মূল: বেচাৰামবাবু,লেখক: বলাইচাঁদ মুখোপাধ্যায়: ভাষান্তৰ-মুনমুন সৰকাৰ
গেলামালৰ দোকানী হৰিশে সন্ধিয়া আহি বুজাই থৈ গ’ল যে, যোৱা মাহত ২৭.৭০ টকা পাবলগীয়া আছিল আৰু অনতিপলমে সেয়া দি দিয়াটো জৰুৰী। এইমাত্ৰ অফিচৰ পৰা আহি পোৱা বেচাৰামবাবুয়ে ক’লে –
: বাৰু এইবাৰৰ দৰমহাৰ টকাখিনি পালেই…!
তাৰপিছত তেওঁ বাহিৰৰ বাৰান্দাত বহি চিঞৰিবলৈ ল’লে – “হেৰৌ, চাহ লৈ আন।”
চাহ আহিল লগতে আহিল চুবুৰীৰ হৰিবাবু, নবীন ৰয়, বিধু ক্লাৰ্ককে আদি কৰি চাৰি পাঁচজন মান ভদ্ৰলোক। নানানটা কথাৰ লগতে চাহ খোৱা পৰ্বও চলি থাকিল।
আড্ডা চলি আছিল, তাৰ মাজতে বেচাৰাম বাবুৰ জী পুঁটি আহি সেইখিনি পালেহি –
: দেতা দুখনমান চিঠি আহিছে আজি ডাকত, লৈ আনিম নেকি?
নুমলীয়া টুনিও লগতে আহিছিল।
তাই ক’লে,
: মই আনিমগে দেতা!
দেউতাকে মীমাংসা কৰি দিলে-
: যোৱা দুইজনীয়ে এখন এখন আনাগৈ!
শ্ৰীযুত বেচাৰাম বক্সীৰ পাঁচজনী জীয়েক আৰু দুজন পুত্ৰ।
পুঁচি আৰু টুনি দুয়ো একোখনকৈ চিঠি লৈ আনিলে। প্ৰথমখন চিঠি তেওঁৰ জ্যেষ্ঠ পুত্ৰই বহৰমপুৰৰ পৰা লিখিছে, তাৰ কলেজৰ ফী, হোষ্টেলৰ ফী মিলাই এইমাহত ৫৫ টকা লাগিব। দ্বিতীয়খন তেওঁৰ বিয়া দিয়া জীয়েকে শহুৰেকৰ ঘৰৰ পৰা লিখিছে যে, যোৱাবাৰ পূজাৰ কাপোৰ কানিখিনি কাৰো মন পচন্দৰ হোৱা নাছিল বাবে সকলোৱে তাইক বহুত কথা শুনাইছিল। এইবাৰ যেন অলপ দামী বস্তু বাহানি পঠায়, নহ’লে তাই কোনোপধ্যেই শহুৰেকৰ ঘৰখনত তিষ্টিব নোৱাৰিব।
চিন্তাক্লিষ্ট মুখখনেৰে তেওঁ দুয়োখন চিঠি পকেটত ভৰাই থ’লে।
…আকৌ আড্ডা জমি উঠিল। নবীন ৰয়ে পান এখিলা মুখত ভৰাই ক’লে –
: তোমাৰ মাজুজনী জীয়েৰাৰ বিয়াৰ কথা কি ভাবিলা? বিয়াখনৰ বন্দবস্ত কৰা নহ’লে কথাটো বেয়ালৈ ঢাল খাব।
বেচাৰামে ক’লে,
: ভাল ল’ৰা এজন চাই-চিতি দিয়াহে!
নবীন ৰয়ে ক’লে,
: ল’ৰা এজন আছে, বৰ বেছি দাবীও নাই। নগদ ধন ৫০১ টকা, তেত্ৰিশ তোলা সোণ আৰু দৰাৰ কাপোৰ সাজ। ইমানো বেছি নহয় আজিকালিৰ দিনত!
অলপপৰ ৰৈ বেচাৰামে ক’লে,
: হয় বাৰু কথাটো।
সময়ত আড্ডা ভাগিল। বেচাৰাম বাবু ভিতৰলৈ গ’ল। ভাতৰ পাতত বহোঁতেই ঘৈনীয়েক হৰিমতীয়ে ক’লে,
: বিনোদক জেঠায়ে কৈ পঠিয়াইছে যে, কাইলৈ তেওঁ পাবহি। ভাল চাউল আৰু এক লিটাৰকৈ গাখীৰৰ কথা কৈ থ’ব। আপুনি জানে নে নাই পিচে জেঠায়ে যে চাধা, আফিমৰ নিচা কৰে, তাৰো যোগাৰ ৰাখিব।
শুবলৈ যাওঁতে দেখিলে, ল’ৰা ছোৱালীহালে টোপনিৰ পৰা সাৰ পাই কান্দি আছে।
: কি হ’ল হে ইহঁতৰ?
ঘৈনীয়েকে ক’লে –
: কিনো হ’ব আৰু? ইমান ঠাণ্ডা পৰিছে, কোনো এটাৰ গাত গৰম চোলা নাই। লেপখন সেই পাঁচ বছৰ আগতেই চিলোৱা, ফাটি চিগি অৱস্থা বেয়া। নতুন এখন বনাবলৈ আপোনাক কিমানদিন খাটনি ধৰিছোঁ। কিনো কৰিম, কান্দে যদি কান্দক দিয়ক।
বেচাৰামে এইবাৰ আৰু একো নক’লে, কেৱল মেজৰ ওপৰত থকা পোহৰৰ উদ্দেশ্যে চাই থাকিল। মমডাল জ্বলি জ্বলি প্ৰায় শেষ হওঁ হওঁ…
☆ ★ ☆ ★ ☆
12:27 am
সুন্দৰ ।
2:54 am
ভাল লাগিল
8:33 pm
Bhal lagil