানীয়ে গেটখন খোলাৰ শব্দ পাই মূৰটো ওপৰ কৰি চালে৷
: অঁ বলো দেখোন! ক’ৰপৰা আহিলা?
: অঁ বাইদেউ ময়েই৷ নাই এনেই এইফালে আহিছিলোঁ৷ আপোনাক চোতালত দেখি বোলো সাউতকৈ মাত এষাৰেই দি যাওঁ৷ ভালে আছে নহয় বাইদেউ? হে হে—৷ পিচে আপুনি ভালেই পাওঁক বেয়াই পাওঁক কথা এষাৰ ক’বই লাগিব- আপুনি মানুহজনী দিনে দিনে সাংঘাতিক ধুনীয়া হৈ গৈ আছে দেই৷ এই ঠাইখিনিত আপোনাৰ লেখিয়া আৰু দ্বিতীয় এজনী নোলাব৷
: হেহ! কি যে কোৱা পাই৷ বুঢ়ীয়ে হ’লোঁ৷ এটা সময়ত অলপ ধুনীয়া আছিলোঁ বাৰু৷ আহা আহা৷ চাহ একাপ খাই যাবা দেই৷
: হয় নেকি? এনেই চাহ খাব মন নাছিল৷ পিচে আপোনাৰ আজ্ঞা মানিবই লাগিব৷ মই আকৌ লোকৰ পদূলিয়ে পদূলিয়ে সোমাই চাহ-ভাতৰ সোৱাদ লৈ থকা ভকত নহয়৷ বাৰু বাইদেউ এটা কথা কওকচোন৷ বুধবাৰে ভিনদেউৰ লগত আপোনাক বজাৰত দেখিছিলোঁ৷ লটাৰী কাউণ্টাৰৰ ওচৰত৷ কিবা কাম আছিল নেকি?
: হে হে নাই অঁ৷ অলপ ঘৰুৱা বজাৰ কৰিলোঁ৷ তাৰপিছত এটা লটাৰী টিকট কাটিলোঁ৷ নাপাওঁ বুলি জানো৷ তথাপিও মনটোৱে নামানিলে৷
: বাইদেউ৷ ভালেই কৰিলে৷ কথা এটা কওঁ নিজৰ বুলি৷ মানে মই মানুহৰ ভালটোৱেই বিচাৰোঁ সদায়৷ আপুনি এইবাৰ লটাৰীত পুৰস্কাৰ পাবই৷
: কি কোৱা! কেনেকৈ?
: বাইদেউ যদি বিশ্বাস কৰে উপায় এটা দিব পাৰোঁ৷ একেবাৰে প্ৰথম পুৰস্কাৰটো ল’ব বিচাৰিলে অলপ টকা খৰচ কৰিব লাগিব৷ তাতকৈ তলৰ কেইটাৰ কোনোবাটো জিকিব বিচাৰিলে অলপ কমতেই হ’ব৷
: কথাবোৰ জেলেপীৰ পাকৰ দৰে নকৈ অলপ পৰিষ্কাৰকৈ কোৱাচোন৷ কি কৰিব লাগিব?
: মানে বাইদেউ মই এজন বাবাজীক জানো৷ তেওঁক বিশ্বাস কৰি তেওঁ কৰিব দিয়া বিধিখিনি কৰিলে তেওঁ আপোনাৰ মনোবাঞ্ছা পূৰণ কৰি দিব৷
: সঁচানে? মোক নহ’লে সেই বাবাজীজনৰ ওচৰলৈ লৈ ব’লা৷ মাত্ৰ আমাৰ এওঁ গম পাব নালাগিব৷ এওঁ যে অলপ একাচেকা জানাই নহয়৷
: এ জানো জানো৷ মইনো কিয় ক’ব যাম? বাইকখন পালে আপোনালোকেহে উঠি ফুৰিব৷ মই মাত্ৰ চাহ মিঠাইহে খাম৷
: হ’ব হ’ব৷ হাঁহ মাৰি ভাত খোৱাম তোমাক৷ এতিয়া কোৱা বাবাজীক ক’ত কেনেকৈ লগ কৰিম? এটা কথা কিন্তু৷ লটাৰী কিন্তু জিকিবই লাগিব৷
: হে জিকিব জিকিব৷ চিন্তাই নকৰিব৷ তেওঁ কোৱা বিধান অনুসৰি নিয়মবোৰ মানি বহুতে লটাৰী জিকিছে৷ সেয়ে তেওঁক লটাৰী বাবাও নাম দিছে মানুহে৷ এটা কথা বাইদেউ৷ ভিনদেৱে কথাটো গম পালে আপোনাৰ বিপদ হ’ব ৷ সেয়ে আপুনি বাবাৰ ওচৰ যাব নালাগে৷ ময়ে যাম ৷ কি কৰিব লাগে মই তেওঁৰ পৰা জানি আহিম৷ এতিয়া টকা পাঁচ হাজাৰ দিয়ক৷ বাবাক দিবলৈ৷
: কি–কি! কি কোৱাহে? পাঁচ হাজাৰ? ক’ৰপৰা দিম মই?
: আৰে বাইদেউ৷ আপুনি দেখোন চক্ খাই গ’ল৷ ইমান দামী বাইক এখন পাবলৈ অলপ টকাতো খৰচ কৰিবই লাগিব ন? বাৰু মই বাবাক কাবৌ-কোকালি অলপ কৰিব লাগিব৷ মই তেওঁৰ পুৰণা চিনাকী৷ মানি ল’বও পাৰে! দিয়ক টকা চাৰি হাজাৰ দিয়ক৷
: হেৰা বলো৷ মোৰ নাইহে সিমান টকা লগত৷ ৰ’বাচোন তথাপিও৷ গোঁসাই থাপনাত কেইটামান টকা জমা হৈছে৷ লগতে বেগখন খুচৰি চাওঁ৷ কিমান বা ওলায়!
: চাওঁক চাওঁক৷ গডৰেজৰ কানি-কাপোৰৰ মাজতো চাওঁক৷ মাইকী মানুহে চাদৰ আৰু শাৰীৰ মাজতো টকা থয় নহয়৷ হে হে—৷ জানো আৰু দিয়কচোন৷ বিয়াপতা মতা মানুহ যেতিয়া জানো আৰু আপোনালোকৰ কথা৷
কিছুসময় পিছত-
: বলো৷ সমস্ত ঠাই খুচৰি টকা আঢ়ৈ হাজাৰহে ওলায়৷ আৰু পইচা এটাও নাই মোৰ লগত৷ কিবা এটা কৰা৷ মুঠতে এইখন সহায় কৰি দিয়া৷ বাইকখন পালে এওঁক কৈ তোমাকো সেইখন চলাব দিম দিয়া৷
: ইচ! আপুনি মোক মুচকিলত পেলাই দিলে! ইমান কম টকাত বাবাজীয়ে মন্ত্ৰ এটাও নামাৰিব৷ বাৰু হ’ব দিয়ক৷ নিজৰ বুলি ময়েই কেইটামান টকা যোগ কৰি দিম দিয়ক৷ মুঠতে আপোনালোকৰ কামত আহক৷ বাৰু বাইদেউ৷ কথাই চোবাই থাকিম নে চাহো খোৱাব?
: অহ৷ মই পাহৰিয়ে গৈছিলোঁ৷ আহা আহা ভিতৰলৈ আহা৷
**
বৰুৱানীয়ে থাপনাৰ পৰা লটাৰীৰ টিকটতো উলিয়াই বৰুৱাক টিকটতো হাতত দিলে৷
: ৱাহ৷ তুমি একেবাৰে ভগৱানৰ লগত ডাইৰেক্ট কানেকচন কৰিছা! মই মানে বাইকখন চলোৱাহে কথা৷ বাৰু হ’ব দিয়া৷ অফিচৰ পৰা আহোঁতে খবৰ এটা কৰি আহিম৷
: হ’ব দিয়ক৷ ঠাট্টা কৰিব নালাগে৷ বাইকখন কিবা মই চলামনে? ৰ’বচোন লগতে এইখিনি লৈ যাওক৷ লটাৰীৰ ৰিজাল্ট দিয়া সময়ত এই মাদুলিটো চুই থাকিব৷
: হেৰা৷ তুমি এই বাৰেভচহু কথাবোৰ বিশ্বাস কৰিবলৈ কেতিয়া এৰিবা? ক’ৰপৰা আনিলা এইটো? টকাবোৰ এনেকৈয়ে শেষ কৰা কিয়? মইহে জানো এটা টকা উপাৰ্জন কৰিবলৈ কমান মূৰৰ ঘাম মাটিত পেলাবলগীয়া হয়!
: হেৰা শুভ কাম এটাত ওলাইছে৷ নবকিবচোন৷ এতিয়া যাওক৷ মোক ফোন কৰিব৷ মই নাৰিকল দুটা চুৰুকিব যাওঁ৷ সন্ধিয়ালৈ পায়স আৰু পিঠা বনাম৷
**
সন্ধিয়া আঠটা বাজিছে৷ যিমানেই সময় গৈছে সিমানেই বৰুৱানী অধিক উৎকণ্ঠিত হৈ পৰিছে৷ কিমানবাৰ যে সৰুপানী চুইছে সীমা নাই৷ কেৱল চোতাল আৰু ঘৰ৷ বৰুৱালৈ বাৰে বাৰে ফোন কৰি আছে৷ দুবাৰমান বৰুৱাই ফোনটো কাটি দিয়াত তেওঁ অধিক চিন্তাক্লিষ্ট হৈছে৷ শেষত ভগৱানৰ নাম লৈ আকৌ এবাৰ ফোন কৰিব লওঁতেই তেওঁ গেট খোলাৰ শব্দ শুনিলে৷ প্ৰায় দৌৰি যোৱাদি গৈ তেওঁ চোতাল পালে৷ বৰুৱাই থেলি থেলি স্কুটাৰখন গেটত সোমোৱাইছে৷ ঘামি-জামি মানুহজন একাকাৰ৷
: হেৰি৷ কিয় ইমান দেৰি হ’ল? বাৰে বাৰে ফোনটো কিয় কাটি আছে? কিবা ক’বনে? লটাৰীৰ ৰিজাল্ট কি হ’ল?
: হেৰা কৈ আছোঁ৷ মোৰ অৱস্থাতো দেখিছানে? তুমিও উশাহ লোৱা আৰু মোকো উশাহ ল’বলৈ দিয়া৷ মই গা ধুই লওঁ৷ চাহ একাপ বনোৱা৷ গা বিষাই গৈছে৷
কিছুসময় পিছত বৰুৱাই গাটো ধুই ড্ৰয়িংৰুমৰ চোফাখনত বহিল৷ বৰুৱানীয়ে চাহকাপ লৈ তেওঁৰ মুখলৈ চাই আছে৷ চকুত আশিৰ তিৰবিৰণি৷
: হেৰি কিবা ক’বনে? মোৰ বুকুখনে ধপধপাই আছে৷ লটাৰীৰ খবৰ কি?
: হুম৷ লটাৰী! অফিচৰ পৰা পোনেই লটাৰীৰ ৰিজাল্ট ল’বলৈ বজাৰৰ ওচৰৰ সেই কাউন্টাৰটোৰ ওচৰলৈ গ’লোঁ৷ গৈ দেখোঁ কেইজনমানৰ মাজত গৰমা-গৰমি৷ কিবা তলকিব পৰাৰ আগতেই পুৰা মাৰপিট৷ মই অলপ দূৰলৈ গৈ স্কুটাৰখন থৈ কাউণ্টাৰৰ ওচৰলৈ আহি দেখোঁ যে কেইজনমান মানুহে এজন মানুহক পিটি পিটি আঠু কঢ়াইছে৷ মানুজনক চাই দেখোঁ যে সেয়া মৌপাৰাৰ বলোৰাম৷
: বলোৰাম? বলো! কিয় মাৰিছে সিহঁতে তাক?
: অঁ কথাটোৱে সেইটোৱেই৷ প্ৰথমে ময়ো একো ধৰিব পৰা নাছিলোঁ৷ পিছতহে আমাৰ বিপিনক দেখি তাক সোধাত উৰহী গছৰ ওৰটো পালোঁ৷ বলো বোলে কমিটিতো আছিল৷ পিচে সি লটাৰীৰ জমা হোৱা টকাবোৰৰ সৰহখিনি নিজৰ জেপত ভৰালে৷ ফলত কমিটিৰ আন মানুহে দিবলগীয়া পুৰস্কাৰসমূহ কিনিবলৈ টকা মিলাব নোৱাৰা হ’ল৷ তাক ফোন কৰিলে ফোনো নুঠাই আৰু ঘৰলৈ বিচাৰি গ’লেও পৰিয়ালৰ মানুহে নাই বুলি কয়৷ আজি তাক কেৰাকুচিৰ গুমটি এখনৰ পিছফালে দুজনমানে দেখি ধৰি লৈ আহি লটাৰী কাউণ্টাৰলৈ লৈ আহিছে যাতে টিকট লোৱা মানুহখিনিক কথাটো বুজাই ক’ব পাৰে৷
: কি–কি–! তাৰপিছত?
: তাৰপিছত আৰু কি? কমিটিৰ আন মানুহ কেইজনে তাক লপাথপা দি পুলিচক গটাই দিলে৷ সি টকাকেইটা ঘূৰাই দিম বুলি লিখিত দিছে৷ টকা ঘূৰাই দিলে টিকটৰ পইচা কমিটিয়ে মানুহক ঘূৰাই দিব৷ মাত্ৰ টিকটটো দেখুৱাব লাগিব৷ লাভৰ মূৰত মোৰহে অথন্তৰ হ’ল৷ মানুহৰ দৌৰা- ঢপৰাত মোৰ স্কুটাৰখন পৰি থাকিল৷ তাৰপিছত ষ্টাৰ্ট বন্ধ হ’ল যি হ’লেই৷ গেৰেজটো পাবলৈও যথেষ্ট দূৰ৷ সেয়ে এইখন থেলি থেলি ঘৰ পালোঁহি৷ কালি অফিচ যোৱাৰ আগেয়ে গেৰেজৰ ল’ৰাটোক মাতি আনিম৷
বৰুৱানীৰ বৰুৱাই পিছলৈ কি কৈ আছিল শুনাৰ ধৈৰ্য নাছিল৷ মাত্ৰ বৰুৱাই লাইটৰ বিল দিবলৈ তেওঁক দিয়া টকা ডেৰ হাজাৰ কেনেকৈ মিলাব সেইটো কথাহে মনলৈ আহিছিল৷
☆ ★ ☆ ★ ☆
8:43 pm
বহুত ভাল লাগিল দেই। বেচেৰী বৰুৱানী😂
9:43 am
সুন্দৰ লিখনি ।