লটিঘটি-হিমাংশু ৰাজখোৱা(প্ৰয়াত)
(অভিজিত গোস্বামী, এইটো তোমাক কোৱা দিল্লীৰ ‘কাণ্ড’ টো)
যোৱা বছৰৰ এপ্ৰিল মাহৰ ঘটনা।
নিকট বন্ধু বান্ধৱ সকলে জানে, মোৰ বাওঁ ভৰি খনৰ আঁঠু ভাগ তেনেই ‘কৃত্ৰিম’
২০১৩ চনতে হোৱা এটা কালান্তক দুর্ঘটনাৰ বাবে দিল্লী মহানগৰীত এটা দীঘলীয়া অস্ত্ৰোপচাৰ কৰি কিবা কিবি কৃত্ৰিম অংশ লগাই মেলি হে ভৰি খন এতিয়ালৈ সচল কৰি ৰাখিছোঁ।
মাজে মাজে ভৰি খনে আমনি কৰে, তীব্ৰ বিষ হয় আৰু মোৰ খোজ দিবলৈ দিগদাৰ হয়। দিল্লীৰ মোৰ ডক্টৰে তাৰ পৰাই কিবা কিবি প্রেছক্ৰাইব কৰে, খাওঁ, ভাল হয়। এনেকৈয়ে চলি আছিলোঁ। যোৱা বছৰ এপ্ৰিল মাহত ডক্টৰে পাৰিলে এবাৰ আহি যা দিল্লী বুলি কলে।
এনেয়েও দিল্লী মোৰ প্রিয় চহৰ, ভাবিলোঁ এবাৰ ঘূৰি অহাই যাওক।
অকলেই ওলালো যাবলৈ, অৱশ্যে সেইকেইদিন বিষ টো অলপ বেছিয়েই আছিল, খোজ দিওঁতে অসুবিধা হোৱা দেখি গুৱাহাটীত এয়াৰ এছিয়া ৰ গ্ৰাউণ্ড ষ্টাফে মোক হুইল চেয়াৰ দি দিলে আৰু কলে দিল্লীতো মোক ফ্লাইটৰ পৰাই হুইল চেয়াৰৰে নমাই লৈ যোৱা হব। মই আগতেও এই সুবিধাটো লৈ থৈছোঁ গতিকে এইবাৰো মান্তি হৈ ফৰ্ম খন চহী কৰি দিলোঁ।
গুৱাহাটীত চব সুকলমেই হৈ গল, পিছে অথন্তৰ ঘটিল দিল্লীত। ইয়াৰ আগতে মই দিল্লীত হুইল চেয়াৰ লৈ নামিছিলোঁ টাৰ্মিনাল ১ ত, যিটো ইমান বেছি বিশাল নহয় কিন্তু এয়াৰ এছিয়া ৰ ফ্লাইট নমিলগৈ টাৰ্মিনাল ৩ ত, যিটো অতি বিয়াগোম আৰু বাহিৰলৈ ওলাই আহিবলৈ বহুত দূৰ আহিব লাগে। মোৰ হুইল চেয়াৰ ঠেলি লৈ অহা লৰা জনে মোক একো চিন্তা কৰিবলৈ মানা কৰি মোক লাগেজ বেল্ট ৰ ওচৰলৈ লৈ গল আৰু মোৰ বেগটো দেখুৱাই দিবলৈ কলে, অলপ সময় ৰোৱাৰ পাছতে মোৰ বেগটো দেখিলো আৰু লৰা জনক দেখুৱাই দিলোঁ। তেনেতে মোৰ বাবে ঠিক কৰি ৰখা কেব খনৰ ড্ৰাইভাৰে ফোন কৰাত মই ফোনত ব্যস্ত হলো আৰু লৰা জনেও মোক একেবাৰে টেক্সিৰ পিছৰ ছিটত বহুৱাই বেগটো সন্মুখৰ ছিটত উঠাই দিলে।
এয়াৰ পৰ্টৰ পৰা ওলাই দিল্লী মহানগৰীৰ ব্যস্ত ৰাজপথত টেক্সি গৈ প্ৰায় চৰ্দাৰ পেটেল মাৰ্গৰ ‘অসম ভৱন’ ৰ ওচৰ পালেগৈ। তেনেতে অচিনাকি নম্বৰৰ পৰা এটা ফোন আহিল, ফোন ধৰাত এগৰাকীয়ে কলে যে তেওঁ এয়াৰ এছিয়া ৰ পৰা ফোন কৰিছে। মই প্ৰথমে ভাবিলোঁ কিবা ফিড বেক লব ফোন কৰিছে কিন্তু তেওঁ দেখোন ফোনত কিবা লাগেজ লাগেজহে কৈ আছে। কেইবাবাৰো উৰাই ঘূৰাই সোধাৰ পাছত মই বুজি পোৱা কথাটো হল -মই এয়াৰ এছিয়া ৰ একেই ফ্লাইটৰ বেলেগ এজন পেচেঞ্জাৰৰ বেগ এটা লৈ আহিছোঁ গতিকে বেগটো ঘূৰাই দিব লাগে!!
হাৰে, এইটো কেনেকৈ সম্ভৱ??
লগে লগে টেক্সিৰ আগৰ ছিটত থকা বেগ টো চাই দেখোঁ, হয়! এইটো সাইলাখ মোৰ এয়াৰ বেগটোৰ নিচিনা কিন্তু অলপ ডাঙৰ বেগ এটা!!
হুইল চেয়াৰ ঠেলি অনা লৰাটোৱে হয় টেক্সিত বেলেগ এটা বেগ উঠাই দিলে নতুবা দূৰৰ পৰা ময়েই তাক দেখুৱাই দিওঁতে ভুল কৰিলোঁ! কি বিপদ হৈ গল!!
এইবাৰ মই সেই নম্বৰটোত কল বেক কৰাত তেওঁলোকে কলে, মোৰ নাম হেনো এয়াৰ পৰ্টত কেইবাবাৰো চিঞৰি চিঞৰি নাপাই, পেচেঞ্জাৰ দিটেইলৰ পৰা নম্বৰ উলিয়াই ফোন কৰিছে আৰু এতিয়া মোৰ লগত যোগাযোগ হোৱাৰ পাছত যি গৰাকীৰ বেগ টো মই লৈ আহিলোঁ তেওঁক মোৰ বেগ টো আৰু মোৰ নম্বৰটো দি ‘এৰাইভেল’ ত ৰৈ থাকিব দিছে।
বিষ বেদনাই জৰ্জৰিত কৰা দেহা লৈ পুনৰ বিমান বন্দৰলৈ উভতনি যাত্ৰা কৰিলোঁ। মোৰ টেক্সিৰ ড্ৰাইভাৰো চূড়ান্ত বিৰক্ত! ভাবিছে চাগে, ‘কেইছা গৱাৰ ক’ উঠা লায়া’
মোৰ মনত অলপ ভয়ো, এতিয়া বেগৰ মালিকে বা কি মূৰ্ত্তি ধৰে!!
গৈ যেনিবা তীব্ৰ বিৰক্তি আৰু উৎকণ্ঠ হৈ মোলৈ ৰৈ থকা ব্যক্তি গৰাকী বিচাৰি পালোগৈ।
অত্যন্ত আধুনিকা এগৰাকী সুন্দৰী ললনাই ক্ৰোধেৰে খেদি আহিল যদিও ওচৰ পাই তেওঁৰ গালিৰ ভয়ত মোৰ ইতিমধ্যে “অভাৰ এক্টিংৰে” ভৰপূৰ ৰোগ জৰ্জৰিত দেহা দেখি এষাৰো মাত নিদিয়াকৈ বেগটো সলাই গুচি গল।
মোক ‘চৰী’ বুলি কোৱাৰো সময় নিদিলে।
☆ ★ ☆ ★ ☆
9:35 pm
ভাল লিখিছিল,হৃদয়খন বিশাল আছিল,কথাবোৰত সৰলতা ফুটি উঠিছিল।
এইখন ই-আলোচনীৰে এটা সংখ্যা সম্পাদনা কৰাৰ সময়ত যিদৰে সহায় সহযোগ কৰিছিল,সেয়া পাহৰা সম্ভৱ নহয়।হিমাংশু ৰাজখোৱা মোৰ বাবে এনে এটা নাম,যাক মই কায়িকভাৱে কেতিয়াও লগ নাপালেও সদায় মনত ৰাখিম।তুমি য’তে আছা সদায় সুখেৰে থাকা।তোমাৰ সৈতে নেদেখাকৈয়ে হয়তো এৰাএৰি হ’বলগা আছিল।তোমাৰ মাতটো এতিয়াও মনত পৰে।