ফটাঢোল

লিমাৰিক-সুৰেন্দ্ৰ মোহন দাস

                    (১)

ইমান যে বাঢ়ি গ’ল বিদ্যুতৰ বিল

গ্ৰাহকৰ পিঠিতেই পৰিছে ঔ-কিল

বাঢ়িল গেছৰ দাম

কেনেকৈনো ৰান্ধি খাম

তাকে ভাবি খাই আছোঁ প্ৰেছাৰৰ পিল৷

                    (২)

একেদিনে পৰি গ’ল তিনিখন বিয়া

উপহাৰ দিবলৈকে ধন নাইকিয়া

সেইবাবে কি কৰিলোঁ

দৰাটোক গৈ ক’লোঁ –

‘আজিলৈ উপহাৰ বাকী ৰ’ল দিয়া’৷

                    (৩)

ভোটবেংক চলিছে আঁচনিৰ বলত

যুৱশক্তি, নাৰীশক্তি আছে যে দলত

আঁচনিৰ ধন পাই

কাৰোৱেই মাত নাই

চেপা মাৰি ধৰিছে সিহঁতৰ গলত৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *