ফটাঢোল

চানচিটি আৰু পিলানেচবাৰ্গ ফুৰিলো-অগ্নিভ দত্ত

আচলতে বহুত দিনৰেপৰা পিলানেচবাৰ্গ নেচনেল ৰিজাৰ্ভলৈ যোৱাৰ কথা ভাবি থকা হৈছিল। ডিচেম্বৰ মাহত ঘৰলৈ যোৱাৰ সকলো ব্যৱস্থা হৈ যোৱাৰ পাছত অ’মিক্ৰণৰ সংক্ৰমণৰ বাবে সকলো বিমান সেৱা স্থগিত ৰখাত আমাৰো ঘৰ যোৱাৰ পৰিকল্পনা বাদ দিব লগা হ’ল।ঘৰ যোৱা বাদেই পৰিল যেতিয়া দক্ষিণ আফ্ৰিকাৰ ভিতৰতেই ইফালে সিফালে ঘূৰাৰ কথা ভাবিলো আৰু তাৰেই অংশ হিচাবে পিলানেচবাৰ্গ আৰু লগতে ছানচিটিলৈ যোৱাটোকেই ঠিক কৰিলো।

এই কথা ভাবি দুৰাতিৰ বাবে পিলানেচবাৰ্গ নেচনেল পাৰ্কৰ ভিতৰতে থকা ৰিজ’ৰ্টত থকাৰ বাবে বুক কৰিলো। জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ বাবে বুক কৰা হল। তাৰ মাজতে এদিন জ্যোতিষদালৈ ফোন কৰোতে পিলানেচবাৰ্গত ৰিজৰ্ট বুক কৰা বুলি শুনি জকজকাই উঠিল, পিলানেচবাৰ্গ়ত ৰিজ’ৰ্টত কিয় থাকিব লাগে জ্যোতিষদাৰ ঘৰ থাকোতে।আচলতে জ্যোতিষদাৰ ঘৰলৈ কেইবাবাৰো গ’লেও পিলানেচবাৰ্গ নেচনেল পাৰ্কখন যে জ্যোতিষদাৰ ঘৰৰ ইমান ওচৰতে কথাটো মনেই কৰা নাছিলো।

জ্যোতিষদাৰ গালি শুনি লগে লগে বুকিং কেনচেল কৰিবলৈ পাৰ্কলৈ ফোন লগালো, বিশেষ কষ্ট নহ’ল, বুকিং কেনচেল কৰি পাব লগা পইচাখিনি ১৫ দিনত ঘূৰাই দিব বুলি জনালে ! ইতিমধ্যে ঠিক কৰিলো ২ দিন জ্যোতিষদাৰ ঘৰত থাকি পিলানেচবাৰ্গ নেচনেল পাৰ্ক ঘূৰিম আৰু এদিন চানচিটিত থাকিম।এইদৰে সকলো ঠিক ঠাক কৰি প্লেন ৰেদি কৰিলো।আমাৰ ঘৰৰপৰা জ্যোতিষদাৰ ঘৰলৈ প্ৰায় চাৰে তিনি ঘন্টামান লাগে।

শুকুৰবাৰে দুপৰীয়াৰ ভাতকেইটা সোনকালেই খাই বৈ সাজু হলো জ্যোতিষদাৰ ঘৰলৈ বুলি।জ্যোতিষদাৰ ঘৰলৈ যোৱা ৰাস্তাটো বৰ মনোমোহা।মাগালিচবাৰ্গ বুলি সৰু টাউনখনৰ মাজেদি যাওঁতে মাগালিচবাৰ্গ পৰ্বতমালাৰ মনোমোহা দৃশ্যই মন ভৰাই তোলে।এই মাগালিচবাৰ্গ টাউনখনৰ প্ৰধান ব্যৱসায়েই হৈছে পৰ্যটন।হাজাৰ বিজাৰ পৰ্যটকে নগৰ, চহৰৰ হিবি জিবিৰপৰা পৰিত্ৰাণ পাবলৈ এই অকণমানি চহৰৰ আশে পাশে গঢ় লৈ উঠা পৰ্যটকৰ বাবে উপলব্ধ ৰিজ’ৰ্ট আদিকে ধৰি বিভিন্ন আৱাসস্থলীত ভীৰ কৰেহি।

উল্লেখযোগ্য যে এই মাগালিচবাৰ্গতে বিভিন্ন খনিজ পদাৰ্থৰ খনিৰ লগতে এটা ১০০ বছৰতকৈও পুৰণা সোণৰ খনি আছে।এইদৰেই মাগালিচবাৰ্গৰ সৌন্দৰ্য উপভোগ কৰি ৰাস্তাৰ কাষত দুই এঠাইত ৰৈ ফটো চটোও অলপ উঠাই জ্যোতিষদাৰ ঘৰলৈ বৰ জোৰকৈও

নহয় বৰ লাহেকৈও নহয় তেনেকৈয়ে গাড়ীৰ গতিত আগবাঢ়িলো। ইফালে দুই এবাৰ জ্যোতিষদাই ফোন কৰিছে কোনখিনি পালোহি, কিমান সময় লাগিব আদি খবৰ কৰি।

এইদৰে গৈ গৈ চাৰে তিনি ঘন্টাতকৈ কিছু সময় বেছিয়েই লাগিলগৈ জ্যোতিষদাৰ ঘৰ পাওঁতে! জ্যোতিষদাহঁতৰ ঘৰ পোৱাৰ লগে লগে মনটো ভাল লাগি যায়।জ্যোতিষদা য’ত থাকে সেইখন ১৫০ ঘৰ মান মানুহ থকা এখন টাউনশ্বীপ।১৫০ ঘৰ মানুহেৰে ইমান সুন্দৰ আটোমটোকাৰী টাউনশ্বীপখনৰ প্ৰধান ভাল লগাৰ কাৰণটো হৈছে যে তাৰ প্ৰায় সকলোৱেই ভাৰতীয় মানুহ। দক্ষিণ আফ্ৰিকাৰ ভিতৰতেই যেন এখন মিনি ভাৰতবৰ্ষ।

টাউনশ্বীপখন যে কেৱল আটোমটোকাৰী তেনে নহয়, মানুহৰ মাজত সম্পৰ্কবোৰ ইমান আন্তৰিকতাপূৰ্ণ যে যেতিয়াই জ্যোতিষদাহঁত ঘৰলৈ যাঁও মন ভৰি যায়।গৈ পোৱাৰ লগে লগেই পূৰবী বৌৱে চাহ তাহ উলিয়ালেই। ইমান দূৰ গাড়ী চলাই আহি খোৱা চাহকাপে সকলো অৱসাদ দূৰ কৰি দিলে।বৌহঁতৰ দুটা ল’ৰা,ডাঙৰটো গৌৰাংগ, সি ইঞ্জীনিয়াৰিং পঢ়ি আছে আৰু সৰুটো অৰ্নিৰ লগৰেই প্ৰায়।গৌৰাংগই খুৱ ভাল ক্ৰিকেট খেলিছিল। পাছত পঢ়া শুনাৰ বাবে খেলত বেছি মন দিব নোৱাৰা হলগৈ।

অৰ্নিয়ে ইতিমধ্যে সিহঁত দুটাৰ লগত খেলিবলৈ ওলাই গ’ল, আৰু আমি আড্ডাত বহিলো।বাহিৰত বেলি লহিয়াবলৈ আৰম্ভ কৰিছেই ইফালে।ধুনীয়া বতাহজাকৰ মাজে মাজে আটোমটোকাৰী টাউনশ্বীপখনৰ সুন্দৰকৈ সজাই থোৱা ৰাস্তাবোৰেৰে খোজ কাঢ়ি ফুৰাৰ আমেজটোৱে আমাক অসমৰ টাউনশ্বীপবোৰলৈ মনত পেলাই দিলে।জ্যোতিষদাহঁতৰ ঘৰ মানেই বৌৰ হাতৰ বিভিন্ন ব্যঞ্জন, আৰু সকলোবোৰেই সাংঘাটিক টেষ্টি সদায়।ৰাতিৰ ভাতসাজ মাছ, মাংসৰে বিৰাট তৃপ্তিৰে খাই ৰাতি এপৰলৈ আড্ডা মাৰিলো গোটেইকেইটাই মিলি! 

পিছদিনা অলপ সোনকালেই উঠিলো, উঠি গা পা ধুই ব্ৰেকফাষ্ট কৰি ১০ মান বজাত ওলালো পিলানেচবাৰ্গ নেচনেল পাৰ্কলৈ।বেছি দূৰ নহয়, ১৫ কিলোমিটাৰ মানৰ ভিতৰতেই।গৌৰাংগ আৰু অভিকো লৈ ল’লো আমাৰ লগত।স্কুল নাই যেতিয়া সিহঁতৰো যাবলৈ অসুবিধা নহ’ল। পিলানেচবাৰ্গত আফ্ৰিকাৰ যি “বিগ ফাইভ”  মানে বাঘ, সিংহ, গঁড় আদি সকলো পায়। প্ৰায় ৬০০ বৰ্গকিলোমিটাৰৰ পাৰ্কখনৰ বিশেষ বৈশিষ্ট্য হৈছে পাৰ্কখনৰ অঞ্চলটো আগ্নেয়গিৰি বিস্ফোৰণৰদ্বাৰা হোৱা আৰু ১২০০ বিলিয়ন বছৰ পুৰণি।

পাৰ্কৰ গেট পাই যাবতীয় টিকট আদি সংগ্ৰহ কৰি পাৰ্কৰ ভিতৰলৈ গাড়ী লৈ আগবাঢ়িলো লাহে লাহে।দক্ষিণ আফ্ৰিকাৰ অন্য পাৰ্কবোৰৰ দৰেই ইয়াতো মন কৰিলো ৰাস্তা পদূলিবোৰ সুন্দৰকৈ গঢ়ি তোলা।ৰাস্তাবোৰ হাতত লৈ লোৱা মেপখনত সুন্দৰকৈ দেখুৱাই দিয়া হৈছে, গতিকে অসুবিধা হোৱাৰ চান্স নাছিলেই।গোটেই পাৰ্কখন নুঘূৰাকৈ মূল মূল ঠাই কেইডোখৰলৈ গলো। তেনেকৈ ঘূৰি ফুৰোতে পাৰ্কৰ মাজতেই থকা ৰেষ্টুৰেণ্টখন পাওঁতে দুই বাজি গৈছিল, গতিকে দুপৰীয়াৰ আহাৰ তাতেই গ্ৰহণ কৰাটো ঠিক কৰিলো।

সুন্দৰ পৰিবেশৰ মাজত ৰেষ্টুৰেণ্টখন।কিছু খোৱা বোৱাৰ অৰ্ডাৰ কৰি অকণমান ৰিলেক্স হৈ ল’লো আটাইকেইটাই।আমাৰ ওচৰৰ টেবুলখনত বহা আন এটা পৰিয়ালৰ লগতো কথা বতৰা পাতিলো, তেখেতসকল পাৰ্কৰ ভিতৰতে থকা ৰিজ’ৰ্ট এখনতেই তিনিদিন থকাকে আহিছে।খুব ফূৰ্তিবাজ মানুহ কেইজন।আমাৰ খোৱা বোৱা হোৱাৰ পাছত তাতে থকা উপহাৰৰ দোকনখনত তহল অলপ দি আকৌ পাৰ্কৰ আনটোফালে এপাক মাৰি ওলাই যোৱাটো ঠিক কৰিলো।

এইবাৰ গাড়ী আনটো ফালেৰে লৈ গৈ থাকিলো, ইতিমধ্যে বাঘ, গঁড়, জিৰাফ, জেব্ৰা, হৰিণা আদিকে ধৰি আন আন জন্তু দেখি গৈছিলোৱেই, উল্লেখযোগ্য যে পিলানেচবাৰ্গত প্ৰায় ৭ হাজাৰ বিভিন্ন জন্তু আছে।এইদৰে পাৰ্কখন ঘূৰোতে আবেলিয়েই হ’ল।গৰমৰ দিন গতিকে বেলি লহিয়াই ৭ মান বজাত। আমি ৫ মান বজাত ওলাই আহিবলৈ গেটখন পাওঁতে গেটৰ ওচৰত এজাক হাতী।গোটেই গাড়ীবোৰ ৰৈ যাব লগা হ’ল। কোনোবাই ঘূৰায়ো দিছে, ডাঙৰ জাকটোৰ লগত পোৱালীও আছে।কেনেবাকৈ আক্ৰমণ কৰে বুলি সকলো নিৰ্দিষ্ট দূৰত্বলৈ গৈ অপেক্ষা কৰিছে।

আধা ঘন্টামান পাছত যেনিবা হাতীৰ জাকটো আঁতৰি গ’ল নিজে নিজেই।আমিও লগে লগেই গেট পাৰ হ’লো সুবিধা বুজি।তাৰ পাছত চিধাই জ্যোতিষদাৰ ঘৰ পালোগৈ।গা পা ধুই ফ্ৰেছ হৈ ল’লো আৰু গধূলি ওচৰতে থকা ভাৰতীয় বস্তু পোৱা দোকানখনত অলপ বজাৰো কৰি আহিলোগৈ। ইটো সিটো দৰকাৰী বস্তু, লগতে ছাগলী মাংস আৰু মাছ; যোৱাৰদিনা নিবৰ বাবে যোগাৰটো কৰি আহিলো।ৰৌ মাছ অকণমান নিব লাগিব, মাঘ বিহুৰ দিনা ভোজ খাবলৈ।

ইতিমধ্যে জ্যোতিষদাই জনালে ছানচিটিৰ হোটেল বুক কৰা বুলি।পিছদিনা ছানচিটিত এৰাতি থাকিম আমি। দক্ষিণ আফ্ৰিকা বুলিলে ছানচিটিৰ কথা মনলৈ আহেই। বিশ্ব সুন্দৰী প্ৰতিযোগীতাৰ বাবে বিখ্যাত হৈ পৰা ছানচিটিৰ জন্ম কাহিনী বৰ ইন্টাৰেষ্টিং। বৰ্তমান ছানচিটিখন দক্ষিণ আফ্ৰিকাৰ অংশ হ’লেও সেয়া ১৯৭৯ চনত নাছিল।ছানচিটি থকা অঞ্চলটো Bophuthatswana বা চোৱানে সকলৰ স্বাধীন দেশ আছিল।সেই সময়ৰ দক্ষিণ আফ্ৰিকাৰ শাসকসকলে ছানচিটি আৰম্ভ কৰিছিল তাত জুৱা আৰু টপলেচ শ্ব’বোৰৰ বাবে কাৰণ দক্ষিণ আফ্ৰিকাত সেইবোৰ নিষিদ্ধ আছিল! 

যি কি নহওক, ৰাতি আকৌ মাছে মাংসই দবাই খাই সোনকালেই শুই গলো কাৰণ পিছদিনা আকৌ ৰাতিপুৱাই ওলাই যাব লাগিব ছানচিটিলৈ! ছানচিটি এন্টাৰটেইনমেন্ট পাৰ্ক হয়। দেশী-বিদেশী পৰ্যটকেৰে ভৰি থাকে। কেচিন’বোৰত মানুহ ভৰ্তি হৈ থাকে অনবৰত।নিজৰ ভাগ্য পৰীক্ষাৰ বাবে মানুহে বাজী লগাই যায়।ৰাতিপুৱা সোনকালে উঠিম বুলি ভাবিও বৰ সোনকালে উঠা নহলগৈ।ৰাতিপুৱা ভালদৰে খাই বৈ আমাৰ আৰু জ্যোতিষদাহঁতৰ পৰিয়ালটো ওলালো ছানচিটিলৈ।

প্ৰথমে আমি হোটেলত চেক ইন কৰি লোৱাটো ঠিক কৰিলো। তাৰ পাছত তাত থকা বিভিন্ন একটিভিটিবোৰ কৰাটো ঠিক কৰিলো।আমাৰ ৰূম “কাচানভা” ত বুক কৰা হৈছিল। হ্ৰদটোৰ পাৰতেই ৰূমটো পালো, লগতে গল্ফ কৰ্চখন।সেউজীয়া আৰু নীলাই মনটো ফৰকাল কৰি তুলিলে ৰূমত সোমোৱাৰ লগে লগে।বস্তুখিনি ঠিক ঠাক কৰি কাপোৰ-কানি সলাই হ্ৰদটোৰ পাৰে পাৰে খোজ কাঢ়িলো আমি! নাৱত উঠাই নাৱত উঠিছে, পানী চলোৱা মটৰ বাইকত উঠাই বাইক চলাইছে, অৰ্নিহঁতে সৰু গল্ফ খেলাত লাগিল।

মাজতে হ্ৰদৰ পাৰতে কফি, আইচক্ৰীমো খালো।তাৰ পৰা এইবাৰ আন এখন ৰেষ্টুৰেণ্টলৈ গ’লো আৰু তাতেই সৰুকৈ কিবাকিবি অলপ খাই ল’লো আৰু তাৰ পাছত এইবাৰ চিধাই পালোগৈ কেচিন’! তাত এটা কথা বৰ ভাল, হোটেলৰ মুখৰপৰা আন আন ঠাইবোৰলৈ চাটল বাছ, গাড়ী চলি থাকে, কিবা এখনত উঠি দিলেই হ’ল, নিজৰ গাড়ী ঘূৰাই ফুৰিব নালাগে আৰু।আমিও তেনেকুৱা গাড়ীতে উঠি ইফালৰপৰা সিফাললৈ গলো। খোজ কাঢ়িবলৈ বৰ বেছি ডাঙৰ হৈ যায়।

কেচিন’ ত সোমাই সকলোৱেই ভাগ্য পৰীক্ষাত লাগিলো, কিন্তু পূৰবী বৌৰ বাহিৰে বেলেগৰ ভাগ্য নুফুলিল। এইদৰে ইফালে সিফালে কৰি থাকোতে ৰাতিয়েই হ’ল, ইফালে জ্যোতিষদাহঁত ঘৰলৈ ঘূৰি যাব, আমিহে থাকিম। গতিকে তাতেই নিশাৰ আহাৰ খাবলৈ ৰেষ্টুৰেন্ট বিচৰাত লাগিলো।অসংখ্য ৰেষ্টুৰেন্ট তাত, লগতে গোটেই মানুহে গিজগিজাই আছিল।তাৰ মাজৰে পৰ্তুগীজ ৰেষ্টুৰেন্ট এখনত সোমালো।পৰ্তুগীজত খোৱাবোৱাবোৰ ভাল লাগে।মাছ মাংসৰ কেইবাটাও বেলেগ বেলেগ ব্যঞ্জন অৰ্ডাৰ কৰিলো।

এইদৰে খোৱা বোৱা কৰোতে ১০ মান বাজিল। তাৰ পাছত তাৰপৰাই চাটল বাছ এখনত হোটেল পালোগৈ। তাতেই অকণমান বহি জ্যোতিষদাহঁত ঘৰলৈ ঘুৰি গ’লগৈ আৰু আমি ওলাই ইফালে সিফালে ঘূৰি ৰূমলৈ আহি শুই পৰিলো।ভাগৰো লাগিছিল। ইফালে পিছদিনা উঠি তাত থকা প্ৰধান আকৰ্ষণ ‘ভেলী অফ ৱেভ’ত অলপ সময় কটোৱাৰো কথা। পিছদিনা ‘ভেলী অফ ৱেভ’ত গৈ পানীৰ লগত কিছুসময় কটাই আমাৰ ছানচিটি আৰু পিলানেচবাৰ্গ ফুৰা পৰ্বৰ সামৰণি মাৰিলো।

☆★☆★☆

2 Comments

  • ডলী

    সুন্দৰ ভ্ৰমণ কাহিনী। ভাল লাগিল।

    Reply
  • বন্দিতা জৈন

    সুন্দৰ ভ্ৰমণ কাহিনী।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *