ফটাঢোল

ওলোটা পুৰাণ-যোগেশ ভট্টাচাৰ্য

হিচচচচ….

কুকাৰটোৱে হুইচেল মৰাৰ শব্দ দীপকে বাথৰুমৰপৰা শুনা পালে। দুৱাৰখন অকণমান ফাক কৰি মূৰটো উলিয়াই চিঞৰিলে সি,

: দীপিকা, গেছটো অফ কৰি দিয়া না প্লিজ। 

দুই মিনিট পিছত যেতিয়া দুই নম্বৰ হুইচেলটোও বাজিল তেতিয়া দীপকে বুজিলে যে টিভিত ফুটবল চোৱাত ব্যস্ত দীপিকাই হুইচেলৰ শব্দ আৰু দীপকে গেছ বন্ধ কৰিবলৈ চিঞৰি কোৱা শব্দৰ এটাও শুনা নাই। সি লৰালৰিকৈ টাৱেলখন মেৰিয়াই ওলাই আহি তিনি নম্বৰ হুইচেলটো যোৱাৰ তিনিছেকেণ্ডমান আগত গেছটো বন্ধ কৰি আকৌ বাথৰুমত সোমাল।

দীপক হাউচ হাজবেণ্ড যদিও নিজৰ খৰচখিনিৰ বাবে দীপিকাৰ ওচৰত কেতিয়াও হাত নাপাতে। দীপিকাৰ লগত বিয়া হোৱাৰ আগত বিউটিচিয়ানৰ কোৰ্চ এটা কৰিছিল সি। এতিয়া মাহত প্ৰায় দহটামান কনট্ৰেক্ট পায় সি। সাধাৰণতে সি চিনাকি মানুহৰ বাৰ্থডে, এনিভাৰ্চেৰীত আদি সৰু সুৰা ইভেন্টত মেক-আপৰ কন্ট্ৰেক্ট লয় যদিও যোৱা মাহত সি লগৰ এজনৰ বিয়াত কৰি দিয়া গ্ৰুম মেক আপটোৱে তাক অলপ ফ’কাচ দিলে। এসপ্তাহৰ ভিতৰত সি মেকআপ কৰি দিয়া দৰাজনৰ দুজন বন্ধুৱে তাক ফোন কৰি সিহঁতৰ আহিবলগীয়া বিয়াৰ বাবে বন্দবস্ত কৰিলেই। তাৰ আশা হ’ল এটা অফিচ খুলি প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হোৱা। কিন্তু এই দীপিকা জনীক লৈহে তাৰ মহা সমস্যা হৈছে। নিজে এগিলাচ পানী লৈও নাখায় তাই। দিনটোৰ বেছিভাগ সময় অফিচত কটোৱাৰ উপৰিও ঘৰলৈও সদায় এসোপা ফাইল আনে তাই। আৰু তাৰ মাজত যিখিনি ফ্ৰী সময় পায়, সেইখিনি ক্ৰিকেট ফুটবল চাই কটায়। আৰু খেল চলি থকা সময়ত তাই ইমানেই টিভিটোৰ লগত একাত্ম হৈ যায় যে ভূমিকম্প আহিলেও গম নাপায়। ল’ৰা ছোৱালী দুটাক তাই জন্ম দি বছৰদিনলৈ গাখীৰ খুওৱাৰ বাহিৰে সিহঁতক দীপকেই ডাঙৰ দীঘল কৰিছে। এনেই তাই চাপোৰ্টিভ ৱাইফেই হয়৷ বন্ধৰ দিনত দীপকক আৰু লৰা ছোৱালী দুটাক ফুৰাবলৈও নিয়ে তাই। সি বিউটিচিয়ানৰ কাম প্ৰথম আৰম্ভ কৰোতে তাই মূলধন খিনি যোগাৰ কৰি দিয়াৰ উপৰিও মেন্টেল চাপোৰ্টো দিছিল। তথাপি দীপকৰ ভাব হয় সি যেন ঘৰৰ দায়িত্ব অকলে ল’বলগীয়া হৈছে।দুয়োজনে সমানে ঘৰৰ দায়িত্ব কান্ধ পাতি লোৱাটো বিচাৰে সি। অকল পইচা ইনকাম কৰি আনি দিলেই দায়িত্ব শেষ বুলি ভবা ঘৈণীবোৰক দায়িত্বজ্ঞানহীন বুলি ভাবে সি। 

: তুমি গেছটোও অফ কৰিব নোৱাৰা নেকি?

বাথৰুমৰপৰা ওলাই আহি চোফাত ভৰি উঠাই টিভি চাই থকা দীপকৰ সম্মুখত থিয় হৈ দীপকে ক’লে।

: হাৰে, সম্মুখৰপৰা গুচা না। ব্ৰাজিল আৰু আৰ্জেন্টিনাৰ খেল চলি আছে দেখা নাই। কিমান ইম্পৰ্টেন্ট খেল এইখন তোমালোক মতা মানুহবোৰে কি বুজি পাবা? 

: মোৰ বুজিবলৈ ইচ্ছাও নাই এইবোৰ। যোৱামাহত টি টুৱেন্টী ৱৰ্ল্ডকাপ ক্ৰিকেট চলি থাকোতে কৈছিলা এইখন শেষ হলে আৰু দুমাহলৈ টিভি নাচাওঁ বুলি।

: আৰে তেতিয়া কৈছিলো চাগে। ফুটবলটোও সমানেই ইম্পৰটেন্ট। গুচা না প্লিজ, আৰু দহ মিনিট খেল আছে। মাৰিয়াই দুটা গ’ল দিছে। আৰু এটা দিলে হেট্ৰিক হ’ব। 

: মাৰিয়াই গ’ল দিলে তোমাৰ কি আহে যায়? ইণ্ডিয়াই খেলিলেও বেলেগ কথা আছিল।

: আৰে গুচা না। ইণ্ডিয়াই নেখেলিলে বুলি চাব নালাগে নেকি? কি যুক্তি দিছা? তুমি যে সন্ধিয়া ঘন্টাৰপৰা ঘন্টা ধৰি চিৰিয়েলসোপা চাই থাকা, মই মানা কৰো নেকি? এতিয়া মোক চাবলৈ দিয়াচোন।

: চোৱাত আপত্তি নাই। কিন্তু এবাৰ উঠি গৈ গেছটো অফ কৰিব নোৱাৰা নেকি? ইমান কেজুৱেল হ’লে কেনেকৈ হব? ঘৰখন অকল মোৰেই নহয় ন। 

: আৰে হ’ব দিয়া না। খেলখন চাবলৈ দিয়া না মোক। আজি দেওবাৰ বুলিহে চাইছো। আনদিনা সময়নো ক’ত পাওঁ?

: ময়ো দেওবাৰ বুলিয়েই কাপোৰ ধোৱা, ঘৰ চাফ-চিকুণ কৰা কামবোৰ উলিয়াওঁ। এইবোৰটো অকল মোৰ নিজৰ কাম নহয়। তুমি অলপ কো-অপাৰেট নকৰিলে কেনেকৈ ঘৰ চলিব কোৱা?গেছটো অফ কৰিবতো পাৰা কমচে কম। ব্ৰেকফাষ্ট, লান্স বনাবলৈ কোৱাই নাই তোমাক।

: এহ হয় দিয়া। তোমালোক মতা মানুহবোৰৰ কামেই শেষ নহয়। ঘৰটোনো ইমান চাফ কৰিবলৈ কি আছে? আৰু দেওবাৰ বুলিলে বাথৰুমৰপৰাই নোলোৱাচোন? আমাৰ মাইকী মানুহবোৰক ইমান টাইম বাথৰুমত সোমাই থকা দেখিছা? 

: তোমালোকৰ দৰে জধলা হব নোৱাৰো আমি। দুমগ পানী মাৰিলেই গা ধোৱা হৈ যায় তোমালোকৰ। আমাৰ কাম থাকে বহুত। দাঢ়ি কাটিব থাকে, চুলিত চেম্পু কৰিব থাকে, হাত ভৰিৰ নখ চাফা কৰিব থাকে। 

: অদৰকাৰী কাম এইবোৰ। ইমান ষ্টাইল কৰি কি লাভ হ’ব এতিয়া তোমাৰ? কালাৰ মিলাই মিলাই জিন্স, চাৰ্ট, জোতা, বেগ আৰু তাৰ লগত মিলাকৈ ব্ৰেচলেট, চেইন। আমাক চোৱা, তিনিযোৰমান ক’লা বগা  চেলৱাৰ আৰু তিনিযোৰমান শাড়ী মেখেলা চাদৰ হ’লেই চলি যায়। এতিয়া তুমি দুটা লৰা ছোৱালীৰ বাপেক। কোনে চাব তোমাক?

: হয় দিয়া। এটা সময়ত মোৰ এই কাপোৰ পিন্ধা ষ্টাইল দেখিয়েই লাইন দিছিলা। কলেজলৈ গৈ থাকোতে ৰাস্তাত লগ ধৰি লিফ্ট দিবলৈ মাথা মাৰিছিলা, এতিয়া তোমাৰ লগত বিয়া হোৱাৰ পিছত মোৰ ভেল্যু নাইকিয়া হৈ গ’ল। মা দেউতাৰ ঘৰত থাকোতে একো কষ্ট কৰিব নিদিছিল মোক কোনেও। মোৰ য’তেই যাবলৈ মন যায়, বাইদেৱে বাইকেৰে থৈ আহিছিল। এতিয়া ইয়াত ইমান দায়িত্ব লোৱাৰ পিছতে মোৰ গুৰুত্ব নাই। 

কথাখিনি কওঁতে দীপকৰ মাতটো থোকাথুকি হ’ল। দীপিকাই জানে যে পুৰুষৰ এই চকুপানীখিনিয়েই ব্ৰহ্মাস্ত্ৰ। ইতিমধ্যেই ব্ৰাজিলে ২-০ ব্যৱধানত আৰ্জেন্টিনাক পৰাস্ত কৰিছিলেই।চোফাৰপৰা উঠি গৈ দীপকৰ কান্ধত হাত থৈ দীপিকাই কলে, 

: আজি সন্ধিয়া বাহিৰত দিনাৰ কৰিম দেই আমি।

লগে লগে দীপকে চকুপানী মচি মচি ক’লে, 

: অলপ শ্বপিঙো কৰিম দেই। সিদিনা অনলাইন অৰ্ডাৰ কৰা চাৰ্ট দুটাৰ লগত মিলাকৈ মোজা আৰু টাই কিনিব আছে মোৰ। মেক আপৰ বস্তু দুবিধমানো লাগে। 

দীপিকাই বুজি নাপায় যে এই মতা মানুহবোৰক ইমান কাপোৰ,জোতা কিয় লাগে‌। দেইলি পিন্ধাকৈ দুযোৰমান আৰু বিয়াই সবাহে পিন্ধাকৈ দুযোৰমান হ’লেইতো হৈ যায়। কিন্তু নাই, ইহঁতে মূৰৰপৰা ভৰিলৈ মিলাইহে পিন্ধিব। বগা চাৰ্ট পিন্ধিলে যিটো কালাৰৰ পেন্ট পিন্ধিব, নীলা চাৰ্টৰ লগত সেইটো নিপিন্ধে। ক’লা জোতাৰ লগত পিন্ধা মোজাযোৰ ৰঙা জোতাৰ লগত নিপিন্ধে। তাতে দীপক নিজেই মেকআপ আৰ্টিষ্ট বাবে তাৰ আকৌ মিলাই মিলাই পিন্ধাৰ চখটো বেছি। ইপিনে মাহৰ শেষ বাবে দীপিকাৰ বেংক একাউন্টৰ অৱস্থাও তথৈবচ। তথাপি দীপকৰ চকুপানীৰ ব্ৰহ্মাস্ত্ৰ ৰুধিবলৈ বাহিৰত ডিনাৰ আৰু শ্বপিঙলৈ নিবলৈ তাই নিজকে প্ৰস্তুত কৰি কলে, 

: হব দিয়া, সন্ধিয়া পাঁচ বজাত ওলাবা। ইহঁত দুটাকো ৰেডি কৰাবা। মই অলপ ওলাই যাওঁ।গাড়ীখন এবাৰ চাৰ্ভিচিং কৰি আনো। 

: আচ্ছা শুনা, দুপৰীয়া আজি চিলি চিকেন বনাম। তুমি বজাৰখিনি কৰি দিয়া। 

এইবাৰ পিছে দীপকৰ কথাত দুই মিনিট আগৰ আপত্তিজনক সুৰৰ চিন মোকামেই পোৱা নগ’ল। কিন্তু দীপিকাৰ আকৌ মূৰটো নষ্ট হ’ল। সন্ধিয়া দিনাৰৰ প্লেনিং হোৱাৰ পিছত দুপৰীয়া আকৌ চিলি চিকেন ঘৰত বনাই খোৱাৰ কি দৰকাৰ। পিছে তাই আপত্তি কৰি সুন্দৰ দেওবাৰতো বৰ্বাদ কৰিব নুখুজিলে। 

গাড়ী চাৰ্ভিচিং কৰি চিকেন কিনি দুপৰীয়া একমান বজাত ঘৰ পালে দীপিকাই। দীপকে ওলাই আহি চিকেনৰ টোপোলাটো তাইৰ হাতৰপৰা ল’ব খোজোতেই কিবা এটা গোন্ধ পালে। দুবাৰমান শুঙি নাকটো কোঁচাই দীপকে চিঞৰিবলৈ ধৰিলে,

: চিগাৰেট ডাল নাখালে নহয় নেকি? ঘৰৰপৰা ওলালেই খাই আহা ন?

: মই কিনি খোৱা নাই হে। বজাৰ কৰি থাকোতে অনিতাক লগ পালোঁ । তাইৰপৰা লৈ এক টান মাৰিছো মাত্ৰ।

: এডাল খালেও খোৱা, এক টান মাৰিলেও খোৱা। তোমালোক ছোৱালীবোৰে মদ চিগাৰেট নাখালে নহয় নেকি? আমি ল’ৰাবোৰে নাখাওঁচোন?

: আৰে, মদ খোৱা কথা ক’ৰ পৰা আহিল আকৌ? ক’ৰ পৰা কি লিংক নোহোৱা কথা টানি আনা হে?

: কিয় লিংক নাই? পৰহি যে ৰাতি বাৰটাত ঘৰ সোমাইছিলা, মদ খাই অহা নাছিলা? মই গম নাই পোৱা বুলি ভাবিছা?

: সিদিনা অফিচত প্ৰগ্ৰেম আছিল বাবে এক পেগ মাত্ৰ খাইছিলোঁ। 

: মিছা কথা নক’বা। অফিচত প্ৰগ্ৰেম আছে বুলি কৈ বিপাশাৰ ট্ৰেভেল এজেন্সীত তোমালোকে ৰাতি মদ খাই আড্ডা মাৰা বুলি নাজানো বুলি ভাবিছা? সিদিনা ৰাতি মালবিকাৰ হাজবেণ্ডেও ফোন কৰিছিল মোক। তাইৰো অফিচৰ পাৰ্টি আছিল। চয়নিকাৰ হাজাবেণ্ডেও ফোন কৰি কৈছিল মোক। তাইৰো অফিচৰ পাৰ্টি। কাকলি, তৃষ্ণা, প্ৰীতি সকলোৰে সেইদিনা অফিচৰ পাৰ্টি। সকলোৰে বেলেগ বেলেগ অফিচ, কিন্তু একেদিনাই একেসময়তে সকলোৰে অফিচত পাৰ্টি। আচ্ছা এটা কথা কোৱাচোন, চৰকাৰে  সকলো অফিচত নিৰ্দিষ্ট এটা তাৰিখত মদ খোৱাটো বাধ্যতামুলক কৰি দিছে নেকি?

: এহ! মাহৰ মূৰত এদিনহে অলপ খোৱা যায়। 

: মাহত এদিন মানে আচলতে কিমান দিন হয় গম পাওঁ মই।

: সেইবোৰ বাদ দিয়া এতিয়া। চিকেন বনোৱা।

: বাদতো দিবই লাগিব মই। আন কিবা উপায় আছে নেকি? দিনতে অলপ খালেও বেলেগ কথা। খাই বৈ ৰাতি ১২ বজাত ঘৰলৈ অহাটো কেনেকুৱা কথা?

:  এহ!১২ বজাত ৰাতি হয় নেকি? দোকান পোহাৰ খোলাই থাকে।

: অ, হয় নেকি? মই যদি কোনোবা বন্ধুৰ ঘৰলৈ গৈ ১২ বজাত ঘৰলৈ আহোঁ, তেতিয়া?

: আৰে তোমাৰ কথা বেলেগ। ল’ৰা মানুহৰ বাবে ৰাতি চেফ নহয়। আমি ছোৱালীবোৰে ৰাতি ঘূৰাটো বেলেগ কথা।

: কিয় বেলেগ হব? একেই কথা।

: ধেই! এনেই তৰ্ক কৰি থাকা তুমি। ৰাতি তুমি অকলে বা দুই তিনিজন ল’ৰাই ঘূৰি ফুৰিলে ছোৱালীবোৰে বেয়া চকুৰে নাচাব নেকি? সেই সময়ত সকলো ল’ৰা ঘৰ সোমায়। বাহিৰত থাকে পেট্ৰল পাম্পৰ ছোৱালীকেইজনী, মেজিক, ই ৰিক্সা, ট্ৰাক চলোৱা কেইজনী আৰু দোকানী পোহাৰী কেইজনী? সিহঁতে তোমালোকক দেখিলে দূৰৈৰ পৰাই সুহুৰিয়াব। 

: হমম, ঠিকেই কৈছা। ৰাতি অকলে ল’ৰা দেখি সুহুৰি মৰা ছোৱালীকেইজনী বেয়া নহয়, কিন্তু কিবা কাম কৰি ৰাতি অকলে ঘৰলৈ অহা লৰাবোৰ বেয়া। এনেদৰে আমি পুৰুষবোৰে অতীজৰেপৰা শোষিত বঞ্চিত হৈ আহিছো।

: হেই!ক’ৰপৰা ক’লৈ লৈ যোৱা হে কথাবোৰ?তোমাৰ কেয়াৰ লওঁ বাবেহে কৈছো। 

: হ’ব দিয়া। পিছে চাবা, আজিকালি হানি ট্ৰেপিং খুব চলি আছে। ৰাতি ঘৰলৈ গাড়ী চলাই আহি থকা ছোৱালী দেখিলে ধুনীয়া লৰাই লিফ্ট খোজে আৰু পিছত কৰবাত লুকাই থকা তাৰ লগৰ ছোৱালীবোৰ ওলাই আহি ডকাইতি কৰে। তোমালোকো সুৰক্ষিত নহয় ৰাতি। 

: অ, দেখিলা লৰা ছোৱালী সকলো সমান। সকলো বদমাচ। এতিয়া চিলি চিকেন নে কি বনাব খুজিছিলা বনোৱাগৈ। তোমাৰ কথা শুনি এই পেকেটোৰ ভিতৰত থকা চিকেনটো ব’ৰ হৈ গৈছে।

: উমম, মই ব’ৰ, মই কামোৰ। এটা সময়ত এই ব’ৰ লৰাটোক দিনটোত দহবাৰ ফোন কৰিছিলা। 

এইবুলি মুখেৰে ভোৰভোৰাই চিকেনখিনি লৈ দীপক পাকঘৰত সোমাল৷ দীপিকাই স্বস্তিৰ নিশ্বাস এৰিলে। 

সন্ধিয়া ছয় বজামানতেই দীপিকাই পিন্ধি উৰি ৰেডি হৈ ডেৰঘন্টামান মোবাইল পিটিকি পিটিকি আমনি লাগি দীপকক উদ্দেশ্যি চিঞৰিলে,

: তোমাৰ হোৱাই নাই নেকি ওলোৱা? এঘন্টা ধৰি ড্ৰেচিং আইনাৰ সম্মুখত বহি কি কৰি আছা নো?

: হৈছে ৰবা। চুলিখিনি ফণিয়ালেই হ’ল আৰু। 

: চুলি ফণিয়াওতে তোমালোকক ইমান টাইম কিয় লাগে নো? আমি ছোৱালীবোৰে চোন এহাত দীঘল চুলি ফণিয়াবলৈও ইমান টাইম নালাগে? 

: তোমালোকে ৰাবাৰ বেণ্ড এডাল মাৰিয়েই লেঠা মাৰি থোৱা। আমি ল’ৰাবোৰে তেনেকৈ জধলা হৈ যাব নোৱাৰোতো। আৰু আমাৰ দাড়ি মোচবোৰো ফণিয়াই ডিজাইন বনাব লাগে ন। তোমালোকৰ দাড়ি মোচ থাকিলে গম পালাহেঁতেন, ৰেডি হওঁতে ইমান টাইম কিয় লাগে।

: হব দিয়া ওলোৱা এতিয়া। পলম কৰিলে তোমাৰ শ্বপিংমল বন্ধ হৈ যাব।

শ্বপিং মল বন্ধ হৈ যোৱাৰ কথা শুনাৰ লগে লগে দীপকে লৰালৰিকৈ দাড়ি মোচ ফণিয়াই বেডৰূমৰপৰা ওলাই আহিল। দীপিকাই ইতিমধ্যে গাড়ীখন ষ্টাৰ্চ দিলেই। দীপকে আগফালে বহিল আৰু ল’ৰা ছোৱালী দুটা পিছপিনে বহিল। 

: দিনকাল যিহে বেয়া হৈছে, সোনকালে গৈ সোনকালে উভতি আহিব লাগে। আজিকালি ৰাতিৰ পৰিবেশ পুৰুষ সকলৰ বাবে সুবিধাৰ নহয়। তোমালোকে ঘৰত থকা পুৰুষবোৰে নুবুজিবা। আমি বাহিৰত বিভিন্ন মানুহৰ লগত সংযোগত থাকো বাবেহে জানো। আমাৰ মহিলা সকলেই কিমান চাই চিতি ফুৰিবলগা পৰিস্থিতি হৈছে। তাতে বাবাও ডাঙৰ হৈ আহিছে।

 দীপিকাই দীপকৰ হাতখনৰ ওপৰত নিজৰ হাতখন দি ক’লে….

ঠিকেই কৈছা ও!পুৰুষৰ জীৱনটোও একেবাৰে সহজ নহয়। বহুত সমস্যা আছে। তোমাৰ কথাখিনি শুনি মোৰ বাবালৈহে চিন্তা লাগিছে। লাহে লাহে সিও যুৱক হ’ব ধৰিছে। মাজনীৰদৰে তাকো কেৰেটে ক্লাচত দিম বুজিছা? ব’লা সোনকালে গৈ আহোঁ। শ্বপিং বেছি দেৰি নকৰোঁ।

 দীপিকাই মনতে মিচিকিয়া হাঁহি মাৰি ভাবিলে…..

” এই পুৰুষবোৰ যে ইমান অজলা। অলপ ইমোশ্যনেলী ক’লেই গলি যায়। বাঃ দীপক বাঃ!এতিয়াৰপৰা শ্বপিং, ৰেষ্টুৰেন্টৰ কথা বেছিকৈ ক’লেই মোৰ এইপাত অস্ত্ৰ ব্যৱহাৰ কৰিম।”

☆★☆★☆

2 Comments

  • ডলী

    সঁচাকৈ যদি এনেকুৱা দিন আহি যায় কি হ’ব! মজা লাগিল দেই।

    Reply
  • জয়ন্ত দাস

    মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *