ফটাঢোল

ফটাপ্ৰশ্ন

১) দিব্যজ্যোতি কলিতা: ফটহুকাই ভাইৰেল হ’বলৈ দৈনিক কিমান ঘণ্টাকৈ পঢ়া-শুনা কৰিব লাগে?

উত্তৰ: ভাইৰেল হবলৈ পঢ়িব নেলাগে। মগজ-মানৱতা-কমনচেন্স-লজিক-সততা আদি বস্তুবোৰ আঙঠাত পুৰি চুৱাপাতনিত পেলাই দিলেই ভাইৰেল হ’ব পাৰি।


২) অৰ্চন শৰ্মা: প্ৰেম বিবাহ আৰু ঘৰৰ পৰা ঠিক কৰা বিবাহৰ পাৰ্থক্য কি?

উত্তৰ: প্ৰেম বিবাহত বিয়াৰ পিছদিনাৰ পৰাই ঘৈণীৰ বকনি শুনিব লাগে, এৰেঞ্জড্ বিয়াত ১৫-২০ দিন সময় লাগে, এইটো প্ৰচেছ আৰম্ভ হ’বলৈ। প্ৰেমত গালি পাৰিব লগা পইণ্টকেইটা পত্নীয়ে আগতেই গম পাই, এৰেঞ্জডত সেইকেইটা বিচাৰি উলিয়াবলৈ এসপ্তাহমান সময় লাগে।

 

৩) বিজয় মহন্ত: চৰকাৰে বিউটি পাৰ্লাৰ আৰু জিম নিষিদ্ধ কৰিলে সমাজত কি প্ৰভাৱ পৰিব বুলি ভাবে?

উত্তৰ: ধনী মানুহ ধুনীয়া আৰু দুখীয়া মানুহ কুৎচিত বোলা ধাৰণাটোৰ অন্ত পৰিব।

 

৪) আদিত্য জ্যোতি বৰঠাকুৰ: ধৰক কেনেবাকৈ মানুহৰ ৰাৱণৰ দৰে দহটা মূৰ থাকিলে ফেচবুক বিতৰ্কবোৰত কি প্ৰভাৱ পৰিলেহেঁতেন?

উত্তৰ: ফেচবুক বাদ দিয়ক, সেই দহটা মূৰৰ মাজত যি বিতৰ্ক হ’ব, তাতে এলা-পেচা মানুহে আত্মহত্যা কৰিব লাগিব।

 

৫) চিদানন্দ বৰা: বেৰৰো কাণ থকা বুলিযে কয়, নাক চকু কিয় নাথাকে?

উত্তৰ: শুনা কথা উৰে বেছি, নাক-চকুৱে সত্যহে দেখে-শুঙে! আৰু বজাৰত উৰা কথাৰ দাম বেছি, সেয়ে নাক আৰু চকু উপেক্ষিত।

 

৬) অভিজিত গোস্বামী: ফটহু কাই, যদি এদিন দেশত দুৰ্নীতি নোহোৱা হৈ যায়, মানুহে ধৰ্মতকৈ কৰ্মক বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰে, দল সংগঠনবোৰে ৰাজনীতি কি বিষয়ক লৈ কৰিব?

উত্তৰ: ৰাজনীতিৰ মূল উদ্দেশ্যই এনে হোৱাৰ পৰা সমাজখনক দূৰত ৰখা। ধৰ্ম আৰু সত্য প্ৰচলিত হ’লে প্ৰথম ৰাজনীতিয়ে খাবলে নেপাই মৰিব।

 

৭) অজান অনুভৱ বৰা: প্ৰেম আৰু ৰাজনীতিৰ মাজত থকা মিল কি? 

উত্তৰ: একেবাৰে চেম টু চেম বস্তু প্ৰেম আৰু ৰাজনীতি। প্ৰশ্নটো শুনি ফটহু পূৰা খুছ। প্ৰথমতে ভোটাৰ বা প্ৰেমাস্পদক এসোপা শুনিবলে ভাল লগা মিছা কথা কৈ নিৰ্বাচন জিকিব বা বিয়া পাতিব লাগে, আৰু তাৰপাছত আজীৱন ধোখা দি থাকিব লাগে। 

 

৮) উপাসনা শিৱম: যদি প্ৰাক্তন প্ৰেমিক প্ৰেমিকাবোৰৰো এখন সন্মিলন থাকিলহেঁতেন। আমাৰ ফটহুকাই যদি সেই সন্মিলনৰ সভাপতি হ’লহেঁতেন। তেনেহ’লে সেই সন্মিলনী সভাত লোৱা প্ৰথম প্ৰস্তাৱটো কি হ’লহেঁতেন? 

উত্তৰ: এই সভাত সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকাৰ সুখৰ সংসাৰত “উংলি” কৰা বা তেওঁ‌লোকৰ সংসাৰত লগা আউল বিলাকক লৈ “ফূৰ্তি” কৰা প্ৰতিজন লাঠখোৱা প্ৰেমিক বা প্ৰেমিকাৰ মৌলিক অধিকাৰ বুলি সংবিধানত গ্ৰহণ কৰিব লাগে।

 

৯) দীক্ষিতা বৰা: অসমৰ প্ৰতিজন মানুহকেই যদি এদিনৰ বাবে অসমৰ মুখ্যমন্ত্রী পাতি দিয়া হয় আৰু নিজৰ ইচ্ছা অনুযায়ী একোটি কাম কৰিবলৈ বা সিদ্ধান্ত ল’বলৈ দিয়া হয়, তেনেহ’লে তেওঁলোকে কি কাম কৰিব বুলি ভাবে? 

উত্তৰ: অসমৰ প্ৰতিজন ৰাইজৰ কথানো ফটহুয়ে কেনেকৈ জানিব হয়? পিছে ফটহুক এদিনৰ বাবে  মুখ্যমন্ত্ৰী পাতি দিলে তেৰাই স্বপত্নী ফুটুকীৰ বেনামী সম্পত্তিবিলাক সৱ ৰেগুলাৰাইজ কৰি দিব, আৰুনো কি লাগে? 

 

১০) শ্ৰুতিমালা মিশ্ৰ: ভেকুলীৰ বিয়া পাতিলে যদি সঁচাকৈয়ে বৰষুণ আহিলেহেঁতেন, তেনেহ’লে অতিবৃষ্টি ৰোধিবলৈ মানুহবোৰে কি কৰিলেহেঁতেন?

উত্তৰ: ভেকুলীৰ ডাইভৰ্চ বুলি উত্তৰ এটা ৰেডীমেড আছিল, কিন্তু ফটহুৰ পূৰ্বপুৰুষে এনেকুৱা সস্তীয়া কাম কৰিব নোৱাৰে বুলি শুকান জলকীয়া পুতি থোৱাৰ দৰে অদ্ভূত উপায় কিছুমান উলিয়াই থৈ গৈছে।

 

১১) নীতাশ্ৰী নেওগ: “সত্যৰ সদায় জয়” বুলি সৰুতে সকলোৱেই কিতাপত পঢ়ে। তাৰ পিছতো মানুহে অসত্য কিয় কয়? 

উত্তৰ: কিতাপত পঢ়া কথাই সদায় সঁ‌চা বুলি আপোনাক কোনেনো ক’লেহে? মই কাইলে ৩০ হেজাৰ টকা খৰছ কৰি কিতাপ এখন উলিয়াই তাত যদি ‘গৰু গছত উঠে’ বুলি লিখি দিওঁ, সি কি সঁ‌চা হৈ যাব নেকি? 

 

১২) দিম্পল কলিতা: যদি থমাচ আলভা এডিচনৰ জন্ম নহ’লহেঁতেন, তেনেহ’লে বিজুলীবাতি আৱিষ্কাৰৰ দায়িত্ব ভাগ আমাৰ ফটাঢোলৰ কোনে ল’লেহেঁতেন বুলি ভাবে? 

উত্তৰ: পোহৰৰ খেলত শ্ৰুতিমালাই কিবা এটা কৰিব পাৰিলেহেঁতেন চাগে, যিহে চানমাইকা টাইপ মানুহ, কিন্তু এন্ধাৰৰ ৰজা বিজয় মহন্তই হ’লহেঁতেন।

 

১৩) ৰাজশ্ৰী শৰ্মা: যদি সুন্দৰী হেলেন আৰু তিলোত্তমাৰ জন্ম অসমত হ’লহেঁতেন, তেনেহ’লে আমাৰ উজনি-নামনিৰ ডিজিটেল কাজিয়াখন কেনে হ’লহেঁতেন বাৰু?

উত্তৰ: ক্যা ফৰক পৰতাহে, একে থাকিলহেঁতেন। নামনিয়ে দিয়া গালিখিনি উজনিয়ে বুজিয়ে নেপালেহেঁতেন, আৰু উজনিয়ে দিয়া গালিখিনি নামনিয়ে “লিখিত কবা আইহচা” বুলি উৰাই দিলেহেঁতেন। মধ্যৰ মজা অৱশ্যে অলপ কম হ’লহেঁতেন।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *