ফটাঢোল

সংখ্যাটোৰ আঁৰত

প্ৰথমতে আলোচনীখনৰ যাত্ৰাত মোক সহায় কৰা প্ৰতিজন ব্যক্তিকে মোৰ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জনালোঁ। আপোনালোকৰ অবিহনে মোৰ এই যাত্ৰা সফল কোনোমতেই নহ’লহেঁতেন।

এতিয়া আহোঁ মূল কথালৈ। চলিত বৰ্ষৰ মাৰ্চ মাহত এদিন ৰিণ্টুদা মানে ৰিণ্টুমণি দত্ত দাদাৰ ফোন এটা আহিল মোলৈ। কোনো কথাৰ পাতনি নেমেলি মোক ঘপহকৈ ক’লে যে ” ডলী তুমি অহা সংখ্যাৰ আলোচনীৰ সম্পাদক হ’ব লাগিব”। হঠাতে সম্পাদক পতাৰ কথা শুনি মই আচৰিত হ’লোঁ। মই চিধাই ৰিণ্টুদাক ক’লোঁ, “মই নোৱাৰিম। আপুনি বেলেগক কওক”। ৰিণ্টুদাই সুধিলে “কিয় নোহোৱা? হ’বই লাগিব”। মই পুনৰ ক’লোঁ, “মই নহওঁ। মোৰ এতিয়া মন নাই”। খাৰাংখাচকৈ কোৱা কথা শুনি ৰিণ্টুদাই থৈ দিলে ফোনটো। কিছু সময় পিছত মোক ফটাঢোলৰ এগৰাকী সন্মানীয় প্ৰশাসক তথা প্ৰাক্তন সম্পাদক  নীলাক্ষি কাকতিয়ে ফোন কৰি মোক সুধিলে যে, “ডলী তুমি বোলে ৰিণ্টুদাক সম্পাদক নহওঁ বুলি কৈছা? মন নাই বুলি কৈছা? ৰিণ্টুদাই মোক ফোন কৰি তোমাক সম্পাদক হ’বলৈ অনুৰোধ জনাবলৈ কৈছে। কিয় নহওঁ বুলি কৈছা? মইতো ইমান আনন্দিত হৈছোঁ খবৰটো শুনি। ৰিণ্টুদায়ে তুমি কিবা বেয়া পোৱা বুলি ভাবিছে। সঁচাকৈ কোৱাচোন তুমি কিবা কথাত বেয়া পালা নেকি আমাক?”  নীলাক্ষিৰ কথা শুনি ময়ো আচৰিত হ’লোঁ। মইতো খঙত কোৱা নাছিলোঁ। আচলতে ৰসালকৈ কথা ক’বই নাজানো মই। খাৰাংখাচকৈ কথা কওঁতে মাতৰ ৰসেই নাইকীয়া হৈ গৈছে। তাতে খঙটো পুতুককৈ উঠে বুলি মোৰ ফটাঢোলৰ প্ৰশাসকখিনিয়ে জানে। গতিকে ভালকৈ ক’লেও খঙতে থকা বুলি ভাবে। যেনেকৈ মোৰ ঘৰৰ মানুহখিনিও ভাবে। কিন্তু বেয়া নাপাই দেই কোনেও। সেইবাবে ৰিণ্টুদাই নীলাক্ষিক মোৰ লগত কথা পাতিবলৈ দিছিল। সঁচা কথা কওঁ ফটাঢোল গোটটো পৰিয়ালৰ দৰেই। আৰু আমাৰ প্ৰশাসক সকলৰ মাজত সুন্দৰ একতা তথা বুজাবুজি আৰু মৰম আছে। যাৰ বাবে কোনেও কাকো অভিমান বা বেয়া নাপায়। মই ক’লোঁ যে, নহয় তেনেকুৱা কথা। মই বেয়া কিয় পাম। কিন্তু মই বৰ্তমান সাজু নহয় সম্পাদকৰ ভাৰ ল’বলৈ। কিন্তু মই সম্পাদক হোৱাৰ আশা মনতে ৰাখিছোঁ। নিশ্চয় হ’ম যেতিয়া মই উপযুক্ত বুলি ভাবিম বা দৰকাৰ হ’ব। পিছত ৰিণ্টুদাকো বুজাই ক’লোঁ যে, যেতিয়া মই ভাবিম এই ভাৰটো ল’বলৈ তেতিয়া নিজেই ক’ম যে মই সাজু।                              

ডিচেম্বৰ সংখ্যাৰ আলোচনীৰ সম্পাদকৰ বাবে আলোচনা হ’ল। পৰবৰ্তী সম্পাদক কোন হ’ব আলোচনা চলি থাকোঁতে মই ক’লোঁ এইবাৰ মই হ’ম সম্পাদক। লগে লগে সকলোৱে সমৰ্থন কৰিলে, শুভকামনা জনালে। সকলোৱে ক’লে আমি বহুত সুখী। কাৰণ মনেৰে আমি বিচাৰিছিলোঁ তুমি সম্পাদক হ’ব লাগে।

কথামতে কামত লাগি গ’লোঁ। কাক লেখা বিচাৰিম, সাক্ষাতকাৰ কাৰ ল’ম, আলোচনীৰ বেনাৰ কেনেকুৱা হ’ব কল্পনা কৰিলোঁ। ঠিক যেন শিশু এটি  জন্ম হোৱাৰ আগতে মাক গৰাকীয়ে যিদৰে সপোন দেখে মোৰো মনত তেনেকুৱাই ভাব আহিছিল।  

মনত সাহস লৈ আলোচনীৰ কামত আগবাঢ়িলোঁ। নতুন কিবা সংযোগ কৰিব পাৰিনে চিন্তা কৰিলোঁ। হঠাত মনত পৰিল এইবছৰ আমাৰ ফটাঢোলৰ দুগৰাকী প্ৰতিভাবান লেখক তথা সক্ৰিয় সদস্য মনীষা কাকতি আৰু হিমাংশু ৰাজখোৱাক আমি হেৰুৱালোঁ চিৰদিনৰ বাবে। লগে লগে মনত পৰিল আমাক অকালতে হেৰুৱাই যোৱা আৰু দুগৰাকী সক্ৰিয় সদস্য তথা সুলেখক ডা০ ভূপেন শইকীয়া আৰু বৰ্ণালী শৰণীয়া। তেওঁলোকৰ সোঁৱৰণীত তেওঁলোকৰ গোটত প্ৰকাশিত লেখা পুনৰ সংযোগ কৰিব খুজিলোঁ। লগে লগে দেৱজিতক জনালোঁ কথাখিনি। আৰু দেৱয়ে বহুত ভাল কথা বুলি সহযোগ কৰি লেখাবোৰো গোটাই দিলে। আলোচনী টিমকো জনোৱাত সকলোৱে সুন্দৰ সঁহাৰি দিলে। তেওঁলোকলৈ মোৰ অশ্ৰু অঞ্জলি নিবেদিলোঁ। সৰগত বাস কৰক তেওঁলোক।

দ্বিতীয়তে আৰু নতুন কি কৰোঁ বুলি ভাবিলোঁ। হঠাত মনত পৰিল আমাৰ আলোচনীত যদি শিশু সকলৰ এটা শিতান ৰাখোঁ কেনে হ’ব। শিশু সকলে অঁকা ছবি, কাৰ্টুন, আনকি যদি সাধু বা গল্পও লিখে সুন্দৰ হ’ব। কাৰণ তেওঁলোকৰ ছবি, গল্প যেতিয়া আলোচনীত প্ৰকাশ তেওঁলোকৰ পঢ়া, ছবি অঁকাৰ অভ্যাস গঢ়িব। কাৰণ বৰ্তমান মোবাইলৰ প্ৰতি যেনেকুৱা আকৰ্ষণ শিশু সকলৰ তাৰপৰা যদি কিছু আঁতৰাই অন্য দিশলৈ মনটো ধাৱমান কৰিব পাৰি বহুতখিনি উপকৃত হ’ব। সকলো সময়ৰ দৰে দেবজিতৰ লগতে আলোচনীৰ জড়িত টিমৰ লগত কথা পাতিলোঁ আৰু একেষাৰতে  হা ক’লে সকলোৱে। আৰু শিশু শিতানৰ বাবে বহুতো কণমানিয়ে সুন্দৰ ছবি আঁকি সহযোগ কৰিলে। শুভেচ্ছা জনালোঁ মইনাহঁতলৈ।

সম্পাদক হ’ম বুলি কোৱাৰ দিনাই প্ৰশাসক দেবজিত শৰ্মাই লগে লগে ক’লে, “বা আপুনি সম্পাদক হোৱাত বহুত সুখী হৈছোঁ। কোনো চিন্তা নকৰিব। মই ছাঁ হৈ থাকিম। ৮০% কাম মই চাম আৰু বাকী ২০% কাম আপোনাৰ।” কিন্তু দেবজিতে নব্বৈ শতাংশ কামেই কৰিছে। মই বাকী দহ শতাংশহে মই চাইছোঁ। মানে মই লেখাহে খুজিছোঁ। ব্যস্ততাৰ মাজতো আলোচনীৰ বাবে দেবই লেখা দিবলৈও পাহৰা নাই। লেখা আপলোদ কৰাৰ পৰা লেখকৰ পৰা লেখা বিচাৰি সহায় কৰালৈ, মোক বিভিন্ন আইদিয়া দিয়ালৈ দেবজিতৰ তুলনা নাই। মুঠতে আলোচনীৰ ভেঁটিটোৰ খুটাটোৱেই দেবজিত। 

প্ৰথম দিনাৰ পৰাই মোৰ লগত সমানে কাম কৰা দেবজিতক ধন্যবাদ দিবলৈও মোৰ ভাষা নাই।

আলোচনীৰ বাবে সাক্ষাতকাৰ ল’ম বুলি মই বহুদিনৰ পৰাই  অভিনেত্ৰী ভাগিৰথী বাই কদমৰ বিষয়ে ভাবিছিলোঁ। আৰু তেখেতক লগ পোৱাত মোক সহায় কৰিছে ফটাঢোলৰ অন্যতম সন্মানীয় সদস্যা মাহমুদা বেগম বাইদেৱে। তেওঁ সাক্ষাতকাৰ ল’বলৈ মোৰ লগতে যোৱাৰ লগতে আলোচনীত প্ৰথম লেখাও জমা দিছে।

আলোচনীখনত ৰসাল লেখাৰ লগতে মূল কামটোৱে হ’ল শুদ্ধ বানানৰ। আৰু বানানৰ ক্ষেত্ৰত প্ৰথমৰে পৰা আমাৰ আলোচনীখনে সতৰ্ক হৈ আছে। এই ক্ষেত্ৰখনত আছে চাৰিগৰাকী মূল মানুহ। শ্ৰদ্ধাৰ প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউ, চবিনা ইয়াচমীন বাইদেউ, মৰমৰ ভনী ৰিমঝিম বৰঠাকুৰ আৰু পৰীস্মিতা গগৈ। এই দুমাহৰ যাত্ৰাত গম পালোঁ যে আলোচনীৰ লেখাবোৰ উন্নত হোৱাত এখেত সকলৰ অৱদান অতুলনীয়। এইবাৰ পৰীস্মিতা হঠাতে অসুস্থ হোৱাত প্ৰণীতা বাইদেউ, ৰিমঝিম আৰু চবিনা বায়ে দায়িত্ব ল’ব লগা হ’ল। কিন্তু বিদ্যালয় আৰু অলপ ব্যস্ততাৰ বাবে চবিনা বায়ে সময় কম পালে। তথাপি তাৰ মাজতে তেওঁ যিখিনি সহায় কৰিলে ধন্যবাদ। প্ৰণীতা বাইদেউ আৰু ৰিমঝিমে শেষলৈ ৮০% দায়িত্ব ল’লে। প্ৰণীতা  বাইদেউৰ মাতৃ অসুস্থ হৈ চিকিৎসাধীন হৈ থকাৰ মাজতে তেওঁ কোনো আভাষ নিদিয়াকৈ শেষলৈকে মোক সহায় কৰি যোৱাৰ বাবে বাইদেউৰ ওচৰত ঋণী হৈ ৰ’ম। ৰিমঝিমৰ চাকৰি, অকণমানি ছোৱালীজনীৰ লগতে সংসাৰৰ দায়িত্বৰ মাজতো মোক যেনেদৰে সহায় কৰিলে নাপাহৰোঁ। ৰাতি বাৰটা বজাটো লেখা আহিলে তেওঁলৈ পঠিয়াই দিওঁ। পুৱা হোৱাটচ এপ খুলি দেখোঁ লেখা হাজিৰ। সঁচাকৈয়ে তেওঁলোকৰ কৰ্মস্পৃহাক চালাম জনাইছোঁ। দুগৰাকী মানুহে অকলে বানান চোৱাৰ ভাৰ পৰাত আৰু শেষলৈ লেখা আহিব ধৰাত শেষ সময়ত অৰবিন্দ গোস্বামী দাদায়ে বৰ্ণাশুদ্ধি কৰাত যি সহায় কৰিলে কেতিয়াও নাপাহৰোঁ। বহুত ধন্যবাদ জনালোঁ তেওঁক। তেওঁক লেখা খোজোঁতে মোক কৈছিল সহায় কৰিব বুলি। সঁচাকৈয়ে বানান টিমৰ লোক সকল কিমান যে চিনচিয়েৰ মই এইকেইদিনতে বুজি পাইছোঁ। 

তাৰোপৰি আলোচনীৰ মূল বেনাৰখনৰ যি দুগৰাকীৰ অৱদান আছে আৰাধনা বৰুৱা আৰু দিগন্ত ভট্টাচাৰ্য  দুয়োলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আলোচনীখনৰ লেখাৰ প্ৰমো, চিনেমাৰ পোষ্টাৰ বনোৱাত সহায় কৰা বাবে যোগেশ ভট্টাচাৰ্য আৰু চন্দন বৰীৰ ওচৰত কৃতজ্ঞ। যোগেশে এদিনতে চিনেমাৰ পোস্তাৰ বনাই দিলে ব্যস্ততা তথা চিনেমাৰ লিখক হৃষীকেশ ডেকাৰ তৎপৰতাত। ভনীয়েকৰ অপাৰেশ্যনৰ সময়ত হস্পিতালত ৰোগীক শুশ্ৰুষা কৰাৰ মাজতে চিনেমা লিখি দিয়াত শলাগ লৈছোঁ। হৃষীৰ উৎসাহ প্ৰশংসনীয়।

ইয়াৰোপৰি বিশিষ্ট অতিথি গৰাকীৰ সাক্ষাতকাৰ গ্ৰহণৰ পৰা সাক্ষাতকাৰটো ৰেকৰ্ডিঙৰ পৰা সুন্দৰকৈ সজাই লিখি দিয়াৰ বাবে মোৰ ভাইতি নয়নমণি হালৈক ধন্যবাদ জনালোঁ। তদুপৰি “ফটাপ্ৰশ্ন শিতান” ৰ বাবে প্ৰশ্ন গোটাই সহায় কৰা দিব্যজ্যোতি কলিতা আৰু অৰ্চন শৰ্মাৰ ওচৰতো কৃতজ্ঞ।

মোৰ ওপৰত বিশ্বাস ৰাখি “ফটাঢোল-ই-আলোচনী” খনৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব দিয়াৰ বাবে ৰিণ্টুমণি দত্ত দাদালৈ আন্তৰিক ধন্যবাদ জনালোঁ। লগতে প্ৰশাসক সকল শ্ৰদ্ধাৰ হেমন্ত কাকতি দাদা, অভিজিত কলিতা দাদা, বিজয় মহন্ত, ৰাজশ্ৰী শৰ্মা, দিম্পল কলিতা,নীলাক্ষি কাকতিৰ লগতে আলোচনী টিমত সহায় কৰা সঞ্জীব ভট্টাচাৰ্য্যৰ লগতে সমূহ ফটাঢোলৰ সদস্য, তথা পঢ়ুৱৈলৈ বহুত ধন্যবাদ জনালোঁ।

ডিচেম্বৰ  সংখ্যাটোৰ আলোচনীৰ বাবে সুন্দৰ লেখা দিয়া লেখক সকলোকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। আপোনালোকৰ সহযোগিতা অবিহনে আলোচনীখন হৈ নুঠিলহেঁতেন। 

সকলোৰে আশীৰ্বাদ, সহযোগিতা আৰু শুভকামনাৰ বাবে ধন্যবাদ। যদি এই যাত্ৰাৰ সময়ত মোৰ অজানিতে কিবা ভুল-ভ্ৰান্তি হৈছে তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ।

ফটাঢোলৰ জয় যাত্ৰা সদায়েই চলি থাকক। নতুন নতুন লেখক, সুন্দৰ লেখা আদিৰ সৃষ্টি হওক।  

“জয়তু ফটাঢোল”

ডলী তালুকদাৰ।

☆★☆★☆

4 Comments

  • সুন্দৰ আলোচনী এখন তোমাৰ সম্পাদনাত প্ৰকাশ হোৱা বাবে তোমাক ধন্যবাদ৷

    Reply
  • পঙ্কজ বৰুৱা

    সুন্দৰকৈ লিখিলে।

    Reply
  • জয়ন্ত দাস

    অভিনন্দন ডলী৷ আঁৰৰ কথাবোৰ জানিব পাৰি ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *