অসমত গ্রন্থ উদ্যোগৰ ভৱিষ্যত-বিশ্বজ্যোতি শৰ্ম্মা
গ্রন্থই মানৱ সভ্যতাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। গ্ৰন্থৰ পৃথিৱীখনে মানৱ জীৱনৰ ঘাইকৈ দুটা দিশত প্ৰভাৱ বিস্তাৰ কৰে। জ্ঞান আৰু মনোৰঞ্জন। এটি মানৱ শৰীৰ ভূমিস্থ হোৱাৰ দুই-তিনিটা বছৰৰ পাছৰ পৰাই আমি অগ্ৰজসকলে তেওঁক জ্ঞানী হিচাপে গঢ়ি তুলি ভবিষ্যতে ব্যৱহাৰিক পৃথিৱীখনৰ বিভিন্ন সমস্যাৰ মুখামুখী হ’ব পৰাকৈ শিক্ষিত আৰু জ্ঞানী হিচাপে গঢ়ি তোলাৰ কুচকাৱাচ আৰম্ভ কৰি দিওঁ। সেইক্ষেত্ৰত আমি সর্বপ্রথমেই সহায় লওঁ এখন গ্ৰন্থৰ। ক, খ A, B, 1, 2…. ইত্যাদিবোৰৰ ধাৰণা প্ৰদান কৰিবৰ বাবে আমাৰ হাতত গ্ৰন্থৰ গত্যন্তৰ নাথাকে। সেই যে প্রায় তিনিবছৰ বয়সতে কিতাপৰ সৰু টোপোলা এটা মোনাত ভৰাই বিদ্যালয়লৈ। অহা যোৱাৰ নিয়ম এটা এবাৰ আৰম্ভ হয়, সি আৰু ওৰেটো জীৱন বিভিন্ন স্তৰত চলি থাকে। জীৱনৰ বিয়লি বেলালৈকে বিভিন্ন ৰূপত প্ৰায় প্ৰতিজন ব্যক্তিৰে গ্ৰন্থ বা কিতাপৰ সৈতে এক এৰাব নোৱাৰা সম্পৰ্ক হৈ পৰে।
কিতাপ বা গ্ৰন্থৰ সৈতে এটা উদ্যোগ জড়িত হৈ আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমীয়া গ্ৰন্থৰো এটা উদ্যোগ আছে। এই উদ্যোগটো একেদিনাই আজিৰ পৰ্যায়ত উপরিস্ত হোৱা নাই। বহুলোকৰ একাগ্ৰ সাধনাৰ বলত, বহু বছৰৰ দীঘলীয়া প্ৰচেষ্টাৰ ফলত ই আজি এই অৱস্থা প্ৰাপ্ত হৈছে। আপাত দৃষ্টিৰে চালে গ্রন্থ উদ্যোগটোৰ লগত তিনিটা পক্ষ জড়িত হৈ আছে। লেখক, পাঠক আৰু প্ৰকাশক কিন্তু তাৰ লগতে সততে চকুত নপৰা এচাম কলা-কুশলীৰ অবিৰত প্ৰয়াস আৰু শ্ৰমৰ জৰিয়তেহে গ্ৰন্থ উদ্যোগটো ঠন ধৰি উঠিছে। ডি.টি.পি অপাৰেটৰ, প্রুফ ৰীডাৰ, লে আউট ডিজাইনাৰ, এডিটৰ, পৰিৱেশক আদিৰ পৰা আৰম্ভ কৰি কান্ধত প্ৰকাণ্ড মোনো এটা লৈ বিভিন্ন স্থানত গ্ৰন্থ বিক্ৰী কৰি ফুৰা কৰ্মীজনলৈকে সকলোৰে গ্ৰন্থ উদ্যোগটোলৈ অৱদান আছে। অর্থাৎ এই গ্রন্থ উদ্যোগটোৰ লগত জ্ঞান আৰু মনোৰঞ্জনৰ উপৰিও লাখ হিচাপে মানুহৰ জীৱিকাৰ প্ৰশ্ন এটা জড়িত হৈ আছে। সেইবাবেই হয়তো আজি বেছ কিছুদিনৰ পৰা অসমৰ বিভিন্ন মাধ্যমত গ্রন্থ উদ্যোগটোৰ ভৱিষ্যতক লৈ সৰব চৰ্চা আৰম্ভ হৈছে। বহুলোকে মত প্ৰকাশ কৰিছে যে অসমীয়া গ্ৰন্থৰ উদ্যোগটো দিনে দিনে বেয়াৰ ফালে ঢাল খাইছে। দুই একৰ মতেটো এই উদ্যোগটো মৃত্যুমুখী যাত্ৰাত।
এটা কথা আমি মানি ল’বই লাগিব যে আজি কিছু বছৰৰ পৰা অসমীয়া গ্ৰন্থৰ বিক্ৰীৰ পৰিমাণ নিম্নগামী হৈছে। অৱশ্যে পাঠ্যপুথিৰ বিক্ৰীৰ পৰিমাণ নিম্নগামী হোৱা নাই বা হোৱাৰ প্ৰশ্নই নুঠে। কাৰণ শিক্ষাৰ প্ৰসাৰৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে পাঠ্যপুথিৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰে। কিন্তু গ্রন্থ উদ্যোগটো কেৱল পাঠ্যপুথিৰ ওপৰতে তিস্থি নাথাকে। বিভিন্ন ধৰণৰ পাঠ্যক্ৰম বহির্ভূত গ্রন্থ যেনে উপন্যাস, কবিতাপুথি, গল্প-সংকলন, আলোচনী, বাতৰি কাকত আদিৰ বিক্ৰীৰ পৰিমাণেহে গ্রন্থ উদ্যোগটো কোনদিশে ধাবমান তাৰ সত্যাসত্য নিৰূপণ কৰে।
বর্তমান সময়ত পাঠ্যক্ৰম বহির্ভূত গ্ৰন্থৰ বিক্ৰীৰ পৰিমাণ যে হ্ৰাস পাইছে সেই কথা ধুৰূপ। বিশেষকৈ কেইবাজনো প্রকাশকৰ লগত কথোপকথনত লিপ্ত হৈ আমি উপলব্ধি কৰিছোঁ যে বৰ্তমানৰ প্ৰক্ৰিয়াৰে চলি থকা অসমীয়া গ্রন্থ উদ্যোগটোৰ ভৱিষ্যত বৰ আশাব্যঞ্জক নহয়। তাৰ কাণ কেইবাটাও ।
ক) ইলেক্ট্রনিক মাধ্যমৰ ধামখুমীয়াত গ্রন্থ উদ্যোগটো বিপদাপন্ন হৈছে যেন বোধ হয়। আজিৰ পৰা বিশ বছৰ আগলৈকে মোবাইল ফোনৰ ব্যৱহাৰ অসমৰ ছাত্ৰ-ছাত্ৰী আৰু পঢ়ুৱৈ সমাজৰ মাজত প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি। শিক্ষক আৰু অভিভাৱকসকলে শৈশৱৰে পৰাই সন্তান সকলক বিভিন্ন আলোচনী আৰু গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰয়াস কৰি সফলতা লাভ কৰিছিল। সেই সময়বোৰত মানুহৰ হাতত অফুৰন্ত আজৰি সময় আছিল। প্ৰতিখন ঘৰতেই প্রতিষ্ঠিত অসমীয়া লেখকৰ গ্ৰন্থ, আলোচনী, বাতৰিকাকত আদিয়ে স্থান পাইছিল। কিন্তু আজিৰ অসমীয়া সমাজখনৰ অৱস্থা সম্পূৰ্ণ সুকীয়া। এক ডেৰ বছৰীয়া কেচুৱাটোক জলপান খুৱাবৰ সময়তেই হাতত মোবাইল ফোন এটা অৰ্পণ কৰা হয় যাতে সেই শিশুটিয়ে খাবৰ সময়ত আমনি নকৰে। ইয়াৰ বিষম পৰিণতি অতি সোনকালেই চকুত পৰে। সেই মোবাইল ফোনটো তাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰে। আজি আজৰি সময়ত শিশু, কিশোৰ, যুৱক আনকি প্রাপ্তবয়স্ক, মধ্যবয়সীয়া ব্যক্তি এজনেও মোবাইল ফোনটোতেই নিজকে ব্যক্ত কৰি ৰাখিবলৈ ভাল পায়। গতিকে কিতাপ পঢ়িবলৈ সময়ত ক’ত?
(খ) টেলিভিচনৰ প্রাদুর্ভাবেও ছপা মাধ্যমলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। টেলিভিচনত বহু চেনেলৰ সমাগম হ’ল। তথ্যৰ বাবে বাতৰি কাকত বা জ্ঞানবর্ধক আলোচনী এখন মেলি চকু আৰু শৰীৰৰ ৰাজহাড়ক কষ্ট দিয়াতকৈ বিছনাত পৰি গাৰু এটাত হেলান দি টি.ভি,ৰ ৰিম টত আঙুলীৰ পৰশ বুলাই থকাটোকেই বহু ব্যক্তিয়ে শ্রেয় বুলি ভাবি লৈছে। ফলত ছপা মাধ্যমৰ জনপ্রিয়তা হ্রাস পাইছে।
গ) চৰকাৰী নীতিয়েই এইক্ষেত্ৰত ভূতৰ ওপৰত দানব পৰাৰ দৰে পৰিবেশ সৃষ্টি কৰিছে। ভাৰতবৰ্ষ এখন কল্যানকামী ৰাষ্ট্ৰ৷ এই ৰাষ্ট্ৰৰ জনসাধাৰণৰ বাবে নির্বাচিত চৰকাৰখনে সময়োপযোগী পদক্ষেপ লোৱাটো বাঞ্চনীয়৷ তেনে এক সু-পৰিকল্পিত আৰু আদৰণীয় পদক্ষেপ হৈছে ছাত্র-ছাত্রীক বিনামূলীয়াকৈ পাঠ্যপুথিৰ যোগান ধৰা । কিন্তু এনে এক পদক্ষেপৰ ফলত ছাত্ৰ-ছাত্ৰীসকল কিতাপৰ দোকান/বিপনীসমূহৰ পৰা আঁতৰি আহিল। আগতে পাঠ্যপুথি ক্রয় কৰিবলৈ বিপনী এখনলৈ যাওঁতে ছাত্র-ছাত্রী আৰু অভিভাৱকে বাহিৰা গ্ৰন্থসমূহৰ মুখামুখী হৈ পাঠ্যপুথিৰ লগতে আন দুই-চাৰিখন গ্ৰন্থৰ টোপোলা লগত ক্ৰয় কৰি অনাৰ অলিখিত নিয়ম এটা আছিল। কিন্তু চৰকাৰী আঁচনিত ছাত্ৰ-ছাত্ৰীসকলে হাততে বিনামূলীয়াকৈ পাঠ্যপুথি পাই কিতাপৰ দোকানলৈ নোযোৱা হ’ল। ফলত গ্রন্থ উদ্যোগটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ পৰিল। মই চৰকাৰী নীতি বিৰোধী নহয়। কিন্তু এই ব্যৱস্থাটোত অলপ সালসলনি কৰিলেই দুই কুল ৰক্ষা হোৱাৰ সম্ভাৱনা এটা দেখা যায়। যদিহে চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বেংক একাউণ্টত প্ৰয়োজনীয় টকাৰ যোগান ধৰে, বা কুপনৰ ব্যৱস্থা কৰে তেনেহ’লে ছাত্র-ছাত্রীসকল বা অভিভাৱকসকল গ্ৰন্থৰ বিপনীলৈ যাবলৈ বাধ্য হ’ব।
ঘ) সৃষ্টিশীল সাহিত্যৰ বিষয় (Content) আৰু উপস্থাপন শৈলীয়েও পাঠকক গ্ৰন্থৰ পৰা আঁতৰাই নিছে যেন বোধ এটা হয়। চমৎকাৰী আৰু তুলনামূলকভাৱে নতুন বিষয়বস্তুৰ আধাৰত লিখিত গ্রন্থ এখনে পাঠকক বেছিকৈ আকৰ্ষিত কৰে। একেদৰে সু-সাহিত্যৰ নামত কঠিন শব্দ আৰু কঠিন উপস্থাপনে পাঠকক অস্বস্তিত পেলায়। গতিকে সহজ-সৰল ভাষাৰ প্রয়োগেৰে চমৎকাৰী বিষয়বস্তুৰে লিখিত গ্রন্থ এখনে আজিও সমাদৰ লাভ কৰে। উদাহৰণস্বৰূপে অসীমত যাৰ হেৰাল সীমা” নামৰ উপন্যাসখনৰ জনপ্ৰিয়তা প্ৰকাশৰ পয়সত্তৰ বছৰৰ পাছতো হ্ৰাস পোৱা নাই। অতি সাম্প্ৰতিক গ্ৰন্থৰ বিচাৰ কৰিলে ‘লাইফ অফ এ ড্ৰাইভাৰ’ বা ‘জে, ই, চি’ য়ে গ্রন্থ উদ্যোগটোক জীপাল কৰি তুলিছে। অৱশ্যে এইক্ষেত্ৰত মই গ্ৰন্থ দুখনৰ সাহিত্যিক মূল্যৰ কথা ক’ব খোজা নাই। সেই কাম মই সমালোচক সকললৈ এৰিলোঁ। কিন্তু জনপ্ৰিয়তাৰ ক্ষেত্ৰত এই গ্রন্থ কেইখনে আশাৰ বতৰা কঢ়িয়াই আনিছে।
ঙ) লেখকৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ হোৱা উচিত। লেখকেহে পাঠক সৃষ্টি কৰাত সহায় কৰে। সমসাময়িক আৰু আকর্ষণীয় বিষয়বস্তুৱে গ্ৰন্থ এখনক যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তোলে। ফলত ন ন পাঠকৰ সৃষ্টি হয়।
চ) গ্রন্থ উদ্যোগটো বিপদত পৰাত ক’ৰবাত প্ৰকাশক আৰু সমালোচকৰো ভূমিকা আছে। প্রকাশকে কেৱল গ্রন্থখন প্ৰকাশ কৰি পৰিবেশন কৰি লেখকৰ জনপ্ৰিয়তাৰ সুযোগ লৈ ব্যৱসায়মুখী হ’লেই নহ’ব। প্ৰকাশক অত্যাধিক অধ্যয়নপুষ্ট হ’ব লাগিব আৰু গ্ৰন্থ এখনৰ প্ৰচাৰত যথোপযুক্ত গুৰুত্ব আৰোপ কৰিব লাগিব। এইটো প্ৰচাৰৰ যুগ। মানুহ বা পাঠকে যদিহে ভাল গ্ৰন্থ এখনৰ উপস্থিতিৰ বিষয়ে গমেই নাপায় তেনেহ’লে ক্ৰয় কেনেকৈ কৰিব। একেদৰে সাহিত্য আৰু গ্ৰন্থ উদ্যোগৰ ক্ষেত্ৰত সমালোচকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সমাজত শিক্ষিত হাৰ বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে লেখকৰ সংখ্যাও বৃদ্ধি পাইছে। অৱধাৰিতভাৱেই ছপা গ্ৰন্থৰ সংখ্যাও বৃদ্ধি পাইছে। সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমৰ সুবিধা গ্ৰহণ কৰি এচাম লেখকে প্ৰচাৰৰ ৰামধুমীয়াত পাঠকক বিব্ৰত কৰি তুলিছে। পাঠক বিমোৰত পৰিছে। ভাল সাহিত্য আৰু বেয়া সাহিত্যৰ মাজৰ প্ৰভেদ নিৰ্ধাৰণত অক্ষম হৈ পৰিছে৷ এখন বেয়া কিতাপ কিনি কিতাপৰ প্ৰতি মোহভংগ হোৱাৰ উপক্ৰম হৈছে। তেনেস্থলত বহু গ্রন্থ মাজৰ পৰা ভাল গ্ৰন্থকেইখন চিনাক্ত কৰি পাঠকক শুদ্ধ পথত খোজকাঢ়িবলৈ শিকোৱাটো সমালোচক সকলৰ প্রদান দায়িত্ব। অৱশ্যে এইক্ষেত্ৰত যদিহে সমালোচক বা সম্পাদকসকলে স্বজন-তোষণ বা নিজৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰা লেখকক গঢ় দিয়া আৰু আনকেইজনক গুৰুত্ব নিদিয়াৰ দৰে ঘটনা সংঘটিত হয়, তেনেস্থলত সকলো ফুটুকাৰ ফেন সদৃশহে হ’বগৈ।
ছ) গ্রন্থ উদ্যোগটোৰ ভৱিষ্যতৰ ক্ষেত্ৰত বাতৰি কাকতৰ ভূমিকাও গুৰুত্বপূৰ্ণ। আজি গ্রন্থ উদ্যোগটো বি ধৰণৰ বিপদৰ সন্মুখীন হৈছে তদ্রূপ সংকটত বাতৰি কাকতৰ উদ্যোগটোও পৰিছে। গ্রন্থ উদ্যোগটোক উদ্ধা কৰাৰ ক্ষেত্ৰত বাতৰি কাকতৰ ভূমিকা যি ধৰণৰ হ’ব লাগিছিল, সেই ভূমিকা কিন্তু বাস্তৱক্ষেত্ৰত প্ৰত্যক্ষ ক নাযায়। কেইখনমান বাতৰি কাকতৰ বাদে আনবোৰ বাতৰি কাকতে নিয়মীয়া বা সাপ্তাহিকভাবে সাহিত্য পৃষ্ঠ এটাকে নাৰাখে। ফলত গ্ৰন্থৰ প্ৰচাৰত ব্যাঘাত জন্মে। সকলো ছপা মাধ্যমে এটাই আনটোলৈ সহায়ৰ হাত আগবঢ়ালেে সংকটকাল আঁতৰিব।
যোৱা দুটা বছৰত কোভিদ অতিমাৰিয়ে পৰিস্থিতি বেছি বেয়ালৈ ঠেলি দিছে। এই সময়ছোৱাত সম বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমৰ আৰ্থিক অৱস্থাও বেয়াকৈ ক্ষতিগ্রস্থ হৈছে। মানুহৰ হাতত টকাৰ অভা হৈছে। তেনে অৱস্থাত বহুলোকে পেটৰ ভাত মুঠিৰ কথা চিন্তা কৰোঁতে জ্ঞান বা মনোৰঞ্জনৰ বিষয়ে চিন্তা কৰিবলৈ আহৰি নোপোৱা হৈছে। আশাকৰো এই পৰিস্থিতি সময়ৰ লগে লগে উন্নত হ’ব।
এতিয়া গ্রন্থ উদ্যোগৰ আন এটা দিশত আলোচনা কৰিব বিচাৰিছোঁ। মোৰ ধাৰণাত গ্ৰন্থৰ মৃত্যু কেতিয়াও নেঘটে। গ্ৰন্থৰ ধৰণ সলনি হ’ব পাৰে। দিনক দিনে গ্ৰন্থৰ মূল্য বৃদ্ধি পাইছে। যিটো অবধারিত। আগতে কাগজ উদ্যোগটো বৰ সুন্দৰকৈ চলি আছিল। বাঁহ-কাঠ কটাত কোনো বাধা-নিষেধ নাছিল। কিন্তু বর্তমান পৰিস্থিতি ভিন্ন।
বিভিন্ন কাৰণত কাগজৰ মূল্য বৃদ্ধি পোৱাৰ লগতে কাগজৰ উৎপাদন হ্ৰাস পাইছে। গতিকে মূল্যবৃদ্ধিয়ে গ্রস্থ উদ্যোগটোকো জুৰুলা কৰিছে। কথাবোৰ এনেদৰেই আগবাঢ়িলে এসময়ত কাগজত ছপা আখৰেৰে লিখা কিতাপবোৰ নাইকিয়া হৈ যাব নেকি ? উত্তৰটো সাৰ্থকো হ’ব পাৰে বা নঞাৰ্থকো হ’ব পাৰে। লাহে লাহে অসমীয়া সমাজখনতো ‘ই-বুক ‘ আৰু ‘অডিঅ’ বুক’ ৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। কাণত ইয়েৰ ফোনটো লৈ ক’ৰবাত বহি বা বিছনাখনত শুই চকুদুটা মুদি কিতাপ এখনৰ সোৱাদ ল’ব পৰা হ’ল। তেনেস্থলত চকুহালে কষ্ট নোপোৱা হ’ল। আনহাতে ই বুকৰ মূল্যও তুলনামূলকভাবে কম। কিছুমান অডিঅ’ বুকতো বিনামূলীয়াকৈ ইউ টিউবত উপলব্ধ। গতিকে ছপা গ্ৰন্থৰ উদ্যোগটোলৈ কিছু প্ৰত্যাহ্বান আহিছে আৰু আহি থাকিব।
এসময়ত সাঁচিপাতৰ পুথিৰ প্ৰচলন আছিল। আজি কিন্তু সাঁচিপাতৰ পুথিৰ অভাৱ আমি অনুভৱ নকৰোঁ । একেদৰেই এটা সময় এনেকুৱাও আহিব পাৰে যে ছপা গ্রন্থও হয়তো নাইকিয়া হৈ পৰিব। কোনোবাই ছপা গ্রন্থ মিউজিয়ামত সংৰক্ষণৰ ব্যৱস্থা কৰিব। কিন্তু গ্রন্থ উদ্যোগটোৰ মৃত্যু নঘটে। গ্ৰন্থৰ কেতিয়াও মৃত্যু ঘটিব নোৱাৰে। মানুহ জীৱশ্ৰেষ্ঠ । পৃথিৱীৰ আন প্ৰাণীসমূহৰ সৈতে মানুহৰ প্ৰধান পার্থক্যই হৈছে এই যে মানুহে যুগ যুগ ধৰি জ্ঞানৰ অন্বেষণ কৰি আহিছে। এই জ্ঞানৰ অন্বেষণৰ ক্ষেত্ৰত গ্ৰন্থ বা কিতাপৰ বিকল্প নাই। ছপা গ্ৰন্থৰ ক্ষেত্ৰত যিদৰে প্ৰত্যাহ্বান সৃষ্টি হৈছে একেদৰেই ই-বুক বা অডিঅ’ বুকৰো সীমাৱদ্ধতা আছে। পাঠকৰ ৰুচীবোধৰ ওপৰতো কথাবোৰ নিৰ্ভৰ কৰিব। শেষত এটা কথাই ক’ব খোজো যে অসমৰ গ্ৰন্থ উদ্যোগটোলৈ বিভিন্ন সময়ত বিভিন্ন প্রত্যাহ্বান আহি থাকিলেও ই কেতিয়াও মৰি নাযায়। হয়তো গ্রন্থৰ ধৰণ বা স্বৰূপ সলনি হ’ব। কিন্তু ভাষাটো জীয়াই থকালৈকে
গ্রন্থ উদ্যোগটোও জীয়াই থাকিব।
☆ ★ ☆ ★ ☆