ফটাঢোল

ফটাপ্ৰেম-ভাস্কৰজ্যোতি দাস

জীৱ জৈৱৰসায়নৰ স্নাতক শ্ৰেণীত৷ ইঞ্জিনীয়াৰিঙত চিট পালেও আগৰ দাদাবোৰ বেকাৰ হৈ থকা দেখি সেইবোৰ পঢ়িবলৈ সাহ নহ’ল৷ ডাক্তৰীত সেই ৱেইটিং লিষ্টত থাকোঁতেই গ’ল৷ দেউতাকে কলেজৰ মাষ্টৰ হোৱাৰ পৰামৰ্শ দিয়াত সেইমতেই পঢ়ি আছে জীৱ৷

তাইৰ নাম মৃগনয়নী বুলি ধৰা হওক৷ উপাধিটোও কিবা বুলি ধৰি লোৱা হওক৷ জীৱৰ লগত একে বেটচৰে আছিল মৃগনয়নী৷ তেতিয়া কলেজত পাঁচটামান মাহ পাৰ হৈছে আৰু৷ ছোৱালী দেখিলে দূৰতে বিদূৰ জীৱৰ আগত বিভাগীয় মুৰব্বীয়ে এটা ডাঙৰ কাম তুলি দিছে৷ দুই-তিনিমাহতে কলেজৰ সোণালী জয়ন্তী আছে৷ তাৰ বাবে প্ৰদৰ্শনীৰ কনচেপ্টটো ডিজাইন কৰাৰ লগতে যাৱতীয় প্ৰস্তুতি কৰিব লাগে৷ লগতে ব্যয়ৰ হিচাবটোও দিব লাগে৷ তেতিয়া জীৱৰ লগৰ এটা (এতিয়া নগাঁও জিলাৰ শিক্ষক) আৰু দুজনী ছোৱালী ক্ৰমে আৰাধনা আৰু মৃগনয়নীৰে গঠিত টীমটোৰ হাতত দায়িত্ব পৰিল৷ সকলো ঠিকে আছে যদিও ছোৱালী কেইজনী আহিলে লাজেই লগা হ’ল জীৱৰ৷ একেবাৰে জোখৰ কথাকেইটা পাতে৷ তেতিয়া জীৱৰ পেট নাছিল৷ হেণ্ডচাম বুলিয়েই কয় আৰু৷ মৃগনয়নীক দেখিলে জীৱৰ কিবাকিবি অকমান হয়৷ কি হয় জীৱই নিজেই নাজানে৷ জীৱ পঢ়াকু টাইপ মানুহ৷ শিক্ষকৰ ঘৰৰ ল’ৰা৷ মধ্যবিত্তীয় ডিচিপ্লিন মানি চলে৷ 

স্বৰ্ণজয়ন্তীৰ আগদিনা আৰাধনাই জীৱক ক’লে যে মৃগনয়নীয়ে তাক মেজৰ লেব-২ ত লগ কৰিব বিচাৰিছে৷ জীৱই বুজিব পৰা নাই৷ কিছুপৰ ৰৈ সাহস কৰি জীৱ সোমাই গ’ল৷ ১২ ফুট X ১৬ ফুটমানৰ সৰু লেব৷ ভিতৰত মৃগনয়নী৷ জীৱই মাতি পঠিওৱাৰ কাৰণ সুধিলে? তাই কথা এটা ক’বলৈ মাতা বুলি কৈ ওচৰলৈ চাপি ক’লে,

: ‘শমোৰ তোমাক ভাল লাগে৷

জীৱই কিবা গোন্ধোৱা যেন পালে যদিও জীৱৰ ভিতৰৰ মানুহটোৰ কোনোবাখিনিত কিবা এটা বাজিল কিটিংকৈ৷ 

বাহিৰৰ জীৱটোৱে মাত দিলে,

: মানে?

মৃগনয়নী: মই তোমাক ভাল পাওঁ

জীৱৰ ভিতৰৰ মানুহটোৰ যি হ’ল হ’ল বাৰু! বাহিৰৰ মানুহটোৱে সেই মধ্যবিত্তীয় আদৰ্শৰ লেকচাৰ এটা আৰম্ভ কৰিলে,

: এইবোৰ কি ক’বলৈ আহিছা! আমি ভাল বন্ধু হয়! আমি পঢ়িবলৈহে আহিছোঁ৷ এইবোৰ ভাল কথা নহয়৷ ভালদৰে পঢ়াশুনা কৰা৷ এয়া দুশ টকা লোৱা৷ কাইলৈ দুইকেজিমান জিন্দা সৰু মাছ লৈ আহিবা৷ প্ৰদৰ্শনীৰ ফিচাৰিটোত কাইলৈ সেইকেইটা এৰিব লাগিব৷ কলেজ চাৰিআলিতে পাবা৷ এতিয়া মই যাওঁ৷ বলিনক ছাগলীটোৰ ভাৰা এশ টকাও দিবলৈ আছে৷

তাৰ পাছত প্ৰদৰ্শনী আৰম্ভ হ’ল আৰু এসপ্তাহমানৰ পাছত শেষ হ’ল৷

কি কাৰণত দুয়োৰে মাজত এমাহমান নমতা-নমতিখন চলিল সেয়া কোনেও গমেই নাপালে৷

উপসংহাৰ: প্ৰায় এক দশকমানৰ পাছত এটা চাকৰিৰ ভাইভা চলি আছে৷ জীৱ ইণ্টাৰভিউ ব’ৰ্ডৰ টেবুলেটৰ৷ মৃগনয়নী কেণ্ডিডেট৷ সেইদিনা মৃগনয়নীৰ লগত জীৱৰ ভিতৰৰ মানুহটোৱে কথা পাতিলে নে বাহিৰৰ মানুহটোৱে কথা পাতিলে সেয়া জীৱই গমেই নাপালে৷ জীৱ তেতিয়াও বেছেলৰ৷ মৃগনয়নীৰ ল’ৰা এটা৷ নামটো ভাস্কৰ বুলি ধৰি লোৱা হওক৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *