কোন সেই ৰূপৱতী-দিগন্ত কুমাৰ ভট্টাচাৰ্য
দুবছৰৰ আগৰ সময়, লকডাউনৰ সময়। কি যে এক কঠিন সময় আছিল সেয়া। প্ৰথম দুমাহ ঘৰতে থাকি এনে লাগিছিল সময়বোৰ যেন নাযায় হে নাযায়। ফলস্বৰূপে ফ্ৰী সময় বহুত হৈছিল মানুহৰ হাতত। আগতে কেতিয়াও কৰি নোপোৱা কাম কিছুমানো কৰিবলৈ চেষ্টা কৰিছিল মানুহে। যেনেকৈ মই নিজে ফণি-কেঁচী লৈ নিজৰ চুলি কাটিবলৈ চেষ্টা কৰিছিলোঁ। কোনোবাফালে কমকৈ কটা গৈছিল, কোনোবাফালে ঠৰঙাকৈ ৰৈ গৈছিল – কিহৰ টেনছন? বাহিৰলৈ ওলোৱাৰ সুযোগে বা পাইছিলোঁ কিমান? সুযোগ পালেও মুখত মাস্ক, মূৰত টুপী – কোনেনো চিনি পাব? সেয়ে বিন্দাছ হৈ নিজৰ মতে কৰি গৈছিলোঁ। এবাৰ আনকি মোঁচকোছাৰ সোঁফাল ৰাখি অকল বাওঁফালে খুৰাই চাইছিলোঁ, কেনেনো দেখি!
অ’ফিচৰ মিটিংবোৰো আছিল অকল অ’ডিও কলৰ। সমস্যা নাছিল। হঠাতে মেনেজাৰজনে ঠিক কৰিলে সপ্তাহত দুবাৰকৈ টীমৰ মাজত ভিডিঅ’ কল কৰা হ’ব। উপায় নোহোৱা হ’ল। মূৰৰ পৰা বুকুলৈ – এই ঠাইটুকুৰাৰ যত্ন ল’ব লগা হ’ল। ভিডিঅ’ কল থকা কেইদিন ডাড়ি-চুলি ঠিক-ঠাককৈ ৰাখিব লগা হ’ল। ফ’ৰ্মেল ছাৰ্ট দুটামান আকৌ আলমাৰীৰ পৰা উলিয়াই ইস্ত্ৰী কৰি চিক-চাক কৰিব লগা হ’ল।
শ্ৰীমতীলৈ চাই কওঁ,
: তোমাৰে ভাল, অ’ফিচ-চাকৰি নাই। নহ’লে পাৰ্লাৰ বন্ধৰ এই সময়ছোৱাত আনে তোমাৰ মুখখন দেখিলে কি পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন, ভাবা
: মানে বুজাইছা কি?
শ্ৰীমতীয়ে সাধাৰণতে পাক লগাই কথা ক’লে বুজি নাপায়। আচলতে বুজিবলৈ চেষ্টাই নকৰে। সেইদিনা কি জানো হ’ল, উভতি ধৰিলে।
: নহয়, মানে, তিনিমাহে পাৰ্লাৰ যোৱা নাই তুমি। কম পইচা ৰাহি হৈছে নে আমাৰ? নহয়?
মই কথাটো ঘূৰাবলৈ চেষ্টা কৰিলোঁ।
: আজি মোৰো ভিডিঅ’ কল এটা আছে। ‘মেনকা মেখেলা ক্ৰিয়েছন’ নামৰ হোৱাটচ্ এপ গ্ৰুপ এটা আছে আমাৰ। ‘জুম’ মিটিং এখন হ’ব। পাৰ্লাৰ যিহেতু বন্ধ, পাৰ্লাৰৰ বাইদেউক ঘৰলৈকে মাতিছোঁ। বাইদেৱে ৰিস্ক লৈ যিহেতু ঘৰলৈ আহিব, পইচা চাৰিগুণ লাগিব। কৈ দিছে।
: মিটিং এখনৰ বাবে চাৰিগুণ বেছি দি থ্ৰেডিং-ফেচিয়েল কৰিবা? কাম নাই? তোমাক এইবোৰ নকৰিলেও বেয়া দেখা নাই নহয়।
: বেয়া দেখা নাই? এই চেলাউৰীখিনি চোৱা, বেয়া লগা নাই
: ক্ৰুৰ সিং নামৰ কেৰেক্টাৰ এটা আছিল, চন্দ্ৰকান্তা নামৰ ছিৰিয়েল এখনত। মনত পৰি গ’ল
: কোন ক্ৰুৰ সিং? তাৰমানে বেয়া লাগিছে?
বুজিলোঁ, শ্ৰীমতীয়ে চন্দ্ৰকান্তা চোৱা নাছিল।
: নাই, কি কোৱা? ভাল হে লাগিছে। ইমান ঘন ক’লা চেলাউৰীৰে তোমাক কিবা কাজল কাজল যেন লাগে।
শ্ৰীমতী খুছ হৈ গ’ল। পাৰ্লাৰৰ বাইদেউৰ ভিজিট কেন্সেল!
তেনেকৈ দিন পাৰ হৈ গৈ থাকিল। লাহে লাহে দোকান-বজাৰ খোলা আৰম্ভ হ’ল। আমাৰো অ’ফিচ খুলিলে।
প্ৰথমদিনা অ’ফিচৰ পৰা ওলাই চাৰিআলিৰ ছিগনেলটো পাইছোঁ মাত্ৰ, দেখিলোঁ ছোৱালী এজনীয়ে হাত জোঁকাৰি মোৰ গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছে, মানে ইংগিত দিছে। বোধকৰো ‘লিফ্ট’ লাগে। মই গাড়ীৰ গতি অলপ লেহেমীয়া কৰিলোঁ। ছোৱালীজনী দেখাই-শুনাই বেয়া নহয়, তেনে এটি অনুভৱ হ’ল। মোৰ তাইক অলপ চিনাকি যেনো লাগিল, ক’ৰবাত আগতে কিজানিবা দেখিছোঁ।
‘অকলশৰীয়া ছোৱালীক লিফ্ট নিদিবা দেই। মিঠা মিঠা কথাৰে ভুলাই আজিকালি ডকাইটি কৰিবলৈ দলবোৰে ধুনীয়া ছোৱালী ব্যৱহাৰ কৰে, তাতে তুমি যি হোজা টাইপৰ…’-
শ্ৰীমতীয়ে প্ৰায়ে কোৱা কথাষাৰ মনত পৰিল। যদি এইজনীক লিফ্ট দিওঁ আৰু কিবা এটা অঘটন ঘটিবলৈ পায়, শ্ৰীমতীয়ে ক’বলগীয়া কথাষাৰ মনতে ভাবিলোঁ -‘ছোৱালী দেখিলেই পাগল হৈ যোৱাতো, এতিয়া পাইছা নহয় মজাটো!’ আৰু সৌভাগ্যবশত: একো নঘটিলে -‘সিদিনা কোন ছোৱালীক গাড়ীত বহুৱাই আনিছিলা? বৰুৱানীয়ে দেখিছে নহয়। এহ, ছোৱালী দেখিলে ৰ’বই নোৱাৰে, নিজে উপযাচি লিফ্ট দিয়ে। ক’ৰ ছোৱালী আছিল? কি নাম? কি কৰে? কোৱা..কোৱা..কোৱা…’।
হিন্দী ছিৰিয়েলবোৰত দেখুওৱাৰ দৰে মূৰটো পাঁচবাৰমান ঘূৰাই শ্ৰীমতীৰ ‘কোৱা’টোৰ প্ৰতিধ্বনি মোৰ দুকাণত বাজি উঠিল।
ধুৰ…কাম নাই আৰু মোৰ। নলগা জেঙত লাগিনো মৰো কিয়! মই নৰখালো গাড়ী। মিৰ’ৰখনত দেখিলোঁ ছোৱালীজনীয়ে ভৰি এখন ওপৰলৈ উঠাই মাটিতে জোৰেৰে মাৰি খং প্ৰকাশ কৰিছে যেন সেইখিনি মাটি নহয় মোৰ দুগালহে! বোধকৰো গালিও পাৰিছে। অশ্লীল গালি নে? ছোৱালীয়ে অশ্লীল গালি পাৰিব জানো?! কলেজীয়া দিনৰ গালিবোৰলৈ মনত পৰিল। ডাঙৰ ডাঙৰকৈ দুটামান গালিকে পাৰিলোঁ। বন্ধ কাঁচৰ খিৰিকীৰে ওলাবলৈ সুবিধা নাপাই গালিবোৰ অ’ত ত’ত ঘূৰি এফ.এমত বাজি থকা গানটোৰ সৈতে মিহলি হৈ এক অদ্ভূত সুৰৰ সৃষ্টি কৰিলে!
ঘৰ আহি পাই দেখোঁ ঘৰত তলা। আমাৰ দুবছৰীয়া সন্তানটিক এই সময়ত ঘৰত বন কৰা বাইগৰাকীয়ে অলপ ফুৰাবলৈ লৈ যায়। পিছে শ্ৰীমতী বা কলৈ গ’ল! ফোন এটা কৰোঁ বুলি মোবাইলটো উলিয়াওঁতে দেখিলোঁ শ্ৰীমতীৰ মিছ কল- ওঠৰটা। সৰ্বনাশ! লগে লগে ফোন লগালোঁ। বাৰে বাৰে কাটি দিয়ে তেওঁ, এবাৰো নুঠালে। বোধকৰো ওচৰতে আছে বা ছিৰিৰে ওপৰলৈ উঠি আছে, গতিকে ফোন কল ৰিচিভ নকৰি পতিদেৱৰ ত্ৰিশ পইচা বচাইছে। তিৰোতাবোৰে যে পইচাৰ হিচাপ ক’ত, কেনেকৈ কৰি থাকে একেবাৰে বুজি নাপাওঁ।
মই ফ্ৰেছ হৈ চাহ একাপ খালোঁ। কিছুসময় পিছত কলিং বেলটো বাজি উঠিল। দুৱাৰখনৰ সোঁমাজতে থকা ফুটাটোৰে চাই দেখিলোঁ ছোৱালী এজনী। হাৰে! এইজনী দেখোন সেইজনীয়েই, অলপ দেৰি আগতে ‘লিফ্ট’ বিচৰাজনী! কেনেকৈ মোৰ পিছ লৈ ঘৰলৈকে আহি পালে! মোৰ অলপ টেনছন হ’ল। মই দুৱাৰ খুলি দিয়া নাই। কলিং বেলটো আকৌ বাজিল দুবাৰমান। এইবাৰ মোৰ মোবাইলত ৰিং হোৱাৰ শব্দ শুনা পালোঁ। দেখিলোঁ শ্ৰীমতীৰ ফোন।
: বুৰ্বকৰ দৰে মাজে মাজে কিয় কী’হোলটোৰে চাই আছা, দেখিছোঁ নহয়। দুৱাৰ নুখুলা কিয়? কিহৰ ধেমালি…
মই একে জাপে খুলিলোঁ দুৱাৰখন। সন্মুখত এক নতুন ৰূপত মোৰ শ্ৰীমতী!! দীঘল কেকোঁৰা চুলিখিনি ছুটি আৰু চিধালৈ ৰূপান্তৰ হৈছে। মুখখনো উজলি উঠিছে। এনেয়ে মোৰ কান্ধৰপৰা ছয় ইঞ্চিমান তলত থকা শ্ৰীমতীয়ে দেখোন চেণ্ডেলৰ দৰে ওখ কিবা এযোৰৰ সহযোগত মোৰ নাকৰ ওচৰ পাইছে! কি পৰিৱৰ্তন!
: আৰে ‘কচম চে’, তোমাক একেবাৰে চিনি পোৱা নাছিলোঁ মই…’।
: ৰাতিপুৱাই কোৱা নাছিলোঁ আজি পাৰ্লাৰলৈ যাম, শ্ব’পিং কৰিম আৰু আহোঁতে তোমাৰ লগত আহিম?
শ্ৰীমতীয়ে ৰাতিপুৱা কোৱা কথাবোৰ এতিয়াহে মনত পৰিল। কথাৰ বিস্ফোৰণ শুনিবলৈ মই সাজু হ’লোঁ। কিন্তু ভাগ্য ভাল। বাইগৰাকীয়ে কণমানিটোক লৈ আহি পালে সেই সময়ত। সি টোপনি গৈছে। তাইৰ আগত মোক ডাঙৰকৈ কথা শুনাই মোৰ ‘ইজ্জত’টো কেতিয়াও কম হ’ব নিদিয়ে শ্ৰীমতীয়ে, সেইটো তেওঁৰ এটা বৰ ভাল অভ্যাস।
শ্ৰীমতীয়ে হাত-মুখ ধুই গোঁসাইৰ আগত সন্ধিয়াৰ চাকি গচি দিবলৈ গ’ল। ৰাতিপুৱা অ’ফিচতে এজনে কৌতুক এটা কৈছিল। মনত পৰি মোৰ হাঁহি উঠিল।
: হেৰা, এটা সাংঘাতিক কৌতুক শুনিবা…..। এগৰাকী আদবয়সীয়া তিৰোতাৰ এবাৰ হাৰ্ট এটেক হ’ল। যোৱা-থোৱা অৱস্থা। হ’স্পিটাললৈ লৈ যোৱা হ’ল। ৰাতি যমৰাজ আহিল। আহিয়েই তিৰোতাগৰাকীক ক’লে, ‘ছেহ, কিবা ভুল হৈছিল আমাৰ। তোৰ আয়ুস এতিয়াও চল্লিশ বছৰৰ বেছি আছে। ছ’ৰি। কাইলৈ সকলো বেমাৰ ঠিক হৈ যাব। তই নিশ্চিন্ত থাক। চল্লিশ বছৰৰ পিছত আহিম দেই নিবলৈ। তেতিয়ালৈ জীৱনটো উপভোগ কৰ!’ তিৰোতাগৰাকী লগে লগে সুস্থ হ’ল। আনন্দতে দুপাক ‘গচকত ভাগি যাও যতৰ’ও নাচিলে। ভাবিলে ইমানসোপা বছৰ আছে জীয়াবলৈ, গতিকে প্ৰথমতে নিজৰ ৰূপটো অলপ সলনি কৰা যাওক। হস্পিটেলৰপৰা ওলায়েই বিউটি পাৰ্লাৰত সোমাল। চুলি ষ্ট্ৰেইটেনিং, ফেচিয়েল, পেডিকিউৰ, মেনিকিউৰ আদি সকলো কৰিলে গাটোত। পাৰ্লাৰৰপৰা নাচি-বাগি ওলাওঁতেই ট্ৰাক এখনে খুন্দিয়ালে। লগে লগে মৃত্যু হ’ল তেওঁৰ। ওপৰ পায়েই যমৰাজক চিঞৰিলে,
: চিটিং..এয়া প্ৰতাৰণা! আৰু চল্লিশ বছৰ জীয়াম বুলি মিছা কৈছিলি তই? মিছলীয়া অধম ক’ৰবাৰ!
যমৰাজে তিৰোতাগৰাকীৰ ভৰিৰপৰা মূৰলৈ ভালকৈ চাই ক’লে,
: আৰে…তইহে নেকি? ছ’ৰি, ভুল হৈ গ’ল! হ’ল বুলি আৰু ৰূপটো ইমানো চেঞ্জ কৰি পেলাব লাগে নে? চিনিয়েই নাপালোঁ নহয় তোক…।
কৌতুকটো কৈ মই হাঁহিলো আকৌ। শ্ৰীমতীয়ে মুখখন বেঁকা কৰিলে। বুজি পাই খং কৰিলে নে একো নুবুজি মুখখন বেঁকা কৰিলে, মই কিন্তু বুজি নাপালোঁ।
এনেতে কণমানিটো টোপনিৰপৰা সাৰ পালে। টোপনিৰ পৰা উঠি মাকক নেদেখিলে সি আকৌ কন্দা-কটা লগায়। শ্ৰীমতী দৌৰি গ’ল তাৰ ওচৰলৈ। তাক কোলাত ল’লে। সি কান্দিবলৈ ধৰিলে। শ্ৰীমতীয়ে চুমা খাই মৰমতে কিবাকিবি ক’লে। কিন্তু তাৰ কান্দোন বন্ধ হোৱাৰ একো চিন নাই। মই ওচৰলৈ গৈ হাত দুখন মেলি দিলোঁ। সি জাঁপ মাৰি মোৰ ওচৰলৈ আহিল। কান্দোন বন্ধ হ’ল তাৰ।
‘ভোকতে কান্দিছে চাগে…’
শ্ৰীমতীৰ কথাত মোৰ আকৌ কৌতুকটোলৈ মনত পৰি গ’ল। এইবাৰ মই হাঁহিলো খুব জোৰেৰে!
☆ ★ ☆ ★ ☆
12:48 pm
বিৰাট ভাল লাগিল৷
1:09 pm
বহুত হাঁহিলো দেই। ধন্যবাদ
1:10 pm
হাঁহিলো তামাম ।বৰ সুন্দৰকৈ লিখিলে ।
1:46 pm
😀😀😀বিৰাট ভাল লাগিল
6:03 pm
ভাল লাগিল ।
12:29 am
বঢ়িয়া