গোলাপী মায়া-জয়ন্ত দাস
কলাকুশলী সকলঃ
নিৰ্মল দত্তঃ (বন বিষয়া), অভিনয়ত- হেমন্ত কাকতি৷
নীতাঃ ( নিৰ্মলৰ পত্নী), অভিনয়ত- ডলী তালুকদাৰ৷
মায়াঃ(নিৰ্মলৰ ভনীয়েক), অভিনয়ত-আৰাধনা বৰুৱা৷
বিকাশঃ ( চোৰাং কাঠ সৰবৰাহকাৰী), অভিনয়ত- সঞ্জীৱ ভট্টাচাৰ্য
হৰেণঃ ( গাড়ী মেকানিক), অভিনয়ত- যোগেশ ভট্টাচাৰ্য
গোলাপীঃ অভিনয়ত-পূৰ্ণময়ী মেধী৷
গোলাপীৰ মাকঃ অভিনয়ত- কমলা দাস৷
জগতঃ (গেলামাল দোকানী), অভিনয়ত বিজয় মহন্ত৷
নামতীঃ অভিনয়ত- নিলাক্ষী কাকতি
সহযোগী নামতীঃ অভিনয়ত- কাবেৰী মহন্ত
পৰিবহন আৰু খাদ্যঃ টবিবৰ ৰহমান।
ৰচনা/পৰিচালনাঃ জয়ন্ত দাস৷
১ম দৃশ্যঃ
জগতবন্ধু গেলামালৰ দোকান৷ কেমেৰাত দোকানৰ মালিক জগতে( অভিনয়ত: বিজয় মহন্ত) দুডাল ধূপকাঠি জ্বলাই দোকানখনৰ দুৱাৰমুখত সেৱা কৰি থকা দেখা যাব৷ সেই সময়তে হৰেণ(অভিনয়ত: যোগেশ ভট্টাচাৰ্য) দোকানখনত উপস্থিত হ’ব৷ বহু সময়লৈকে জগতে তেনেকৈয়ে থকাত হৰেণে মাত লগাবঃ
হৰেণঃ তোমাৰ পূজা হ’লনে জগত কাই?
জগতঃ ( হৰেণৰ মাতষাৰত চক খাই) হা, কি হল? তেনেকৈ পূজা কৰি থাকোঁতে মাজতে বিঘিনি ঘটাব নাপায় নহয়৷ এনেই এইকেইদিন বিক্ৰী বাট্টা নাই৷ ভগৱানেহে জানে আজি বহনি হয় নে নহয়!
হৰেণঃ আৰে কিয় নহব, ময়েই কৰিম নহয়৷
জগতঃ ( হাঁহি মাৰি) অঁ, হয় নেকি? তেতিয়াহ’লে ঠিক আছে বাৰু৷ কোৱাচোন কি লাগে ?
হৰেণঃ চানচিল্ক চেম্পু দুই পেকেট দিয়াচোন৷
জগতঃ ( অলপ চিঞৰি) কি ক’লা চানচিল্ক চেম্পু৷ শ্ৰী বিষ্ণু. . শ্ৰী বিষ্ণু..এই ৰাতিপুৱাই পুৱাই চানচিল্ক চেম্পুৰ হে নাম শুনিব লগা হ’লনে৷ হেৰৌ চানচিল্ক চেম্পু কোনে ঘঁহিব? তোমাৰ ভন্টি, মাৰাই নে পেহীয়ে? এই চেম্পুৰ পাৱাৰ চাগে তুমি গম পোৱা নাই সেই কাৰণে বিচাৰি আহিছা৷
হৰেণঃ ধেই সেইবোৰ একো নহয় হে জগত কাই৷ এই স্কুটীখন ধুবলৈ হে লাগে৷ আজি স্বৰস্বতী পূজা যে তুমি নাজানা নেকি? অলপ চাল দিম আকৌ৷ কিমান আৰু গেৰেজৰ মলিয়ন কাপোৰ বোৰ পিন্ধি থাকিম৷ চাওঁ দিয়া সোনকালে৷ গেৰেজতো কিছু কাম বাকী আছে৷
জগতে ভিতৰৰপৰা চেম্পুৰ পেকেট দুটা হৰেণৰ হাতত দিয়ে৷ স্কুটীখন লৈ হৰেণক দোকানৰপৰা গৈ থকা দেখা যাব৷
২য় দৃশ্যঃ
পাৰিজাত পাৰ্ক৷ স্কুটী এখন পাৰ্কখনৰ সন্মুখত ৰ’ব৷ হৰেণ আৰু গোলাপী(অভিনয়ত: পূৰ্ণময়ী মেধী) স্কুটীখনৰপৰা নামি আহিব৷ পিন্ধি অহা হেলমেটকেইটা স্কুটীখনতে থৈ সিহঁত পাৰ্কখনৰ ভিতৰলৈ সোমাই যাব৷ মুকলি ঠাই এডোখৰত মুখামুখিকৈ দুয়োজন বহিব৷ হৰেণে জেপত ভৰাই অনা চানাৰ পেকেটটো গোলাপীক দিব৷
হৰেণঃ হু, লোৱা এইটো৷ ইয়াতে আমি এতিয়া চানা ভজা খাই খাই কথা পাতি থাকিব পাৰিম৷ কিমান মজ্জা লাগিব ন?
গোলাপীঃ উম৷ কিমান দিনৰ মূৰত যে তোমাক এনেকৈ পাইছোঁ৷
হৰেণঃ অঁ, ৰ’বা৷ তেতেলীৰ আচাৰৰ পেকেটো আনিছিলোঁ৷(হৰেণে জেপৰ পৰা আচাৰৰ পেকেটটোও গোলাপীৰ হাতত দিয়ে৷)
গোলাপীঃ এনেদৰে তোমাৰ কাষতে থাকিব পাৰিলেতো ভালেই লাগে৷ কিন্তু গাঁৱৰপৰা আহোঁতে কোনোবাই দেখিছে বুলিহে ভয় লাগিছে৷
হৰেণঃ কিহৰ ভয় হে৷ এই আহাৰ মাহতে তোমাক বিয়া পাতিম৷ কোনোবাই দেখিলেও দেখক৷ তাৰোপৰি আমি দুয়ো হেলমেট পিন্ধি আহিছোঁ বাবে কোনেও আমাক দেখিলেও চিনিবই নোৱাৰিব৷
গোলাপীঃ সচ্চানে? সেইকাৰণেই আমাৰ গাৱঁৰ অনামিকা আৰু ৰাজশ্ৰীক মাজে মাজে হাতত হেলমেট লৈ দেখা পাওঁ৷
হৰেণঃ দেখিলা, সিহঁত কিমান বুধিয়ক৷ তুমিহে ভয় ভয় কৰি মৰা৷
গোলাপীঃ ঠিক আছে বাৰু, আজিৰপৰা আৰু ভয় নকৰো৷ পিছে বিয়াৰ পিছত মোক কত ফুৰাবলৈ নিবানো?
হৰেণঃ কেনেকুৱা ঠাইত ফুৰিবলৈ যাবা?
গোলাপীঃ উ..ম, এনেকুৱা ঠাই য’ত ওখ ওখ গছ-গছনিৰ লগতে সৰু সৰু জোপোহা গছ আছে৷ সন্মুখত পানীয়ে সুন্দৰকৈ ঢৌ খেলি আছে৷ মন গলেই ঘৰৰদৰে খানা খাব পাৰি৷ বচ, এনেকুৱা হ’লেই হৈ যাব৷
হৰেণঃ ( অলপ ভাবি) তেতিয়াহ’লে তোমালোকৰ ঘৰৰ পুখুৰীৰ পাৰটোৱেই ধুনীয়া হ’ব৷
গোলাপীঃ হ’ব, তুমি মোক কেৱল ঠাট্টা মস্কৰা হে কৰা৷ এটা কথাও ভালদৰে নোকোৱা৷ (গোলাপীয়ে মুখখন ঘূৰাই দিয়ে৷)
হৰেণঃ খং নকৰিবা গোলাপী৷ হ’ব দিয়া তোমাক মই ধুনীয়া ঠাই এখনলৈ লৈ যাম৷
গোলাপীঃ ( উৎসাহেৰে) কি নাম?
হৰেণঃ গোৱা৷
গোলাপীঃ বাঃ! ইমান ধুনীয়া ঠাইলৈ নিবা৷ কিমান যে ভাল লাগিব৷ মই কিন্তু মোৰ মাকো লগত লৈ যাম৷
হৰেণঃ হে হৰি! কি শুনিব পাইছো এয়া! আৰে হনিমুনত যাওঁতে কোনেনো মাকক লগত লৈ যায় কোৱাচোন?
গোলাপীঃ ওহোঁ, মই একো নামানো৷ মই মাক লগত নিমেই৷
(হঠাতে গোলাপীয়ে পিন্ধি অহা কাপোৰযোৰৰ ওপৰত হৰণেৰ চকু পৰিব)
হৰেণঃ হাৰে! মই দিয়া মেৰুণ ৰঙৰ নতুন কুৰ্ত্তিটো এৰি বেলেগ কিয় পিন্ধিছা?
গোলাপীঃ সেইটো অলপ ঢিলা হয়৷
হৰেণঃ হয় নেকি? মোক ক’ব লাগিছিল৷ সলনি কৰি অলপ সৰু চাইজৰ আনি দিলোহেঁতেন৷ এতিয়াও মোক দি দিবা, আৰু অলপ বেছি বেছিকে খাবা হে৷ দেখা নাই, তোমাৰ লগৰ ৰীতালীনা, জয়শ্ৰীহঁতৰ কি সুন্দৰ চেহেৰা৷ আজি উভতি যাওঁতে টাউনৰপৰা এযোৰ চুড়িদাৰ আৰু মেক আপ বাকচ এটা কিনি দিম তোমাক৷ একদম দীপিকাৰ দৰে লাগিব৷
গোলাপীঃ কোন দীপিকা?
হৰেণঃ সেই পাঠানৰ দীপিকাৰ কথা কৈছোঁ হে৷
গোলাপীঃ সচ্চা৷ ইমান ধুনীয়া দেখা হ’ম মই৷ আইয়ু ….৷
গোলাপীয়ে দুয়োখন হাত মেলি পাৰ্কৰ ফুলনিৰ মাজে মাজে পাঠানৰ গীট এটি গাই দৌৰি থাকিব৷
“হমে ত’ লুট লিয়া মিলকে,
ইস্ক ৱালো নে
বহুত হী তংগ কিয়া অবতক,
ইন খায়াল’ নে ….
হৰেণঃ ৰ’বা হে, ইমান বেগেৰে দৌৰিলে মই তোমাক কেনেকৈ লগ পাম? মোকো তোমাৰ হাতত ধৰাধৰি কৰি গীটটোৰ লিপচ্ মিলাই শ্বাহৰুখৰ অলপ ফিলিং আনিব দিয়া৷
কেমেৰাত অস্তগামী সূৰুযটো দেখা যাব৷ হৰেণ আৰু গোলাপী স্কুুটীখনেৰে গাঁৱলৈ উভতি আহি থকা দেখা যাব৷
৩য় দৃশ্যঃ
বিশ্ব বন দিৱস৷ কেমেৰাত হাটিখালী আঞ্চলিক বন বিষয়া শ্ৰীযুত নিৰ্মল দত্তই গাওঁ সভা এখনত ভাষণ দি থকা দেখা যাব৷
নিৰ্মলঃ (অভিনয়ত: হেমন্ত কাকতি) ৰাইজ, আপোনালোকৰ এই গাওঁখনৰ পৰিচয়েই হ’ল এই বৃহৎ হাটিখালী বনাঞ্চলখন৷ ইয়াৰ পূৰঠ পূৰঠ শাল আৰু চেগুণ গছবোৰৰ প্ৰচুৰ চাহিদা গোটেই ৰাজ্যখনতে আছে৷ গতিকে আমি আমাৰ সম্পদখিনি সুৰক্ষিত কৰি ৰাখিব লাগিব৷ কিন্তু মই অতি দুখেৰে জনাওঁ যে আমাৰ এই বনাঞ্চলখনতো চোৰাং কাঠ বেপাৰীৰ লোলুপ দৃষ্টি পৰিছে৷ ভিতৰৰ বহুতো গছ-গছনি সিহঁতে গোপনে কাটি সৰবৰাহ কৰিছে৷ মই যথেষ্টখিনি কষ্ট কৰি কোনোমতে কিছু কমাইছো যদিও সম্পূৰ্ণকৈ নিঃশেষ কৰিব পৰা নাই৷ সেয়ে আপোনালোকেও আমাৰ চৰকাৰী যন্ত্ৰটোক সহায় সহযোগিতা কৰিব লাগিব৷
হৰেণঃ (ৰাইজৰ মাজৰ পৰা উঠি) চাৰ, এই বন ধ্বংসত কিন্তু আপোনালোকৰ বিভাগৰে মানুহ জড়িত আছে যেন মোৰ ভাৱ হয়৷
নিৰ্মলঃ ( মৃদুভাবে হাঁহি) প্ৰথমতে ময়ো তেনেকুৱাই ভাবিছিলোঁ৷ কিন্তু এতিয়া আমাৰ মানুহখিনিৰ ত্যাগ, নিষ্ঠা আৰু কৰ্মস্পৃহাক মই সন্মান জনাওঁ৷ দিন-ৰাতি একাকাৰ কৰি আমাৰ বিভাগটোৱে কিদৰে কাম কৰে দেখিলেহে বুজি পাব৷ বাৰু ব’লক, বেছি দীঘলীয়া নকৰোঁ৷ এতিয়া আমি বৃক্ষৰোপণ কাৰ্যসূচীলৈ আগবাঢ়ো৷
কেমেৰাত ওচৰৰে নামঘৰ এটাত আয়তীসকলে নাম পৰিবেশন কৰি থকা দেখা যাব৷
নামতীঃ (অভিনয়ত: নিলাক্ষী কাকতি)
“ সুন্দৰ বদনে বজায়ো বেণু৷
প্ৰভাতে কোনে চাৰিবেক ধেনু৷৷
(কীৰ্ত্তনৰপৰা সংগৃহীত)
সহযোগী নামতীঃ (অভিনয়ত:কাবেৰী মহন্ত) অ, আই ইয়াৰ অৰ্থটো কি নো?
নামতীঃ ধেনু মানে ধনু৷ ধনু-শৰ৷ কৃষ্ণই ধনু-শৰ লৈ বেণু বজাই থকাৰ কথা কৈছে৷ তোমালোকে অসমীয়া ভাষাত অলপ মন কাণ দিবা৷ ইমান সৰু সৰু শব্দৰ অৰ্থ নাজানিলে হ’বনে? আমাৰ ভাষাটো এনেকৈ জীয়াই থাকিবনে?
নিৰ্মলহঁত সেই সময়তে নামঘৰ প্ৰাঙ্গণত উপস্থিত হ’ব৷
হৰেণঃ (মুখৰ ভিতৰতে ভোৰভোৰাই) হে হৰি, ধেনু মানে গৰুৰ কথা কৈছে আৰু তেওঁ ধনু-শৰ বুলি বুজাই দিছে৷ কি যে হব!
নিৰ্মলঃ আইসকল আহক আহক, ওলাই আহক৷ এতিয়া আমি এই প্ৰাঙ্গণতে কেইটামান গছপুলি ৰোপণ কৰিম৷
কেমেৰাত সকলোৱেই মিলি বৃক্ষৰোপণ কৰি থকা দেখা যাব৷
৪ ৰ্থ দৃশ্যঃ
নিৰ্মলৰ চৰকাৰী আৱাসৰ ড্ৰয়িং ৰুম৷ নিৰ্মল আৰু বিকাশে (অভিনয়ত: সঞ্জীৱ ভট্টাচাৰ্য) চোফাত বহি কথা পাতি থকা দেখা যাব৷
বিকাশঃ আজি কিন্তু বৰ সুন্দৰ ভাষণ দিলে আপুনি৷
নিৰ্মলঃ এইখিনি এক্টিং কৰিবই লাগিব৷ নহ’লে সান্দহ খোৱা বালি তল যাব৷
বিকাশঃ পিছে এই হৰেণ মেকানিকে আজি অলপ বেছিকৈয়ে কোৱা নাইনে? সি পাৰিলে আপোনাকেই চোৰ সজাব আহে৷
নিৰ্মলঃ ডেকা ল’ৰা সি৷ গাৰ তেজ গৰম৷ তেল ফুটিছে৷
বিকাশঃ তাক চাফ কৰিয়েই দিওঁ নেকি?
নিৰ্মলঃ ( মৃদু হাঁহিৰে) নালাগে বিকাশ৷ একো ভয় কৰিব নালাগে৷ কেইদিনমান চোৱা যাওকচোন৷ মোৰ লগত তাৰ সম্পৰ্ক মোটামুটি ভালেই৷ কিবা তেনেকুৱা সন্দেহ কৰিলে মই আগতীয়াকৈ গম পাম নিশ্চয়৷ তাৰোপৰি মোৰ গাড়ীখনৰ সৰু-সুৰা কিবা এটা হ’লে সিয়েই ভাল কৰি দিয়ে৷ নহ’লে যি হে পাহাৰীয়া ৰাস্তা, এদিনো ভালদৰে গাড়ী চলাব নোৱাৰিলোঁহেঁতেন৷
বিকাশঃ (বেগৰপৰা কেইটামান ৫০০ টকাৰ বাণ্ডিল উলিয়াই) চাৰ, এইখিনি ৰাখক৷ আজি ৰাতিলৈ হয়তো এখন ট্ৰাক জংঘলত সোমাব৷
নিৰ্মলঃ বাৰু বাৰু, ঠিক আছে৷ মই থকালৈকে নিশ্চিত মনে অপাৰেচন চলাই থাকক৷
বিকাশঃ ঠিক আছে চাৰ, মই এতিয়া গৈ থাকো (বিকাশ কোঠাৰপৰা ওলাই আহিব৷ )
“দিনৰ পোহৰ ৰংচঙীয়া ভাল মানুহৰ সংগ”- নিৰ্মলৰ ফোনটো বাজি উঠিব৷
নিৰ্মলঃ হেল্ল’ ভন্টি ক ৷
ফোনত ভনীয়েক মায়াৰ কণ্ঠস্বৰঃ (অভিনয়ত আৰাধনা বৰুৱা) দাদা, তোৰ ওচৰলৈ আহি আছিলোঁ৷ কিন্তু বৰ বিপদত পৰিলোঁ৷ গাড়ীখনৰ হঠাতে ষ্টাৰ্ট বন্ধ হৈ গ’ল৷ বহু কেইবাৰ চেষ্টা কৰিলোঁ যদিও ষ্টাৰ্ট কৰিব পৰা নাই৷ কি কৰোঁ এতিয়া?
নিৰ্মলঃ আৰে তই একো খা-খবৰ নিদিয়াকৈ কিয় আহিলি? আচ্ছা ভন্টি গাড়ীখন বেয়া হোৱা ঠাইখিনিৰ নামটো কচোন৷
মায়াঃ নামটো আমবাগান নে আলিবাগান৷ এনেকুৱাই কিবা এটা৷
নিৰ্মলঃ ঠিক আছে ধৰিব পাৰিছোঁ৷ তই তাতেই থাক মই কিবা ব্যবস্থা কৰি আছোঁ৷
নিৰ্মলে ফোনটো কাটি দিয়ে৷
নিৰ্মলঃ (ঘৈণীয়েক নীতাক উদ্দেশ্যি) হেৰা মায়া আহি আছে৷ তাইৰ গাড়ীখন বেয়া হ’ল৷ মই অলপ আগবাঢ়ি গৈ আছোঁ।
নীতাঃ কি? মায়া আহি আছে ? এনেকৈ হঠাতে? বাৰু আপুনি আগবাঢ়ি যাওকচোন৷ একো খবৰ-বাতৰি নিদিয়াকৈ তাই বাৰু কিয় আহিল!
৫ম দৃশ্যঃ
কেমেৰাত টাটা চাফাৰি এখনত নিৰ্মল আৰু হৰেণক আলিবাগান অভিমুখে গৈ থকা দেখা যাব৷ কিছুসময় পিছতেই গাড়ীখন আলিবাগান পাব৷গাড়ীৰপৰা নিৰ্মল আৰু হৰেণ নামি আহিব৷ মায়াই ককায়েক নিৰ্মলক দেখি ওচৰলৈ দৌৰি যাব৷
নিৰ্মলঃ তোক কৈছিলোৱেই এনেকৈ অকলশৰে নাহিবলৈ৷ মোৰ কথা নুশুনিলি৷ ভাগ্য ভাল যে মোৰ থকা ঠাইখিনিৰ ওচৰত বেয়া হ’ল৷ অইন ঠাইত হোৱাহ’লে কি কৰিলিহেঁতেন?
মায়াঃ এহ! এই কেইদিনতে সুবিধা হ’ল,সেয়ে অকলেই গুচি আহিলোঁ৷ তই আনিব যোৱালৈকে বাট নাচালোঁ৷
নিৰ্মলঃ আগলৈ এনেকুৱা নকৰিবি৷ কিবা ডাঙৰ অঘটন ঘটিব পাৰে৷
( হৰেণৰ ফালে চাই) হৰেণ চোৱাচোন, কি হ’ল গাড়ীখন৷
হৰেণে মায়াৰ হাতৰপৰা গাড়ীৰ চাবিটো ল’ব৷ গাড়ীৰ বনেটখন খুলি এফালৰপৰা সকলো পৰীক্ষা কৰি গৈ থাকিব৷
হৰেণঃ ( কিছুসময় পিছত) চাৰ বিশেষ একো হোৱা নাই৷ বেটাৰীৰ পুলৰ কানেকচনটোহে ঢিলা হৈ গৈছিল৷ মই টাইট কৰি দিলোঁ৷ এইবাৰ ষ্টাৰ্ট হ’ব চাগে৷
হৰেণে গাড়ীখনৰ চালকৰ আসনত বহি চাবিটো পকাই দিয়ে৷ ঘেৰ ঘেৰ ঘেৰ শব্দ কৰি গাড়ীখন ষ্টাৰ্ট হয়।
নিৰ্মলঃ চাব্বাছ হৰেণ৷ তোমাৰ হাতখন কিন্তু বৰ ভাল দেই৷ বৰ পৰিপাটিকৈ কামবোৰ কৰা৷ বাৰু তুমিয়েই গাড়ীখন চলোৱা৷ আৰু অইন কিবা বেমাৰ যদি আছে সেইটোও গম পাবা৷
(ভনীয়েক মায়াক উদ্দেশ্যি) মায়া মোৰ অকমান কাম আছে৷ তই হৰেণৰ ( হৰেণৰফালে দেখুৱাই) লগতে গৈ থাক৷ মই সোনকালেই আহি আছোঁ৷
মায়াঃ ঠিক আছে বাৰু দাদা৷ পিছে বেছি পলম নকৰিবি৷
মায়াৰ গাড়ীখন নিৰ্মলৰ আৱাসৰ ফালি গতি কৰিব৷
হৰেণঃ আপুনি চাৰৰ ভন্টি হয় নেকি?
মায়াঃ অহ! চৰি দেই! দাদাই আপোনাৰ লগত মোক পৰিচয় কৰি দিবলৈকে পাহৰি গল৷ মই মায়া৷ আপোনাৰ চাৰৰ ভনী৷ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত এম এ পঢ়ি আছোঁ৷ আন্তঃবিশ্ববিদ্যালয় সপ্তাহ চলি আছে বাবে কেইদিনমান ক্লাছ বন্ধ থাকিব৷ সেয়ে ভাবিলোঁ এইকেইদিন এই ঠাইখিনি এপাক ফুৰি যাওঁ৷
হৰেণঃ বাঃ বঢ়িয়া৷ সময়কণৰ বৰ সৎব্যৱহাৰ কৰিলে৷ ঠাইখন বৰ ভাল পাব আপুনি৷ পৰ্বত-পাহাৰ,গছ- গছনিৰে ভৰা বৰ ধুনীয়া অঞ্চলটো৷
মায়াঃ উম৷ দাদাই কৈছে৷ পিছে আপুনি?
হৰেণঃ হা হা (হাঁহি মাৰি) মই হৰেণ৷ হৰেণ মেকানিক৷ অৱশ্যে মোৰো ইয়াতে ৬ মাহ মান হে হ’ল৷ গাঁৱৰে ভাড়াঘৰ এটাত থাকি গেৰেজ এটা চলাই আছোঁ৷
গাওঁখনৰ খলাবমা ৰাষ্টাটোৰে গাড়ীখন আগবাঢ়ি গৈ থাকিব৷
৬ষ্ঠ দৃশ্যঃ
নিৰ্মলৰ চৰকাৰী আৱাসৰ বাৰাণ্ডা ৷ পত্নী নীতাই বাৰাণ্ডাত মায়াহঁতৰ কাৰণে অপেক্ষা কৰি থাকিব৷ কিছু সময় পিছত সিহঁতৰ গাড়ীখন আহি ৰ’ব৷ নীতা গাড়ীখনৰ ওচৰলৈ যাব৷ গাড়ীখনৰপৰা মায়া আৰু হৰেণ নামি আহিব৷
নীতাঃ (অভিনয়ত ডলী তালুকদাৰঃ মায়াক আলিঙ্গন কৰি) মায়া৷ কোৱা,কি খবৰ? কেনে আছা? এনেকৈ অকলে কিয় আহিব লাগে কোৱাচোন?
মায়াঃ গোটেইবোৰ কথা ইয়াতেই শেষ কৰিবা নে ভিতৰলৈও যাবলৈ দিবা?
নীতাঃ ( হাঁহি মাৰি)আহাঁ আহাঁ মায়া৷ ভিতৰলৈ আহাঁ৷( দুয়ো ঘৰৰ ভিতৰলৈকে সোমাই যাব )
হৰেণঃ (কিছুসময় গাড়ীখনৰ ওচৰতে ৰৈ থাকি) অঁ, বেগ কেইটা গাড়ীতেই থাকিব নে অইন কোনো ঠাইত থ’ব লাগিব?
মায়াঃ ( ঘৰৰ পৰা ওলাই আহি) দিয়া দিয়া৷ পাহৰিয়েই গৈছিলোঁ৷
মায়াই তাৰ হাতৰপৰা বেগকেইটা ল’ব৷ বেগকেইটা লওঁতেই হৰেণৰ হাতখনে তাইৰ হাতখনক স্পৰ্শ কৰিব৷ কিছু মুহূৰ্তৰ বাবে মায়াই তাৰ ফালে ৰ’ লাগি চাই থাকিব৷
মায়া… মায়া…
ন বৌৱেকৰ মাতত মায়াৰ সন্বিত ঘূৰি আহিব৷
মায়াঃ যাওঁ দেই৷ পিছত লগ পাম৷ আপুনি কিন্তু বৰ সুন্দৰকৈ গাড়ী চলায়৷
(মায়া পুনৰ ঘৰৰ ভিতৰলৈ সোমাই যাব৷)
নীতাঃ (মায়াক উদ্দেশ্যি) যোৱা, মুখ-হাত ধুই অলপ ফ্ৰেছ হৈ লোৱা৷ মই তোমাৰ বাবে চাহ-জলপানৰ ব্যৱস্থা কৰোঁ৷
৭ম দৃশ্যঃ
নীতাহঁতৰ পাকঘৰ৷ পাকঘৰত নীতাই মায়াৰ বাবে চাহ জলপানৰ ব্যৱস্থা কৰি থকা দেখা যাব৷ টাৱেলেৰে মুখ মচি মচি মায়া পাকঘৰলৈ সোমাই আহিব৷
মায়াঃ আৰে নবৌ! ইমাননো কিয় আয়োজন কৰিছা? ভাত-পানী খায়েই আহিছোচোন৷
নীতাঃ কি নো কৰিছোঁ৷ ডেকা বয়স এইকণ নাখালে হ’ব নে?
মায়াঃ তাৰমানে তুমি বুঢ়ী হ’লা?
নীতাঃ আৰে বিয়া হৈছো যেতিয়া বুঢ়ীয়েই মই এতিয়া৷
( দুয়োজনে গিৰ্জনি মাৰি হাঁহি দিয়ে৷ হঠাতে পাকঘৰৰ ওপৰৰ চেল্ফত সজাই থোৱা প্ৰেচাৰ কুকাৰ কিছুমানত মায়াৰ চকু পৰে)
মায়াঃ ৰবাচোন নবৌ, তোমাৰ ঘৰত ইমান কুকাৰ কিয় ? (এফালৰ পৰা গন্তি কৰি) ১, ২, ৩….৮ টা৷ বাপৰে! ইমান কুকাৰ কিয় লাগে? তোমালোক মানুহ মাত্ৰ দুটাহে৷
নীতাঃ ককায়েৰকে সুধিবা।
মায়াঃ মানে?
নীতাঃ মানে আৰু কি, যেতিয়াই কিবা কথাত ককায়েৰাই মোৰ লগত কাজিয়া কৰে তেতিয়া মই বনোৱা চাহ-ভাত একো নাখায়৷ নিজে বনাই খায়৷ আনকি ঘৰৰ বাচন- বৰ্তনো ব্যৱহাৰ নকৰে৷ বজাৰৰ পৰা নতুন কুকাৰ আৰু থাল গিলাচ আদি কিনি আনি নিজৰ ব্যৱস্থা নিজেই কৰে৷
মায়াঃ সেইটো বাৰু বুজিলোঁ৷ তথাপিও ইমানবোৰ কিয়?
নীতাঃ কিয় নহ’ব? যেতিয়া আমাৰ আকৌ মিল হয় তেতিয়া সেইবোৰ মই হাতেৰে ধুই পখালি থৈ দিওঁ যে, পিছত যদি পুনৰ কিবা কথাত কাজিয়া লাগে তেতিয়া সেই বাচন আৰু তেওঁ ব্যৱহাৰ নকৰে৷ আকৌ নতুন কিনি আনে৷
মায়াঃ (হাঁহি মাৰি) ইমান কাজিয়া লাগেনে? এনেকৈ গৈ থাকিলেচোন তোমালোক প্ৰেচাৰ কুকাৰৰ ডিলাৰ হৈ যাবা৷ বাৰু কোৱাচোন, অকল মাতবোল বা তোমাৰ ৰন্ধা খোৱা-বোৱাই বন্ধ হয়, নে বাকী কামবোৰো বন্ধ হয় সেইটো সময়ত?
নীতাঃ (অলপ জোৰকৈয়ে হাঁহি) এহ!আমাৰ এইখন মহাভাৰতৰ যুদ্ধৰ লেখিয়া৷ সূৰ্য্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে হে৷ বাকী সকলো কাম নিয়মমাফিক চলি থাকে৷
মায়াঃ হয়নে৷ ( মায়াই বৌৱেকৰ হাতখনত চিকুটি দিয়ে৷ দুয়ো একেলগে হাঁহি দিয়ে৷ এনেতে নিৰ্মল ভিতৰলৈকে সোমাই আহে)
নিৰ্মলঃ কি হল মায়া, বৰকৈ হাঁহিছা যে?
মায়াঃ তোৰ কুকাৰৰ কাহিনীবোৰ শুনি হাঁহি উঠিছে দাদা।
নিৰ্মলঃ তাৰমানে বি বি চি ৰ ব্ৰডকাষ্টিং আৰম্ভ হৈয়েই গ’ল৷ (ঘৈণীয়েকৰ ফালে চাই) তোমাৰ মুখখন অলপ কন্ট্ৰ’ল কৰিবা হে, নহলে কিন্তু কুকাৰৰ সংখ্যা বাঢ়ি গৈ থাকিব৷ ৰ’বা, হৰেণক তেনেকৈ বাহিৰতে ৰখাইছা কিয়? মাতা তাকো। চাহপানী অলপ দিয়া৷
নীতাঃ ইচ্ ৰাম! হৰেণৰ কথা পাহৰিয়েই গৈছিলোঁ।
( নীতা বাহিৰলৈ ওলাই আহি)
নীতাঃ হৰেণ, আহাঁ ভিতৰলৈ৷ চাৰে তোমাক চাহ খাবলৈ মাতিছে৷
হৰেণঃ এহ নালাগে বাইদেউ৷ মই আকৌ কিবা কাম আছিল বুলিহে ৰৈ আছিলোঁ৷
নীতাঃ আহা একো নহয়৷
(দুয়োজন ভিতৰলৈ সোমাই যাব)
নিৰ্মলঃ আচ্ছা হৰেণ তুমি এই কেইদিনমান মায়াক মানে মোৰ ভন্টিক ওচৰ-পাঁজৰৰ ঠাইবোৰ অলপ ঘূৰাই ফুৰাই আনিব পাৰিবা নেকি? ময়ো কিবাকিবি কামত ব্যস্ত থাকিম৷ তুমি থাকিলে ৰাস্তাঘাট বোৰো চিনি পাব, তাৰোপৰি লগ এটাও হ’ব তাইৰ৷
হৰেণঃ হ’ব দিয়ক চাৰ৷ তেওঁৰ যেতিয়া কোনোফালে ওলাই যাবৰ মন যায়, মোক খবৰ এটা দিলেই হ’ল৷
নিৰ্মলঃ (মায়াক উদ্দেশ্যি) শুন, তোৰ এইকেইদিন কোনোবা ফালে ওলাই যাবৰ মন গ’লে হৰেণক লগত লৈ যাবি৷ অচিন ঠাই৷ লগ এটা হ’লে তোৰো ভাল লাগিব৷ (মায়াই কেৰাহিকৈ হৰেণৰ ফালে চাই মিচিকিয়াই হাঁহিব৷)
কেমেৰাত গোটেই কেইজনেই চাহ খাই খাই কথাপাতি থকা দেখা যাব৷
৮ম দৃশ্যঃ
হৰেণে গাড়ী চলাই গৈ থাকিব৷ কাষৰ আসনত মায়া৷
মায়াঃ আপোনালোকৰ গাওঁখন ইমান সুন্দৰ৷ চাফচিকুণো যথেষ্ট৷ বৰ ভাল ঠাইত আপোনালোকে বাস কৰে৷ (দূৰলৈ আঙুলিয়াই) সেই পাহাৰখনলৈও মোক লৈ যাব দেই। ইমান সেউজীয়া৷
হৰেণঃ হয়৷ গাওঁখন মোৰো খুব ভাল লাগে৷ মানুহবোৰো বৰ মৰমিয়াল৷আপোনালোকৰ চহৰৰ ধূলিময় পৰিবেশ বা হৈ-হাল্লা ইয়াত নাই৷
মায়াঃ আপুনিও বৰ ভাল৷ আচ্ছা আমি বাৰু আপুনি আপুনি বুলি সন্মোধন ধৰি কিবা অচিনাকি মানুহৰ লগত কথা পাতি থকাৰ দৰে লগা নাইনে? তুমি বুলিয়েই আমি মাতিব পাৰোঁ দেখোন৷ তোমাৰ কিবা আপত্তি?
হৰেণঃ ( হাঁহিমাৰি) ঠিকেই কৈছা৷ আপুনি বুলি ক’লে কিবা দূৰৰ মানুহ যেন লাগে।
মায়াঃ এতিয়াহে ভাল লাগিছে৷ অথনিৰেপৰা কিবা অচিনাকি মানুহৰ লগত কথা পাতি থকাৰ দৰে লাগিছিল।
(দুয়োটাই একেলগে হাঁহি দিয়ে৷)
হৰেণঃ ব’লা, আজি সৌ পাহৰখনৰ দাঁতিৰপৰা ঘূৰি আহোঁ৷ অইন এদিন ভিতৰলৈ সোমাই যাম৷ ভিতৰত বৰ সুন্দৰ নিজৰা এটাও আছে৷ তুমি বৰ ভাল পাবা৷
মায়াঃ ইতিমধ্যে মই এই ঠাইখনৰ প্ৰেমত পৰিছো৷মন যায় ইয়াতেই যেন কোনোবাই মোক নিগাজীকৈ ৰাখক৷
হৰেণঃ মানে?
মায়াঃ তুমি বৰ অঁকৰা ৷
কেমেৰাত মায়াহঁতৰ গাড়ীখন অকোৱা-পকোৱা বাটেৰে পাহাৰখনৰ দাঁতিলৈ গৈ থকা দেখা যাব৷
৯ম দৃশ্যঃ
জগতে তাৰ দোকানৰ বেঞ্চখনত বহি পিন্ধি থকা গেঞ্জীটো ওপৰলৈ উঠাই মস্ত পেটটো উলিয়াই খৰিকাৰে দাঁত চাফা কৰি থকা দেখা যাব। হৰেণে তাৰ স্কুটীখন চলাই দোকানৰ সন্মুখেৰে পাৰ হৈ যাব। হৰেণক দেখিয়েই জগতে চিঞৰি চিঞৰি মাতিব…..
জগতঃ ঐ হৰেণ ৰ’বাচোন ৰ’বা৷ আহ এইফালে৷ আজিকালিচোন তোক দেখাই নোপোৱা হলোঁ৷
(হৰেণে স্কুটীখন ঘূৰাই জগতৰ ওচৰলৈকে আহিব)
হৰেণঃ জগত কাই কি হ’ল কোৱাচোন৷
জগতঃ কিনো হ’ব আৰু৷ মোৰ দোকানৰফালে মুখ নকৰাই হলি যে? শুনিছোঁ চহৰৰপৰা হেনো আমাৰ চাৰৰ ভনীয়েক আহিছে৷ তাইৰ লগত খুব ঘূৰামেলাও কৰি আছা?
হৰেণঃ নাই জগত কাই তেনেকুৱা বিশেষ একো নাই৷ চাৰে কোৱা বাবেহে সেইখিনি কৰি দিছোঁ৷ নহ’লে চাৰে বেয়া পাব যে ৷
জগতঃ বৰ ভাল কথা৷ বৰ ভাল কথা৷ পিছে ছোৱালীৰ বয়সটো অলপ জানি বুজি ল’বা৷ বাল্যবিবাহৰ কেচত যাতে নফচা৷নহ’লে কিন্তু জেলৰ ভাত খাবলগীয়া হ’ব পাৰে৷ সাৱধান!!
হৰেণঃ কি যে কোৱা হৰেণ কাই৷ মই যাওঁ দেই এতিয়া৷ দেৰি হৈছে৷
জগতঃ যোৱা যোৱা৷ পিছে এটা কথা কৈ থওঁ৷ হাজাৰ জনী চহৰীয়া ছোৱালী হলেও কিন্তু ৰূপে গুণে আমাৰ গোলাপীক কোনেও পাত্তা নাপায় দেই! আৰু শুনা, বিয়াৰ ভোজ-ভাতত কিন্তু হাঁহৰ মাংস লাগিবই৷
১০ম দৃশ্যঃ
সন্ধিয়াৰ সময়৷ মায়াই চোফাত বহি কাৰোবাৰ লগত ম’বাইলত কথা পাতি থাকিব৷ নীতাই চোতালৰ তুলসী জোপাৰ তলত বন্তি এগছি জ্বলাই ঈশ্বৰক সেৱা জনাই আহি মায়াৰ ওচৰতে বহিব৷ এনেতে হৰেণ তাত উপস্থিত হ’ব৷
নীতাঃ(হৰেণক দেখি) অ’ হৰেণ চোন৷ আহা, বহা ইয়াতে৷ ভালে আছানে?
হৰেণঃ ভালেই বাইদেউ৷ আপোনাৰ?
হৰেণঃ মোৰ নো আৰু ক’ত ভাল হব৷ কোনেও মৰমেই নকৰে মোক৷ ইমানদিনে মোক অকণমান ফুৰাবলৈ নিবলৈ কোনো এজনো নোলাল এইখন গাঁৱত৷
হৰেণঃ ইচ ৰাম!হয়নেকি? মোক কিয় আপুনি ইমানদিনে কথাটো জনোৱা নাছিল৷ ঠিক আছে বাৰু৷ মায়াক এইকেইদিন ফুৰাই লওঁ, তাৰ পিছত আপোনাক৷ হ’বনে?
নীতাঃ হ’ব হ’ব, আপত্তি কিহৰ।অন্ততঃ কোনোবা এজন যে ওলাইছে ৷ (আটাইকেইজনে হাঁহি দিয়ে) বাৰু তুমি বহা৷ মায়াৰ লগত অলপ কথা পাতা৷ মই চাহ বনাওঁ৷
(নীতা পাকঘৰলৈ সোমাই যায়)
মায়াঃ আমাৰ নবৌজনীও বৰ জমনি৷ বৰ ভাল লাগে কথাবোৰ৷ আচ্ছা শুনা, কালি কিন্তু পাহৰখন যিমান পাৰোঁ সিমান ঘূৰিম দেই৷ তাৰোপৰি ওচৰৰে গাঁওবোৰো ফুৰিম৷
হৰেণঃ হ’ব দিয়া৷ তুমি য’তেই যাব বিচাৰা, লৈ যাম৷
(চাহ লৈ নীতা কোঠাটোলৈ সোমাই আহে)
নীতাঃ চাহ খোৱা হৰেণ৷ আৰু শুনা তোমালোকে যদি ক’ৰবাত কৰ্দৈ টেঙা পোৱা লৈ আনিবাচোন৷ কৰ্দৈ টেঙাৰে শ’ল মাছৰ জোল বনাম৷
হৰেণঃ লোভ লগাই দিলে হে৷ কাইলৈ যিকোনো উপায়েৰে কৰ্দৈৰ ব্যৱস্থা কৰিমেই৷ পিছে খোৱাৰ সময়ত মোকো এবাৰ মনত পেলাব৷
নীতাঃ হ’ব হ’ব৷ মোক কোনোবাই মনত নেপেলালেও মইতো অকৃতজ্ঞ হ’ব নোৱাৰোঁ৷
(চাহ খাই উঠি হৰেণ যাবলৈ ওলাই)
হৰেণঃ বাৰু আপোনালোকে কথা পাতক, মই যাওঁগৈ৷ মায়া আহিছো৷ কাইলৈ ১০ মান বজাত সাজু হৈ থাকিবা৷
(হৰেণ ওলাই আহে)
১১তম দৃশ্যঃ
হৰেণে তাৰ কোঠাত গেছ ষ্টভত ভাত বনাই থাকে৷ গোলাপীয়ে হাতত এটা বাটি লৈ কোঠাটোলৈ সোমাই আহে৷ বাটিটো মেজ এখনৰ ওপৰত থৈ-
গোলাপীঃ হাহৰ মাংস ৰান্ধিছিল মায়ে৷ তোমালৈ অকণমান দিছে৷ খাবা৷ (হৰেণৰ চকুৰফালে নোচোৱাকৈ কথাখিনি কৈয়েই গোলাপী কোঠাটোৰপৰা ওলাই আহিব খোজে৷ হৰেণে তাইৰ হাতখনত থাপ মাৰি ধৰে৷)
হৰেণঃ ৰ’বাচোন৷ কি হৈছে তোমাৰ কোৱাচোন? ভালদৰে মাতবোলো কৰিব বিচৰা নাই কিয়?
গোলাপীঃ একো হোৱা নাই৷ কি নো হ’ব৷ আমি গাৱঁৰ ছোৱালী৷ ভালদৰে সাজি-কাচি থাকিব নাজানো, মৰম লগাই কথা ক’ব নাজানো৷ সেয়ে আমাক পাহৰিয়েই গ’ল মানুহবোৰে৷( মাতটো থোকাথুকি হৈ পৰে)
হৰেণঃ ভুল নুবুজিবা গোলাপী। তোমাক জানো পাহৰিব পাৰিম? এৰি থাকিব পাৰিম? চাৰৰ কথা পেলাব নোৱাৰিহে সেইখিনি কৰিব লগা হৈছে৷ মোৰ ওপৰত তোমাৰ বিশ্বাস নাইনে?
গোলাপীঃ আছে৷ তথাপিও তোমালোক পুৰুষসকলক অলপ ভয় লাগে৷ সৰ্বস্ব লুটি অচিনাকি হৈ পৰে৷
হৰেণঃ মই তেনেকুৱা নহয়৷ মোৰ ওপৰত বিশ্বাস ৰাখা৷
গোলাপীঃ বাৰু ভাত খোৱা৷ মই যাওঁ৷ মা ৰৈ আছে ভাত খাবলৈ৷
(গোলাপী ওলাই আহে)
১২তম দৃশ্যঃ
নিৰ্মলৰ ঘৰৰ বাৰণ্ডাত বহি মায়াই হৰেণৰ বাবে অপেক্ষা কৰি থকা দেখা যাব৷ পিন্ধনত ডেনিম জীণ্স চকুত চানগ্লাছ৷ হৰেণে স্কুটীখন ষ্টেণ্ড কৰি কৰিয়েই মায়াক কব…….
হৰেণঃ চৰি মায়া,অলপ পলম হৈ গ’ল৷ তুমি বহু সময় অপেক্ষা কৰিব লগা হ’ল নেকি?
মায়াঃ নাই নাই,বেছি সময় হোৱা নাই৷ আহাঁ ভিতৰলৈ৷ চাহ অকণমান খাই লোৱা৷
হৰেণঃ ব’লা৷ মোৰো চাহ একাপ খাবলৈ বৰ মন গৈছিল৷
হৰেণক চোফাত বহিবলৈ দি মায়া ভিতৰলৈ সোমাই যাব৷ কোঠাটোৰ এচুকত সুন্দৰকৈ সজাই থোৱা ভূপেনদা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ফটো দুখনত হৰেণৰ চকু পৰিব৷ সি বহাৰপৰা উঠি গৈ ফটো দুখন লিৰিকি বিদাৰি চাই থাকিব৷ তেনেতে নীতাই চাহ লৈ কোঠাটোলৈ সোমাই আহিব৷
নীতাঃ হৰেণ চাহ আনিছিলোঁ।কি কৰি আছা তুমি তাতে?
হৰেণঃ ফটোকেইখন বৰ ধুনীয়া লাগিছে বাইদেউ, সেয়ে ওচৰৰ পৰা চাইছোঁ৷
তিনিওজনে একেলগে বহি চাহ খোৱা দেখা যাব৷ চাহ খোৱা শেষ কৰি মায়া আৰু হৰেণ ওলাই আহিব৷
মায়াঃ বৌ, আমি গৈ থাকো৷
মায়াই নিজেই চালকৰ আসনত বহি কাষৰ আসনখনত হৰেণক বহুৱাই লৈ গাড়ীখন ষ্টাৰ্ট দিয়ে৷
গাড়ীখন পাহাৰখনৰ ফালে গতি কৰিব৷ ক্ৰমান্বয়ে বনাঞ্চলখনৰ গভীৰৰফালে সোমাই গৈ থাকে৷ হৰেণে মায়াক ৰাষ্টাৰ নিৰ্দেশনাবোৰ দি থাকে৷ কুলু কুলুকৈ বৈ অহা এটা নিজৰাৰ পাৰত সিহঁতৰ গাড়ীখন ৰ’ব৷ দুয়ো গাড়ীখনৰপৰা নামি আহিব৷
মায়াঃ বাঃ!ইমান ধুনীয়া ঠাই! কি সুন্দৰকৈ নিজৰাৰ টো পাহাৰৰ ওপৰৰপৰা নামি আহিছে চোৱাচোন হৰেণ৷ মই পাগলী হৈ যাম ইয়াত৷
( মায়াই নিজৰাটোৰ পৰা পানী এচলু লৈ হৰেণৰ গালৈ মাৰি দিয়ে৷ তাই শিলৰ ওপৰৰে জঁপিয়াই জঁপিয়াই নিজৰাটোৰ মাজলৈ যাবলৈ ধৰে৷
হৰেণঃ নাযাবা নাযাবা৷ তেনেকৈ আগবাঢ়ি নাযাবা৷ শিলবোৰ পিছল হৈ আছে৷ পৰি যাবা তুমি৷
( হৰেণে দৌৰি আহি তাইৰ হাতখনত ধৰে)
হৰেণঃ তুমি তেনেকৈ কিয় আগবাঢ়ি গৈছিলা?পিছলি পৰি গ’লাহেঁতেন। চাওঁ,পানীৰপৰা উঠি আহা৷
(সি হাতখনত ধৰি তাইক ওপৰলৈ উঠাই আনে৷ )
১৩তম দৃশ্যঃ
নিৰ্মল আৰু বিকাশে নিৰ্মলৰ কাৰ্য্যালয়ৰ কক্ষত গভীৰ ভাবে কিবা বিষয়ে আলোচনা কৰি থাকিব৷
নিৰ্মলঃ আপুনি নিশ্চিত নে যে সেয়া মোৰ ভন্টিয়েই হয়?
বিকাশঃ চাৰ কি নিশ্চিত বুলি কয়৷ মই গোপনে দূৰৈৰ পৰা সিহঁতৰ কিছুমান মুহূৰ্তৰ ফটোও তুলি আনিছোঁ৷ নিজৰাৰ পানীত সিহঁতৰ ….অস! মই আপোনাক ক’ব নোৱাৰিম চাৰ।( হাতৰ ম’বাইলটোৰ কেইখনমান ফটো নিৰ্মলক দেখুৱায়)
আচলতে হৰেণে আপোনাৰ ভন্টিক প্ৰেমৰ জালেৰে বান্ধি আপোনাৰ এই বৃহৎ সম্পত্তিৰ মালিক হ’ব বিচাৰিছে৷ তাৰ অভিসন্ধি ধৰিব পাৰি মই লগে লগেই আপোনাৰ ওচৰলৈ আহিলোঁ৷ সিহঁত চাগে এতিয়াও তাতেই জলকেলি কৰি আছে৷
নিৰ্মলঃ (জোৰকৈ চিঞৰি) না৷ এইটো হ’ব নোৱাৰে৷ মোৰ ভন্টিৰ ওপৰত সি চকু দিয়ে, তাক আজিয়েই খাল্লাছ কৰি দিয়ক৷ মোক চিনি পোৱা নাই সি৷ আপুনি এতিয়াই ওলাই গৈ অপাৰেচন আৰম্ভ কৰক৷
১৪তম দৃশ্যঃ
বহু সময় ধৰি মায়া আৰু হৰেণে নিজৰাটোৰ পাৰতেই বহি থাকে৷ এটা সময়ত হৰেণে মায়াক কব-
হৰেণঃ ব’লা অলপ সেইটো ফাললৈকে যাওঁ৷ তোমাক কেইখনমান ফটো তুলি দিওঁ৷
মায়াঃ ব’লা৷( কিছুদূৰ গৈ) ইচৰাম! দূৰৈৰপৰা যিমান সেউজীয়া ভিতৰখনচোন সিমানেই লঠঙা৷ গছ-গছনিবোৰ চোন কাটি ছিঙি শেষেই কৰি পেলাইছে৷
হৰেণঃ ঠিকেই কৈছা মায়া৷ এই বনদস্যুবোৰে গোটেই পাহাৰখনেই গ্ৰাস কৰি পেলাইছে৷ ( হৰেণে ম’বাইলৰ কেমেৰাৰে কেইটামান কটা গছৰ মূঢ়াৰ ফটো তুলি লয়৷ মায়াৰো কেইখনমান ফটো তোলে৷
হৰেণঃ ব’লা মায়া উভতি যাওঁ৷ ভিতৰলৈ সোমাই গৈ থাকিলে বেয়াহে লাগিব৷ তাত চাগে এজোপাও পূৰঠ গছ দেখা নাপাম৷
দুয়ো পুনৰ উভতিব ধৰে৷ “তেৰে মেৰে বিচ্ছ’ মে কেইচ্যা হে ইয়ে বন্ধন অনজানা”- গীতটি গাড়ীখনত বাজি থাকে৷ হঠাতে মায়াই গাড়ীখন ৰাষ্টাৰ দাঁতিত ৰখাই হৰেণক ক’বলৈ ধৰে……
মায়াঃ হৰেণ কথা এটা কওঁ।
হৰেণঃ কোৱা৷
মায়াঃ এইকেইদিন তোমাৰ লগত থাকি মই অনুভৱ কৰিছোঁ মই যেন তোমাৰ প্ৰেমত পৰিছোঁ৷ মই তোমাক ভাল পাওঁ হৰেণ৷ মোক সদায় এনেদৰেই কাষতে ৰাখিবানে?
( হৰেণে মুখেৰে একো নামাতে) কি হ’ল একো নক’লা যে?
হৰেণঃ তুমি বৰ ভাল ছোৱালী৷ শিক্ষা-দীক্ষাও বহুত৷ মোতকৈ বহুগুণে ভাল ল’ৰা পাবা মায়া৷ ভুল নুবুজিবা। আচলতে এইখন গাঁৱৰে গোলাপী নামৰ ছোৱালী এজনীক মই কথা দি থৈছো ৷ মই সিহঁতৰ ঘৰতেই ভাৰাতীয়া হিচাবে থাকো৷ সোনকালেই তাইৰ লগত মোৰ বিয়া হ’ব৷ সেয়ে আমি দুয়ো ভাল বন্ধু হৈ থাকিব নোৱাৰোঁনে মায়া?
মায়াঃ(শেতা হাঁহিৰে) অ্হ হয় নেকি? বৰ ভাল খবৰ৷ অভিনন্দন।ঠিক আছে তেতিয়াহলে। আমি নিশ্চয় ভাল বন্ধু হৈ থাকিব পাৰিম ৷
দুচকুৰে বৈ অহা তপত চকুলোখিনি মায়াই বাধা দি ৰাখিব নোৱাৰিলে৷ লাহে লাহে গাড়ীখন পুনৰ গৃহাভিমুখী হয়৷
১৫ তম দৃশ্যঃ
মায়াঃ নবৌ, মই হৰেণৰ ঘৰলৈ যাওঁ৷ তাৰ এবাৰ খবৰ লৈ আহোঁ৷
নীতাঃ যোৱা মায়া৷ আচৰিত লাগিছে৷ গাওঁখনত হৰেণৰো কোনোবা শত্ৰু থকাৰ কথা ভাবিবই নোৱাৰি৷
(মায়া হৰেণৰ ঘৰৰ পদূলিত গাড়ীখনৰ পৰা নামি আহে৷ হৰেণে চোতালতে চকী এখনত বহি থাকে৷ গোলাপী আৰু গোলাপীৰ মাক তাৰ কাষতে থিয় হৈ থাকে৷)
মায়াঃ কি হল হৰেণ? কোনে তোমাক আক্ৰমণ কৰিলে?
হৰেণঃ নাজানো মায়া৷ কোন মোৰ শত্ৰু৷ যোৱাকালি তোমাক ঘৰত থৈ স্কুটিখন লৈ আহি থাকোতে এজন মানুহে মোক ৰ’বলৈ ইঙ্গিত দিলে৷ স্কুটীখন ৰখোৱাৰ লগে লগে কিবা গধুৰ অস্ত্ৰৰে মোৰ মূৰত আঘাত কৰিলে৷ হেলমেটটো পিন্ধি আছিলোঁ বুলিহে, নহ’লে যি গধুৰ অস্ত্ৰৰে আঘাত কৰিছিল সিপুৰীয়েই পালোঁগৈহেঁতেন কিজানি? হেলমেটটো সম্পূৰ্ণ ভাঙি গৈছে৷ ভাগ্য ভাল যে সে সময়তে গাঁৱৰে বিপুল খুড়াহঁত সেইফালে আহি আছিল৷ সিহঁতক দেখি মানুহজনে মটৰ চাইকেলৰে পলাই গ’ল৷
মায়াঃ মানুহজন কোন ধৰিব পাৰিছানে? গাড়ীখনৰ নম্বৰটো কিমান?
হৰেণঃ মুখখন ঢাক খোৱাকৈ হেলমেট পিন্ধি আহিছিল৷ একো ধৰিবই নোৱাৰিলো৷ তাৰোপৰি নম্বৰ প্লেটো লগোৱা নাছিল বাইকখনত৷
মায়াঃ ৰবা, ডাক্তৰৰ ওচৰলৈ গৈছা নে নাই?
হৰেণঃ নাই, যাবলগীয়া নহ’ল৷ হেলমেটটোৱে বচাই দিলে৷ বিষ চিষ একো হোৱা নাই৷
মায়াঃ ৰক্ষা প্ৰভু৷
মায়াঃ পিছে পুলিচক ঘটনাটো জনাইছা নে নাই?
হৰেণঃ এহ! পুলিচক জনোৱাই নহ’ল৷ বাদ দিয়া আৰু এতিয়া এইবোৰ৷ জীৱন টো যে বাচিল৷
গোলাপীঃ হ’ব, ভাগৰুৱা মানুহজনক ইমান প্ৰশ্ন নকৰিলেও হ’ব৷ আজি অতবছৰে থাকিলোঁ এইখন গাঁৱত,কোনোদিনেই এনেকুৱা ঘটনা শুনা নাছিলোঁ৷ ক’ৰ যে অমংগলীয়া কিছুমান আহি সোমাল গাঁওখনত৷
(উচাৎ মাৰি ভিতৰলৈ সোমাই যায়)
গোলাপীৰ মাকঃ (অভিনয়ত : কমলা দাস) মাজনী তাইৰ কথাত বেয়া নাপাবা বা ভুল নুবুজিবা৷ যথেষ্ট ভয় খাইছে তাই৷ তোমাক চাগে হৰেণে সকলো কথা কৈছেই৷
মায়াঃ একো বেয়া পোৱা নাই খুড়ীদেউ৷ ভুল মোৰেই৷ মইহে মৰীচিকা খেদি ফুৰিছিলোঁ৷ মোক ক্ষমা কৰা হৰেণ৷ সদায় কুশলে থাকা৷ গোলাপীক মৰম কৰি ৰাখিবা৷ মই আজিয়েই ঘৰলৈ গুচি যাম৷ ভগৱানে যদি বিচাৰে, তেতিয়াহলে নিশ্চয় কেতিয়াবা পুনৰ আমাৰ দেখাদেখি হ’ব৷
সেমেকা চকুযুৰিৰে মায়াই তাৰপৰা প্ৰস্থান কৰে৷
গোলাপীৰ মাকঃ ব’লা হৰেণ ভিতৰতে বহোঁগৈ৷ তোমাৰ লগত মোৰ অকণমান কথাও আছে৷
(দুয়ো ভিতৰলৈ সোমাই আহে)
শুনা হৰেণ, আমি বৰ দুখীয়া মানুহ৷ গাঁওখনৰ সকলো মানুহেই তোমাৰ আৰু গোলাপীৰ কথাবোৰ গম পাইছেই৷ এইকেইদিন তুমি মায়াৰ লগত ঘূৰা মেলা যে কৰিছা, সেইটো দেখিয়েই গাঁৱৰ কিছুমান মানুহৰ ইতিকিংসূচক কথা আমি শুনিব লগা হৈছে৷ তুমি সোনকালেই বিয়াখন পাতি লোৱাই ভাল হব নেকি?
হৰেণঃ খুড়ীদেউ অইনে যি কয় ক’বলৈ দিয়ক৷
আপুনি নিশ্চিত থাকক খুড়ীদেও৷ মোৰ কাম অলপ আছে৷ আজি বা অহাকালিৰ ভিতৰতেই সেইটো সম্পূৰ্ণ কৰি সোনকালেই আমাৰ বিয়াখন পাতিম৷
গোলাপীৰ মাকঃ এতিয়াহে মনটোৱে অলপ শান্তি পাইছে৷ নহ’লে বৰ হতাশাত ভুগি আছিলোঁ বোপাই। জানোচা তুমি প্ৰতাৰণা কৰা! বাৰু তুমি বহা মই চাহৰ যোগাৰ কৰোঁ৷
মাক চাহ বনাবলৈ উঠি যায়৷
হৰেণঃ গোলাপী… গোলাপী… ক’ত আছা তুমি? (গোলাপীয়ে বহুপৰলৈকে মাত নিদিয়াত মাকেই পাকঘৰৰ পৰা চিঞৰি হৰেণক কয়)
পিছফালৰ কোঠাটোতে তাই সোমাই আছে৷ তুমি তালৈকেই যোৱা৷
হৰেণক কোঠাটোৰ ফালে আগবাঢ়ি যোৱা দেখা যাব৷ ওচৰৰে কোনো এঘৰৰ পৰা ভূপেন হাজৰিকা দেৱৰ “ কি যে তোমাৰ সংগ প্ৰিয়া মিঠা তোমাৰ অংগ, তোমাৰ অংগ জ্বলন্ত জুই মই যে পতঙ্গ” …গীতটি ভাহি আহিব৷
১৬তম দৃশ্যঃ
সময় নিশা প্ৰায় ১২ বাজিছে।হৰেণে অভাৰকোট এটা পিন্ধি ল’ব৷ আলমাৰীৰপৰা কিবাকিবি উলিয়াই কোটৰ জেপত ভৰাব৷ সৰু টৰ্চ লাইট এটা লৈ বাহিৰলৈ ওলাই আহিব৷ বাহিৰত এখন বলেৰ’ গাড়ী ৰৈ থাকিব৷ হৰেণ চালকৰ কাষৰ আসনখনত বহিব৷ গাড়ীখনৰ পিছফালে আৰু ৫ জনমান মানুহক বহি থকা দেখা যাব৷ হৰেণৰ নিৰ্দেশত গাড়ীখন তীব্ৰবেগে পাহাৰখনৰ সিটো মূৰৰ ফালে থকা ৰাস্তাটোৰফালে গতি কৰিব৷ এটা সময়ত ঘন জংঘলৰ কেঁকুৰি এটাৰ কাষত গাড়ীখন ৰখাব৷ আটাইকেইজন গাড়ীৰপৰা নামি আহিব৷ হৰেণে মানুহকেইজনক কিবাকিবি নিৰ্দেশনা দি ক’ব৷
হৰেণঃ চোৱা এইফালৰ পৰা ট্ৰাক কেইখনমান অহাৰ কথা৷ ট্ৰাক কেইখন আহি আমাৰ কিছু ওচৰ পালেই আমাৰ বলেৰ’খন ৰাস্তাৰ মাজলৈ লৈ আহি সিহঁতৰ বাট ভেটি ধৰিবা৷ ট্ৰাককেইখন ৰখোৱাৰ লগে লগেই তোমালোকে ট্ৰাক চালক কেইজনৰ ওপৰত জঁপিয়াই পৰিবা৷ সিহঁতৰ হাত ভৰিবোৰ আমি অনা ৰছী কেইডালেৰে বান্ধি দিবা৷ প্ৰয়োজন হলে অলপ অচৰপ প্ৰহাৰো কৰিবা৷
কিছু সময়ৰ পিছত দূৰৈত গাড়ীৰ হেড লাইটৰ পোহৰ দেখা যাব৷ লাহে লাহে পোহৰখিনি হৰেণহঁতৰ কাষ চাপি আহিব৷
হৰেণঃ সাজু আছানে তোমালোক?
সকলোৱেই সমস্বৰে কব “ আছোঁ চাৰ”।
হৰেণৰ নিৰ্দেশত বলেৰ’ গাড়ীখনে ৰাস্তাটো ভেটি ধৰিব৷ কে কে…ঘেট কৈ প্ৰচণ্ড শব্দ কৰি কাঠৰ কুণ্ডা কঢ়িয়াই অনা দুখন ট্ৰাক ৰৈ যাব৷ তড়িৎ গতিৰে হৰেণৰ লগৰ কেইজনে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন কেইজনক কৰায়ত্ত কৰি হাত ভৰিবোৰ বান্ধি পেলাব৷
হৰেণঃ ইহঁতক গছৰ লগত বান্ধি থ৷ মই আহি শিক্ষা দি আছোঁ৷আচল কাম এতিয়াও বাকী৷ ইহঁত পুতলা হে৷
হৰেণে বলেৰ’ খনৰ চালকৰ আসনত বহি লৈ আৰু দুজনমানক পিছফালে বহিবলৈ নিৰ্দেশ দি গাড়ীখন চলাই নিব৷
গাড়ীখন আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰখাব৷ গোটেইকেইজনে দৌৰি গৈ নিৰ্মলৰ কোঠাৰ মুখত ৰ’ব। প্ৰচণ্ড গোৰ সোধাই কোঠাৰ বন্ধ দৰ্জাখন খুলি হৰেণ আৰু আন সংগী কেইজন ভিতৰলৈ সোমাই যাব৷ ভিতৰত নিৰ্মল আৰু বিকাশে কিছুমান বগা দ্ৰব্য পেকেট কৰি থকা দেখা যাব৷ হঠাতে হৰেণৰ উপস্থিতিত নিৰ্মল কিংকৰ্তব্যবিমূঢ় হৈ পৰিব৷
নিৰ্মলঃ আৰে হৰেণ,তোমাৰ ইয়াত কি কাম?
হৰেণঃ ইমান ৰাতি কাৰ্যালয়ত আপোনালোকৰ কি কাম?
( সহযোগী কেইজনক দ্ৰব্যখিনি সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিব৷)
নিৰ্মলঃ খবৰদাৰ হৰেণ! চাই চিতি কাম কৰিবা৷ এখোজো আগবাঢ়ি নাহিবা৷
হৰেণঃ (নিজৰ পৰিচয়পত্ৰখন দেখুৱাই কোটৰ ভিতৰত লুকুৱাই অনা পিস্তলটো বুকুলৈ পোনাই) ধমক নিদিব৷ মই হৰেণ নহয়, চি আই ডি ইন্সপেক্টৰ দিগন্ত বৰুৱা৷ এই বন ধ্বংসৰ লগতে ড্ৰাগছৰ ব্যবসায়তো যে আপোনালোক জড়িত সেই তথ্য আমাৰ হাতত আছিল৷ আজি যে আপোনালোকে এই ৰাতিখন কাৰ্যালয় কক্ষৰপৰাই এটা মিছন কৰিবলৈ গৈ আছিল, সেইটো আমি আগতীয়াকৈ গম পাইছিলোঁ৷
নিৰ্মলঃ তোক উচিৎ শিক্ষা দিম মই৷ এই নিৰ্মল দত্ত কোন তেতিয়াহে বুজিব পাৰিবি৷
বিকাশঃ চাৰ ইয়াক আগতেই চুটাই দিব লাগিছিল৷
হৰেণঃ চুপ থাকক৷ আপুনিও বাচি নাযাব৷
নিৰ্মলঃ চাল্লা বিশ্বাসঘাটক, তোৰ মৃত্যু সমাগত৷
হৰেণ ওৰফে ইন্সপেক্টৰঃ সমাজখনৰ বাবে , দেশখনৰ বাবে আপোনালোকৰ দৰে মানুহৰ লগত অকল বিশ্বাসঘাতকতাই নহয়, কেতিয়াবা মেকানিক, কেতিয়াবা অটো চালক নহ’লে কেতিয়াবা মাছ বেপাৰী আদি বিভিন্ন ৰূপো ধাৰণ কৰিবলগীয়া হয় মিঃ নিৰ্মল দত্ত৷
নিৰ্মলঃ তই জুইৰ লগত খেলা কৰিছ৷ ইয়াৰ প্ৰত্তুত্যৰ পাবি হৰেণ৷
হৰেণ ওৰফে ইন্সপেক্টৰঃ যি ক’বলগীয়া বা কৰিবলগীয়া আছে আদালতত কৰিব৷ এতিয়া থানালৈ ব’লক৷ তাত আপোনালোকক অলপ মৰমো কৰিম৷ অঁ, আৰু এটা কথা কওঁ ৷ মোক আপোনাৰ ভন্টিৰ অংগৰক্ষক আৰু ভ্ৰমণ সাৰথি কৰি মোৰ কাম বহুখিনি সহজ কৰি দিলে৷ আপোনাৰ ভন্টিৰ লগত সু-সম্পৰ্কৰ বাবেই মই আপোনাৰ ঘৰত অবাধে অহা যোৱা কৰিবলৈ সুযোগ পালোঁ আৰু সেই সুযোগৰ সৎব্যৱহাৰ কৰি ঘৰটোৰ বিভিন্ন কোণত গোপন কেমেৰা কিছুমান সংস্হাপিত কৰি যথেষ্ট তথ্য সংগ্ৰহ কৰিব পাৰিলো৷সেইখিনি প্ৰমাণেই আপোনালোকক জেলৰ ভাত খুৱাবলৈ যথেষ্ট৷ ব’লক এতিয়া থানালৈ৷
কেমাৰাত নিৰ্মল আৰু বিকাশক হাতকেৰেয়া লগাই আনি থকা দেখা যাব৷
সমাপ্ত
☆ ★ ☆ ★ ☆