ফটাঢোল

কলেজীয়া প্ৰেম: হৃষীকেশ ডেকা

কাহিনী, চিত্ৰনাট্য, সংলাপ, পৰিচালনা: হৃষীকেশ ডেকা

প্ৰযোজক: ডলী তালুকদাৰ।

ছবিৰ পোষ্টাৰ ডিজাইন: যোগেশ ভট্টাচাৰ্য 

অভিনয়ত:

হেমন্ত কাকতি:- কলেজৰ প্ৰিন্সিপাল

ৰিমঝিম বৰঠাকুৰ:- তৰালী, 

লখিমী হাজৰিকা:- সংগীতা,

(কলেজৰ ছাত্ৰী)

যোগেছ ভট্টাচাৰ্য:- ৰমেন

(কলেজৰ ছাত্ৰ, ভিলেইন)

তবিবৰ ৰহমান:- হেমেন

(কলেজৰ ছাত্ৰ, ভিলেইন)

ৰামানুজ গোস্বামী:- তৰালীৰ দেউতাক

কমলা দাস:- তৰালীৰ মাক

বিজয় মহন্ত:- কেণ্টিনৰ মালিক

দিব্যজ্যোতি কলিতা: ৰানা ( ভিলেইন)

হিতেশ বি বৰুৱা: মাইকেল( ভিলেইন)

প্ৰথম দৃশ্যঃ

কলেজ চৌহদ। কলেজৰ ল’ৰা ছোৱালীবোৰ কলেজলৈ আহি আছে। সেই কলেজ চৌহদত দুজনী ছোৱালীক ৰিক্সাৰ পৰা নমা দেখুৱাব। তেওঁলোকে  ৰিক্সাক ভাড়াটো দি কলেজত প্ৰৱেশ কৰিব। ইফালে হঠাতে এজন ডেকা ল’ৰাই দোকানৰ পৰা ৰজনীগন্ধা এপেকেট কিনি মিহলাই লৈ মুখেৰে ফু মাৰি দিয়ে আৰু ছোৱালীদুজনীক চকু দিয়ে আৰু ছোৱালীদুজনীৰ ফালে আগবাঢ়ে।

তৰালী:- ঐ সংগীতা তোৰ ক্লাছ কেতিয়া শেষ।

সংগীতা:- কিয় সুধিলি…..

তৰালী:- মানে এফালে যাম বুলি ভাবিছোঁ।

সংগীতা:- ক’লৈ

তৰালী:- শ্বপিং মললৈ

সংগীতা:- কিয় ঐ…. আজি হঠাতে শ্বপিং মললৈ যাব ওলালি যে।

হঠাতে ৰানাই তেওঁলোকক বাট ভেটি ধৰে। 

ৰানা:- হাই তৰালী । আজিকালি তুমি মোক পাত্তাই নিদিয়া বে। মোৰ কি নাই বে। তুমিয়ে কোৱা। ধন, গাড়ী, টকা…..

তৰালী:- এইবোৰ কি অসভ্যালি। মই এতিয়াই প্ৰিন্সিপাল ছাৰক কমপ্লেইন দি আছোঁ।

ৰানা:- প্ৰিন্সিপাল ছাৰে কি কৰিব। 

তৰালী:- প্ৰিন্সিপাল ছাৰে কি কৰে কি নকৰে সময়ত গম পাব। চাওঁ আঁতৰ হওক। 

ৰানা আঁতৰি যায় আৰু তৰালী প্ৰিন্সিপালৰ ৰূমলৈ যায়।

সংগীতা আৰু তৰালী প্ৰিন্সিপালৰ ৰূমত প্ৰৱেশ কৰে। প্ৰিন্সিপালেও নিজৰ আইফোনটো উলিয়াই কোনোবা ছোৱালীৰ লগত ভিডিও কলত কথা পাতি থাকে। দুয়ো প্ৰৱেশ কৰাৰ লগে লগে কাটি দিয়ে আৰু মোবাইলটো সুমুৱাই থয়। 

প্ৰিন্সিপাল:- ওঁ কোৱাচোন,

তৰালী:- ছাৰ, এই কলেজত কিছুমান ল’ৰাৰ বাবে আমি কলেজত অহাটো বন্ধ কৰিব লাগিব যেন পাওঁ। 

প্ৰিন্সিপাল:- কিয়….

তৰালী:- এই ৰানা বোলা ল’ৰাজনে আমি কলেজলৈ আহোঁতে মোক সদায় ফলো কৰি থাকে।

প্ৰিন্সিপাল:- হ’ব, মই নিশ্চয় ব্যৱস্থা ল’ম। তোমালাকে চিন্তা নকৰিবা। তোমালোকে যোৱা। ক্লাছ কৰাগৈ যোৱা। 

(দুয়োৰে প্ৰস্থান)

দ্বিতীয় দৃশ্যঃ

ভাড়াঘৰৰ দৃশ্য। দুজন ল’ৰা। এজনৰ নাম ৰমেন। তেওঁ মেট্ৰিকত ভালকৈ পাছ কৰি কলেজত এডমিশ্যন লৈছে আৰু আনজন হেমেন 24 ঘণ্টাই মোবাইলত বিজি থকা যায়।

ৰমেন:- ঐ তোৰ মোবাইলটো চোৱা হ’লনে?

হেমেন:- মই মোবাইল চাই আছোঁ তাতেই তোৰ কি হ’ল।

ৰমেন:- ভাত ৰান্ধিব লাগে। মোবাইলটো চাই থাকিলে আজি ৰাতি ভাত খোৱা হ’বনে?

হেমেন:- চিকেন বিৰিয়ানী লৈ আহোঁ নেকি? ভাত সদায় কিমান খাৱ।

ৰমেন:- মই সেইবোৰ নাখাওঁ। আহ দুয়ো লগে-ভাগে ভাতখিনি ৰান্ধিব লাগে।

ৰমেনে পঢ়া টেবুলৰ পৰা উঠি ভাত ৰান্ধে আৰু হেমেনে তেওঁক সহায় কৰি দিয়ে। 

হেমেন:- ঐ বন্ধু, নতুন কলেজত তোৰ কেনে লাগিছে। 

ৰমেন:- বেয়া লগা নাই। 

হেমেন:- পিচে কোনোবা ছোৱালী ভাল লাগিছেনে তোৰ কলেজত।

ৰমেন:- কিয় সুধিলি?

হেমেন:- নাই এনেই সুধিলোঁ আকৌ…. পাৰিলে পতাই ল এজনী। এয়াই চান্স।

ৰমেন:- সেইবোৰ বাদ দে। এটা কথা কচোন। 

হেমেন :- কি কথা। 

ৰমেন:- কলেজত কিবা এটা প্ৰগ্ৰেম হ’ব বুলি শুনিছিলোঁ। কেতিয়া হ’ব বাৰু?

হেমেন:- আছে কিছুদিন। কিয় তই গান গাবি নেকি? 

ৰমেন:-সেইবোৰ পিছত দেখা যাব। 

এতিয়া ভাত খাই শুই থাকিব লাগে।

         

তৃতীয় দৃশ্যঃ

দ্ৰোণ কেমেৰাৰে গুৱাহাটীৰ মহানগৰীৰ দৃশ্য দেখুৱাব। যানবাহনৰ অহা-যোৱা কৰি থকা দেখা যাব। তাত তৰালী আৰু সংগীতা চিটিবাছৰ পৰা নমা দেখা যাব আৰু সৰু ৰিক্সাত উঠিব খোজোঁতেই সিফালৰ পৰা ৰমেন আৰু হেমেন উঠিব আৰু ৰমেন আৰু তৰালীৰ ইৰিক্সাৰ সন্মুখত খুন্দাখুন্দি লাগে আৰু দুয়ো মুখলৈ চাই থাকে আৰু পিছত ৰিক্সাত উঠে কলেজলৈ আগবাঢ়ে আৰু কলেজত গোটেইকেইজন একেলগে ইৰিক্সাৰ পৰা নমা দেখাব আৰু কলেজলৈ আগবাঢ়িব।

সংগীতা:- ক্লাছ কেতিয়া শেষ হ’ব তোৰ।

তৰালী:- আহিছোঁহে, ক্লাছ কৰাই নাই। শেষ হোৱাৰ কথা সুধিলি যে কিয়?

সংগীতা:- এঠাইলৈ গ’লোঁহে‌ঁতেন।

তৰালী:- ক’লৈ……

সংগীতা:- শ্বপিং মললৈ। 

তৰালী:- তই কেৱল শ্বপিং মলত যোৱাৰ কথাই ভাবি থাক যে কিয়?

সংগীতা:- মোৰ বস্তু অলপ কিনিবলগীয়া আছে।

তৰালী:- বাৰু , আগে ক্লাছ কৰচোন। পিছত ভাবিম বাৰু।

কিছুসময়ৰ পিছত ৰমেন আৰু হেমেনে প্ৰথম ক্লাছটো কৰি ওলাই আহি কেণ্টিনত প্ৰৱেশ কৰা কেমেৰাই দেখুৱাব। দুয়োজনে কেণ্টিনত প্ৰৱেশ কৰি খালি চকী দুখনত বহি লয়। কেণ্টিনৰ মালিক ৰমাকান্তই তেওঁলোকে কি খাব খোজে তাৰেই অৰ্ডাৰ লয়। ৰমাকান্ত অলপ খুহুটীয়া ধৰণৰ যদিও মনটো খুব ভাল।

ৰমাকান্ত:- কি খাবহে।

ৰমেন:- কি আছে বাৰু।

ৰমাকান্ত:- আৰে ভাই, নাই কি আমাৰ ইয়াত। কি খাব সেইটো কওক না। 

হেমেন:- গৰম গৰম চিংৰা দিয়ক দুটা, আৰু চাহ দুকাপ

ৰমাকান্ত:- (চিঞৰি), এইফালে দুটা চিংৰা, আৰু দুটা চাহ দিবি। 

হেমেন:- ঐ আজি বিল তই পে কৰিবি দেই।

ৰমেন:- কিয়

হেমেন:- কেতিয়াবা ভাল খবৰ কোনোৱে নজনাকৈয়ে আহি যায়।

ৰমেন:- মানে…. মই বুজা নাই।

হেমেন:- ইৰিক্সাত লগ পোৱা ছোৱালীজনীৰ কথা কৈছোঁ আকৌ।

ৰমেন:- ধেই

হেমেন:- প্ৰেম এনেকৈয়ে হয় বুজিলি। এয়া তোৰ ভাগ্য। আমাৰহে কপালত নাই।

ৰমেন:- ঐ বাদ দে ব’ল এতিয়া। পিছত কি হয় দেখা যাব। দুয়ো বিল পে কৰি ওলায় আহিব খোজোঁতেই তৰালী আৰু সংগীতাই কেণ্টিনত  প্ৰৱেশ কৰোঁতে দুয়োৰে আকৌ দেখা দেখি হয় আৰু দুয়োৰে মনত এটা প্ৰেম ভাব জাগ্ৰত হয়। পিছত ৰমেন আৰু হেমেন ওলাই যায় আৰু তৰালী সংগীতা কেণ্টিনত প্ৰৱেশ কৰে।

তৰালী:- ঐ কি খাবি ক…

সংগীতা:- পৰঠাই খাই দিওঁ দে। 

ইফালে ৰমাকান্তই আগুৱাই আহি দুয়োকে সোধে।

ৰমাকান্ত:- কি খাবা তোমালোকে। 

দুয়ো:- খুড়া, পৰঠা আছেনে?

ৰমাকান্তৰ মনত এটা খং ভাব জাগ্ৰত হৈ উঠিল। খুড়া বুলি মতা বাবে। কিন্তু একো ক’বও পৰা নাই। কি কওঁ কি নকওঁ মনত ভাবি থাকোঁতে সংগীতাই মাত দিলে।

সংগীতা:- খুড়া

ৰমাকান্তৰ আকৌ মনটোত শোকে খুন্দা মৰা যেন হ’ল। তেওঁ মনতে ভাবিলে আকৌ খুড়া মাতিলে। মই এতিয়ালৈ বিয়া পতাই নাই। আকৌ কিছুবছৰ পিছত ককা নামাতিলে হ’ল আকৌ। ৰমাকান্তই মাত দিলে।

ৰমাকান্ত:- ও পৰঠা খাবা। অঁ ৰ’বা। (চিঞৰি কয়) এইফালে পৰঠা দুটা লৈ আন।

সংগীতা:- ঐ দিন ভাল চলিছে তোৰ।

তৰালী:- কিয়…. কি ভাল খবৰ।

সংগীতা:- কেতিয়াবা ভাল খবৰবোৰ গম নোপৱাকৈয়ে আহে।

            

চতুৰ্থ দৃশ্যঃ

দ্ৰোণ কেমেৰাৰে গুৱাহাটী মহানগৰীৰ দৃশ্য দেখুৱাই এখন শ্বপিং মিলৰ ভিতৰৰ দৃশ্য দেখুৱাব আৰু তাত ৰমেন আৰু হেমেনক শ্বপিং মলৰ ভিতৰত দেখা যাব আৰু হঠাতে তৰালী আৰু সংগীতাও তাত প্ৰৱেশ কৰে দেখা যাব।

ৰমেন:- ঐ, আজিকালি শ্বপিং মলবোৰত সোমাবলৈ বৰ ভয় লগা হৈছে অ’।

হেমেন:- কিয় ঐ

ৰমেন:- দেখিছনে বস্তুৰ কি দাম। এইযোৰ জোতা চা, একহাজাৰ নশ নিৰান্নবৈ টকা। 

হেমেন:- আজিকালি আগৰ সেইদিন নাই। পাঁচ পইচা দহপইচা। 

(এনেকৈ কথা পাতি থাকোঁতে হঠাতে হেমেনৰ তৰালী আৰু সংগীতাক দেখে।)

হেমেন:- ঐ তোৰ কপাল ফুলিল।

ৰমেন:- কিয় ঐ

হেমেন:- চাচোন কোন আহিছে….

ৰমেনে চাই হঠাতে দুয়োকে দেখা পাই আৰু দুয়ো দুয়োৰে চকুত পৰে আৰু মনত এটা প্ৰেম ভাব ফুটি উঠে আৰু লগে লগে এটা প্ৰেমৰ গীত বাজি উঠে।

হেমেন:- ঐ, কি হ’ল

ৰমেন:- অ….

হেমেন:- চিন্তা কৰিব নালাগে। সিফালৰ পৰা উত্তৰ নাহে মই কনফাৰ্ম।

ৰমেন:- তই কেনেকৈ জানিলি।

হেমেন:- কেতিয়াবা চকুৱেও কথা কয়।

ৰমেনে একো উত্তৰ নিদি অলপ আঁতৰি যায়।

ইফালে কেমেৰাই সংগীতা আৰু তৰালীক দেখুৱায়।

সংগীতা:- ঐ ল’ৰাজন বেয়া নহয়। পাৰিলে ময়েই পতালোঁ হয়।

তৰালী:- কিয় তোৰ পচন্দ হৈছে নেকি। 

সংগীতা:- মোক নালাগে দে। আমাকনো ক’ত পাত্তা দিব। ঐ, পাৰিলে পতাই ল। বুজিলি। 

তৰালী:- হ’ব দেই, মই অলপ আঁতৰি দিওঁ। তেতিয়াহে তোৰ সুবিধা হ’ব।

(সংগীতাই আঁতৰি দিয়ে। তৰালী মাতে যদিও সংগীতা অলপ আতঁৰলৈ গুচি যায়। সিফালে হেমেনে ৰমেনক কয়।)

হেমেন:- ঐ যা যা । এয়াই চান্স। হেৰুৱাব নালাগে। 

হেমেন আঁতৰি যায়  আৰু লগে দুয়ো দুয়োকে চাই থাকে আৰু এটা প্ৰেমৰ গীত বাজি উঠে। হেমেন আগুৱাই যায় আৰু দুয়ো লগ হয় কথা বতৰা আৰম্ভ হয়।

           

পঞ্চম দৃশ্যঃ

তৰালীৰ ঘৰৰ দৃশ্য। বাহিৰত দেউতাকে এখন পেপাৰ পঢ়ি থকা দেখা যাব। তৰালীৰ মাকে দেউতাকলৈ চাহ লৈ আহে আৰু কাষতে ঠিক চকীখনত বহি লয়। 

তৰালীৰ মাক:- হেৰি, মোৰ বৰ চিন্তা হৈছেহে।

তৰালীৰ দেউতাক:- কিয় হে।

মাক:- ছোৱালীজনী মেট্ৰিকত ভালকৈ পাছ কৰিলে। টাউনত পঢ়িবলৈ যাবলৈ দিয়া বাবে ঘৰখন খালি খালি লাগিছে। 

দেউতাক:- ধেই, তুমি বৰ চিন্তা কৰি থকাহে। কিছুমান ছোৱালী দেশ বিদেশত পঢ়িব গৈছে, আমাৰ ছোৱালী বিদেশত যোৱা নাই নহয়। টাউনলৈহে গৈছে। 

মাক:- হেৰি ফোনটো কৰকচোন।

দেউতাক:- যোৱাকালি কৰিছিলা দেখোন।

মাক:- নাই অনবৰতে বিজি দেখুৱাই থাকে। কাৰ লগত যে ইমান ব্যস্ত হৈ থাকে নহয়।

দেউতাক:- পতিলে আমাৰ ছোৱালী।

মাক:- ধেই এইবোৰ আপুনি কি কয় ?

দেউতাক:- আহিলে গম পাবা দিয়া। এটাই ভাল হ’ল ছোৱালীয়ে নিজেই ল’ৰা পচন্দ কৰিছে যেতিয়া বিয়াৰ বাবে সাজু হোৱাৰহে কথা। 

হঠাতে তৰালীৰ ফোন আহে ঘৰলৈ। 

মাক:- হেৰি কোনে ফোন কৰিছে ধৰকচোন।

দেউতাক:- তোমাৰ যে আৰু…….. আৰে তোমাৰ জীয়ৰীয়ে ফোন কৰিছে।

মাক:- (ফোনটো ধৰে, খঙত) হেল্লো, ঐ বাঘেখাইটি, মৰান্নহেইটি, তেজখোৱা, ফোন কৰিলে ফোন ফোন নাপাওঁ। কাৰ লগত বিজি থাক গোটেই ৰাতি।

তৰালী:- মা.…… খং নকৰিবাচোন। মই বহুত ব্যস্ত মা…..

মাক:- হ’ব হ’ব, সব বুজি পাওঁ। কিছুমান কথা নকলেও বুজিব পাওঁ।

তৰালী:- মা তুমি খং নকৰিবাচোন 

মাক:- হ’ব হ’ব । কিছুমান কথা নকলেও বুজি পাওঁ।

তৰালী’- মা, তুমি ইমান খং কৰিছা কিয় ? 

মাক:- কচোন কাৰ লগত বিজি।

তৰালী:- মই বিজি থাকিলে কিয় অভিমান কৰা তুমি মা। কলেজৰ নোটছবোৰ কোনে সংগ্ৰহ কৰিব। বহুত পিছপৰি আছা তুমি মা।

মা:- (অলপ শান্ত হৈ) আমি বুজি নাপাওঁ ঐ আইজনী। বয়স হ’ল নহয় । ভালে থাকিবি। (ফোন কাটে)

         

ষষ্ঠ দৃশ্যঃ

গাঁৱলীয়া পৰিবেশ। এটা সৰু আলিবাট। মানুহ অহা-যোৱা কৰি থকা দেখা যাব। বাইকেৰে ৰানা আৰু মাইকেল আহি এখন দোকানত সোমাই এডাল চিগাৰেট জ্বলাব।

ৰানা:- মোৰ জুই জ্বলি আছে।

মাইকেল:- মই বুজিছোঁ দোষ্ট। কিন্তু কৰিবি কি। উপায়তো নাই। 

ৰানা:- উপায় আছে। উপায় উলিয়াব লাগিব। 

মাইকেল:- কচোন , 

ৰানা:- প্ৰথমে মুখেৰে যদি ফেইল হওঁ হাতেৰে। আজিলৈকে এই ৰানাক কোনোৱে গাৰ নোম এডালো লৰাব পৰা নাই। মই দেখুৱাই দিম এই ৰানা কেনেকুৱা ধাতুৰে গঢ়া মানুহ হয়।

মাইকেল:- হ’ব দোষ্ট, মই তোৰ লগত আছোঁ।

ৰানা:- অহাকালি তৰালী আৰু ৰমেন কলেজলৈ আহিব। সেই কলিতা চুবুৰীৰ কাষেৰে যোৱা আলিবাটেৰে আহে। আমি তাত ৰৈ থাকিম। ব’ল এতিয়া।

পিছদিনাখনৰ কথা। ৰানা আৰু মাইকেল তাত ৰৈ থাকে।

তৰালী আৰু ৰমেন কলেজলৈ আহি থাকে। মাইকেলে দেখি ৰানাক কয়, 

মাইকেল:- ঐ ৰানা, সৌৱা চা, আহি গ’ল তোৰ সেই শত্ৰুজন। 

ৰানা:- (চশমাজোৰ পিন্ধি লয়, আৰু সিহঁতক চাবলৈ আৰম্ভ কৰে।) ঐ মাইকেল, সাজু হ।

 (চোলাটো খুলি দূৰলৈ দলিয়াই দিয়ে আৰু একদম ভিলেইন টাইপৰ এক্সন দেখুৱাই আৰু মাইকেলে বাট আগুৰি ধৰে। তৰালী আৰু ৰমেন তাতেই ৰৈ দিয়ে।) 

ৰমেন:- ভালে ভালে ৰাস্তা এৰি দে। 

মাইকেল:- আৰে বাবু, দম দিছে নেকি ……

ৰমেন:- দম দিয়া নাই, ভালকৈ কৈছোঁ দুয়োটাকে ৰাস্তা এৰি দে।

(বাইকৰ ছাবিপাত বাইকৰ পৰা উলিয়াই নি ৰানালৈ দলিয়াই দিয়ে আৰু ৰানাই কেটছ ধৰে। তেতিয়া ৰমেন আৰু তৰালী বাইকৰ পৰা নামে। তৰালী দূৰলৈ আঁতৰি যায়। মাইকেলে ৰমেনক মাৰিবলৈ খেদি আহে। দুয়োৰে মাজত প্ৰচণ্ড ফাইট আৰম্ভ হয়  মাইকেলক ৰমেনে এনেকুৱা এটা ঘোঁচা মাৰে মাইকেল উৰি গৈ বহুদূৰলৈ উৰি যায় পৰি যোৱা দেখুৱায়। পিছত ৰানাই নিজৰ হাত দুখন উঠাই বডীটো দেখুৱাই আৰু ৰমেনৰ ওচৰলৈ আহে যদিও ৰমেনে ৰানাৰ হাত এখনত ইমান জোৰে ধৰে যে হাড় ভঙাৰ দৰে শব্দ হয় আৰু তেওঁ কেঁকাই থাকে। পিছত ৰমেনে তেওঁৰ হাতৰ পৰা দিয়ে)

ৰমেন:- (ৰানালৈ চাই) আগতেই কৈছিলোঁ মোৰ লগত লাগিব নাহিবি। এতিয়া মেডিকেল গৈ হাতখন প্লাষ্টাৰ কৰি লগৈ যা।

ৰমেন আৰু তৰালী বাইকত উঠি তাৰ পৰা প্ৰস্থান কৰে।

                   

সপ্তম দৃশ্যঃ

এটি নিজৰা। পানীৰ শব্দ। নিজৰাৰ মাজত শিলৰ ফাঁকে ফাঁকে পানীবোৰ বৈ আছে। সেই নিজৰাৰ পানীৰ শব্দবোৰে তেওঁলোকক বৰকৈ আলোকিত কৰিছে। প্ৰেমৰ গীত এটা বাজে।

ৰমেন:- চোৱা, পানীবোৰ কেনেকৈ বৈ আছে ?

তৰালী:- সঁচাকৈ , 

ৰমেন:- সৌৱা, চোৱাচোন। পানীৰ ঢৌবোৰ। মোৰ এই ঠাইখিনিতেই এটা ঘৰ সাজিবলৈ মন গৈছে।

তৰালী:- (অভিমান কৰি), মই কিন্তু ইয়াত থাকিব নোৱাৰোঁ দেই ?

ৰমেন:- কিয় ?

তৰালী:- তুমি কামলৈ গ’লে মোৰ লগত কোন থাকিব ।

ৰমেন:- তোমাৰ এই নিজৰাটো নাথাকিব জানোঁ।

তৰালী:- হ’ব, মোক নামতিবা

ৰমেন:- কিয় ….

তৰালী:- আজিৰ পৰা মই তোমাক ভাল নাপাওঁ।

ৰমেন:- কিয়…

তৰালী:- তুমি মোক কিমান ভাল পোৱা কোৱাচোন ?

ৰমেন:- এই নিজৰাত পানী আছে যিমান সিমান ভাল পাওঁ।

তৰালী:- উম হয়নে ?

ৰমেন:- ব’লা বেলি ডুবিয়ালে।

দুয়ো হাতত ধৰাধৰিকৈ ঘৰলৈ অহা কেমেৰাই পিছফালৰ পৰা দেখুৱায়। 

এই চিনটো অন্ত পৰাৰ লগে লগে পৰ্দাত “৩ বছৰৰ পিছত” বুলি লিখি দেখুৱাব আৰু ইয়াৰ পিছত তেওঁলোকৰ বিয়াখন ধুমধামেৰে হোৱা দেখুৱাব।

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *