ফটাঢোল

দুটা জমনি অভিজ্ঞতা-নয়নমণি হালৈ

(১)

ট্ৰেইন বুলি ক’লে মোৰ অভিজ্ঞতাৰ অন্ত নাই৷ শনিবাৰে সন্ধিয়া ট্ৰেইনত উঠিয়েই ঘৰমুৱা হওঁ, আকৌ সোমবাৰে ৰাতিপুৱা গুৱাহাটীৰ কৰ্মস্থলী পাওঁ ট্ৰেইনত উঠিয়েই৷ বছৰৰ পিছত বছৰ এনেকৈয়ে চলি আছে৷ 

বহুবছৰ আগৰ কথা৷ এবাৰ কি হ’ল! ৰঙিয়াৰপৰা মই ঘৰলৈ যাব লাগে৷আধাঘণ্টাৰ বাট৷ ঘড়ী চাই দেখিলো ৭-৩০ বজাৰ পেচেঞ্জাৰখন ৰঙিয়া আহি পাবৰ হৈছে৷ দৌৰি দৌৰি ষ্টেচন পালো৷ ষ্টেচনত দেখিলো পেচেঞ্জাৰখনে দীঘলকৈ উকি এটা মাৰি চলিবলৈ আৰম্ভ কৰিছেই৷ ইষ্টদেৱতাক স্মৰণ কৰি কিবাকৈ ট্ৰেইনখনত জাপ মাৰি উঠিলোঁ৷ চকু দুটা মুদি কিছুপৰ ফোপাই-জোপাই চকু দুটা মেলি দেখো- সৰ্বনাশ! মই ভবা ট্ৰেইন এইখন নহয়৷ এইখন দেখোন বেংগালুৰ অভিমুখী ‘নৰ্থ ইষ্ট এক্সপ্ৰেছ’হে৷ মনে-মনে ঈশ্বৰক খাটিলো- প্ৰভু আজি ৰক্ষা কৰা, অন্ততঃ নলবাৰী ষ্টেচনত এখন্তেক ৰখাবা প্ৰভু৷ 

কিন্তু প্ৰভুৰ সেইদিনা লালকাল টোপনি৷ চাৰিদিন ভোকত থকা মানুহৰ আগত মাংস ভাতৰ কাঁহীখন এনেয়ে এপাক ঘূৰাই লৈ গ’লে যেনেকুৱা খং উঠে, মোৰো নলবাৰীত তেনেকুৱাই হ’ল৷ এয়া নলবাৰী ষ্টেচন পালো, সৌটো দুখোজ গ’লেই মোৰ ঘৰ৷ কিন্তু ট্ৰেইন ৰোৱাটো দূৰৰ কথা, যিটোহে ধুমুহাৰ গতি লৈছে! গ’ল, নলবাৰী পাৰ হৈ গ’ল৷ তাৰ পিছত মনেমনে ভাবিছো- ভগৱান টিহুত অন্ততঃ ৰাখা৷ টিহুত জেঠপেহাহঁতৰ ঘৰ৷ টিহুত সেইটোৱেই সাহস৷ কিন্তু নাই, টিহু ষ্টেচনটো চকামকাকৈ অলপ দেখা যেনহে পালো৷ ধুমুহাৰ গতিত ট্ৰেইন চলিছে৷ এইবাৰ মোৰ শেষ প্ৰাৰ্থনা আৰম্ভ হ’ল- ভগৱান যেনেতেনে পাঠশালাত অলপ ৰখোৱা৷ পাঠশালাত মোৰ শেষ ভৰষা আলহী এঘৰ আছে৷ এনেয়ে অহাযোৱা নাই৷ কিন্তু সেইদিনা বিচাৰি উলিয়াম আৰু৷ কিন্তু নাই, ভগৱানে কিজানি সেইদিনা ডিঙিলৈকে এটুপি গিলি কৰবাৰ নলাই নৰ্দমাই পৰি আছে! ভকতৰ প্ৰাৰ্থনা শুনাৰ সময় তেৰাৰ নাই৷ পাঠশালা এৰাৰ পিছত আৰু ভগৱানক ভবাই বাদ দিলোঁ৷ 

পকেটখন খেপিয়াই চালোঁ- পঞ্চাশটকীয়া  এখনহে আছে৷ যি হয় হ’ব বুলি কপালত দুটা চাপৰ মাৰি বহি থাকিলোঁ৷ মাজতে টিটি আহিল, সেইখিনি সময় বাথৰুমত সোমালোঁ৷ অৱশেষত নৰ্থইষ্ট এক্সপ্ৰেছৰ ধুমুহাৰ গতি ক্ষান্ত হ’ল৷ গৈ গৈ ট্ৰেইনখনে য’ত ৰখিলে সেয়া নিউ বঙ্গাইগাৱ ষ্টেচন৷ তেতিয়ালৈ ঘূৰি আহিবলৈ না কিবা ৰেল আছে, না বাছ৷ আগত আছে এটা মস্ত দীঘল ৰাতি৷পঞ্চাশটকীয়াখন হাতেৰে চুই চুই ৰাতি এপৰলৈ হোটেলৰ আলমাৰীবোৰ চাই ফুৰিলো৷ পেটত ভোক, অথচ খাব নোৱাৰোঁ৷ খালে মোৰ যাবলৈ পইছা নাই৷ অৱশেষত গোটেই ৰাতি প্লেটফৰ্মত শুলোঁ আৰু পিছদিনা বাছ এখনত নলবাৰী ঘূৰি আহি পালোঁ৷ বাছখনেও ৫০ টকাত আনিবই খোজা নাছিল৷ কণ্ডাক্টৰে কৈছিল বাছত ওপৰত অহা চবজিৰ বস্তা কেইটাৰ ওপৰতহে বহি আহিব লাগে৷ অৱশেষত যেনিবা মোৰ সেমেনাসেমেনি মুখখন দেখি ড্ৰাইভাৰৰ মন গলিল৷ সি মোক ইঞ্জিনটোৰ ওপৰত বহুৱাই আনিলে৷ 

তেতিয়াৰ পৰা ট্ৰেইন পশ্চিমমুৱা হৈ থাকিলেই আমাৰ নলবাৰীলৈ যাব বুলি ভবা ভুলটো নকৰো৷ 

                                   (২)

মোৰ এজন বন্ধু আছিল, সি চৰকাৰী হাস্পতালৰ ওচৰত এখন ফাৰ্মাচীত ঔষধ বিক্ৰেতা হিচাপে আছিল৷ মেট্ৰিক পাছ কৰি এবছৰমান কলেজলৈ গৈয়ে সি পঢ়া সাং কৰিছিল আৰু এই চাকৰিটোত সোমাইছিল৷ ঔষধ নিবলৈ আহোঁতে আহোঁতে কাষৰ ছোৱালী এজনীৰ লগত তাৰ লিলিমাই হ’ল৷ আৰু সি আহি মোক হাতেভৰিয়ে ধৰিলে- চিঠি লিখি দিব লাগে৷ হাজাৰ হলেও বন্ধু, মই একে আষাৰে মান্তি হৈ গ’লো৷ সি মোক কোৱামতে মই এনেকৈ চিঠি এখন লিখিব লাগিব যাতে চিঠি পঢ়ি ছোৱালীজনী তাৰ নামত “পাগ্লা” হৈ যায়৷ প্ৰেমৰ উপন্যাসমখা পঢ়ি মই ইতিমধ্যে পাগ্লা হৈয়ে আছিলো৷ একেবাৰে বন্ধুৰ প্ৰেমিকাক নিজৰ প্ৰেমিকা বুলি মনতে কল্পনা কৰি হাতেকামে লাগি গ’লো৷ চিঠি নহয় যেন কালিদাসৰ ‘অভিজ্ঞানম শকুন্তলম’হে, এনে মৌবৰষা মোৰ চিঠিৰ ভাষা৷ আৰু সঁচাসচিকৈ সিহঁতৰ মাজত চিঠিৰ আদানপ্ৰদান হৈ প্ৰেম হৈ গ’ল৷ তাইৰ চিঠিবোৰো পঢ়ি মোৰ ভাল লগা হৈ গ’ল৷ বেচ কিছুদিন এনেকৈ চলি থাকিল৷

কেইমাহমান পিচত এদিন প্ৰেমিকাৰ ঘৰৰপৰা নিমন্ত্ৰণ আহিল,সত্যনাৰায়ণ পূজা উপলক্ষে৷ সাজিকাচি দুয়ো বন্ধু গলো৷ ভালেখিনি পৰ কথাবতৰা পাতিলো৷ কিন্তু মন কৰিলো ছোৱালীজনীয়ে মোক কিবা এটা ক’ব খোজে৷ আহিবৰ পৰত পদূলিমুখত তাই সুধিয়ে দিলে- 

“এওঁ দিয়া চিঠিবোৰ তুমি লিখি দিয়া ন?”

 মোৰতো ফিচিককৈ হাঁহি এটা ওলাই গ’ল৷ কোনোপধ্যেই হাঁহিটো ৰখাব নোৱাৰিলো৷ এইফালে বন্ধুৰ অৱস্থা নাই৷ তাই আকৌ কলে- 

“মই তোমাৰ লগত কথা পাতোতেই গম পাইছো চিঠিবোৰ তুমিয়ে লিখি দিয়া৷” 

তাৰ বহুদিন পিছত বিমৰ্ষ মনে এদিন বন্ধুৱে আহি কৈছিল- মোৰ সেই হাঁহিটোৱে হেনো সিহঁতৰ প্ৰেমত অমানিশা হৈ নামি আহিল৷ 

হাঁহি বহুত ভাল, সেইবুলি য’তে ত’তে হাঁহি দিলে ‘ভাল’ৰ ‘ভ’ৰ ঠাইত ‘ব’টোহে হয়গৈ৷

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply to Ranjan Das Cancel reply

Your email address will not be published. Required fields are marked *