ফটাঢোল

শ্ৰদ্ধাঞ্জলি-সম্পাদনা সমিতি

…শেষ মানেই সমাপ্তি নহয়

এই কথাখিনি লিখিবলৈ লওঁতে দুচকু সেমেকি উঠিছে, আঙুলিবোৰ জঠৰ হৈ যাব খুজিছে৷ সিদিনালৈকে হাঁহি-মাতি কথা কৈ, ধেমালি কৰা, অভিমান কৰা মুখকেইখন৷ কোনোদিনেই কল্পনা কৰা নাছিলোঁ, তেওঁলোকৰ সোঁৱৰণত কিবা লিখিব লগা হ’ব বুলি৷ সামাজিক মাধ্যমত লগ পোৱা সম্পৰ্ক কিছুমানৰো যে ইমান টান, তেওঁলোক নোহোৱা হৈ যোৱাৰ খবৰটো সঁচা বুলি নিজকে আজিলৈকে পতিয়ন নিয়াব নোৱাৰিলোঁ৷ 

ফটাঢোল সামাজিক মাধ্যমৰ এটা হাস্য-ব্যংগ গোট৷ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বৰো অন্য দেশত থকা প্ৰবাসী লোকসকলৰ ৰসাল সাহিত্য চৰ্চাৰ এই যাত্ৰা আজি ৭ বছৰৰো অধিক কাল অনিৰূদ্ধ গতিৰে গৈ আছে৷ হাস্য-ব্যংগ অনলাইন ই-আলোচনী ফটাঢোলেও এইবাৰ ষষ্ঠ বৰ্ষত ভৰি দিলে৷ এই যাত্ৰাটোত পৰিয়ালৰ এজন সু-সন্তানৰ দৰেই গোটটো তথা আলোচনীক কলিজাৰ উম দি গতিশীল কৰা প্ৰয়াত মনিষা কাকতি, হিমাংশু ৰাজখোৱা(দা), বৰ্ণালী শৰণীয়া আৰু চিকিৎসক লেখক প্ৰয়াত ভূপেন্দ্ৰ নাথ শইকীয়া দেৱলৈ সমগ্ৰ ফটাঢোল পৰিয়াল তথা আলোচনী গোটৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ৷ ব্যক্তিগত হাজাৰটা অসুবিধাৰ মাজতো সাক্ষাৎকাৰ গ্ৰহণ, অলংকৰণ আদিৰে আলোচনীখনত পাঠকৰ বাবে মনোগ্ৰাহী কৰাৰ চিন্তাত সদায়েই ব্ৰতী হিমাংশু ৰাজখোৱা আৰু মনিষাৰ বিয়োগ আমাৰ বাবে অপূৰণীয় ক্ষতি৷ নিজৰ লেখাৰে সকলো শ্ৰেণী পাঠকৰ সমাদৰ লাভ কৰা বৰ্ণালী শৰণীয়া আৰু প্ৰসিদ্ধ চিকিৎসক ডাক্টৰ ভূপেন্দ্ৰ নাথ শইকীয়া চাৰৰ বিয়োগে সাহিত্যৰ জগতখনত এটা শূন্যতাৰ সৃষ্টি কৰিলে৷ 

তেখেতসকলৰ সৃষ্টিৰাজীক পাঠক সমাজৰ ওচৰলৈ আগবঢ়াই নিয়াৰ এটি বিনম্ৰ প্ৰয়াস, আমাৰ  ‘শ্ৰদ্ধাঞ্জলি’ শিতানটো৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *