ফটাঢোল

বানপানীৰ সুখ-কমলা দাস

লেথাৰি নিচিগাকৈ এমাহমান বৰষুণজাক বৰষিয়েই থাকিল, বৰষিয়েই থাকিল। দিন নাই, ৰাতি নাই কেৱল মাথোঁ জৰজৰ, জৰজৰ, শব্দ আৰু শব্দ। আৰু অৱশেষত 

জাতি-জনজাতিয়ে মিলি পাহাৰ-ভৈয়াম এক কৰাৰ দৰে  বানপানীয়েও খাল বিল, মানুহৰ ঘৰ-চোতাল আদি একাকাৰ কৰি সকলোকে সমানে পানীবোৰ ভগাই দিলে। 

কোনেও কোনো ধৰণৰ নিমন্ত্ৰণ নিদিয়াকৈয়ে নাচি বাগি পানীবোৰ ঘৰে-চোতালে সোমাই অহা দুদিনেই হ’ল। আহিবৰ সময়ত অকণো এলাহ নকৰাকৈ হোৰহোৰাই সোমাই অহা পানীয়ে এটা ৰাতিৰ ভিতৰতে ঘৰ চোতাল বুৰাই পেলাবহে পাৰে, পিচে ওলাই যোৱাৰ সময়ত আকৌ সেই কুমজেলেকুৱাৰ গতি লয়।  যেন ওলাই যাবৰ পৰত বিৰহ বেদনাইহে কাবু কৰি পেলায়! দুদিনমানটো নিগাজীকৈ থাকিম বুলি ভাবিয়ে হ’বলা লৰচৰেই নকৰে। মানুহবোৰেও হিতাধিকাৰীৰ আঁচনিৰ উপৰিও ঘৰৰ ভিতৰে-বাহিৰে ফ্ৰী পানী পাই নিজে বিছনাৰ ওপৰত চকী পাৰি গোটেই ৰাতি বহি বোন্দাপোৰ দি থকাৰ দুখটোও পাহৰি গৈ দিনত পানীত নামি পানীপোক হৈ ঘূৰি ফুৰে। তাতে যেনিবা হিতাধিকাৰীৰ আওঁতাৰ বাহিৰৰখিনিয়েও উজান দিয়ে! মাছ ধৰাৰ মহাযুঁজত চাফা পানী ঘোলা হৈ যায়।

দুপৰীয়াৰ ভাগত পানীৰ পোকবোৰ মানে মানুহবোৰৰ আহ-যাহবোৰ অলপ কমে। ঘোলা পানীয়ে কিছু সময় জিৰণি লোৱাৰ পাছত পুনৰ অলপ চাফা হৈ পৰে। এমহলাৰ ওপৰৰ বেলকনীৰ পৰা তেতিয়া পানীৰ তলেৰে দৌৰি থকা মাছবোৰ দেখা পোৱা যায়। সৰু ডাঙৰ জাক জাক মাছবোৰে নাচি বাগি ক’ৰবালৈ ঢাপলি মেলে। ডাঙৰ হ’লে কেইটায়ো লগে-ভাগে যায়। বেছি ডাঙৰ হ’লে অকলশৰীয়াকৈও যায়। চাই থাকি বৰ ভাল লাগে। কিবা এটা নিচা লাগে। পানীত নামি ধৰিব নোৱাৰিলেও, চাই চায়েই হেঁপাহ পলুৱাও। 

সিদিনাও দুপৰীয়াৰ ভাগত মানুহৰ আহ-যাহ কিছু কমিছিল। পানীৰ তলত থকা বাটোও নিজান পৰিছিল। পুৱাৰ পৰা দৰকাৰে-অদৰকাৰে ঘূৰি ফুৰা মানুহবোৰেও ঘৰে-ঘৰে জিৰাইছেগৈ। হয়তো ভাত-পানী খোৱাৰ যোগাৰ কৰিছে। ময়ো ভাত-পানী ৰান্ধি থৈ আগফালৰ বেলকনি পালোঁহি। মানে কামৰ ফাঁকে ফাঁকে আগফালে ওলাই আহি এনেয়ে এপাক চাই যোৱাটো সেই কেইদিন অভ‍্যাস হৈ পৰে। পানী কিমান কমিল, বাটেৰে মাছ-কাছ কিবা গৈছে নেকি বুলি তললৈ চাই পঠিয়ালোঁ।  

নিজান দুপৰীয়াটোত লক্ষ্য নথকা সৰু সৰু মেটেকা দুই এজোপা পানীৰ ওপৰেৰে উটি গৈ আছে। গছৰ সৰি পৰা পকা পাতবোৰেও মাজে মাজে সিহঁতৰ লগ লৈছে। ৰ’দ পাই  সৰু সৰু দৰিকণা, খলিহনাবোৰে জাঁকি মাৰি মাৰি তল-ওপৰ কৰি দৌৰি ফুৰিছে। কাৰোবাৰ ফিচাৰীৰ পৰা ওলাই পোণা মাছৰ মস্ত জাক এটা ঘুৰিফুঁৰিছে।  সিহঁতৰ নাচোন-বাগোনবোৰ একান্ত মনে চাই থকাৰ সময়তে অলপ আঁতৰত ছাঁ ঘন পানীৰ তলত ক’লা কিবা এচপৰাই যেন লৰচৰ কৰি উঠিল! মোৰ মনোযোগ সেইফালে গুচি গ’ল। বস্তুটো লাহে-ধীৰে যেন আগুৱাই আহি আছে!  বস্তুটো সঁচাকৈয়ে আগুৱাই অহাত ভালদৰে চাই দেখিলোঁ এটা প্ৰকাণ্ড মাছ!  মাছটো দেখি  মনটো মোৰ উগুল-থূগুল লাগিল। কি মাছ ধৰিব পৰা নাই যদিও ওপৰৰ পৰা পানীৰ তলৰ মাছটোৰ আকৃতি চাই শ’ল মাছ যেনেই লাগিল। পানী হ’লেও মাজ ৰাস্তাত তেনেকুৱা এটা প্ৰকাণ্ড  মাছ দেখি উলাহতে কি কৰোঁ, কি নকৰোঁ লাগি পৰিল মোৰ! কাক কওঁ, কি কৰোঁকৈ সন্মুখৰ ঘৰৰ মাছ ধৰাত পাকৈত ল’ৰাটোকে চিঞৰি চিঞৰি ক’লোঁ। কিজানি সি ধৰিব পাৰেই! (মূৰত এটা কথায়ে খুন্দিয়াইছে- ইমান ডাঙৰ মাছটো যেনেতেনে ধৰিব পৰা হ’লে! নিজে নোৱাৰিলেও লোকৰ হতুৱাই হ#লেও!) প্ৰকাণ্ড মাছৰ বৰ্ণনা শুনি সিও লৰফৰকৈ দৌৰি অহাদি পানী ফালি চাবলৈ আহিল। সিও মাছটো দেখিলে। দেখি “সৌটো,সৌটোকৈ” চিঞৰি উঠিল। তাৰে মোৰে সমন্বয় চিঞৰত কেইবাটাও মানুহ ক’ত,ক’ত বুলি ওলাই আহিল ৰাস্তালৈ। সকলোৱে মাছটো দেখিছে। কি মাছ হ’ব পাৰে নিজৰ নিজৰ অনুমান লগাইছে। কিন্তু কেনেকৈ ধৰিব ভাবি পোৱা নাই। এনেয়েও পানীত থকা মাছৰ জোৰ বহুত বেছি। এনেতে আন এঘৰৰ পৰা এজনে হাতত এডাল মাছ মৰা যাঁঠি লৈ ওলাই আহিল, পাৰিলে হানিবলৈ বুলি। (যাঁঠি–দীঘলীয়া সৰু বাঁহৰ মূৰত লোহাৰ জোঙ থাকে চাৰিডাল। বৰ্শা বুলিও কয় চাগৈ!) সিও মাছ ধৰাত পাকৈত। 

পিচে ইমানবোৰ মানুহৰ হুলস্থূল শুনি আৰু পানীবোৰ খোদালি দিয়াত মাছটো ক’ৰবাত লুকাই পৰিল। মানুহবোৰে আফচোচ কৰি মাছটো পুনৰ ওলাওক বুলি মাতবোল নোহোৱাকৈ ৰৈ দিলে। নাই, মাছটো নোলাল! পানীবোৰ ঘোলা হৈ যোৱা বাবে ক’ৰবাত আছে যদিও দেখা পোৱা নগ’ল। কিছু সময় অপেক্ষা কৰাৰ পাছত মাছৰ আশা বাদ দি মানুহবোৰ ঘৰাঘৰি গুচি গ’ল। 

মাছটো যিখিনি ঠাইত আছিল, তাৰে ওচৰত মানুহ এঘৰৰ কাঠৰ কুণ্ডা এটা আছিল। মাছটোৱে প্ৰাণৰ ভয়ত তাতেই লুকাইছিল হ’বলা। মানুহবোৰ গুচি যোৱাত মাছটোৱে পুনৰ লক্ষ‍্যস্থান বিচাৰি ততাতৈয়াকৈ ওলাই আহিল।  

সকলোবোৰ গুচি গ’লেও যাঁঠি লৈ ওলাই অহাজন সেই ঠাইতে ৰৈ আছিল। ময়ো ভিতৰলৈ নগৈ বেলকনিতে ৰৈ থাকিলোঁ সিনো কি কৰে বুলি! এতিয়া মাছটো ওলাই অহাত সি লাহে লাহে আহি  মাছটোলৈ লক্ষ্য কৰি পূৰ্ণগতিৰে যাঁঠি ডালেৰে হান মাৰি দিলে। অব‍্যৰ্থ লক্ষ্য! যাঁঠিয়ে একেবাৰতে মাছটোৰ ইপাৰ সিপাৰ শালি ধৰিলে। ধৰফৰাই থকা মাছটো ধৰিব পৰাৰ আনন্দত সি ধৰিলোঁ ধৰিলোঁ কৈ চিঞৰি দিলে। ঘৰলৈ যোৱা মানুহবোৰ পুনৰ ওলাই আহিল।  মানুহবোৰে স্ফূৰ্তিতে হৈ হৈ কৈ চিঞৰি উঠিল। মাছ ধৰাৰ আনন্দত এটা আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হ’ল। 

মাছটো শালিলে হয়, পিচে বহুত ডাঙৰ বাবে হাতেৰে ধৰি উঠাব পৰা নাই। যাঁঠিডাল লৰচৰ কৰিলেই মাছটোৱে ধৰফৰাই ওলাই যাব খোজে। বহুতবাৰ চেষ্টা কৰিও ধৰিব নোৱাৰি অৱশেষত ঘৰৰ পৰা ৰছী এডাল আনিবলৈ ক’লে। ঘৈণীয়েকে ৰছী এডাল আনি দিয়াত পানীৰ তলতে কৌশলেৰে মাছটো মেৰিয়াই বান্ধি যাঁঠি পাতৰ সৈতে দুজনে ধৰি  উঠাই ডাঙৰ বাল্টি এটাত ভৰাই ল’লে। তেতিয়াহে সেইটো যে শ’ল নহয়, চাইনীজ মাগুৰ মাছ এটাহে সেইটো গম পোৱা গ’ল।  প্ৰায় তিনিকেজিমান ওজনৰ মাছটো সিহঁতে সাৱধানে ধৰি ঘৰলৈ লৈ গ’ল। উত্তেজনাৰ শাম কটাত মানুহবোৰেও ঘৰাঘৰি গুচি গ’ল। প্ৰথম প্ৰথম মাছটো মইহে দেখিছিলোঁ! মোৰ বাবেই উত্তেজনাময় ঘটনা এটাৰ সুন্দৰ সামৰণি পৰাৰ বাবে নিজকে বাহ্,বাহ্ দি আনন্দ মনেৰে ভিতৰলৈ আহিলোঁ।

পিছদিনা বুবু বা বা চলিছে। ইমান ডাঙৰ মাছটো সিহঁতে নিজৰ অঙহী-বঙহীৰ সৈতে ভগাই খালে। মাছটো ধৰোঁতে ইমানবোৰ মানুহে চাই থাকি যে সহায় কৰিলে, সেইবোৰৰ কাকো এডোখৰো নিদিলে পাই!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *