ফেচবুক, মই আৰু বহুতো নজনা কথা- ডলী তালুকদাৰ
কি লিখিম ভাবিয়েই পোৱা নাই। লেখা-মেলাৰ অভ্যাস নায়েই সিমান। কেতিয়াবা দুটা-এটা মনৰ কথা লিখোঁ। আগতে বহীত লিখিছিলোঁ কিন্তু ফেচবুকলৈ অহাৰ পৰা ফেচবুকত অৰ্থাৎ মোৰ একাউণ্টৰ ৱালত লিখোঁ। কিন্তু সম্পাদকীয় লিখিব লাগিব, তাকো "ফটাঢোল"ৰ দৰে ইমান জনপ্ৰিয় আলোচনীখনৰ! সেইটো কথা ভাবিহে জীৱ বাহিৰ হৈছে।
সাধাৰণতে কথাবোৰ মুখৰ আগতে কৈ দিয়া মানুহ মই। কোনো কথাত বেয়া পালে মুখৰ আগতে কৈ দিওঁ। ভাল পালে প্ৰশংসাও কৰোঁ। মনত কথা লুকুৱাব নজনা মানুহ মই। এই স্বভাৱটোৰ বাবে বেয়াও পায় কেতিয়াবা কিছুমানে। পিচে এতিয়াহে একো লিখিবলৈ এটা শব্দও বিচাৰি পোৱা নাই। ছেঃ, সম্পাদকীয় লিখিবলৈ বহি ক'ত গৈ পালোঁগৈ। ভাবি আছোঁ কি লিখোঁ কিনো ক'ম!
ক'বলৈ, লিখিবলৈ বহুত থাকিলেও কেতিয়াবা ক'ব নোৱাৰি, লিখিব নোৱাৰি। মনৰ ভিতৰত বহুত কথা পাগুলি থাকিলেও মুখেৰে প্ৰকাশ কৰিব নোৱাৰি। সময়ৰ সোঁতত জীৱন আগবাঢ়ি গৈ থাকে আৰু তাৰ মাজতে সাল-সলনি হৈ থাকে। এইমাত্ৰ হাঁহি থকা মানুহজন পিছ মুহূৰ্তত খবৰ হৈ যাব পাৰে। দেখাত হাঁহি থকা মানুহগৰাকী ভিতৰি ভিতৰি কান্দি থাকিবও পাৰে। মুঠতে কেতিয়া কি হয় ক'ব নোৱাৰি!
অহ!....আপোনালোকে ভাবিছে ব্যংগ আলোচনী এখনৰ সম্পাদকে ইমান আৱেগিক কথা লিখিছে। নাই...নাই, মই জীৱনক লৈ কোনো গভীৰ কথা লিখা নাই। আচলতে মই ক'ব খুজিছোঁ ফেচবুকৰ কথাহে।
বৰ্তমান ফেচবুকটো এনেকুৱায়েই। বাতৰি কাকত, দূৰদৰ্শণত আপুনি কোনো খবৰ নাপালেও ফেচবুকত প্ৰথমতে পাব। বুজা নাই? ঠিক আছে বুজাই কৈছোঁ। খেলৰ কথাকে কওঁ। কিছুদিনৰ আগতে ক্ৰিকেট খেল হৈ গ'ল। বৰ্তমান ফুটবল চলি আছে। কিন্তু আপোনাৰ খেল চোৱাত চখ নাই। তথাপি আপুনি জানে যে কোন হাৰিল, কোনে কিমান ৰাণ কৰিলে, কোনে কিমান গ'ল দিলে। কাৰণ আপডেট আহি গ'লেই নহয়। লগতে কোনজনৰ পাৰ্ফমেঞ্চ বেয়া, কোনজন খেলুৱৈয়ে ৰিটায়াৰমেণ্ট ল'বৰ হ'ল সকলো ডিটেইলচত ফেচবুকতে পাব। "কোহলিৰ কাম নাই"- এটা আপডেট। "অঁ, মই নাচাওঁ খেল", "হাৰিব" - দিলে দুজনে আপডেট। তাৰ মাজতে আশাধাৰী দুজনমানে ক'ব- "শেষ মুহূৰ্তত কি হয় ক'ব নোৱাৰি।" মুঠতে খেল এখন নোচোৱাকৈয়ো আমি খেলৰ বিষয়ে ওস্তাড হৈ উঠিব পাৰোঁ। আকৌ সংগীত, নৃত্যৰ বিষয়ে একো নাজানিলেও সংগীতৰ ওপৰত আমি মন্তব্য দিব পাৰিম। তদুপৰি আমাৰ জ্ঞানত সোণত সুৱগা চৰাই নিউজ পৰ্টেলকেইটাই। একেটা বাতৰিকে ফেচবুকত দিনটোত ঘূৰাই ঘূৰাই তাঘূৰ ঘূৰাই নাচি থাকে।
"বাবু ভাত খালা?" প্ৰেমিকাই প্ৰেমিকক কেনেকৈ মাতে সেইষাৰ কথাও জানিব পাৰি। কাৰ ঘৰৰ বোৱাৰী পলাল, কোনে কেনেকুৱা পোচাক পিন্ধিছে, কোনে কি প'জত ফটো উঠে সেইটোও শিকিব পাৰি।
তাৰ মাজতে এটা নতুন ট্ৰেণ্ড হৈছে আজিকালি ঠাট্টা কৰা। মানে মানুহক কেনেকৈ কোনো কাম কৰিলে হাঁহিব পাৰি, ইতিকিং কৰিব পাৰি। যাক কয় আজিকালি 'ট্ৰল' কৰা। তেনেকুৱা বুদ্ধিজীৱী আপুনি ঢেৰ পাব। মন্তব্য এনেধৰণৰ দিব একোগৰাকীয়ে যেন সংসাৰৰ সকলো জ্ঞান তেওঁহে আহৰণ কৰিছে। তাৰ মাজতে আহিল "ভাইৰেল"ৰ খেল। হঠাত কাৰোবাৰ ভিডিঅ, নাচ, কথা কোৱাৰ ষ্টাইল ক'ত কেতিয়া ভাইৰেল হয় আপুনি পাত্তাই নাপাব। তাতে কিছুমানৰ কপাল ফুলি চেলিব্ৰেটি হয় আৰু কেতিয়াবা কোনোবাই বহুত মূল্য ভৰিব লগা হয়। কিন্তু এই ভাইৰেল এনেকুৱা বস্তু যে চেলিব্ৰেটি আৰু ভাইৰেল হোৱাৰ চক্কৰত এচামে এনেকুৱা অদ্ভুত কাণ্ড কৰেও। মূৰ ঘূৰি যায়।
হয়, মই ফেচবুকৰ মহিমাকে কৈ আছোঁ এতিয়ালৈ। ফেচবুকৰ অন্যতম মহিমা হৈছে বিতৰ্ক। অনাহকত বিতৰ্ক নাথাকিলে ফেচবুকৰ কি মজা আছেহে? সেয়া লাগিলে ভাষাক লৈ হওক, উজনি-নামনিৰ কথাই হওক, কোনোবাই হাফপেণ্ট পিন্ধে, কোনোবাই নিপিন্ধে, কোনোবাই লগাতকৈ বেছি ফটো-ভিডিঅ' দিয়ে। মুঠতে বিতৰ্ক হ'ব লাগিব। এমাহ ৰাতি এপৰলৈকে আৰু পুৱা শুই উঠিয়ে সেই বিষয়টোত মত আগবঢ়াব লাগিবই। যদি আপুনি মত নিদিয়েও আপোনাক মন্তব্য দিয়াবলৈ প্ৰেৰণা দিবয়েই। ইয়াৰ মাজতে আহিল বিভিন্ন গ্ৰুপৰ কথা। ভালদৰে চলি শেষত তাতো আহে ক্ষমতাৰ কথা। অভিমান হৈ নতুন গ্ৰুপৰ জন্ম হোৱা। কথাত কটাকটি হৈ বেছি বেয়া পালে আকৌ সৰুতে বিদ্যালয়ত নমতা-নমতি হোৱাৰ দৰে আনফ্ৰেণ্ড কৰিব পাৰি। সীমাক লৈ কাজিয়া লগা মানুহ ঘৰক দেখিলেও নমতা বা ঘৰত সকাম পাতিও নিমন্ত্ৰণ নিদিয়াৰ দৰে ব্লক কৰিবও পাৰি। মুঠতে ফেচবুকৰ অপাৰ মহিমা।
ৰ'ব! আপোনালোকে ভাবি আছে মই এয়া ফেচবুকৰ সমালোচনা কৰি আছোঁ নেকি? ওহোঁ....মুঠেও নহয়। কাৰণ আজি যে মই এই সম্পাদকৰ চকীখনত বহি আছোঁ সেয়াও ফেচবুকৰে কৃপাত। কোৱা হয় যে প্ৰত্যেক বস্তুৰে বেয়া যিমান ভালো সিমান। বাচিব জনাতো নিজৰ ওপৰত। ময়ো প্ৰায়ভাগ বেয়াখিনি নাচাই তাৰ ভালখিনিহে গুৰুত্ব দিওঁ।
সময়ৰ লগে লগে জীৱন আগবাঢ়ি গৈ আছে। মোৰো ব্যতিক্ৰম নহয়। জীৱনটোও বহুতখিনি সলনি হ'ল। স্কুল কলেজৰ বন্ধু-বান্ধবীৰ লগতো যোগসূত্ৰ হেৰালে। সকলো নিজৰ কামত ব্যস্ত। ময়ো নতুন মানুহৰ লগত পৰিচয় হ'লোঁ। বহুতো ভালপোৱা কাম ব্যস্ততাৰ বাবে কৰিব নোপোৱা হ'লোঁ। এসময়ত বিভিন্ন কিতাপ, গল্প, উপন্যাস, আলোচনীৰ মাজত ডুবি থকা ছোৱালীজনীয়ে সেইবোৰ পঢ়িবলৈ আহৰিয়ে নোপোৱা হ'লোঁ। ইমানে এলাহ হ'ল কাষতে পৰি থকা বাতৰি কাকতখন, আলমাৰীত থকা কিতাপখন চুবলৈ মন নোযোৱা হ'ল। কিন্তু আগৰ সেই পঢ়াৰ ধাউতি পুণৰ আনিলে মোৰ মনত ফেচবুকে।
কৈছোঁৱেই যে বেয়া থাকিলে ভালো থাকিব। ফেচবুকৰো ভাল দিশ বহুত আছে। ফেচবুকত কিন্তু মই বহু পলমকৈ আহিছোঁ। ফেচবুকৰ দুনীয়াত মই নতুন। গতিকে ফেচবুকৰ বহুত কথা পলমকৈহে মই শিকিছোঁ। ফেচবুক খোলাৰ আগতে বহুতে কৈছিল, "ভাল নহয় ফেচবুক। সময় যায়। কাম নোহোৱা মানুহে ফেচবুক কৰি থাকে।" সঁচাকৈ ইমান বেয়ানে? কিছুমানে কয় ফটো দিয়া, পৰচৰ্চা কৰাৰ ঠাই। সঁচানে এনেকুৱা? বাৰু যি হয় হওক চাওঁচোন এবাৰ পৰচৰ্চা কৰি।
কিন্তু মই ওলোটাহে কৰিলোঁ। ফেচবুকৰ মাধ্যমেৰে পুনৰ মোৰ পুৰণি বন্ধু-বান্ধবী, চিনাকি লোকসকলক আকৌ পালোঁ। বহুতো নতুন মানুহৰ লগত পৰিচয় হ'ল। যিবোৰ হেঁপাহ সামৰি থৈছিলোঁ পুনৰ জাগি উঠিল।
ভাল দিশ বুলিলে মই ভাবোঁ যে, ফেচবুকতে বহুতো সাহিত্যৰ গ্ৰুপ সৃষ্টি হৈছে। বহুতো মানুহে লিখাৰ, পঢ়াৰ এখন মঞ্চ পাইছে। এইটো বেলেগ কথা যে মতানৈক্য হৈ বহুত গ্ৰুপ ধ্বংও হৈছে। কিন্তু বহুতো প্ৰতিভাৰ সৃষ্টি হৈছে। আমি ফেচবুকত নিজৰ ভাষাৰে লিখি মন্তব্য দিব পাৰোঁ যে, সেইটো কম আনন্দৰ কথানে!
বাতৰি কাকত, আলোচনীত লিখিবলৈ সুবিধা নোপোৱাজনে নিজৰ ৱালতে সুন্দৰকৈ লিখিবলৈ আৰম্ভ কৰিলে। সাহিত্য গ্ৰুপ সমূহত লিখিবলৈ ল'লে। আৰু বহুতো ভাল লেখকৰ জন্মও হ'ল। বহুতো উচ্চ মানদণ্ডৰ সাহিত্য গ্ৰুপৰো আবিৰ্ভাৱ হ'ল। পৃথিবীৰ চুকত থকা বান্ধবীজনীকো বিচাৰি পোৱা গ'ল। কলেজীয়া জীৱনতে লিখা হেঁপাহ সামৰি ওৰণিৰ তলত কইনা হৈ অহা বোৱাৰীজনীয়ে জীৱনৰ আদ বয়সত পুনৰ কলম তুলি ল'লে। সংসাৰৰ বোজা, চাকৰি, ল'ৰা-ছোৱালীৰ কেৰিয়াৰৰ পিছত দৌৰা দেউতা, খুড়াজনে অৱসৰৰ পিছত পুনৰ কবিতা, গল্প লিখিবলৈ আৰম্ভ কৰিলে। অসমীয়া ভাষাটোৰ প্ৰতি, লিখাৰ প্ৰতি নতুন চামেও আগ্ৰহী হ'ল। ফেচবুকৰ গল্প, কিতাপত ছপা হৈ কিতাপ আকাৰে আমাৰ হাতলৈ আহি শুৱনি কৰিলে। উদাহৰণ স্বৰূপে আমি অভিজিত কলিতা, ৰামানুজ গোস্বামী, দিগন্ত কুমাৰ ভট্টাচাৰ্য, কুসুমাঞ্জলী শৰ্মা বাইদেউৰ নাম ল'ব পাৰোঁ। এখেতসকলে ফেচবুকতে লিখি পাঠকক পঢ়াৰ আনন্দ দিয়াৰ লগতে কিতাপো আমাৰ হাতত তুলি দিছে। এখেতসকলৰ দৰে আৰু বহুত ভাল লেখকৰ কিতাপ আমি ফেচবুকৰ পৰা প্ৰকাশ মাধ্যমত পঢ়িবলৈ পাইছোঁ।
এই যে ভাইৰেল হোৱাক লৈ ব্যংগ কৰিছিলোঁ কিন্তু তাৰো ভাল গুণক লৈ কিছুমানে ভাল দিশত আগুৱাই গ'ল।
উজনি নামনিক লৈ কেতিয়াবা চুৰ্চৰীয়াকৈ যে কথা কটা-কটি হয় কিন্তু সেই সময়তে নামনিৰ উপভাষাক লৈ ৰচিত গল্প-উপন্যাস পঢ়ি আনন্দও লয়। তেতিয়া কিন্তু কোনো উপলুঙা বা ইতিকিং নকৰে। বৰং নামনিৰ ভাষাটো শিকিব পাৰিছোঁ বুলি গৰ্বহে কৰে। ফেচবুকতে চিনাকি হোৱা শিবসাগৰৰ বন্ধুজনে নলবাৰীৰ বন্ধুজনৰ ঘৰত দুৰাতি থাকি যাব পাৰে। কোনোদিনে নেদেখা কেবল ফেচবুকতে লগ পোৱা বাইদেউজনীক নগাঁৱৰ পৰা গুৱাহাটীত চাকৰি কৰিবলৈ আহিলে গুৱাহাটীত থকা দাদা বা ভাইতিজনে ভাৰাঘৰো বিচাৰি দিয়ে।
মোৰ দৰে লিখিব নজনা, শব্দৰ জ্ঞান নথকাজনীও লিখিবলৈ সাহস কৰিলোঁ। মোৰ দ্বাৰা "হৰেণকা আৰু গোলাপীৰ লাভ লেটাৰ" লিখা নহ'লহেঁতেন, ফটাঢোল আলোচনীত চিনেমা লিখিবলৈ সাহস নকৰিলোঁহেঁতেন। তাৰবাবেও মই ফেচবুকৰে শলাগ ল'ম। কাৰণ ফেচবুক নহ'লে "ফটাঢোল" গোটটোৰ জন্ম নহ'লহেঁতেন আৰু ব্যংগ সাহিত্যৰ আলোচনীৰ এই জয় যাত্ৰা আৰম্ভ নহ'লহেঁতেন।
আশা ৰাখিছোঁ ফেচবুকক ফেচবুক হৈ থাকিবলৈ দিব লাগে। বৰ্তমানৰ যান্ত্ৰিক যুগত মানুহো কৰ্মব্যস্ততাত যন্ত্ৰ হৈ গৈছে। সেইকাৰণে ৰাজনীতি, বিতৰ্ক, ঠাট্টা, কাজিয়াৰ মঞ্চ কৰাতকৈ সাহিত্য চৰ্চা, আনন্দৰ মাধ্যম কৰিহে ৰাখিব লাগে।
সম্পাদক
ফটাঢোল ই-আলোচনী
ষষ্ঠ বৰ্ষ,প্ৰথম সংখ্যা
☆★☆★☆
10:53 am
সুন্দৰ সম্পাদকীয়
12:48 pm
সুন্দৰ সম্পাদকীয়
7:24 pm
ধন্যবাদ
11:38 am
ধন্যবাদ ৰিম
12:23 am
বৰ সুন্দৰকৈ প্ৰকাশ কৰিলা ।সুন্দৰ সম্পাদকীয়। অভিনন্দন হৃদয়েৰে ❤️❤️
12:15 pm
Val lagil baideu
1:29 pm
ধন্যবাদ
12:31 pm
Val lagil baideu
1:29 pm
ধন্যবাদ
12:40 pm
বঢ়িয়া
4:14 pm
ধন্যবাদ
2:59 pm
ভাল পালোঁ পঢ়ি৷
4:14 pm
ধন্যবাদ
4:29 pm
Superb….Borhia…bahut val lagil.
7:15 pm
ধন্যবাদ
8:09 pm
ভাল লাগিল সুন্দৰ হৈছে সম্পাদকীয় ৷
2:52 am
ধন্যবাদ
12:24 am
বৰ সুন্দৰকৈ প্ৰকাশ কৰিলা ।সুন্দৰ সম্পাদকীয় ।অভিনন্দন হৃদয়েৰে ❤️❤️
2:52 am
ধন্যবাদ
9:14 am
ভাল লাগিল বা।
9:54 am
ধন্যবাদ
9:46 am
সুন্দৰ হৈছে সম্পাদকীয়৷ পুনৰ অভিনন্দন ডলী৷
10:45 am
ধন্যবাদ
3:08 pm
সুন্দৰ লেখাটো।
12:44 am
ধন্যবাদ
12:05 pm
সকলো ভাল মনৰ মানুহৰ মনৰ কথাখিনিকে সুন্দৰকৈ লিখিলে।
2:44 pm
ধন্যবাদ
12:08 pm
সুন্দৰ সম্পাদকীয়৷ ভাল লাগিল৷
2:44 pm
ধন্যবাদ
2:45 pm
মন খুলি লিখিছা। ভাল লাগিল
9:26 pm
ধন্যবাদ দাদা
3:19 pm
সুন্দৰ সম্পাদকীয়।ফেচবুকৰ ধনাত্মক দিশ বহুত আছে।অৱশ্যে যাৰ প্ৰকৃতি যেনেকুৱা তেওঁ ফেচবুকক তেনেদৰেই ব্যৱহাৰ কৰিব।
ফেচবুকৰ ঋণাত্মক দিশবোৰতকৈ ধনাত্মক দিশ কিছুমান সঁচাই বহু বেছি শক্তিশালী প্ৰশংসনীয়।সৰল ভাষাই সম্পাদকীয়টোৰ সৌন্দৰ্য বৃদ্ধি কৰিলে।আন্তৰিক অভিনন্দন।
9:27 pm
ধন্যবাদ দাদা
11:24 pm
ফে’চবুককে ধৰি সামাজিক মাধ্যমে সাহিত্যচৰ্চা কৰিবলৈ মঞ্চ দিছে, উৎসাহ আৰু প্ৰেৰণা দিছে৷ সামাজিক মাধ্যমৰ এইটো অন্যতম উল্লেখনীয় দিশ বুলি ভাবো৷ সম্পাদকীয়টোতো সেয়া প্ৰতিফলিত হৈছে৷ সেয়ে ভাল লগা বুলি ওপৰৰ কমেণ্টত উল্লেখ কৰিছোঁ৷
11:55 pm
সুন্দৰ সম্পাদকীয়৷ বৰ ধুনীয়াকৈ মনৰ কথাবোৰ প্ৰকাশ কৰিলা৷
12:44 am
ধন্যবাদ
12:49 am
সুন্দৰ হৈছে _ তোমাৰ কথাখিনি ৰ লগত আমিও একমত _ ফেচবুক মানেই কেৱল ফটো আপলোড নহয়, ফেচবুক ৰ যোগেদি মই ও হাতত কলম তুলি লৈছোঁ _ কিবা এটা নিজৰ সৃষ্টি কৰি মনতো ভাল লাগে _ সকলোৰে ভাল, বেয়া থাকে _ বেয়াতো এৰাই চলি ,ভালখিনি আকোঁৱালি ল’লে ই হল। আৰু লিখিবা
হ’ব নেকি 🤭🤭
অলপ বেছি কৈ লিখিলোঁ নেকি😋😘😘
11:15 pm
ধন্যবাদ বা আপোনাৰ মন্তব্যৰ বাবে।
7:06 pm
বৰ ধুনীয়া কৈ লিখিলা।ভাল লাগিল
11:15 pm
ধন্যবাদ বাইদেউ
7:06 am
অতি সুন্দৰ সম্পাদনা আৰু সম্পাদকীয়৷ এই সময়ৰ অতিকে জৰুৰী বিষয় এটাক প্ৰাধান্য দিয়া হৈছে৷ সচৰাচৰ লিখি থকা লেখকৰ লেখাৰ উপৰিও নতুন লেখকৰ লেখা সন্নিৱিষ্ট কৰাটোৱেই ধনাত্মক দিশ৷ চৰ্চাৰ জগতখনকৈ ওপৰত একো নাই৷ জীৱন প্ৰথম৷ তাৰ পাছত ফেচবুকৰ ভাল লগা কথাবোৰ৷ কামবোৰ৷ ভাল লাগিল৷
5:22 pm
ধন্যবাদ দাদা
12:45 pm
Bhal lagile porhi.. Sundor sampadakio.
5:33 pm
ধন্যবাদ মেম