ফটাঢোল

মিষ্টাৰ নটোৱাৰলাল-হেমন্ত কাকতি

যদিও বিশ্বকাপ ফুটবলত ভাৰতবৰ্ষই এটাও টীম পঠিয়াবলৈ সক্ষম হোৱা নাই, (মানে ‘কোৱালিফাই’ কৰিব পৰা নাই) কিন্তু ভাৰতবর্ষক ‘বিশ্বগুৰু’ বুলি কোৱাৰ বহুত থল আছে৷ তাৰে অন্যতম এটা কাৰণ হিচাবে মিষ্টাৰ নটোৱাৰলাল ওৰফে মিথিলেছ শ্ৰীবাস্তৱৰ কথাই ক’ব পাৰি যিয়ে বিশ্ব ইতিহাসৰ ‘সৰ্বশ্ৰেষ্ঠ’ দহজন ঠগৰ ভিতৰৰ এজন বুলি নিজৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখি গৈছে৷ সৰুসুৰা ঠগামী নহয়, জানি আচৰিত হ’ব যে তেওঁ তাজমহলক তিনিবাৰ, লালকিল্লাক দুবাৰ আৰু আনকি ভাৰতৰ পাৰ্লিয়ামেণ্ট ভৱনটোকে এবাৰ বিক্ৰী কৰি দিছিল৷ আন্তৰ্জাতিক অপৰাধ বিশেষজ্ঞসকলৰ মতেও মিষ্টাৰ নটোৱাৰলাল ভাৰতৰ সৰ্বকালৰ কুখ্যাত প্ৰবঞ্চক৷ একমাত্র অৰ্হতা আছিল তেওঁৰ ক্ষুৰধাৰ বুদ্ধি; যাৰ জোৰত তেওঁ বেচি দিছিল তাজমহল, তাকো এবাৰ দুবাৰ নহয় তিনিবাৰকৈ৷ 

তেওঁ লালকিল্লাও বেচিছিল দুবাৰ। স্বয়ং ৰাষ্ট্রপতিৰ চহী নকল কৰি বেচি দিছিল লোকসভা ভৱনটোও। বিষ্ময়জনক বিষয়টো হ’ল, এই প্ৰবঞ্চকজনক তেওঁৰ নিজৰ গ্ৰামাঞ্চলত দেবতুল্য জ্ঞান কৰা হৈছিল। কেবল নটোৱাৰলাল বুলি ক’লে তেওঁক কোনেও চিনি নাপাইছিল৷ বৰ্তমানৰ এক্টৰ, ডিৰেক্টৰ, চিংগাৰ মিষ্টাৰ ৰাজকুমাৰৰ দৰে তেওঁকো সম্ভ্ৰমেৰে কোৱা হৈছিল মিষ্টাৰ নটোৱাৰলাল৷ প্ৰায় বাৱন্নটা ছদ্মনামধাৰী এইজন প্ৰতাৰকৰ শেষত মিষ্টাৰ নটোৱাৰলাল নামটোৱে জনপ্ৰিয়তাৰ শীৰ্ষত ৰৈ যায়৷ আজি বিভিন্ন ভাৰতীয় ভাষাত এই “নটোৱাৰলাল” নামটো বিভিন্ন ঠগামী বা প্ৰবঞ্চনাৰ সমাৰ্থক শব্দ হিচাবে চিহ্ণিত হৈ আছে৷ বলীউদ অভিনেতা অমিতাভ বচ্ছনৰ চুপাৰহিট ছবি মিষ্টাৰ নটোৱাৰলালৰ মূল কাহিনীও আধাৰিত হৈছিল এইজন ঠগৰ জীৱন কাহিনীৰ ওপৰত৷ 

১৯১২ চনত বিহাৰৰ চিওয়ান জিলাৰ বাঙৰাত জন্ম হৈছিল মিথিলেশ শ্ৰীবাস্তৱৰ ওৰফে মিষ্টাৰ নটোৱাৰলালৰ৷ দেউতাক ৰঘুনাথ প্ৰসাদ আছিল ভাৰতীয় ৰেল বিভাগৰ এজন কৰ্মচাৰী৷ মেধাবী মিথিলেশ স্নাতক হোৱাৰ পিছত আইনৰ পঢ়াশুনা কৰি কৰিয়ে মানুহক ঠগা আৰম্ভ কৰি দিছিল৷ তেওঁৰ প্ৰথম প্ৰতাৰণাৰ চিকাৰ হৈছিল নিজ গাঁৱৰে এজন নীৰিহ মানুহ৷ মানুহজনে মিথিলেশক তেওঁৰ একাউণ্টত এখন বেংক ড্ৰাফ্ট জমা কৰিবলৈ পঠিয়াইছিল৷ চতুৰ মিথিলেশে প্ৰথমেই মানুহজনৰ চহীটো নকল কৰি কিছুদিন পিছতে নগদ এহেজাৰ টকা উলিয়াই লৈ যায়৷ ভাবি চাওক, ১৯৩০ চনত এহেজাৰ টকা মানে আজিৰ যুগত কেবা লাখ টকা হ’ব৷ কিন্তু কিছু অপৰিপক্কতাৰ বাবে এদিন মিথিলেশ ধৰা পৰে৷ দেউতাকে অলপ মাৰপিট কৰাৰ পিছত মিথিলেশ ঘৰ এৰি কলিকতা চহৰলৈ পলাই গুছি যায়৷ 

কলিকতাত আহি এজন কপাহ ব্যৱসায়ীৰ পুত্ৰক টিউচনত পঢ়োৱা আৰম্ভ কৰে৷ ব্যৱসায়ীজনৰ বিশ্বাসভাজন হৈ লোৱাৰ কিছুদিন পিছতেই তেওঁক প্ৰায় চাৰে চাৰি লাখ টকাৰ “ব্ৰহ্ম-ঠগন” দি পুনৰ মিষ্টাৰ নটোৱাৰলাল নিৰুদ্দেশ হৈ যায়৷ তাৰ পিছৰ পৰাই প্রতাৰণাৰ নিত্য নতুন আইডিয়া আৱিষ্কাৰ কৰি কৰি ভাৰতবৰ্ষৰ প্ৰায় আঠখন ৰাজ্যৰ পুলিচৰ চকুত ধূলি দি প্ৰায় ৬৬ বছৰ তেওঁৰ ঠগবাজীৰ সাম্ৰাজ্য বিস্তাৰ কৰি ফুৰিছিল৷ পুলিচ ৰেকৰ্ডমতে এই সময় চোৱাত তেওঁ প্ৰায় পছপন্নটা ছদ্মনাম ব্যৱহাৰ কৰি প্ৰায় চাৰিশ মানুহক ঠগি কোটি কোটি টকা লুণ্ঠন কৰি পেলাইছিল৷  

ইংৰাজী কোৱাত যিমান পাকৈত সিমানেই আছিল তেওঁৰ ব্যক্তিত্ব৷ তাৰ সমান্তৰালভাবে আইনৰ ওপৰত থকা অগাধ জ্ঞান আৰু তীক্ষ্ণ বুদ্ধি তেওঁৰ সাম্ৰাজ্য বঢ়োৱাত সহায় কৰিছিল৷ মানুহৰ জাল চহী কৰাটো আছিল তেওঁৰ শ্ৰেষ্ঠতম কলা৷ এবাৰ যাৰ চহী তেওঁ দেখিছে সেইটোক হুবহু নকল কৰাটো আছিল তেওঁৰ “বায়ে হাথ কা খেল”৷ নব্বৈ শতাংশ লোকক ঠগাৰ মূল অস্ত্ৰই আছিল তেওঁৰ মুখায়ৱত অনবৰতে ফুটি থকা এক সন্দেহাতীত ব্যক্তিত্ব আৰু জাল-চহীৰ ওস্তাদ৷ 

টাটা, বিৰলা বা ধীৰুভাই আম্বানীৰ দৰে ব্যক্তিও এসময়ত তেওঁৰ জালত পৰিছিল৷ কেতিয়াবা সমাজসেৱক, কোনোবা বিশিষ্ট নেতাৰ চেক্ৰেটাৰী নহ’লে কোনো প্ৰভাবশালী কেন্দ্ৰীয় মন্ত্ৰীৰ মানুহ কিম্বা কোনো ৰাজনৈতিক দলৰ হৈ চান্দা বিচাৰি বহু টকা এই ব্যৱসায়ীসকলৰ পৰা সৰকাই থৈছে৷ নিখুঁত নথিপত্ৰ আৰু অসাধাৰণ বাকপটুতাৰ দ্বাৰা প্ৰখ্যাত ব্যৱসায়ীসকলৰ পৰা ধন সৰকোৱা তেওঁৰ বাবে সাধাৰণ কথা৷ সকলো সময়তে চৰকাৰী কাগজপত্ৰ, ষ্টাম্প আদি লগতেই ৰাখিছিল তেওঁ৷  এবাৰ ৰাজীৱ গান্ধী প্রধানমন্ত্রী থাকোঁতে সেই সময়ৰ কেন্দ্রীয় বিত্তমন্ত্ৰী নাৰায়ণ দত্ত তিৱাৰীৰ চেক্ৰেটাৰী সাজি দিল্লীৰ এখন নামজ্বলা ঘড়ীৰ দোকানলৈ যায় মিষ্টাৰ নটোৱাৰলাল৷ মালিকক তেওঁ গৈ ক’লে যে প্রধানমন্ত্রীয়ে ভাৰতত ভ্ৰমণৰত প্ৰায় নব্বৈজন বিদেশী অতিথিক ৯০টা দামী ঘড়ী উপহাৰ দিব খুজিছে, সেই উপলক্ষে বিত্তমন্ত্ৰীয়ে তেওঁক পঠিয়াইছে৷ 

অশোকস্তম্ভৰ ছাপ মৰা চৰকাৰী পেদত মন্ত্রীৰ চহী কৰা চিঠি দেখি দোকানদাৰে  ৯০টা ঘড়ী লৈ নর্থ ব্লকত বিত্তমন্ত্রীৰ দপ্তৰলৈ লৈ যায়৷ তাতে তেওঁ নিজে চৰকাৰী ড্ৰাফ্ট দি ঘড়ী ডেলিভাৰী লৈ লয়৷ বেংকত  ড্রাফ্ট ভাঙিব যোৱাৰ পিছতহে দোকানীয়ে গম পালে যে তেওঁক ৰামঠগন দি ‘চৰাই’ ইতিমধ্যে উৰি গ’ল৷

তেওঁ মূলতঃ আইনজীৱি হোৱাৰ বাবেই মাটীবাৰীৰ কাগজপত্ৰবিলাকৰ  খুঁটিনাটী ভালকৈ জানিছিল৷ তাজমহল অৱস্থিত মাটীখিনিৰ মালিকানা স্বত্বৰ বাবে দৰ্কাৰী সকলো প্ৰয়োজনীয় চৰকাৰী নথিপত্ৰ নিজৰ নামত বনাই লৈছিল৷ তাৰ পিচতে সেই মাটী তিনিবাৰ তিনিজন বিদেশীলোকক বেচি দিছিল৷ অকল তাজমহলেই নহয় দিল্লীস্থিত লালকিল্লাও দুবাৰ বেচিছিল৷ তাৰোপৰি প্রথম ৰাষ্ট্রপতি ৰাজেন্দ্রপ্রসাদৰ হস্তাক্ষৰ নকল কৰি চৰকাৰী নিৰ্দেশ জাৰি কৰি লোকসভা ভৱনটোও এবাৰ কোনোবা এজনক বিক্ৰি কৰি দিছিল৷ পুলিচ আৰু আদালতত থকা কেচ ৰেজিষ্টাৰসমূহ চালে বুজা যায় যে এই অভিযোগ সমূহ অলপো মিছা কথা নহয়৷ 

“মানুহক কি ভাবে ঠগাই আপুনি?”- কানপুৰ আদালতত এবাৰ এজন ন্যায়াধীশে নটোৱাৰলালক প্ৰশ্ন কৰিছিল৷ নটোৱাৰলালে তেওঁক মাথোঁ এটকা এটা খুজিছিল৷ কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈয়ে ন্যায়াধীশজনে তেওঁক এটাকাটো দি দিয়াত, মিষ্টাৰ নটোৱাৰলালে হাঁহিমুখে ক’লে,

: মাই লৰ্ড, ময়ো মানুহৰ পৰা এনেকৈয়ে বিচাৰোঁ আৰু মোকো মানুহে কোনো প্ৰশ্ন নকৰাকৈ দি দিয়ে৷ আজিলৈকে  মই কাকো বন্দুকৰ ভয় দেখুৱাই বা জোৰ জুলুম কৰি টকা লৈ পোৱা নাই৷ মোৰ বিৰুদ্ধে আদালতত চলা প্ৰায় এশ গোচৰৰ কোনো এটাটো মানুহক আহত কৰা বা জোৰ জুলুম কৰাৰ নজিৰ নাই৷ ভাৰত চৰকাৰে ইচ্ছা কৰিলে মোৰ বুদ্ধিক কামত লগাব পাৰে৷ বিদেশৰ সকলো ধাৰ পৰিশোধ কৰি দিম৷

কোৱা নিষ্প্ৰয়োজন যে জাজ চাহাবক সেই এটকাটো কাহিনীও ঘূৰাই নিদিলে৷ 

তেওঁৰ ওপৰত আৰু এটা মজাৰ ঘটনাৰ বিষয়ে দুই এঠাইত উল্লেখ আছে৷ অৱশ্যে মুখে মুখে বাগৰি অহা কথাৰ সত্যাসত্য জনাৰ উপায় নাই৷ কাহিনীটো এনে ধৰণৰ- 

মিষ্টাৰ নটোৱাৰলাল তেতিয়া লক্ষ্ণৌ জেলত কাৰাৰুদ্ধ৷ কিছুদিন পিচত তেওঁৰ ঘৈনীয়েকৰ পৰা জেললৈ প্ৰতিমাহে এখন চিঠি আহে৷ কিন্তু বহুতদিন পিছতো চিঠিবোৰৰ উত্তৰ নিদিয়াত জেইল কৰ্তৃপক্ষই তেওক সুধিলে যে এখনো চিঠিৰ উত্তৰ কিয় দিয়া নাই? মিষ্টাৰ নটোৱাৰলাল কিন্তু নিৰ্বিকাৰ৷ অৱশেষত আঠ নম্বৰ চিঠিখন লৈ জেইলাৰ নিজে আহি নটোৱাৰলালক জোৰ কৰিলে যে ঘৈনীয়েকক চিঠিৰ উত্তৰ দিবই লাগিব৷ চিঠিখনৰ এঠাইত ঘৈণীয়েকে লিখিছিল যে খেতিৰ মাটিখিনি চহাব লাগে কিন্তু ঘৰত পইচা নোহোৱা বাবে মাটিখিনি চাহ কৰিব পৰা নাই৷ অৱশেষত বাধ্য হৈ নটোৱাৰলালে ঘৈণীয়েকক লিখিলে যে সেই মাটীখিনিৰ এচুকত মাত্ৰ একফুট তলতে বহুত সোণৰ মূদ্ৰা লুকাই থোৱা আছে৷ সেইটো খান্দি অলপ উলিয়াই কাম চলোৱা৷ বাকীখিনি মই জেলৰ পৰা মুকলি হৈ মেনেজ কৰিম৷ 

চিঠিখন নটোৱাৰৰ ঘৈনীয়েকলৈ যোৱাৰ আগতে পুলিচ হেডকোৱাৰ্টাৰলৈ যায়৷ তাৰ ‘কনটেণ্ট’ খিনি পুলিচে পঢ়ি সোণ উদ্ধাৰৰ বাবে প্ৰায় এশ মানুহ লগাই মাটী খান্দি চলাথ কৰে৷ কিন্তু সোণ নেপায়৷ পিছৰ মাহত ঘৈণীয়েকৰ পৰা পুনৰ চিঠি পায়৷ তাত লিখা আছিল যে পুলিচৰ মানুহে আহি মাটীখিনি চহাই থৈ যোৱাৰ পিচত খেতি ভালেই হৈছে এইবাৰ৷ সোণ নেপাই খঙত অগ্নিশৰ্মা হোৱা পুলিচে নটোৱাৰলালক মিছা কথা কিয় কৈছিল বুলি জেৰা কৰাত মিষ্টাৰ নটোৱাৰলালে মাথো এষাৰেই কৈছিল,

: আপোনালোকে জোৰ কৰা কাৰণেহে চিঠিৰ উত্তৰ দিছিলোঁ, নহ’লে মই কেতিয়াও ৰিপ্লাই নকৰোঁ৷ 

প্ৰায় ৬৬ বছৰে ঠগ প্ৰৱঞ্চকৰ খেল খেলি সৰ্বমুঠ ন বাৰ গ্ৰেপ্তাৰ হৈছিল৷ জেইলত কটোৱা সময় আছিল প্ৰায় বিশ বছৰ৷ প্ৰথম চৌধ্যটা কেচত মুঠ এশ তেৰ বছৰৰ জেইল হৈছিল তেওঁৰ৷ তাৰ ভিতৰত ন বাৰ পলায়ন কৰিছিল৷ শেষৰ বাৰ তেওঁ যেতিয়া ধৰা পৰিছিল তেতিয়া তেওঁৰ বয়স আছিল ৮৪ বছৰ৷ কাণপুৰ জেইলত থাকোঁতে চলাফিৰাৰ ক্ষমতা হেৰুৱাই পেলাইছিল মিষ্টাৰ নটোৱাৰলালে৷ হুইল চেয়াৰে আছিল তেওঁৰ সংগী৷ এবাৰ অসুস্থ হৈ পৰাত আদালতৰ নিৰ্দেশত তেওঁক দিল্লীস্থিত এইমচ হস্পিটালত ভৰ্তি কৰিবলৈ ট্ৰেইনত নিয়া হৈছিল৷ ট্ৰেইনৰ পৰা নটোৱাৰলালক নমাই হুইল চেয়াৰত বহুৱাই ৰাখি নিবলৈ যো-জা কৰি থাকোঁতে হুইল চেয়াৰৰ পৰা নিখোজ হয় মিষ্টাৰ নটোৱাৰলাল৷ তেতিয়াৰ পৰা মিষ্টাৰ নটোৱাৰলালৰ কোনো সন্ধান পুলিচে উলিয়াব নোৱাৰিলে৷ 

আজিও বাঙৰা গাঁওবাসীয়ে মিষ্টাৰ নটোৱাৰলালক ভগৱানৰ সমান শ্ৰদ্ধা কৰে৷ গাঁওবাসীয়ে এতিয়াও কয় যে ধনী মানুহক লুটি তেওঁ গৰীবক সহায় কৰিছিল৷ আশীৰ দশকত হেনো মিষ্টাৰ নটৱাৰলাল এবাৰ তিনিখন গাড়ীৰ কনভয় লৈ নিজৰ গাঁৱলৈ গৈছিল৷ তাত হেনো গাঁওবাসী সকলোকে গাই পতি এশ এশ টকা দি আহিছিল৷ কিন্তু পুলিচে গমেই নেপালে৷

২০০৯ চনত নটোৱাৰলালৰ উকীলে আদালতক জনাইছিল যে জুলাই মাহৰ ২৫ তাৰিখে নটোৱৰলালৰ মৃত্যু হৈছে৷ কিন্তু নটৱৰলালৰ ভায়েক  গঙ্গাপ্রসাদে সংবাদ মাধ্যমক জনাইছিল যে, দিল্লী ষ্টেচনৰ পৰা পলাই যোৱাৰ পিচতে সেই বছৰতেই তেওৰ ৰাঁছীত মৃত্যু হৈছিল৷ নিজৰ মৃত্যুৰ ওপৰতো নিজৰ ষ্টাইলতে ৰহস্যৰ পৰ্দা টানি চিৰদিনৰ বাবে নাইকিয়া হৈছিল মিষ্টাৰ নটোৱাৰলাল৷

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    বহুত ভাল লাগিল পঢ়ি। মিঃ নটৱৰলাল কি সাংঘাটিক দেখোন?

    Reply
  • Hiranyajyoti Das

    চিনেমাৰ দৰেই কাহিনী মি: নটৱৰলালৰ ৷ আৰু পঢ়িম পঢ়িম লাগি থাকিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *