ফটাঢোল

কৌতুক-পদ্মলোচন ভৰদ্বাজ

ফেচবুক চেচবুকত ইণ্টাৰেষ্ট নথকা বৌক অনুজ দাই কৈছে = হেৰা , ফেচবুকত আজি কি নিউজ এটা পালো জানানে ??
,
বৌ = কয় যদি কওক ! নহ’লে পেঘেনিয়াই নাথাকিব !
,
অনুজদা = নতুনকৈ আমেজ বুলি চিগাৰেট ওলাইছিল । সেইটো কোম্পানীৰ চিগাৰেট এটা খাই মানুহ এজনৰ মুখখন জ্বলি গ’ল । কাৰণ……ভুলবশত চিগাৰেটটোৰ ভিতৰত , চাদাৰ সলনি কেনেবাকৈ ফটকা বনোৱা খাৰ সোমাই আছিল !!
,
বৌ = বঢ়িয়া হৈছে । আৰু খাওক গু-সোপা ।
,
অনুজদা = আৰে !! পিছৰখিনিও শুনি লোৱাচোন । চিগাৰেট কোম্পানীটোৱে মানুহজনক ডেৰ কোটি টকা ক্ষতিপূৰণ দিব লগা হৈছে !!
,
বৌ = কি ? ডেৰ কোটি টকা ??? আপুনিনো পিছে  কোন কোম্পানীৰ চিগাৰেট খায়  ?
,
অনুজদা = তুমি খাবলৈ মনা কৰাৰে পৰা  চিগাৰেট খাবলৈ মই দেখোন এৰিয়েই দিলো !!
,
বৌ = কাপুৰুষ !!  পত্নীৰ কথাত উঠা-বহা কৰিবলৈ আপোনাৰ বাৰু লাজ নালাগেনে ???

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *